শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

কটকৰ শতকেৰে অনুৰাগীক সকাহ ৰোহিতৰঃ একাধিক অভিলেখেৰে শচীন, দ্ৰাবিড়, গেইলক অতিক্ৰম

চেম্পিয়নছ ট্ৰফীৰ পূৰ্বে প্ৰতিগৰাকী ভাৰতীয় ক্ৰিকেট অনুৰাগীক সকাহ দিলে হিটমেন ৰোহিত। দীঘলীয়া সময় ধৰি ৰান সংগ্ৰহৰ বাবে পৰিশ্ৰম কৰিবলগা ভাৰতীয় অধিনায়কগৰাকী অৱশেষত উভতিল পৰিচিত ফৰ্মলৈ। কটকত কালি স্বকীয় শৈলীৰে শতক অৰ্জন কৰাৰ লগতে ৰোহিতে একাধিক অভিলেখো স্থাপন কৰিছে।

কটকৰ শতকেৰে অনুৰাগীক সকাহ ৰোহিতৰঃ একাধিক অভিলেখেৰে শচীন, দ্ৰাবিড়, গেইলক অতিক্ৰম
ৰোহিত শৰ্মাৰ দুৰন্ত বেটিং
monjit-dutta
Monjit Dutta | Published: 10 Feb 2025 08:10 AM

অৱশেষত দূৰ হল ভাৰতীয় ক্ৰিকেট অনুৰাগীৰ দীৰ্ঘদিনীয়া চিন্তা। চেম্পিয়নছ ট্ৰফীৰ পূৰ্বে প্ৰতিগৰাকী ভাৰতীয় ক্ৰিকেট অনুৰাগীক সকাহ দিলে হিটমেন ৰোহিত। দীঘলীয়া সময় ধৰি ৰান সংগ্ৰহৰ বাবে পৰিশ্ৰম কৰিবলগা ভাৰতীয় অধিনায়কগৰাকী অৱশেষত উভতিল পৰিচিত ফৰ্মলৈ। কটকত কালি স্বকীয় শৈলীৰে শতক অৰ্জন কৰি ৰোহিতে ঘোষণা কৰিলে ফৰ্মলৈ উভতাৰ সকাহৰ খবৰ। ইংলেণ্ডৰ বিপক্ষে চলিত এদিনীয়া শৃংখলাৰ কালি কটকত অনুষ্ঠিত হোৱা দ্বিতীয় মেচত ভাৰতীয় অনুৰাগীৰ লগতে সমগ্ৰ ক্ৰিকেট বিশ্বই প্ৰত্যক্ষ কৰিলে হিটমেন ৰোহিতৰ বেটিং তাণ্ডৱ।

ইংলেণ্ডে বান্ধি দিয়া ৩০৫ ৰানৰ লক্ষ্য অনুসৰণ কৰি গিলৰ সৈতে ক্ৰীজত নামে ৰোহিত। শেহতীয়া দুৰ্বল ফৰ্মৰ কথা পাহৰি ৰোহিতে প্ৰথমৰ পৰাই ক্ৰীজত নিজৰ আক্ৰমণাত্মক মনোভাৱ দাঙি ধৰে আৰু ইংৰাজ বলিং আক্ৰমণক হেলাৰঙে প্ৰহাৰ কৰি খেলে মাৰমুখী ইনিংছ। বিস্ফোৰক বেটিঙেৰে মাত্ৰ ৯০টা বলত ৭টা ছয় আৰু ১২টা চাৰিৰ সমাহাৰেৰে ১৩২.২২ ষ্ট্ৰাইক ৰেটেৰে ১১৯ ৰানৰ অধিনায়কোচিত ইনিংছ খেলে ৰোহিতে।

এই ইনিংছৰ জৰিয়তে ৰোহিতে দলক জয়ৰ দিশে নিয়াৰ লগতে বহুকেইগৰাকী কিংবদন্তি প্ৰাক্তন তাৰকাক অতিক্ৰমি একাধিক অভিলেখো গঢ়ি তোলে। কটকত কালি ৰোহিতে এদিনীয়া কেৰিয়াৰৰ ৩২ সংখ্যক আৰু সামগ্ৰিকভাৱে আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰৰ ৪৯তম শতক অৰ্জন কৰে। এইদৰে তেওঁ ক্ৰিকেটৰ ভগৱান খ্যাত তেওঁ শচীন তেণ্ডুলকাৰৰ এক অভিলেখ ভংগ কৰে।

