RR vs CSK Live Score, IPL 2025: বৰ্ষাপাৰাত বাজি নুঠিল ‘ধোনী ফিনিচেছ ইন হিজ ষ্টাইল’ ধ্বনিঃ গৃহভূমিত ৰিয়ানে বিৰিঙালে হাঁহি
Rajasthan Royals vs Chennai Super Kings Live Score in Assamese: অধিনায়ক হিচাপে প্ৰথম দুখন মেচত ব্যৰ্থ হ’লেও অৱশেষত গৃহভূমিত প্ৰথম জয়ৰ সোৱাদ ল’লে ৰিয়ান পৰাগে। ৰিয়ান নেতৃত্বাধীন ৰাজস্থান ৰয়েলছে আজি নিজৰ ‘দ্বিতীয় ঘৰত’ শক্তিশালী চেন্নাই চুপাৰ কিংছক ৰোমাঞ্চকৰ যুঁজৰ অন্তত ৬ ৰানত পৰাস্ত কৰে আৰু এইদৰে ছিজনত প্ৰথমটো জয় লাভ কৰিছে।

ধাৰাবাহিক সমালোচনাৰ উচিত প্ৰত্যুত্তৰ দি আই পি এলৰ বিগত ছিজনত উজলি উঠিছিল ৰিয়ান পৰাগ। সুন্দৰ প্ৰদৰ্শনেৰে ৰিয়ান পৰিগণিত হৈছে ৰাজস্থানৰ সফলতম বেটাৰ হিচাপে। আৰু এসময়ত সমালোচিত এই ৰিয়ানেই এতিয়া ৰাজস্থান ৰয়েলছৰ অধিনায়ক। চেমচনৰ ফিটনেছৰ বাবে তিনিখন মেচত অধিনায়কৰ দায়িত্ব লাভ কৰা ৰিয়ান ইতিমধ্যে প্ৰথম দুখন মেচত পৰাজয়ৰ সন্মুখীন হৈছে। আজি ৰাজস্থানৰ অধিনায়ক হিচাপে ৰিয়ানৰ অন্তিমখন মেচ। গৃহস্থান বৰ্ষাপাৰাত ৰিয়ানে আজি অধিনায়ক হিচাপে নিজকে প্ৰমাণৰ অন্তিম সুযোগ লাভ কৰিছে। অৱশ্যে ৰাজস্থান ৰয়েলছৰ সমুখত আজি বৰ্ষাপাৰাত থাকিব প্ৰতিযোগিতাৰ অন্যতম সফল দল চেন্নাই চুপাৰ কিংছ। গতিকে চেন্নাইৰ সমুখত আজি ৰাজস্থানে ছিজনৰ প্ৰথমটো পইণ্ট সংগ্ৰহ কৰিব পাৰিবনে, সেয়া হ’ব লক্ষণীয়।
LIVE NEWS & UPDATES
-
গৃহভূমিত জয়ৰ সোৱাদ ল’লে ৰিয়ানে
দুখন মেচত পৰাজয়ৰ পিছত অৱশেষত অধিনায়ক হিচাপে জয়ৰ মুখ দেখিলে ৰিয়ান পৰাগে। গৃ্হ চহৰত ৰিয়ান পৰাগে আজি ৰাজস্থানক সঠিক নেতৃত্ব দি শক্তিশালী চেন্নাই চুপাৰ কিংছৰ বিপক্ষে ৬ ৰানত জয়ী কৰাইছে। এইদৰে চলিত ছিজনত প্ৰথমটো পইণ্ট লাভ কৰিছে ৰাজস্থান ৰয়েলছে।
-
ধোনীৰ বিদায়, অনুৰাগীৰ আশা ভংগ
সকলোৱে আশা কৰিছিল, ছয়-চাৰিৰ ফুলজাৰিৰে ধোনীয়ে পুনৰ এবাৰ কৰিব সফল ফিনিচিং। পিছে সেই আশা পূৰ হ’বলৈ নিদিলে সন্দীপ সিঙে। ধোনীক বিদায় দি ৰাজস্থানৰ জয়ৰ আশা ঘূৰাই আনিলে সন্দীপে।
-
১২ টা বলত প্ৰয়োজন ৩৯ ৰানৰ
চেন্নাইক জয়ী হ’বলৈ অন্তিম দুই অভাৰত ৩৯ ৰানৰ প্ৰয়োজন। এতিয়া প্ৰতিগৰাকী ক্ৰিকেটপ্ৰামী অপেক্ষা কৰিছে ধোনীৰ চমকলৈ!
