শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

RR vs LSG Live Score, IPL 2025: স্বৰ্ণিল ভৱিষ্যতৰ ইঙ্গিত দি ক্ৰীজ এৰিলে বৈভৱেঃ মাৰ্ক্ৰামে পালে সফলতা

Rajasthan Royals vs Lucknow Super Giants Live Score in Assamese: আই পি এলত আজি দিনটোৰ দ্বিতীয়খন মেচত মুখামুখি হ’ব ৰাজস্থান ৰয়েলছ আৰু লক্ষ্ণৌ চুপাৰ জায়েণ্টছ। এই মেচখন অসমৰ ক্ৰিকেটপ্ৰেমীৰ বাবেও হৈ পৰিছে বিশেষ। কিয়নো ৰাজ্যৰ ক্ৰিকেটপ্ৰেমীৰ বাবে ঘৰুৱা দল হৈ পৰা ৰাজস্থান ৰয়েলছ আৰু দলটোক প্ৰতিনিধিত্ব কৰা অসম সন্তান ৰিয়ান পৰাগৰ বাবে আজিৰ মেচখন অগ্নিপৰীক্ষা স্বৰূপ।

monjit-dutta
Monjit Dutta | Updated On: 19 Apr 2025 22:17 PM
RR vs LSG Live Score, IPL 2025: স্বৰ্ণিল ভৱিষ্যতৰ ইঙ্গিত দি ক্ৰীজ এৰিলে বৈভৱেঃ মাৰ্ক্ৰামে পালে সফলতা
আজি RR আৰু LSGৰ মেচ

LIVE NEWS & UPDATES

  • 19 Apr 2025 10:16 PM (IST)

    অৰ্ধশতক সম্পূৰ্ণ জয়ছোৱালৰ

    আক্ৰমণাত্মক বেটিঙেৰে দলক এক বিস্ফোৰক আৰম্ভণি দিয়াৰ লগতে নিজৰ অৰ্ধশতকো সম্পূৰ্ণ কৰিছে যশস্বী জয়ছোৱালে। মাত্ৰ ৩১টা বলত নিজৰ অৰ্ধশতক পূৰ কৰে জয়ছোৱালে। লক্ষণীয়ভাৱে এয়া তেওঁৰ ক্ৰমাগত তৃতীয়টো অৰ্ধশতক।

  • 19 Apr 2025 09:53 PM (IST)

    জয়ছোৱাল-বৈভৱৰ বিস্ফোৰক আৰম্ভণি

    দলক এক বিস্ফোৰক আৰম্ভণি প্ৰদান কৰিছে জয়ছোৱাল আৰু অভিষেককাৰী বৈভৱ সূৰ্যবংশীয়ে। দুয়ো মাত্ৰ ৪.৩ অভাৰতে যোগ দিছে ৪৮ ৰান। অৱশ্যে ব্যক্তিগত ১৪ ৰানৰ স্ক’ৰত বৈভৱে লাভ কৰে জীৱনদান।

  • 19 Apr 2025 09:36 PM (IST)

    বৈভৱৰ ‘সূৰ্যোদয়’

    নিজ আই পি এল কেৰিয়াৰৰ প্ৰথমটো বলতে এটা বৃহৎ ছয়েৰে ৰাজকীয় আগমন ঘোষণা কৰিছে প্ৰতিযোগিতাৰ সৰ্বকনিষ্ঠ খেলুৱৈ বৈভৱ সূৰ্যবংশীয়ে। শ্বাৰ্দুল ঠাকুৰৰ বলত বৈভৱে কোবায় এই বৃহৎ ছয়।

  • 19 Apr 2025 09:30 PM (IST)

    আই পি এলত নতুন ইতিহাসৰ সাক্ষী ক্ৰিকেটপ্ৰেমী

    আই পি এল ইতিহাসৰ সৰ্বকনিষ্ঠ খেলুৱৈ হিচাপে আজি অভিষেক ঘটিছে বৈভৱ সূৰ্যবংশীয়ে। ১৪ বৰ্ষীয় কিশোৰ বৈভৱে জয়ছোৱালৰ সৈতে মুকলি কৰিব ৰাজস্থানৰ ইনিংছ। এনে এক বৃহৎ মঞ্চত বৈভৱৰ বেটিং উপভোগৰ বাবে উৎকণ্ঠাৰে অপেক্ষা কৰিছে ক্ৰিকেটপ্ৰেমীয়ে।

  • 19 Apr 2025 09:18 PM (IST)