শচীনক অতিক্ৰমি ৰোহিত এতিয়া ৩০ বছৰ বয়সৰ পাছত সৰ্বাধিক শতক অৰ্জন কৰা ভাৰতীয় বেটছমেন হিচাপে পৰিগণিত হৈছে। এইপৰ্যন্ত ৰোহিতে ৩০ বছৰ বয়সৰ পিছত ৩৬টা শতক অৰ্জন কৰিছে। ইয়াৰ পূৰ্বে শচীনে ৩৫ শতকেৰে এই ক্ষেত্ৰত শীৰ্ষত আছিল। ৰোহিতে লগতে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত সৰ্বাধিক শতক অৰ্জন কৰাৰ ক্ষেত্ৰত ৰাহুল দ্ৰাবিড়ক অতিক্ৰম কৰে। দ্ৰাবিড়ে নিজৰ কেৰিয়াৰত ৪৮টা শতক অৰ্জন কৰিছিল।

ৰোহিতে লগতে এদিনীয়াত সৰ্বাধিক ৰান সংগ্ৰহৰ ক্ষেত্ৰতো দ্ৰাবিড়ক অতিক্ৰম কৰে। এইপৰ্যন্ত ৰোহিতে এদিনীয়াত ১০৯৮৭ ৰান সংগ্ৰহ কৰাৰ বিপৰীতে দ্ৰাবিড়ে এই ফৰ্মেটত ১০৮৮৯ ৰান সংগ্ৰহ কৰিছিল। ইয়াৰ উপৰিও ভাৰতীয় অ’পেনাৰ হিচাপে সৰ্বাধিক ৰান সংগ্ৰহৰ ক্ষেত্ৰত শচীনতকৈ আগুৱাই গৈছে ৰোহিত। অপেনাৰ হিচাপে ৰোহিতে ৩৬৮ ইনিংছত ১৫৪০৪ ৰান সংগ্ৰহ কৰাৰ বিপৰীতে শচীনে ১৫৩৩৫ ৰান সংগ্ৰহ কৰিছিল।

এইক্ষেত্ৰত ১৫৭৫৮ ৰান সংগ্ৰহ কৰি বীৰেন্দ্ৰ ছেহৱাগ কেৱল ৰোহিতৰ আগত আছে। ইফালে সক্ৰিয় খেলুৱৈৰ ভিতৰত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত সৰ্বাধিক শতক অৰ্জন কৰাৰ ক্ষেত্ৰত তেওঁ তৃতীয় স্থানত উপনীত হৈছে। ৰোহিতে ৫২৬ ইনিংছত ৪৯টা শতক অৰ্জন কৰাৰ বিপৰীতে বিৰাট কোহলী ৮১ শতকৰে প্ৰথম স্থানত আৰু জ’ ৰুটে ৫২ শতকৰে দ্বিতীয় স্থানত আছে। হিটমেন ৰোহিতে লগতে ছয় কোবোৱাৰ ক্ষেত্ৰতো ভংগ কৰিছে অভিলেখ।

এদিনীয়াত এতিয়ালৈকে ৰোহিতে ২৫৯ ইনিংছত ৩৩৮টা ছয় কোবাইছে। এইদৰে তেওঁ ৱেষ্ট ইণ্ডিজৰ প্ৰাক্তন তাৰকা ক্ৰীছ গেইলক অতিক্ৰম কৰি দ্বিতীয় স্থানলৈ আগবাঢ়িছে। এই ক্ষেত্ৰত পাকিস্তানৰ প্ৰাক্তন তাৰকা শ্বাহিদ আফ্ৰীদি ৩৬৯ ইনিংছত ৩৫১টা ছয় কোবাই শীৰ্ষত আছে। সমান্তৰালকৈ এদিনীয়াত তেওঁ অধিনায়ক হিচাপে প্ৰথম ৫০ খন এদিনীয়াৰ ভিতৰত ৩৯ খন এদিনীয়াত জয়লাভ কৰি ক্লাইভ লয়ড, ৰিকি পণ্টিং আৰু বিৰাট কোহলীক স্পৰ্শ কৰে।