-
গায়কোৱাডৰ বিদায়, ক্ৰীজত ধোনী
৬৩ ৰানৰ এক অধিনায়কোচিত ইনিংছ খেলি বিদায় লৈছে গায়কোৱাডে। তেওঁক বিদায় দি হাছাৰাংগাই লাভ কৰে চতুৰ্থটো সফলতা। গায়কোৱাড আউট হোৱাৰ পিছতে ক্ৰীজলৈ আহিছে মহেন্দ্ৰ সিং ধোনী।
-
অৰ্ধশতক সম্পূৰ্ণ গায়কোৱাডৰ
এফালে উইকেটৰ পতন হৈ থাকিলেও অধিনায়কোচিত বেটিঙেৰে ক্ৰীজত খোপনি পুতি ৰৈছে ৰুতুৰাজ গায়কোৱাডে। দৰ্শনীয় বেটিঙেৰে গায়কোৱাডে ৩৭ টা বলত সম্পূৰ্ণ কৰিছে অৰ্ধশতক।
-
হাছাৰাংগাৰ আন এক সাফল্য
নিজ স্পেলত তৃতীয়টো উইকেট লাভ কৰিছে ৱানিন্দু হাছাৰাংগাই। এইবাৰ বিজয় শংকৰক পেভিলিয়নৰ পথ দেখুৱায় শ্ৰীলংকান স্পিনাৰগৰাকীয়ে। শংকৰৰ বেটৰ পৰা আহে ৯ ৰান।
-
ফিল্ডিঙত চমক ৰিয়ানৰ
এক দৰ্শনীয় কেচেৰে শিৱম ডুবেক বিদায় দিছে ঘৰৰ ল’ৰা ৰিয়ানে। ক্ৰমাৎ বিপজ্জনক হৈ পৰা ডুবেই হাছাৰাংগাৰ বলত ঠেলি দিয়া এটা শ্বটত চমকপ্ৰদ ড্ৰাইভ মাৰি কেচ আয়ত্ব কৰে ৰিয়ান পৰাগে আৰু এইদৰে চেন্নাইৰ তৃতীয়টো উইকেটৰ পতন ঘটায়।
-
হাছাৰাংগাই দিলে সফলতা
নিজৰ প্ৰথম বলতে সফলতা লাভ লাভ কৰিছে ৱানিন্দু হাছাৰাংগাই। ক্ৰমাৎ আক্ৰমণাত্মক ৰূপ ধাৰণ কৰা ৰাহুল ত্ৰিপাঠীক বিদায় দি হাছাৰাংগাই দলক দিছে সফলতা।
-
ত্ৰিপাঠী-গায়গোৱাডে চম্ভালিছে ইনিংছ
প্ৰথম অভাৰতে উইকেট পতনৰ পিছত দেখা দিয়া ৰানৰ খৰাং দূৰ কৰি ক্ৰমাৎ আক্ৰমণেৰে দলৰ ইনিংছ আগুৱাই নিছে ৰাহুল ত্ৰিপাঠী আৰু অধিনায়ক গায়কোৱাডে। দুয়োৰে চেষ্টাত পাৱাৰ প্লে’ৰ ৬ অভাৰত ৪২ ৰান সংগ্ৰহ কৰিছে চেন্নায়ে।
-
চেন্নাইৰ ইনিংছত প্ৰথমটো বাউণ্ডেৰী
৩.৫ অভাৰত চেন্নাইৰ ইনিংছত আহিহে প্ৰথমটো বাউণ্ডেৰী। তুষাৰ দেশপাণ্ডেৰ বলত ত্ৰিপাঠীয়ে প্ৰথমটো ছয় কোবোৱাৰ পিছত পৰৱৰ্তী বলতো পুনৰ এটা বাউণ্ডেৰী কোবায়।
-
ৰচিনক পেভিলিয়নলৈ পঠালে আৰ্চাৰে
