RR vs GT Live Score, IPL 2025: সূৰ্যবংশীৰ ‘বৈভৱ’ত নিজম পৰিল গুজৰাটৰ শক্তিঃ জয়পুৰত সৃষ্টি হ’ল ইতিহাস, ছয়েৰে জয় কঢ়িয়ালে ৰিয়ানে
Rajasthan Royals vs Gujarat Titans Live Score in Assamese: জয়পুৰত আজি ভিন্ন ৰূপত দেখা গ’ল ৰাজস্থান ৰয়েলছক। মাত্ৰ ১৫.৫ অভাৰতে ২১০ ৰানৰ লক্ষ্য অনুসৰণ কৰি গুজৰাট টাইটানছক ৮ উইকেটত পৰাস্ত কৰে ৰাজস্থানে।

আজি গুজৰাট বনাম ৰাজস্থানৰ মেচ
আই পি এলৰ ১৮ সংখ্যক ছিজনৰ আজি ৪৭ সংখ্যক মেচ। আজিৰ মেচত প্ৰতিদ্বন্দিতা কৰিব পইণ্ট তালিকাৰ দ্বিতীয় স্থানৰ দল গুজৰাট টাইটানছ আৰু নৱম স্থানৰ ৰাজস্থান ৰয়েলছ। ইতিপূৰ্বে দুয়োটা দল ছিজনত এখন মেচত মুখামুখি হৈছিল। এই মেচখনত গুজৰাটে অতি সহজেই ৰাজস্থানক পৰাস্ত কৰিছিল। এতিয়া ৰাজস্থানে ঘৰৰ মাটিত এই পৰাজয়ৰ পোতক তোলাৰ সুযোগ লাভ কৰিছে। ইফালে প্ৰথমবাৰৰ বাবে আই পি এলৰ দৰে বৃহৎ মঞ্চত অধিনায়কৰ দায়িত্ব বহন কৰা ৰিয়ান এফালে অধিনায়ক হিচাপে ব্যৰ্থ হোৱাৰ লগতে নিজৰ প্ৰদৰ্শনতো বিশেষ উন্নতি দেখাব পৰা নাই। ইয়াৰ ফলত তেওঁ সন্মুখীন হৈছে কঠিন সমালোচনাৰ। আজি এই সমালোচনাৰ উচিত প্ৰত্যুত্তৰ দিয়াৰ সুযোগ লাভ কৰিব ৰিয়ানেও।
LIVE NEWS & UPDATES
-
ৰাজস্থানৰ সহজ জয়
২১০ ৰানৰ বৃহৎ লক্ষ্য মাত্ৰ ১৫.৫ অভাৰতে অতিক্ৰম কৰি বৃহৎ বিজয় সাব্যস্ত কৰিছে ৰাজস্থান ৰয়েলছে। পইণ্ট তালিকাৰ দ্বিতীয় স্থানত থকা গুজৰাটক ৰাজস্থানে আজি ৮ উইকেটত পৰাস্ত কৰে। বৈভৱৰ শতকৰ লগতে জয়ছোৱালে ৭০ ৰান আৰু ৰিয়ানে ৩২ ৰান সংগ্ৰহ কৰি অপৰাজিত থাকে।
-
জীৱনদান পালে ৰিয়ানে
ক্ষীপ্ৰভাৱে জয়লাভৰ চেষ্টাত আক্ৰমণৰ চেষ্টা চলাই আউট হোৱাৰ পৰা ৰক্ষা পৰিছে ৰিয়ান। সুন্দৰৰ বলত ৰিয়ানে তুলি দিয়া কেচ আয়ত্ব কৰাত বিফল হয় চিৰাজ।
-
-
ৰাণা ব্যৰ্থ
বৈভৱৰ বিদায়ৰ পিছত ক্ৰীজলৈ অহা নীতিশ ৰাণাই মাত্ৰ ৪ ৰান সংগ্ৰহ কৰিয়েই ক্ৰীজ এৰিছে। নীতিশক বিদায় দিয়ে ৰছিদ খানে।
-
ইতিহাস ৰচি পেভিলিয়নলৈ বৈভৱ
