ৰোহিত শৰ্মাৰ জীৱনলৈ আহিল নতুন আলহী! দ্বিতীয়টো সন্তানৰ আগমনক লৈ উৎফুল্লিত ৰোহিত-ৰিতিকা!

দ্বিতীয় সন্তানৰ জন্মৰ বাবে টীম ইণ্ডিয়াৰ সৈতে অষ্ট্ৰেলিয়ালৈ ৰাওনা হ'ব নোৱাৰিলে অধিনায়ক ৰোহিত শৰ্মাই। য'ত ৫খনীয়া টেষ্ট মেচৰ শৃংখলা অনুষ্ঠিত হ'ব । ইয়াৰ মাজতে টীম ইণ্ডিয়াৰ অধিনায়ক ৰোহিত শৰ্মাৰ জীৱনলৈ আহিল সেই সুখবৰটো, যাৰ বাবে তেওঁ দীৰ্ঘদিন ধৰি অপেক্ষা কৰি আছিল।

ৰোহিত শৰ্মাৰ জীৱনলৈ আহিল নতুন আলহী! দ্বিতীয়টো সন্তানৰ আগমনক লৈ উৎফুল্লিত ৰোহিত-ৰিতিকা!

ৰোহিত শৰ্মাৰ জীৱনলৈ আহিল নতুন আলহী!

Published: 

16 Nov 2024 10:43 AM

অৱশেষত টীম ইণ্ডিয়াৰ অধিনায়ক ৰোহিত শৰ্মাৰ জীৱনলৈ আহিল সেই সুখবৰটো, যাৰ বাবে তেওঁ দীৰ্ঘদিন ধৰি অপেক্ষা কৰি আছিল। দ্বিতীয়বাৰৰ বাবে পিতৃত্বৰ গৌৰৱ অৰ্জন কৰিলে অধিনায়ক ৰোহিত শৰ্মাই। বাতৰি অনুসৰি, ৰোহিতৰ পত্নী ৰিতিকাই এটা পুত্ৰ সন্তান জন্ম দিছে। কন্যৰ পাছত এইবাৰ পুত্ৰৰ পিতৃ হ’ল ৰোহিত। জানিব পৰা মতে , ৰোহিতৰ পত্নী ৰিতিকাই ১৫ নৱেম্বৰ শুকুৰবাৰে মুম্বাইত এটা পুত্ৰ সন্তান জন্ম দিয়ে। এই খবৰটোৱে ৰোহিত আৰু ৰিতিকাৰ লগতে তেওঁলোকৰ পৰিয়াল আৰু অনুৰাগীসকলকো উৎফুল্লিত কৰি তুলিছিল।

ইয়াৰ উপৰিও, এই খবৰে টীম ইণ্ডিয়াৰ অনুৰাগীসকলক সুখী কৰা আন এটা কাৰণ হৈছে এতিয়া অষ্ট্ৰেলিয়া শৃংখলাত আৰম্ভণিৰে পৰা ৰোহিতে টীম ইণ্ডিয়াৰ অধিনায়কৰ ভূমিকা পালন কৰাৰ সম্ভাৱনা বৃদ্ধি পাইছে।

২০১৮ চনত প্ৰথমবাৰৰ বাবে পিতৃ হৈছিল

যোৱা কেইসপ্তাহমান ধৰি, ৰোহিত সোনকালেই পিতৃ হ’ব বুলি অনুমান কৰা হৈছিল। সকলোৱে কেৱল এই ভাল খবৰটোৰ বাবে অপেক্ষা কৰি আছিল। ১৫ নৱেম্বৰ শুকুবাৰে এই অপেক্ষাত অন্ত পৰে।
ভাৰতীয় অধিনায়কজনে ২০১৫ চনৰ ডিচেম্বৰত ৰিতিকাৰ সৈতে বিবাহ পাশত আৱদ্ধ হৈছিল । তাৰ পিছত ডিচেম্বৰ ২০১৮ত তেওঁলোকৰ জীৱনলৈ কন্যা চামাইৰাৰ আগমন ঘটিছিল। এতিয়া ২০২৪ চনৰ নৱেম্বৰত, ভাৰতীয় দলৰ অধিনায়কগৰাকীৰ পৰিয়ালত আন এজন সদস্যৰ আগমন হৈছে। ইয়াৰ লগে লগে ৰোহিত-ৰিতিকা মাতৃ-পিতৃ হোৱাৰ লগতে কন্যা চামাইৰাই পালে সৰু ভাতৃ।

