শ্ৰীলংকাৰ বিৰুদ্ধে অনুষ্ঠিত হ’বলগীয়া শৃংখলাৰ বাবে টিম ইণ্ডিয়াৰ খেলুৱৈ নাম এতিয়াও ঘোষণ কৰা হোৱা নাই । কিন্তু এদিনীয়া শৃংখলাৰ বাবে কোনে ভাৰতীয় দলটোক নেতৃত্ব দিব তাক লৈ চৰ্চা চলি আছে ।
শ্ৰীলংকাৰ বিৰুদ্ধে টি-২০ শৃংখলা খেলাৰ পাছতে অনুষ্ঠিত হ’ব এদিনীয়া শৃংখলা । এই এদিনীয়া শৃংখলা ৰোহিন শৰ্মাই খেলিব নে ?
ক্ৰিকবাজৰ প্ৰতিবেদন অনুসৰি, ৰোহিত শৰ্মাক শ্ৰীলংকা ভ্ৰমণত এদিনীয়া শৃংখলা খেলা দেখা যায়। যদি এনেকুৱা হয়, তেন্তে তেওঁ এই ছিৰিজত অধিনায়কৰ দায়িত্ব গ্ৰহণ কৰিব ।
প্ৰতিবেদন অনুসৰি ৰোহিতে শ্ৰীলংকাত এদিনীয়া শৃংখলা খেলাৰ সম্ভাৱনা আছে । কাৰণ অহা বছৰৰ ফেব্ৰুৱাৰী-মাৰ্চত অনুষ্ঠিত হ’বলগীয়া চেম্পিয়নছ ট্ৰফীৰ পূৰ্বে ভাৰতে বহু বেছি এদিনীয়া শৃংখলা খেলিবলৈ নাপায় ।
টি-২০ বিশ্বকাপ জয় কৰাৰ পিছতহে ৰোহিত শৰ্মাই পত্নী আৰু কন্যাৰ সৈতে ব্ৰিটেইন ভ্ৰমণলৈ গৈছিল। অৱশ্যে শ্ৰীলংকাৰ বিৰুদ্ধে এদিনীয়া শৃংখলাত খেলাৰ সন্দৰ্ভত ৰোহিতে এতিয়াও কোনো ধৰণৰ নিশ্চয়তা দিয়া নাই।
অনুমান কৰা হৈছে যে অতি সোনকালে তেওঁ বিচিচিআইক এই বিষয়ত অৱগত কৰিব।
শ্ৰীলংকা ভ্ৰমণৰ বাবে টিম ইণ্ডিয়াৰ বাছনি সন্দৰ্ভত অজিত আগৰকাৰৰ নেতৃত্বত অনুষ্ঠিত হোৱা বৈঠকত বিচিচিআইৰ সম্পাদক জয় শ্বাহো উপস্থিত থাকে ।
নতুন মুখ্য প্ৰশিক্ষক হোৱা গৌতম গম্ভীৰে ঘৰৰ পৰাই অনলাইন যোগে এই বৈঠকত অংশগ্ৰহণ কৰে। কোৱা হৈছে যে, গম্ভীৰে খেলুৱৈ বাছনিৰ সন্দৰ্ভত নিৰ্বাচকসকলৰ সৈতে বহু আলোচনা কৰিছে।