কেইবাটাও অভিলেখ সৃষ্টিকাৰী শতকীয় ইনিংছ খেলি ক্ৰীজ এৰিছে বৈভৱ সূৰ্যবংশীয়ে। মাত্ৰ ৩৮টা বলত ৭টা চাৰি আৰু ১১টা ছয়েৰে ১০১ ৰান সংগ্ৰহ কৰি প্ৰসিধ কৃষ্ণৰ বলত আউট হয় বৈভৱ।
-
জয়ছোৱালৰ অৰ্ধশতক
বৈভৱৰ শতকৰ পিছত অৰ্ধশতক অৰ্জন কৰিছে জয়ছোৱালে। ৩০টা বলতে জয়ছোৱালে নিজৰ অৰ্ধশতক সম্পূৰ্ণ কৰে।
-
বৈভৱৰ শতক
আই পি এল ইতিহাসত সৰ্বকনিষ্ঠ শতক আৰু ভাৰতীয় বেটাৰৰ দ্বাৰা দ্ৰুততম শতকৰ অধিকাৰী হ’ল বৈভৱ সূৰ্যবংশী। মাত্ৰ ৩৫টা বলত ৭টা চাৰি আৰু ১১টা ছয়েৰে শতক সম্পূৰ্ণ কৰিলে বৈভৱে।
-
ৰাজস্থানৰ শতক
দুই অপেনাৰ বৈভৱ আৰু জয়ছোৱালৰ আক্ৰমণাত্মক বেটিঙৰ সুবাদত মাত্ৰ ৭.৪ অভাৰতে ৰাজস্থানৰ ইনিংছ শতকৰ পাৰ হৈছে। বৈভৱৰ পিছত জয়ছোৱালো কাষ চাপিছে নিজৰ অৰ্ধশতকৰ।
-
ইতিহাস বৈভৱৰ
আই পি এলৰ ইতিহাসত নিজৰ নামত আন এক পৃষ্ঠা সংযোজন কৰিছে বৈভৱ সূৰ্যবংশীয়ে। ছয়-চাৰিৰ ফুলজাৰি তুলি বৈভৱে মাত্ৰ ১৭টা বলতে নিজৰ অৰ্ধশতক সম্পূৰ্ণ কৰিছে আৰু এইদৰে আই পি এল ইতিহাসত অৰ্ধশতক অৰ্জন কৰা সৰ্বকনিষ্ঠ খেলুৱৈ হিচাপে পৰিগণিত হৈছে।
-
নিষ্প্ৰভ অভিজ্ঞ ঈশান্ত
আই পি এল ইতিহাসৰ সৰ্বকনিষ্ঠ খেলুৱৈ বৈভৱৰ আক্ৰমণৰ পৰা ৰক্ষা নপৰিল অভিজ্ঞ তাৰকা ঈশান্ত শৰ্মা। ইনিংছৰ চতুৰ্থ অভাৰত ঈশান্তৰ বলত বৈভৱে প্ৰথম দুটা বলত দুটা ছয় কোবোৱাৰ পিছত তৃতীয় বলত এটা চাৰি, পঞ্চম বলত পুনৰ এটা ছয় আৰু অন্তিম বলত পুনৰ এটা চাৰি কোবায়। এইদৰে মাত্ৰ ৩.৫ অভাৰতে ৰাজস্থানৰ ইনিংছত ৫০ ৰান পূৰ হয়।
-
জয়ছোৱালে পালে জীৱনদান
ৰাজস্থানৰ ইনিংছত গুজৰাটৰ সাদৃশ্য। এইবাৰ ৰাজস্থানৰ অপেনাৰ জয়ছোৱালে পাইছে জীৱনদান। ইম্পেক্ট চাবৰ ৰূপত খেলপথাৰলৈ অহা ঈশান্তৰ বলত জয়ছোৱালে তুলি দিয়া এটা সহজ কেচ আয়ত্ব কৰাত বিফল হয় উইকেটকীপাৰ বাটলাৰ।
-
বৈভৱৰ ছয়
পুনৰ এবাৰ আক্ৰমণাত্মক আৰম্ভণি ঘটাইছে বৈভৱ সূৰ্যবংশীয়ে। চিৰাজে কৰা ইনিংছৰ প্ৰথমটো অভাৰৰ তৃতীয়টো বলত এটা বৃহৎ ছয় কোবায় বৈভৱে।
-
ৰাজস্থানৰ সংগ্ৰহ ২০৯ ৰান
