শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

RR vs GT Live Score, IPL 2025: অন্তিম বলত অৰ্ধশতক সম্পূৰ্ণ বাটলাৰৰঃ ৰাজস্থানৰ সমুখত ২১০ ৰানৰ লক্ষ্য

Rajasthan Royals vs Gujarat Titans Live Score in Assamese: আই পি এলৰ ১৮ সংখ্যক ছিজনৰ আজি ৪৭ সংখ্যক মেচ। আজিৰ মেচত প্ৰতিদ্বন্দিতা কৰিব পইণ্ট তালিকাৰ দ্বিতীয় স্থানৰ দল গুজৰাট টাইটানছ আৰু নৱম স্থানৰ ৰাজস্থান ৰয়েলছ। ইতিপূৰ্বে দুয়োটা দল ছিজনত এখন মেচত মুখামুখি হৈছিল। এই মেচখনত গুজৰাটে অতি সহজেই ৰাজস্থানক পৰাস্ত কৰিছিল।

monjit-dutta
Monjit Dutta | Updated On: 28 Apr 2025 21:41 PM
RR vs GT Live Score, IPL 2025: অন্তিম বলত অৰ্ধশতক সম্পূৰ্ণ বাটলাৰৰঃ ৰাজস্থানৰ সমুখত ২১০ ৰানৰ লক্ষ্য
আজি গুজৰাট বনাম ৰাজস্থানৰ মেচ

LIVE NEWS & UPDATES

  • 28 Apr 2025 09:41 PM (IST)

    জয়ছোৱালে পালে জীৱনদান

    ৰাজস্থানৰ ইনিংছত গুজৰাটৰ সাদৃশ্য। এইবাৰ ৰাজস্থানৰ অপেনাৰ জয়ছোৱালে পাইছে জীৱনদান। ইম্পেক্ট চাবৰ ৰূপত খেলপথাৰলৈ অহা ঈশান্তৰ বলত জয়ছোৱালে তুলি দিয়া এটা সহজ কেচ আয়ত্ব কৰাত বিফল হয় উইকেটকীপাৰ বাটলাৰ।

  • 28 Apr 2025 09:36 PM (IST)

    বৈভৱৰ ছয়

    পুনৰ এবাৰ আক্ৰমণাত্মক আৰম্ভণি ঘটাইছে বৈভৱ সূৰ্যবংশীয়ে। চিৰাজে কৰা ইনিংছৰ প্ৰথমটো অভাৰৰ তৃতীয়টো বলত এটা বৃহৎ ছয় কোবায় বৈভৱে।

  • 28 Apr 2025 09:19 PM (IST)

    ৰাজস্থানৰ সংগ্ৰহ ২০৯ ৰান

    আক্ৰমণাত্মক বেটিঙেৰে ২৬টা বলত অৰ্ধশতক অৰ্জন কৰিছে বাটলাৰে। ইনিংছৰ অন্তিম বলত দুই ৰান সংগ্ৰহ কৰি বাটলাৰে নিজৰ অৰ্ধশতক পূৰ কৰে। এইদৰে পুনৰ এবাৰ শীৰ্ষক্ৰমৰ বেটাৰৰ প্ৰদৰ্শনৰ সুবাদত গুজৰাটে ২০৯ ৰান সংগ্ৰহ কৰি ৰাজস্থানৰ সমুখত ২১০ ৰানৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে।

  • 28 Apr 2025 09:15 PM (IST)

    তেৱাটিয়াক বিদায় দিলে আৰ্চাৰে

    অন্তিম অভাৰৰ দ্বিতীয় বলত জ’ফ্ৰা আৰ্চাৰৰ হাতলৈ আহিল সফলতা। তেওঁ বিদায় দিয়ে ৰাহুল তেৱাটিয়াক। ইয়াৰ পিছতে ক্ৰীজলৈ অহা শ্বাহৰুখ খানে পৰৱৰ্তী বলতে অৱশ্যে এটা চাৰি কোবায়।

  • 28 Apr 2025 09:10 PM (IST)

    সুন্দৰ পেভিলিয়নলৈ

    আৰম্ভণিতেই ছাই সুদৰ্শনৰ এক সহজ কেচ মিছ কৰিলেও এইবাৰ ভুল নকৰিলে হেমটমায়াৰে। সন্দীপ শৰ্মাৰ বলত ৱাশ্বিংটন সুন্দৰে (১৩) তুলি দিয়া এটা কেচ হেটমায়াৰে দৰ্শনীয়ভাৱে আয়ত্ব কৰে।