প্ৰথম অভাৰতে বৃহৎ সাফল্য লাভ কৰিছে জ’ফ্ৰা আৰ্চাৰে। কোনো ৰান সংগ্ৰহ নকৰাকৈয়ে পেভিলিয়নলৈ উভতিব লগা হৈছে ফৰ্মত থকা ৰচিন ৰবীন্দ্ৰ।
-
চেন্নাইৰ সমুখত ১৮৩ ৰানৰ লক্ষ্য
অন্তিম সময়ত বেটাৰৰ ব্যৰ্থতাৰ বাবে ১৮২ ৰানৰ স্ক’ৰতে সন্তুষ্ট থাকিবলগা হৈছে ৰাজস্থান। এতিয়া ঘৰৰ মাটিত ছিজনৰ অন্তিমখন মেচত ৰিয়ানে অধিনায়ক হিচাপে সফল হ’বলৈ হ’লে বলিং বিভাগৰ ওপৰত নিৰ্ভৰ কৰিব লাগিব।
-
নৱম উইকেট পতন ৰাজস্থানৰ
ইনিংছৰ অন্তিম অভাৰৰ প্ৰথমটো বলতে পাথিৰানাই বিদায় দিছে হেটমায়াৰক। ইয়াৰ লগে লগে ৰাজস্থানৰ বৃহৎ স্ক’ৰৰ সম্ভাৱনাও ওৰ পৰিছে।
-
ৰান আউট কাৰ্তিকেয়া
ইম্পেক্ট চাবৰ ৰূপত অহা কুমাৰ কাৰ্তিকেয়া ৰান আউট হৈ এৰিবলগা হৈছে ক্ৰীজ। এইদৰে দলটোৱে হেৰুৱাইছে অষ্টমটো উইকেট।
-
আৰ্চাৰক বিদায় দিলে খলীলে
খলীল আহমেদে লাভ কৰিছে মেচৰ ব্যক্তিগত দ্বিতীয়টো সাফল্য। জ’ফ্ৰা আৰ্চাৰে খলীলৰ বলত তুলি দিয়া এটা সহজ কেচ আয়ত্ব কৰে অধিনায়ক গায়কোৱাডে।
-
ৰিয়ানৰ ইনিংছ সমাপ্ত
আঘাতৰ পিছত পুনৰ বেট হাতত ল’লেও পৰৱৰ্তী বলতে উইকেট হেৰুৱাইছে ৰিয়ানে। ২৮টা বলত দুটাকৈ চাৰি আৰু ছয়েৰে ৰিয়ানে ৩৭ ৰানৰ এক দায়িত্বশীল ইনিংছ খেলে।
-
আঘাত পালে ৰিয়ানে
দায়িত্বশীল বেটিঙেৰে দলৰ ইনিংছ আগুৱাই নিয়া ৰিয়ান পৰাগ আঘাতপ্ৰাপ্ত হৈ খেলপথাৰৰ মাজতে বহি পৰিছে। পাথিৰানাৰ এটা বলে ৰিয়ানৰ আঙুলিত আঘাত কৰিছে। ইয়াৰ পিছতে খেলপথাৰত প্ৰৱেশ কৰে চিকিৎসকৰ দলে।
-
জাদেজাৰ হাতলৈ প্ৰথমটো উইকেট
চেন্নাইৰ স্পিনাৰৰ সমুখত উইকেটৰ পিছত উইকেট পতন ঘটিছে ৰাজস্থানৰ ইনিংছত। এইবাৰ জাদেজাৰ বলত বিদায় লৈছে ৱানিন্দু হাছাৰাংগাই।
-
ধ্ৰুৱ জুৰেল ব্যৰ্থ
ব্যৰ্থ হৈছে ধ্ৰুৱ জুৰেল। নুৰ আহমেদৰ স্পীন ভালদৰে আয়ত্ব কৰিব নোৱাৰাকৈয়ে আক্ৰমণৰ চেষ্টা চলাবলৈ গৈ কেচ আউট হয় জুৰেল। তেওঁৰ বেটৰ পৰা আহে মাত্ৰ ৩ ৰান।
-
অন্ত পৰিল নীতিশৰ চমক
