RR vs KKR Live Score, IPL 2025: ৮ উইকেটত জয়লাভ KKR ৰ, ১৭.৩ অভাৰতে সম্পূৰ্ণ লক্ষ্য

RR vs KKR Live Score in Assamese: আজি গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত KKR আৰু RR ৰ খেল। আই পি এলৰ এই মেচ চাবলৈ আগ্ৰহী বহুতো। যোৱা খেলকেইখনত দুয়োটা দলৰ প্ৰদৰ্শন ভাল নাছিল যদিও এইবাৰ দুয়ো দলে নিজৰ শক্তি প্ৰদৰ্শনৰ চেষ্টা কৰিব।

RR vs KKR  Live Score, IPL 2025: ৮ উইকেটত জয়লাভ KKR ৰ, ১৭.৩ অভাৰতে সম্পূৰ্ণ লক্ষ্য

কেকেআৰ- আৰআৰ

Updated On: 

26 Mar 2025 23:05 PM

২০২৫ চনৰ ২৬ মাৰ্চ অৰ্থাৎ আজি গুৱাহাটীৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ’ব আই পি এল ২০২৫ৰ ষষ্ঠখন খেল। এই মেচ ৰাজস্থান ৰয়েলছ (RR) আৰু কলকাতা নাইট ৰাইডাৰ্ছ (KKR)ৰ মাজত অনুষ্ঠিত হ’ব। দুয়োটা দলে প্ৰথমখন মেচত পৰাজয়ৰ সন্মুখীন হৈছে আৰু এই মেচত জয়ী হ’বলৈ সম্পূৰ্ণ শক্তি প্ৰদান কৰিব। দুয়োটা দল অতি শক্তিশালী যদিও শেষৰখন খেলত ৰাজস্থান ৰয়েলছৰ বলিং দুৰ্বল আছিল । ইয়াৰ বিপৰীতে বলিং আৰু বেটিং দুয়োখন মেচতে কলকাতাই বেয়া প্ৰদৰ্শন আগবঢ়াইছিল।

LIVE NEWS & UPDATES

The liveblog has ended.
  • 26 Mar 2025 11:04 PM (IST)

    KKR ৰ সহজ জয়

    ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে কলকাতা নাইট ৰাইডাৰ্ছৰ সহজ জয়। ৮ উইকেটত জয়লাভ দলটোৰ। মাত্ৰ ১৭.৩ অভাৰতে সম্পূৰ্ণ কৰে জয়ৰ লক্ষ্য। কেকেআৰৰ হৈ সৰ্বাধিক ৯৭ ৰান কৰে কুইন্টন ডি ককে (নট আউট)। ৬১ টা বলত ৮টা চাৰি, ৬টা ছয় কোবাই এই ৰান সংগ্ৰহ কৰে তেওঁ। ইয়াৰ বিপৰীতে ম’ইন আলীয়ে ১২ টা বলত ৫ ৰান, আজিংক্য ৰাহানে ১৫ টা বলত ১৮ ৰান আৰু অংগকৃশে (নট আউট) ১৭ টা বলত ২২ ৰান কৰিবলৈ সক্ষম হয়।

     

  • 26 Mar 2025 10:59 PM (IST)

    ৮ উইকেটত জয়লাভ KKR ৰ

    ৮ উইকেটত জয়লাভ KKR ৰ। ১৭.৩ অভাৰত লক্ষ্য সম্পূৰ্ণ কৰে KKR য়ে।


  • 26 Mar 2025 10:51 PM (IST)

    ডি কক-ৰঘুবংশীৰ মাজত অৰ্ধ শতিকাৰ অংশীদাৰিত্ব

    কুইণ্টন ডি কক আৰু অংগকৃশ ৰঘুবংশীয়ে ৩৫টা বলত ৫৫ ৰানৰ অংশীদাৰিত্ব গঢ়ি তুলিছে। একে সময়তে কলকাতাই ১৬ অভাৰত মাত্ৰ ২ টা উইকেট হেৰুৱাই ১২৫ ৰান সংগ্ৰহ কৰিছে।