  • 28 Apr 2025 08:58 PM (IST)

    বিদায় ল’লে গিলে

    অধিনায়কোচিত বেটিঙেৰে ৮৪ ৰানৰ এক চমকপ্ৰদ ইনিংছ খেলি বিদায় ল’লে শুভমন গিলে। ৫০টা বলত ৫টা চাৰি আৰু ৪টা ছয়েৰে গিলে এই ইনিংছটো সজায়। গুজৰাটৰ এই দ্বিতীয় উইকেটৰো পতন ঘটায় থিকছানাই আৰু পুনৰ এবাৰ কেচ আয়ত্ব কৰিছে ৰিয়ানে।

  • 28 Apr 2025 08:43 PM (IST)

    বাটলাৰৰ ৰুদ্ৰ ৰূপ

    আক্ৰমণাত্মক ৰূপ ধাৰণ কৰিছে জ’ছ বাটলাৰে। ৱানিন্দু হাচাৰাংগাৰ ক্ৰমাগত চাৰিটা বলত বাটলাৰে ক্ৰমাগত চাৰিটা বাউণ্ডেৰী (৬,৬, ৪,৬) কোবায়।

  • 28 Apr 2025 08:28 PM (IST)

    গুজৰাটৰ শতক

    সন্দীপ শৰ্মাৰ বলত এটা ছয় কোবাই দলৰ স্ক’ৰ শতক পাৰ কৰায় গিলে। ১২ অভাৰৰ সমাপ্তিত এতিয়া গুজৰাটে এটা উইকেটৰ বিনিময়ত ১০৭ ৰান সংগ্ৰহ কৰিছে।

  • 28 Apr 2025 08:20 PM (IST)

    সুদৰ্শনৰ বিদায়

    অৱশেষত ভংগ হৈছে গুজৰাটৰ অপেনিং যুটি। ব্যক্তিগত ৯ ৰানত জীৱনদান পোৱা ছাই সুদৰ্শনে ৩৯ ৰান সংগ্ৰহ কৰি বিদায় লৈছে। থিকছানাৰ বলত সুদৰ্শনে তুলি দিয়া কেচ আয়ত্ব কৰে ৰিয়ান পৰাগে।

  • 28 Apr 2025 08:17 PM (IST)

    গিলৰ অৰ্ধশতক

    অধিনায়কোচিত বেটিঙেৰে দলক এক শক্তিশালী স্থিতি প্ৰদান কৰিছে শুভমন গিলে। ৪টা চাৰি আৰু এটা ছয়েৰে গিলে ২৯টা বলত নিজৰ অৰ্ধশতক সম্পূৰ্ণ কৰে।

  • 28 Apr 2025 08:02 PM (IST)

    এইবাৰ জীৱনদান পালে গিলে

    সুদৰ্শনৰ পিছত এইবাৰ জীৱনদান পাইছে অধিনায়ক শুভমন গিলে। ৰিয়ান পৰাগৰ বলত গিলে তুলি দিয়া এক কঠিন কেচ আয়ত্ব কৰিবলৈ বৈভৱ সূৰ্যবংশীয়ে যথেষ্ট চেষ্টা চলায় যদিও বিফল হয়।

  • 28 Apr 2025 07:56 PM (IST)

    ৫০ ৰান পূৰ

    পুনৰ এবাৰ গুজৰাটক সবল আৰম্ভণি প্ৰদান কৰিছে অপেনাৰদ্বয় ছাই আৰু গিলে। দুয়ো ৫.৪ অভাৰত দলৰ স্ক’ৰব’ৰ্ডত ৫০ ৰান সম্পূৰ্ণ কৰে।

  • 28 Apr 2025 07:40 PM (IST)

    জীৱনদান পালে সুদৰ্শনে

    গুজৰাটৰ সফলতাৰ অন্যতম নায়ক হৈ পৰা ছাই সুদৰ্শনক মাত্ৰ ৯ ৰানৰ ব্যক্তিগত স্ক’ৰতে বিদায় দিয়াৰ সুযোগ পাইছিল ৰাজস্থান। কিন্তু থিকছানাৰ বলত সুদৰ্শনে তুলি দিয়া এটা সহজ কেচ আয়ত্ব কৰাত ব্যৰ্থ হয় হেটমায়াৰ আৰু এইদৰে জীৱনদান পায় সুদৰ্শনে।