ধাৰাবাহিক আক্ৰমণেৰে অশ্বিনক শলঠেকত পেলালেও অৱশেষত চাতুৰ্যতাত হাৰ মানিলে নীতিশে। আক্ৰমণৰ লক্ষৰে নীতিশে ষ্টেপ আউট কৰোঁতেই ৱাইডৰ দিশলৈ বল ঠেলি দিয়ে অশ্বিনে আৰু সহজ ষ্টাম্পিঙেৰে ধোনীয়ে নীতিশক পেভিলিয়নৰ পথ দেখুৱায়। মাত্ৰ ৩৬ বলত ৮১ ৰান সংগ্ৰহ কৰে নীতিশে।
-
ৰিয়ানৰ বেটৰ পৰা প্ৰথমটো ছয়
ঘৰৰ ল’ৰা ৰিয়ানে আজিৰ মেচত কোবাইছে নিজা ইনিংছৰ প্ৰথমটো ছয়। মথিছা পাথিৰানাৰ এটা বল ফ্লিক কৰি বৃ্হৎ ছয় কোবায় ৰিয়ানে।
-
নুৰে বিদায় দিলে সঞ্জুক, ক্ৰীজত ৰিয়ান
আই পি এল ২০২৫ত অব্যাহত আছে নুৰৰ চমক। আজি প্ৰথমটো অভাৰতে নুৰে দখল কৰিছে সঞ্জু চেমচনৰ উইকেট। সঞ্জুৰ বিদায়ৰ পিছত ক্ৰীজলৈ আহিছে ৰিয়ান পৰাগ।
-
নীতিশৰ ৰানৰ দ্ৰুতগতি
বিধ্বংসী ৰূপ ধাৰণ কৰিছে নীতিশ ৰাণাই। চেন্নাইৰ বলিং আক্ৰমণ ব্যৰ্থ কৰি নীতিশে মাত্ৰ ২১টা বলতে সম্পূৰ্ণ কৰিছে অৰ্ধশতক।
-
অব্যাহত ৰাণাৰ বিস্ফোৰণ
অব্যাহত আছে নীতিশ ৰাণাৰ আক্ৰমণাত্মক বেটিং। পঞ্চম অভাৰত অভিজ্ঞ ৰবিচন্দ্ৰন অশ্বিনৰ বলত ক্ৰমাগত দুটা ছয়া আৰু এটা চাৰি কোবাই ৰাণাই দলৰ স্ক’ৰ ৬০ৰ পাৰ কৰাইছে।
-
সঞ্জু-ৰাণাই চম্ভালিছে ইনিংছ
প্ৰথম অভাৰতে জয়ছোৱালৰ উইকেট পতন ঘটিলেও ইনিংছ আগুৱাই নিছে নীতিশ ৰাণা আৰু সঞ্জু চেমচনে। দুয়োৰে ধৈৰ্যশীল বেটিঙৰ সুবাদত ৰাজস্থানে ৪ অভাৰত ৪৫ ৰান সংগ্ৰহ কৰিছে।
-
তৃতীয় বলতে বিদায় ল’লে জয়ছোৱালে
প্ৰথম বলতে চাৰি কোবাই জয়ছোৱালে মনোবল দেখুৱাইছিল যদিও তৃতীয় বলতে এই মনোবল ভংগ কৰে খলীলে। মাত্ৰ চাৰি ৰান কৰিয়েই অশ্বিনৰ হাতত কেচ তুলি বিদায় লয় জয়ছোৱালে।
-
ক্ৰীজত সঞ্জু-জয়ছোৱাল, খলীলৰ হাতত বল
ঘৰুৱা খেলপথাৰত প্ৰথমে বেটিং কৰিছে ৰাজস্থানে। দলৰ হৈ ইনিংছ মুকলি কৰিছে জয়ছোৱাল আৰু সঞ্জুৱে। খলীলৰ প্ৰথমটো বলতে জয়ছোৱালে এটা চাৰি কোবাই ইনিংছৰ আৰম্ভণি ঘটাইছে।