  • 26 Mar 2025 10:47 PM (IST)

    ১৬ অভাৰত ১২৫ ৰান সম্পূৰ্ণ

     

    ১৬ অভাৰত ১২৫ ৰান সম্পূৰ্ণ কেকেআৰৰ। জয়ৰ বাবে দলটোক ২৪ টা বলত ২৭ ৰানৰ প্ৰয়োজন

  • 26 Mar 2025 10:44 PM (IST)

    ১৫.৩ অভাৰত ১২৩ ৰান সম্পূৰ্ণ

    ১৫.৩ অভাৰত ১২৩ ৰান সম্পূৰ্ণ কৰে কে কে আৰে। দলটোৱে বৰ্তমানলৈ ২ টা উইকেট হেৰুৱাইছে।

  • 26 Mar 2025 10:38 PM (IST)

    আজিৰ খেলৰ ভিডিঅ’

  • 26 Mar 2025 10:31 PM (IST)

    কুইণ্টন ডি ককৰ অৰ্ধশতক…

    কুইণ্টন ডি ককে অৰ্ধশতক কৰে। তেওঁ লাহে লাহে দলটোত লক্ষ্যৰ পিনে লৈ গৈ আছে।

  • 26 Mar 2025 10:29 PM (IST)

    KKR য়ে দ্বিতীয়টো উইকেট হেৰুয়ায়

    KKR য়ে দ্বিতীয়টো উইকেট হেৰুয়ায়। ১৫টা বলত ১৮ ৰান সংগ্ৰহ কৰি অধিনায়ক অজিংক্য ৰাহানে আউট হয়।

  • 26 Mar 2025 10:17 PM (IST)

    ১০ অভাৰত ৭০ ৰান সংগ্ৰহ KKR ৰ

    ১০ অভাৰত ৭০ ৰান সংগ্ৰহ কেকেআৰৰ। ইয়াৰ বিপৰীতে উইকেট হেৰুৱাই ১ টা।

  • 26 Mar 2025 10:14 PM (IST)

    ৮ম অভাৰত ৫০ ৰান সম্পূৰ্ণ KKR ৰ

    ৮ম অভাৰত ৫০ ৰানৰ সীমা অতিক্ৰম কৰিছে কে কে আৰয়ে। ৮ অভাৰৰ অন্তত দলটোৱে ১ উইকেট হেৰুৱাই ৫৫ ৰান সংগ্ৰহ কৰিছে।

  • 26 Mar 2025 10:09 PM (IST)

    বেটিং কৰি আছে KKR য়ে…

  • 26 Mar 2025 10:07 PM (IST)

    KKR ৰ প্ৰথমটো উইকেট

    প্ৰথমটো উইকেট হেৰুৱাই কলকাতা নাইট ৰাইডাৰ্ছে। ১২টা বলত ৫ ৰান সংগ্ৰহ কৰি ৰান আউট হৈছে ম’ইন আলী।

  • 26 Mar 2025 10:05 PM (IST)

    পাৱাৰ প্লেত ৪০ ৰান সংগ্ৰহ

    পাৱাৰপ্লে সমাপ্ত হৈছে, অৰ্থাৎ ৬ অভাৰ শেষ। বৰ্তমান পৰ্যন্ত ৪০ ৰানহে সংগ্ৰহ কে কে আৰৰ। এতিয়ালৈকে এটাও উইকেট যোৱা নাই।

  • 26 Mar 2025 10:02 PM (IST)

    KKR ৰ দুৰ্বল প্ৰদৰ্শন

    KKR ৰ সন্মুখত ১৫২ ৰানৰ লক্ষ্য।  প্ৰথম ৩ অভাৰত দলটোৱে মাত্ৰ ২০ ৰানহে কৰিবলৈ সক্ষম হয়।

  • 26 Mar 2025 09:57 PM (IST)