    ছামাদৰ বিস্ফোৰণেৰে লক্ষ্ণৌৰ ১৮০ ৰান

    সুযোগৰ পিছতো ধাৰাবাহিকতাৰ অভাৱৰ বাবে প্ৰায়ে সমালোচিত হয় আব্দুল ছামাদ। পিছে আজি নিজৰ যোগ্যতাৰ প্ৰমাণ দি মাত্ৰ ১০টা বলতে ৩০ ৰান সংগ্ৰহ কৰি ছামাদে দলকো ১৮০ ৰানৰ এক প্ৰত্যাহ্বানজনক স্ক’ৰত উপনীত কৰায়। সন্দীপ শৰ্মাই কৰা ইনিংছৰ অন্তিম অভাৰত ছামাদে কোবায় ৪টা ছয়।

  • 19 Apr 2025 09:04 PM (IST)

    অৰ্ধশতকৰ পিছতে বাডনিৰ বিদায়

    ইম্পেক্ট চাবৰ ৰূপত ক্ৰীজলৈ আহি আয়ুস বাডনিয়ে খেলিলে এক আকৰ্ষণীয় ইনিংছ। তুষাৰ দেশপাণ্ডেৰ বলত এটা চাৰি কোবাই অৰ্ধশতক সম্পূৰ্ণ কৰাৰ পিছতে অৱশ্যে পৰৱৰ্তী বলত তেওঁ শুভম ডুবেৰ হাতত কেচ তুলি দি বিদায় লয়।

  • 19 Apr 2025 08:54 PM (IST)

    বিদায় ল’লে মাৰ্ক্ৰামে

    লক্ষ্ণৌৰ ইনিংছৰ শক্তিশালী ভেটি নিৰ্মাণ কৰি বিদায় লৈছে এইডেন মাৰ্ক্ৰামে। প্ৰটিয়াছ তাৰকাগৰাকীয়ে ৪৫টা বলত ৫টা চাৰি আৰু ৩টা ছয়েৰে ৬৬ ৰান সংগ্ৰহ কৰি হাছাৰাংগাৰ বলত আউট হয়।

  • 19 Apr 2025 08:31 PM (IST)

    এইডেন মাৰ্ক্ৰামৰ অৰ্ধশতক

    ৩১টা বলত অৰ্ধশতক সম্পূৰ্ণ কৰিছে এইডেন মাৰ্ক্ৰামে। প্ৰাৰম্ভিক বিপৰ্যয়ৰ পিছত দলটোক চম্ভালিছে মাৰ্ক্ৰামে। ১১ অভাৰৰ অন্তত লক্ষ্ণৌৱে সংগ্ৰহ কৰিছে ৯২ ৰান।

  • 19 Apr 2025 08:27 PM (IST)

    ১০ অভাৰৰ খেল সম্পূৰ্ণ

    লক্ষ্ণৌৰ ইনিংছৰ ১০ অভাৰ সম্পূৰ্ণ হৈছে। এতিয়ালৈ ৩টা উইকেট হেৰুৱাই ৭৬ ৰান সংগ্ৰহ কৰিছে লক্ষ্ণৌ চুপাৰ জায়েণ্টছে। আইডেন মাৰ্ক্ৰামে ৪৭ ৰান আৰু আয়ুষ বাডোনিয়ে ৮ ৰান সংগ্ৰহ কৰি ক্ৰীজত আছে।

  • 19 Apr 2025 08:10 PM (IST)

    ঋষভ পণ্ট আউট

    বিপৰ্যয়ত লক্ষ্ণৌ ছুপাৰ জায়েন্টছ। ১০টা বলত ৩ ৰান সংগ্ৰহ কৰি পেভিলিয়নলৈ উভতিল অধিনায়ক ঋষভ পণ্ট। সফলতা লাভ কৰিছে বনিন্দু হাছৰংগাই।

  • 19 Apr 2025 08:00 PM (IST)

    পেভিলিয়নলৈ উভতিল পুৰাণ

    লক্ষ্ণৌৰ শিবিৰত বৃহৎ আঘাত হানিছে সন্দীপ শৰ্মাই। চলিত ছিজনত দুৰন্ত ফৰ্মত থকা নিকোলাচ পুৰাণক পেভিলিয়নৰ পথ দেখুৱাইছে সন্দীপে। পুৰাণৰ বেটৰ পৰা আহে ১১ ৰান।

  • 19 Apr 2025 07:43 PM (IST)

    প্ৰথমটো উইকেট হেৰুৱালে লক্ষ্ণৌৱে

    ধৈৰ্যশীল আৰম্ভণিৰ পিছত ইনিংছৰ তৃতীয় অভাৰতে প্ৰথমটো উইকেট হেৰুৱাইছে লক্ষ্ণৌৱে। আৰ্চাৰৰ বলত হেটমায়াৰে আয়ত্ব কৰা এক দৰ্শনীয় কেচৰ ফলত মাত্ৰ ৪ ৰান সংগ্ৰহ কৰিয়েই বিদায় লৈছে মিচেল মাৰ্শ্বে।

  • 19 Apr 2025 07:23 PM (IST)

    ৰাজস্থান ৰয়েলছৰ মূল একাদশ

    ৰাজস্থান ৰয়েলছৰ মূল একাদশত আজি দেখা গৈছে পৰিৱৰ্তন। নিয়মীয়া অধিনায়ক চেমচনৰ অনুপস্থিতিৰ বাবে ৰিয়ান পৰাগ নেতৃত্বাধীন ৰাজস্থানৰ মূল একাদশত থাকিব যশস্বী জয়ছোৱাল, শুভম ডুবে, নীতিশ ৰাণা, ধ্ৰুৱ জুৰেল, চিমৰন হেটমায়াৰ, ৱানিন্দু হাচাৰাঙ্গা, জ’ফ্ৰা আৰ্চাৰ, মহীশ থিকছানা, সন্দীপ শৰ্মা আৰু তুষাৰ দেশপাণ্ডে।

  • 19 Apr 2025 07:20 PM (IST)

    লক্ষ্ণৌ চুপাৰ জায়েণ্টছৰ মূল একাদশ

    লক্ষ্ণৌ চুপাৰ জায়েণ্টছৰ মূল একাদশত আজি দেখা যাব এইডেন মাৰ্ক্ৰাম, মিচেল মাৰ্শ্ব, নিকোলাছ পুৰাণ, ঋষভ পণ্ট (অধিনায়ক), ডেভিড মিলাৰ, আব্দুল চামাদ, ৰবি বিষ্ণৈ, শ্বাৰ্দুল ঠাকুৰ, প্ৰিন্স যাদৱ, দিগৱেশ সিং ৰাঠী, আভেশ খানক।

  • 19 Apr 2025 07:16 PM (IST)

    পুনৰ ৰাজস্থানৰ নেতৃত্বত ৰিয়ান

    আঘাতৰ বাবে পুনৰ এবাৰ দায়িত্বৰ পৰা বাদ পৰিছে সঞ্জু চেমচন। নিয়মীয়া অধিনায়ক চেমচনৰ অনুপস্থিতিত পুনৰ এবাৰ ৰাজস্থান ৰয়েলছৰ অধিনায়ক হিচাপে দেখা যাব ৰিয়ান পৰাগক। ফৰ্মহীন ৰিয়ানৰ সমুখত আজি স্বাভাৱিকতেই অতিৰিক্ত চাপ থাকিব।

  • 19 Apr 2025 07:13 PM (IST)

    পণ্টে ল’লে বেটিঙৰ সিদ্ধান্ত

    ৰাজস্থান ৰয়েলছৰ বিপক্ষে টছত জয়ী হৈ প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লৈছে লক্ষ্ণৌ চুপাৰ জায়েণ্টছৰ অধিনায়ক ঋষভ পণ্টে।

আই পি এলত আজি দিনটোৰ দ্বিতীয়খন মেচত মুখামুখি হ’ব ৰাজস্থান ৰয়েলছ আৰু লক্ষ্ণৌ চুপাৰ জায়েণ্টছ। এই মেচখন অসমৰ ক্ৰিকেটপ্ৰেমীৰ বাবেও হৈ পৰিছে বিশেষ। কিয়নো ৰাজ্যৰ ক্ৰিকেটপ্ৰেমীৰ বাবে ঘৰুৱা দল হৈ পৰা ৰাজস্থান ৰয়েলছ আৰু দলটোক প্ৰতিনিধিত্ব কৰা অসম সন্তান ৰিয়ান পৰাগৰ বাবে আজিৰ মেচখন অগ্নিপৰীক্ষা স্বৰূপ। ৰাজস্থানে সামগ্ৰিকভাৱে ছিজনত হতাশাজনক প্ৰদৰ্শন দাঙি ধৰি পইণ্ট তালিকাত অষ্টম স্থানত থকাৰ বিপৰীতে ৰিয়ানেও এইবাৰ আশানুৰূপ প্ৰদৰ্শন দাঙি ধৰাত চূড়ান্ত ৰূপে ব্যৰ্থ হৈছে। ৰাজস্থানৰ লগতে ৰিয়ানৰ বাবেও এই মেচখন ব্যৰ্থতা দূৰ কৰাৰ সুযোগ হ’ব।

পিছে প্ৰতিপক্ষ লক্ষ্ণৌৰ সমুখত ৰাজস্থানৰ বাবে এয়া সহজ নহ’ব। শেহতীয়া মেচখনত পৰাস্ত হ’লেও লক্ষ্ণৌৱে তাৰ পূৰ্বে একেলেঠাৰিয়ে তিনিখন মেচত জয়লাভ কৰিছিল। এইপৰ্যন্ত ৭খন মেচৰ ৪খনত জয়েৰে দলটো আছে পইণ্ট তালিকাৰ পