ট্ৰেভিছ হেড অভিনীত বিজ্ঞাপনত ক্ষোভিত আৰচিবিঃ কাষ চাপিল আদালতৰ; কি এই ক্ষোভৰ কাৰণ!

আই পি এল ২০২৫ত এইপৰ্যন্ত প্ৰত্যাশিত প্ৰদৰ্শনৰ পিছতো ক্ষোভিত হৈছে আৰচিবি আৰু সেয়ে এতিয়া আদালতৰ কাষ চাপিছে দলটো। দৰাচলতে উবেৰৰ এক বিজ্ঞাপনক কেন্দ্ৰ কৰি বিবাদৰ সৃষ্টি হৈছে আৰচিবি আৰু উবেৰৰ মাজত। আই পি এলত ছানৰাইজাৰ্ছ হায়দৰাবাদক প্ৰতিনিধিত্ব কৰা অষ্ট্ৰেলিয়ান ক্ৰিকেটাৰ ট্ৰেভিছ হেডক দেখা পোৱা গৈছে উবেৰৰ এই বিতৰ্কিত বিজ্ঞাপনত।

ট্ৰেভিছ হেড অভিনীত বিজ্ঞাপনত ক্ষোভিত আৰচিবিঃ কাষ চাপিল আদালতৰ; কি এই ক্ষোভৰ কাৰণ!

ট্ৰেভিছ হেডৰ বিজ্ঞাপনত ক্ষোভিত আৰচিবি

Published: 

17 Apr 2025 17:34 PM

আই পি এলৰ চলিত ছিজনত আশানুৰূপ আৰম্ভণি ঘটাইছে আৰচিবিয়ে। এইপৰ্যন্ত ৬খন মেচৰ ভিতৰত ৪খনতে জয়েৰে আৰচিবি আছে পইণ্ট তালিকাৰ তৃতীয় স্থানত। প্ৰতিযোগিতাত এই সফলতাৰ পিছতো আৰচিবিৰ শিবিৰত এতিয়া পিছে দেখা গৈছে ক্ষোভৰ উদ্গীৰণ। এই ক্ষোভৰ বাবে এতিয়া আদালতৰো কাষ চাপিছে আৰচিবি। দৰাচলতে উবেৰৰ এক বিজ্ঞাপনক কেন্দ্ৰ কৰি বিবাদৰ সৃষ্টি হৈছে আৰচিবি আৰু উবেৰৰ মাজত। আই পি এলত ছানৰাইজাৰ্ছ হায়দৰাবাদক প্ৰতিনিধিত্ব কৰা অষ্ট্ৰেলিয়ান ক্ৰিকেটাৰ ট্ৰেভিছ হেডক দেখা পোৱা গৈছে উবেৰৰ এই বিতৰ্কিত বিজ্ঞাপনত।

আৰচিবিৰ মতে, বিজ্ঞাপনটোৰ দ্বাৰা দলটোক ‘ৰয়েলি চেলেঞ্জড বাংগালুৰু’ বুলি অভিহিত কৰি উপহাস কৰা হৈছে। এই কৌতুকৰ বাবে এতিয়া উবেৰ-ইণ্ডিয়া আইনী প্ৰক্ৰিয়াৰ সন্মুখীন হৈছে। বিজ্ঞাপনটোৰ বাবে ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰু উচ্চ ন্যায়ালয়ৰ কাষ চাপিছে। এই উপহাসৰ গোচৰত গোচৰ ৰুজু কৰি আই পি এল ফ্ৰেঞ্চাইজিটোৱে বিজ্ঞাপনত ব্যৱহৃত ভাষাই তেওঁলোকৰ ব্ৰেণ্ড ইমেজৰ মান নিম্নগামী কৰা বুলি অভিযোগ কৰিছে।

এই বিজ্ঞাপনৰ দ্বাৰা উবেৰ ইণ্ডিয়াই আৰচিবিৰ ট্ৰেডমাৰ্কক প্ৰত্যক্ষভাৱে আক্ৰমণ কৰিছে বুলি আৰচিবিয়ে লগতে দাবী কৰিছে। বিজ্ঞাপনত এনে অভিধাৰ ব্যৱহাৰ কেৱল বিদ্ৰুপৰ উদ্দেশ্যেৰে কৰা হৈছে বুলি আৰচিবিয়ে লগতে ক্ষোভ প্ৰকাশ কৰিছে। ফ্ৰেঞ্চাইজিটোৱে আদালতত উল্লেখ কৰা মতে, বিজ্ঞাপনটোত লগতে তেওঁলোকৰ প্ৰিয় শ্ল’গান ‘ই চালা কাপ নামদে’কো উপহাস কৰা হৈছে।

আদালতত আৰচিবিয়ে কয় যে এই শ্ল’গান দল আৰু অনুৰাগী উভয়ৰে সৈতে আৱেগিকভাৱে জড়িত। এনে পৰিস্থিতিত বিজ্ঞাপনত কটু ৰূপত উপস্থাপন কৰাটো অনুৰাগী আৰু দল উভয়ৰে আৱেগক লৈ কৰা ধেমালিৰ বাহিৰে আন একো নহয় বুলি ফ্ৰেন্সাইজিটোৱে কয়। এই বিজ্ঞাপন সন্দৰ্ভত আৰচিবিয়ে লোৱা পদক্ষেপৰ পিছত এতিয়া উবেৰ ইণ্ডিয়াৰ প্ৰতিক্ৰিয়া হ’ব লক্ষণীয়।

উবেৰে সেই বিজ্ঞাপনটো প্ৰত্যাহাৰ কৰিবনে বা নিজৰ পক্ষত যুক্তি দাঙি ধৰিব, সেই বিষয়ত সকলোৰে দৃষ্টি নিবদ্ধ হৈ পৰিছে। আদালতে যদি ফ্ৰেন্সাইজিটোৰ যুক্তিত সন্মতি দিয়ে, তেতিয়া উবেৰ ইণ্ডিয়াই কেৱল বিজ্ঞাপনটো আঁতৰাই দিয়াই নহয়, ক্ষমা খুজিবও যে লাগিব তাত কোনো সন্দেহ নাই। গতিকে আই পি এলৰ সমান্তৰালকৈ এতিয়া আৰচিবিৰ অনুৰাগীসকলে এই গোচৰত দিল্লী উচ্চ ন্যায়ালয়ে কি সিদ্ধান্ত লয়, তাৰ ওপৰতো দৃষ্টি ৰাখিব।

কাইলৈ চেৰা বিহু, সাত বিহুৰ শেষৰ দিনটোৰ পৰম্পৰাৰ বিষয়ে জানো আহক
এইসকল লোকে নাখাব নেমুপানী! হ’ব পাৰে ভয়ংকৰ বিপদ
অসমৰ কোনবোৰ অঞ্চল সোণালী বান্দৰৰ বাসস্থান হিচাপে পৰিচিত? জানক
গ্ৰীষ্ম কালত শৰীৰটো সুস্থ কৰি ৰাখিবলৈ ৰাতিপুৱা সেৱন কৰক এই পাঁচ বিধ ডিটক্স পানীয়