    KKR ৰ বেটিং আৰম্ভ

    কলকাতা নাইট ৰাইডাৰ্ছৰ হৈ প্ৰথমে বেটিং কৰে কুইণ্টন ডি কক আৰু ম’ইন আলীয়ে। ৰাজস্থানৰ হৈ বলিং আৰম্ভ কৰিছে জোফ্ৰা আৰ্চাৰে।

  • 26 Mar 2025 09:39 PM (IST)

    আজিৰ খেলৰ ভিডিঅ’

  • 26 Mar 2025 09:22 PM (IST)

    ৯ টা উইকেট হেৰুৱাই ৰাজস্থান ৰয়েলছৰ ১৫১ ৰান সংগ্ৰহ

    ৯ টা উইকেট হেৰুৱাই ৰাজস্থান ৰয়েলছৰ ১৫১ ৰান সংগ্ৰহ। ইয়াৰ লগে লগে জয়ৰ বাবে কে কে আৰক বান্ধি দিয়ে ১৫২ ৰানৰ লক্ষ্য।

  • 26 Mar 2025 09:19 PM (IST)

    অল আউটৰ দিশে ৰাজস্থান ৰয়েলছ

    ৰাজস্থান ৰয়েলছে হেৰুৱালে ৯ নম্বৰ উইকেট। স্পেন্সৰ জনছনৰ বলত আউট হয় জোফ্ৰা আৰ্চাৰ। ইয়াৰ লগে লগে ৰাজস্থানে নৱম উইকেট হেৰুৱাই এতিয়া অল আউট হোৱাৰ ওচৰ চাপিছে।

  • 26 Mar 2025 09:17 PM (IST)

    ৰাজস্থান ৰয়েলছে হেৰুৱালে ৮ নম্বৰ উইকেট

    ৮টা বলত ৭ ৰান সংগ্ৰহ কৰি আউট হয় শ্বিমৰন হেটমায়াৰ । ইয়াৰ লগে লগে ৰাজস্থানে হেৰুৱাইছে ৮ম উইকেট।

  • 26 Mar 2025 09:12 PM (IST)

    কিমান ৰান কৰিলে ধ্ৰুব জুৰেলে?

    ২৮টা বলত ৩৩ ৰান সংগ্ৰহ কৰে ধ্ৰুব জুৰেলে। হৰ্ষিত ৰানাৰ বলত আউট হয় তেওঁ। ইয়াৰ লগে লগে ৰাজস্থান ৰয়েলছে ৭ নম্বৰ উইকেট হেৰুয়ায়।

  • 26 Mar 2025 09:10 PM (IST)

    ধ্ৰুৱ জুৰেল আউট

    ধ্ৰুৱ জুৰেলৰ আউটৰ পিছত বেটিং কৰিবলৈ আহে জোফ্ৰা আৰ্চাৰ। তেওঁ ছয় মাৰি ইনিংছ আৰম্ভ কৰে।

  • 26 Mar 2025 09:09 PM (IST)

    ১৮ অভাৰ সম্পূৰ্ণ

     

  • 26 Mar 2025 09:01 PM (IST)

    ১৭ অভাৰত ১২৩ ৰান সম্পূৰ্ণ

    ১৭ অভাৰত ১২৩ ৰান সম্পূৰ্ণ কৰে ৰাজস্থান ৰয়েলছে। ক্ৰীজত উপস্থিত আছে শ্বিমৰন হেটমায়াৰ আৰু ধ্ৰুৱ জুৰেল।

  • 26 Mar 2025 08:54 PM (IST)

    ১৬ অভাৰত ১১২ ৰান সম্পূৰ্ণ

    ৰাজস্থান ৰয়েলছে ১৬ অভাৰত ১১২ ৰান সম্পূৰ্ণ কৰে। ইয়াৰ বিপৰীতে উইকেট হেৰুৱাই ৬ টা।

  • 26 Mar 2025 08:52 PM (IST)