আক্ৰমণাত্মক বেটিঙেৰে ২৬টা বলত অৰ্ধশতক অৰ্জন কৰিছে বাটলাৰে। ইনিংছৰ অন্তিম বলত দুই ৰান সংগ্ৰহ কৰি বাটলাৰে নিজৰ অৰ্ধশতক পূৰ কৰে। এইদৰে পুনৰ এবাৰ শীৰ্ষক্ৰমৰ বেটাৰৰ প্ৰদৰ্শনৰ সুবাদত গুজৰাটে ২০৯ ৰান সংগ্ৰহ কৰি ৰাজস্থানৰ সমুখত ২১০ ৰানৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে।
-
তেৱাটিয়াক বিদায় দিলে আৰ্চাৰে
অন্তিম অভাৰৰ দ্বিতীয় বলত জ’ফ্ৰা আৰ্চাৰৰ হাতলৈ আহিল সফলতা। তেওঁ বিদায় দিয়ে ৰাহুল তেৱাটিয়াক। ইয়াৰ পিছতে ক্ৰীজলৈ অহা শ্বাহৰুখ খানে পৰৱৰ্তী বলতে অৱশ্যে এটা চাৰি কোবায়।
-
সুন্দৰ পেভিলিয়নলৈ
আৰম্ভণিতেই ছাই সুদৰ্শনৰ এক সহজ কেচ মিছ কৰিলেও এইবাৰ ভুল নকৰিলে হেমটমায়াৰে। সন্দীপ শৰ্মাৰ বলত ৱাশ্বিংটন সুন্দৰে (১৩) তুলি দিয়া এটা কেচ হেটমায়াৰে দৰ্শনীয়ভাৱে আয়ত্ব কৰে।
-
বিদায় ল’লে গিলে
অধিনায়কোচিত বেটিঙেৰে ৮৪ ৰানৰ এক চমকপ্ৰদ ইনিংছ খেলি বিদায় ল’লে শুভমন গিলে। ৫০টা বলত ৫টা চাৰি আৰু ৪টা ছয়েৰে গিলে এই ইনিংছটো সজায়। গুজৰাটৰ এই দ্বিতীয় উইকেটৰো পতন ঘটায় থিকছানাই আৰু পুনৰ এবাৰ কেচ আয়ত্ব কৰিছে ৰিয়ানে।
-
বাটলাৰৰ ৰুদ্ৰ ৰূপ
আক্ৰমণাত্মক ৰূপ ধাৰণ কৰিছে জ’ছ বাটলাৰে। ৱানিন্দু হাচাৰাংগাৰ ক্ৰমাগত চাৰিটা বলত বাটলাৰে ক্ৰমাগত চাৰিটা বাউণ্ডেৰী (৬,৬, ৪,৬) কোবায়।
-
গুজৰাটৰ শতক
সন্দীপ শৰ্মাৰ বলত এটা ছয় কোবাই দলৰ স্ক’ৰ শতক পাৰ কৰায় গিলে। ১২ অভাৰৰ সমাপ্তিত এতিয়া গুজৰাটে এটা উইকেটৰ বিনিময়ত ১০৭ ৰান সংগ্ৰহ কৰিছে।
-
সুদৰ্শনৰ বিদায়
অৱশেষত ভংগ হৈছে গুজৰাটৰ অপেনিং যুটি। ব্যক্তিগত ৯ ৰানত জীৱনদান পোৱা ছাই সুদৰ্শনে ৩৯ ৰান সংগ্ৰহ কৰি বিদায় লৈছে। থিকছানাৰ বলত সুদৰ্শনে তুলি দিয়া কেচ আয়ত্ব কৰে ৰিয়ান পৰাগে।
-
গিলৰ অৰ্ধশতক
অধিনায়কোচিত বেটিঙেৰে দলক এক শক্তিশালী স্থিতি প্ৰদান কৰিছে শুভমন গিলে। ৪টা চাৰি আৰু এটা ছয়েৰে গিলে ২৯টা বলত নিজৰ অৰ্ধশতক সম্পূৰ্ণ কৰে।
-
এইবাৰ জীৱনদান পালে গিলে