-
ৰাজস্থান ৰয়েলছৰ মূল একাদশ
ৰাজস্থান ৰয়েলছৰ মূল একাদশত আজিও অপৰিৱৰ্তিত থাকিব। দলৰ মূল একাদশ হ’ব এনেধৰণৰ- যশস্বী জয়ছোৱাল, সঞ্জু চেমচন, ৰিয়ান পৰাগ, ছিমৰণ হেটমায়াৰ, ধ্ৰুৱ জুৰেল, নীতিশ ৰাণা, ৱানিন্দু হাচাৰাঙ্গা, জ’ফ্ৰা আৰ্চাৰ, মহীশ থীকচানা, তুষাৰ দেশপাণ্ডে, সন্দীপ শৰ্মা।
-
চেন্নাই চুপাৰ কিংছৰ মূল একাদশ
চেন্নাই চুপাৰ কিংছৰ মূল একাদশত থাকিব ৰচিন ৰবীন্দ্ৰ, ৰাহুল ত্ৰিপাঠী, ৰুতুৰাজ গায়কোৱাড (অধিনায়ক), বিজয় শংকৰ, শিৱম ডুবে, ৰবীন্দ্ৰ জাদেজা, এম এছ ধোনী, ৰবিচন্দ্ৰন অশ্বিন, জেমি অভাৰটন, নুৰ আহমেদ, মথিছা পাথিৰানা।
-
টছত জয়ী হৈ ফিল্ডিঙৰ সিদ্ধান্ত গায়কোৱাডৰ
ইতিমধ্যে দুয়ো দলৰ অধিনায়কৰ মাজত হৈ গৈছে টছ। টছত জয়ী হৈ চেন্নাই চুপাৰ কিংছৰ অধিনায়ক ৰুতুৰাজ গায়কোৱাডে প্ৰথমে ফিল্ডিং কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।
-
ৰিয়ানৰ ওপৰত থাকিব চকু
বিগত ছিজনত সফল হ’লেও এই ছিজনত বিশেষ সফল হ’ব পৰা নাই ৰিয়ান পৰাগ। দুয়োখন মেচত দীঘলীয়া স্ক’ৰ সংগ্ৰহত ব্যৰ্থ হোৱা ৰিয়ানে আজি নিজৰ গৃহ চহৰত অনুৰাগীৰ সমুখত ৰান সংগ্ৰহ কৰাৰ আশা কৰিছে সকলোৱে।
-
দুয়ো দলৰ পূৰ্বৰ ৰেকৰ্ড
প্ৰথম বৰ্ষৰ চেম্পিয়ন আৰু ৫ বাৰৰ চেম্পিয়ন চেন্নাই চুপাৰ কিংছ এইপৰ্যন্ত ১৯ বাৰ মুখামুখি হৈছে। ইয়াৰে ১৩ খনত ৰাজস্থান আৰু ১৬ খনত চেন্নাই জয়ী হৈছে। অৱশ্যে ২০২০ চনৰ পৰা ৰাজস্থানে ৬ খন মেচত জয় লাভ কৰাৰ বিপৰীতে চেন্নাই মাত্ৰ ২ খনতহে জয়ী হৈছে।
-
বৰ্ষাপাৰাত ছিজনৰ অন্তিম মেচ
চলিত ছিজনত ঘৰৰ মাটিত আজি অন্তিমখন আই পি এল মেচ উপভোগ কৰিব ৰাজ্যৰ ক্ৰিকেটপ্ৰেমীয়ে। কলকাতাৰ বিপক্ষে ঘৰৰ ল’ৰা ৰিয়ান নেতৃত্বাধীন ৰাজস্থানৰ পৰাজয়ৰ পিছত আজি ঘৰুৱা দলটোৰ জয়ৰ আশা কৰিছে অনুৰাগীসকলে।
Published On - Mar 30,2025 6:51 PM