    ৬ উইকেট হেৰুৱাই ১১০ ৰাণ সংগ্ৰহ ৰাজস্থান ৰয়েলছৰ

  • 26 Mar 2025 08:47 PM (IST)

    ধ্ৰুৱ জুৰেল আৰু শুভম ডুবেইৰ ইনিংছ

    ধ্ৰুৱ জুৰেল আৰু শুভম ডুবেৰ অংশীদাৰিত্ব ২০টা বলত ২২ ৰান আহে। দুয়োজনে ইনিংছ ধৰি ৰখাৰ চেষ্টা কৰিছে।

  • 26 Mar 2025 08:42 PM (IST)

    ১৩ অভাৰত ৰাজস্থান ৰয়েলছৰ ৯২ ৰাণ

    ১৩ অভাৰত ৰাজস্থান ৰয়েলছৰ ৯২ ৰাণ সম্পূৰ্ণ। ইয়াৰ বিপৰীতে দলটোৱে হেৰুৱাই ৫ টাকৈ উইকেট।

  • 26 Mar 2025 08:34 PM (IST)

    বিপদত ৰাজস্থান ৰয়েলছ

    ৰাজস্থান ৰয়েলছে হেৰুৱাইছে এটাৰ পাছত আনটো উইকেট। যশস্বী জয়ছোৱালৰ উইকেট ৬৯ ৰানৰ স্ক’ৰত হেৰুয়ায়।

  • 26 Mar 2025 08:16 PM (IST)

    ২৫ ৰান কৰি আউট হ’ল ৰিয়ান পৰাগ…

    দ্বিতীয়টো উইকেট হেৰুৱাই ৰাজস্থান ৰয়েলছে।১৫টা বলত ২৫ ৰান সংগ্ৰহ কৰি আউট হৈছে ৰিয়ান পৰাগ। বৰুণ চক্ৰৱৰ্তীৰ বলত আউট হয় ৰিয়ান।

  • 26 Mar 2025 08:12 PM (IST)

    ৰাজস্থান ৰয়েলছৰ ৫০ ৰান সম্পূৰ্ণ

    প্ৰথম পাৱাৰপ্লে সমাপ্ত হৈছে। ৰাজস্থান ৰয়েলছ দলে ৬ অভাৰৰ অন্তত ১ উইকেট হেৰুৱাই ৫৪ ৰান সংগ্ৰহ কৰে।

  • 26 Mar 2025 08:01 PM (IST)

    প্ৰথমটো ৬ ৰে ৰিয়ান পৰাগৰ বেটিং আৰম্ভ

    সঞ্জু চেমচনৰ আউটৰ পিছত ৰিয়ান পৰাগে বেটিং আৰম্ভ কৰে।হৰ্ষিত ৰানাৰ বিৰুদ্ধে ছয় মাৰি ইনিংছ আৰম্ভ কৰে ৰিয়ানে।

  • 26 Mar 2025 08:00 PM (IST)

    RR ৰ প্ৰথমটো উইকেট

    প্ৰথমটো উইকেট হেৰুৱাইছে ৰাজস্থান ৰয়েলছে। বৈভৱ অৰোৰাই সঞ্জু চেমছনক আউট কৰে। চেমছনে ১১টা বলত ১৩ ৰান সংগ্ৰহ কৰে।

  • 26 Mar 2025 07:47 PM (IST)

    ৰাজস্থানৰ বেটিং আৰম্ভ

    ৰাজস্থানৰ বেটিং আৰম্ভ হৈছে। খেলখনৰ প্রথম বলত যশস্বীয়ে ৪ মাৰে ৷ কেকেআৰৰ বলাৰ স্পেন্সৰ জনছনৰ প্ৰথম অভাৰৰ পৰা ২ চাৰিটাকে ধৰি ৯ ৰান সংগ্ৰহ কৰে। অভাৰৰ শেষৰ বলত সঞ্জুৱে ৪ কোবায়।

  • 26 Mar 2025 07:36 PM (IST)

    RR ৰ প্লেয়িং ১১

    যশস্বী জয়ছোৱাল, সঞ্জু চেমচন, ৰিয়ান পৰাগ (অধিনায়ক), নীতিশ ৰাণা, ধ্ৰুৱ জুৰেল, শিমৰন হেটমাইৰ, ৱানন্দু হাছাৰংগা, জোফ্ৰা আৰ্চাৰ, মহিষ তীক্ষনা, তুষাৰ দেশপাণ্ডে, সন্দীপ শৰ্মা

  • 26 Mar 2025 07:35 PM (IST)

    KKR ৰ প্লেয়িং ১১

    কুইণ্টন ডি কক, ময়েন আলী, অজিংক্য ৰাহানে (অধিনায়ক), ভেংকটেশ আয়াৰ, বৈভৱ অৰোৰা, ৰিংকু সিং, আন্দ্ৰে ৰাছেল, ৰমনদীপ সিং, হৰ্ষিত ৰানা, স্পেন্সৰ জনছন, বৰুণ চক্ৰৱৰ্তী

  • 26 Mar 2025 07:27 PM (IST)

    কোন বাহিৰ?

    কলকাতা দলৰ পৰা বাহিৰ হৈছে সুনীল নৰেন। জানিব পৰা মতে তেওঁৰ স্বাস্থ্য ভাল নহয়। তেওঁৰ ঠাইত ময়েন আলীক বাচনি কৰা হৈছে। ইয়াৰ বিপৰীতে আৰ আৰত ফজলহক ফাৰুকীৰ সলনি ৱানিন্দু হাছাৰাংগাই স্থান লাভ কৰিছে।

  • 26 Mar 2025 07:11 PM (IST)

    টছত জয়ী হৈ বলিঙৰ সিদ্ধান্ত KKR ৰ

    KKR য়ে টছত জয়লাভ কৰি প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। ইয়াৰ বিপৰীতে ৰাজস্থান ৰয়েলছে প্ৰথমে বেটিং কৰিব।

  • 26 Mar 2025 07:03 PM (IST)

    RR ৰ ১১ সাম্ভৱ্য খেলুৱৈ

    যশস্বী জয়ছোৱাল, সঞ্জু চেমছন (উইকেটকীপাৰ), ৰিয়ান পৰাগ (অধিনায়ক), নীতিশ ৰানা, ধ্ৰুৱ জুৰেল, শ্বিমৰন হেটমায়াৰ, শুভম ডুবে, জোফ্ৰা আৰ্চাৰ, মহিষ তীক্ষনা, তুষাৰ দেশপাণ্ডে, ফজলহাক ফাৰুকী, ইমপেক্ট প্লেয়াৰ: সন্দীপ শৰ্মা

  • 26 Mar 2025 07:00 PM (IST)

    KKR ৰ সাম্ভব্য ১১ খেলুৱৈ

    সুনীল নাৰিনে, কুইণ্টন ডি কক (উইকেটকীপাৰ), অজিংক্য ৰাহানে (অধিনায়ক), ভেংকটেশ আয়াৰ, অংকৃষ্ণ ৰঘুবংশী, ৰিংকু সিং, আন্দ্ৰে ৰাছেল, ৰমনদীপ সিং, হৰ্ষিত ৰানা, স্পেন্সৰ জনছন, বৰুণ চক্ৰৱৰ্তী।

ৰিয়ান পৰাগ কিমান সম্পত্তিৰ মালিক? শুনি হ'ব আচৰিত...
শৰীৰৰ কোন ঠাইত তিল থকা শুভ? জানক ইয়াৰ প্ৰতিটো অৰ্থ...
Hanuman Chalisa: হনুমান চালিছা কেতিয়া আৰু কেনেকৈ পাঠ কৰিব লাগে?
Period Cramps: মাহেকীয়াত পেটৰ বিষৰ সমস্যা কিয় হয়?