সুদৰ্শনৰ পিছত এইবাৰ জীৱনদান পাইছে অধিনায়ক শুভমন গিলে। ৰিয়ান পৰাগৰ বলত গিলে তুলি দিয়া এক কঠিন কেচ আয়ত্ব কৰিবলৈ বৈভৱ সূৰ্যবংশীয়ে যথেষ্ট চেষ্টা চলায় যদিও বিফল হয়।
-
৫০ ৰান পূৰ
পুনৰ এবাৰ গুজৰাটক সবল আৰম্ভণি প্ৰদান কৰিছে অপেনাৰদ্বয় ছাই আৰু গিলে। দুয়ো ৫.৪ অভাৰত দলৰ স্ক’ৰব’ৰ্ডত ৫০ ৰান সম্পূৰ্ণ কৰে।
-
জীৱনদান পালে সুদৰ্শনে
গুজৰাটৰ সফলতাৰ অন্যতম নায়ক হৈ পৰা ছাই সুদৰ্শনক মাত্ৰ ৯ ৰানৰ ব্যক্তিগত স্ক’ৰতে বিদায় দিয়াৰ সুযোগ পাইছিল ৰাজস্থান। কিন্তু থিকছানাৰ বলত সুদৰ্শনে তুলি দিয়া এটা সহজ কেচ আয়ত্ব কৰাত ব্যৰ্থ হয় হেটমায়াৰ আৰু এইদৰে জীৱনদান পায় সুদৰ্শনে।
-
গুজৰাট টাইটানছৰ মূল একাদশ
গুজৰাট টাইটানছৰ দ্বাৰা আজি কৰিম জন্নতে অভিষেক ঘটাব আই পি এলত। দলটোৰ মূল একাদশ হ’ব এনেধৰণৰ- ছাই সুদৰ্শন, শুভমান গিল (অধিনায়ক), জছ বাটলাৰ, ৱাশ্বিংটন সুন্দৰ, শ্বাহৰুখ খান, ৰাহুল তেৱাটিয়া, কৰিম জন্নত, ৰছিদ খান, ৰবিশ্ৰীনিবাসন ছাই কিশোৰ, মহম্মদ চিৰাজ, প্ৰসিধ কৃষ্ণ।
-
ৰাজস্থান ৰয়েলছৰ মূল একাদশ
ৰাজস্থান ৰয়েলছৰ হৈ আজি আই পি এলত অভিষেক ঘটিব যুধবীৰ সিং চৰকৰ। দলটোৰ মূল একাদশ হ’ব এনেধৰণৰ- যশস্বী জয়ছোৱাল, বৈভৱ সূৰ্যবংশী, নীতিশ ৰাণা, ৰিয়ান পৰাগ (অধিনায়ক), ধ্ৰুৱ জুৰেল, চিমৰন হেটমায়াৰ, ৱানিন্দু হাচাৰাঙ্গা, জ’ফ্ৰা আৰ্চাৰ, মহীশ থিকছানা, সন্দীপ শৰ্মা, যুধবীৰ সিং চৰক।
-
ৰিয়ানে ল’লে বলিঙৰ সিদ্ধান্ত
সঞ্জুৰ অনুপস্থিতিত পুনৰ এবাৰ ৰাজস্থান ৰয়েলছৰ অধিনায়কৰ পদত দেখা যাব ৰিয়ান পৰাগক। টছত জয়ী হৈ ৰিয়ান পৰাগে প্ৰথমে বলিঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।
-
দুয়ো দলৰ মাজত পূৰ্বৰ ৰেকৰ্ড
গুজৰাট টাইটানছ আৰু ৰাজস্থান ৰয়েলছ ইতিপূৰ্বে আই পি এলত ৭ বাৰ পৰস্পৰৰ বিপক্ষে মুখামুখি হৈছে। এই ৭ বাৰৰ মুখামুখিত ৬ বাৰতে জয়েৰে একপ্ৰকাৰে আধিপত্য বিস্তাৰ কৰিছে। আনহাতে মাত্ৰ এবাৰহে জয়ৰ সোৱাদ লাভ কৰিছে।