  • 28 Apr 2025 07:13 PM (IST)

    গুজৰাট টাইটানছৰ মূল একাদশ

    গুজৰাট টাইটানছৰ দ্বাৰা আজি কৰিম জন্নতে অভিষেক ঘটাব আই পি এলত। দলটোৰ মূল একাদশ হ’ব এনেধৰণৰ- ছাই সুদৰ্শন, শুভমান গিল (অধিনায়ক), জছ বাটলাৰ, ৱাশ্বিংটন সুন্দৰ, শ্বাহৰুখ খান, ৰাহুল তেৱাটিয়া, কৰিম জন্নত, ৰছিদ খান, ৰবিশ্ৰীনিবাসন ছাই কিশোৰ, মহম্মদ চিৰাজ, প্ৰসিধ কৃষ্ণ।

  • 28 Apr 2025 07:09 PM (IST)

    ৰাজস্থান ৰয়েলছৰ মূল একাদশ

    ৰাজস্থান ৰয়েলছৰ হৈ আজি আই পি এলত অভিষেক ঘটিব যুধবীৰ সিং চৰকৰ। দলটোৰ মূল একাদশ হ’ব এনেধৰণৰ- যশস্বী জয়ছোৱাল, বৈভৱ সূৰ্যবংশী, নীতিশ ৰাণা, ৰিয়ান পৰাগ (অধিনায়ক), ধ্ৰুৱ জুৰেল, চিমৰন হেটমায়াৰ, ৱানিন্দু হাচাৰাঙ্গা, জ’ফ্ৰা আৰ্চাৰ, মহীশ থিকছানা, সন্দীপ শৰ্মা, যুধবীৰ সিং চৰক।

  • 28 Apr 2025 07:04 PM (IST)

    ৰিয়ানে ল’লে বলিঙৰ সিদ্ধান্ত

    সঞ্জুৰ অনুপস্থিতিত পুনৰ এবাৰ ৰাজস্থান ৰয়েলছৰ অধিনায়কৰ পদত দেখা যাব ৰিয়ান পৰাগক। টছত জয়ী হৈ ৰিয়ান পৰাগে প্ৰথমে বলিঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

  • 28 Apr 2025 06:58 PM (IST)

    দুয়ো দলৰ মাজত পূৰ্বৰ ৰেকৰ্ড

    গুজৰাট টাইটানছ আৰু ৰাজস্থান ৰয়েলছ ইতিপূৰ্বে আই পি এলত ৭ বাৰ পৰস্পৰৰ বিপক্ষে মুখামুখি হৈছে। এই ৭ বাৰৰ মুখামুখিত ৬ বাৰতে জয়েৰে একপ্ৰকাৰে আধিপত্য বিস্তাৰ কৰিছে। আনহাতে মাত্ৰ এবাৰহে জয়ৰ সোৱাদ লাভ কৰিছে।

আই পি এলৰ ১৮ সংখ্যক ছিজনৰ আজি ৪৭ সংখ্যক মেচ। আজিৰ মেচত প্ৰতিদ্বন্দিতা কৰিব পইণ্ট তালিকাৰ দ্বিতীয় স্থানৰ দল গুজৰাট টাইটানছ আৰু নৱম স্থানৰ ৰাজস্থান ৰয়েলছ। ইতিপূৰ্বে দুয়োটা দল ছিজনত এখন মেচত মুখামুখি হৈছিল। এই মেচখনত গুজৰাটে অতি সহজেই ৰাজস্থানক পৰাস্ত কৰিছিল। এতিয়া ৰাজস্থানে ঘৰৰ মাটিত এই পৰাজয়ৰ পোতক তোলাৰ সুযোগ লাভ কৰিছে। ইফালে প্ৰথমবাৰৰ বাবে আই পি এলৰ দৰে বৃহৎ মঞ্চত অধিনায়কৰ দায়িত্ব বহন কৰা ৰিয়ান এফালে অধিনায়ক হিচাপে ব্যৰ্থ হোৱাৰ লগতে নিজৰ প্ৰদৰ্শনতো বিশেষ উন্নতি দেখাব পৰা নাই। ইয়াৰ ফলত তেওঁ সন্মুখীন হৈছে কঠিন সমালোচনাৰ। আজি এই সমালোচনাৰ উচিত প্ৰত্যুত্তৰ দিয়াৰ সুযোগ লাভ কৰিব ৰিয়ানেও।

Published On - Apr 28,2025 6:46 PM