অষ্ট্ৰেলিয়ালৈ যোৱাৰ সম্ভাৱনা প্ৰকট

ৰোহিত আৰু তেওঁৰ পৰিয়ালৰ লগতে টীম ইণ্ডিয়াৰ বাবেও এয়া এক ভাল খবৰ। সন্তানটোৰ জন্মৰ বাবে অপেক্ষা কৰি থকা ৰোহিতে তেওঁৰ সহযোগী খেলুৱৈসকলৰ সৈতে টেষ্ট শৃংখলাৰ বাবে অষ্ট্ৰেলিয়ালৈ ৰাওনা হ’ব নোৱাৰিলে। ভাৰতীয় অধিনায়কক লৈ নিৰন্তৰ জল্পনা-কল্পনা চলি আছিল যে তেওঁ প্ৰথম টেষ্টত খেলিব পাৰিব নে নোৱাৰিব? ইয়াৰ উপৰিও দ্বিতীয়খন টেষ্টত খেলাৰ বিষয়ে পৰিস্থিতি স্পষ্ট হোৱা নাছিল। অৱশ্যে, এতিয়া এই সকলো সন্দেহ আঁতৰ হোৱাৰ আশা কৰা হৈছে। বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ প্ৰথমখন টেষ্ট মেচ ২২ নৱেম্বৰৰ পৰা পাৰ্থত অনুষ্ঠিত হ’ব।

অৱশ্যে, ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে এই ক্ষেত্ৰত অধিনায়কগৰাকীৰ ওপৰত কোনো চাপ প্ৰয়োগ নকৰিব। এনে পৰিস্থিতিত, ৰোহিতে প্ৰথমখন টেষ্ট খেলিব নোৱাৰিবও পাৰে। অৱশ্যে, কিছুমান প্ৰতিবেদনত দাবী কৰা হৈছে যে বোৰ্ডে তেওঁক তৎক্ষণিকভাৱে অষ্ট্ৰেলিয়ালৈ প্ৰেৰণ কৰাৰ প্ৰস্তুতি চলাইছে। এনে পৰিস্থিতিত, ৰোহিত সাজু হোৱাৰ লগে লগে তেওঁক অষ্ট্ৰেলিয়ালৈ প্ৰেৰণ কৰা হ’ব।
কিন্তু তেওঁ প্ৰথমখন টেষ্ট খেলিবলৈ মানসিক, শাৰীৰিকভাৱে অনুশীলনৰ বাবে সম্পূৰ্ণৰূপে সাজু থাকিব নে? এইটো কোৱা কঠিন। অৱশ্যে, এতিয়া এইটো স্পষ্ট যে তেওঁ ডিচেম্বৰৰ ৬ তাৰিখে হ’বলগীয়া দ্বিতীয় টেষ্টত প্ৰৱেশ কৰিব পাৰে।

১৪ বছৰৰ বনবাসৰ সময়ত কিয় এখন শাড়ীয়ে পিন্ধি আছিল মা সীতাই?
মানুহৰ তেজৰ সোৱাদ নিমখীয়া কিয়?
দ্ৰুত গতিত ওজন হ্ৰাস কৰিব বিচাৰিছে নেকি? তেন্তে নিশা এই বস্তুবোৰ নাখাব!
কোন আছিল ভগৱান কৃষ্ণৰ গুৰু, যাৰ পৰা ১৪টা বিদ্যা, ৬৪টা কলা শিকিছিল?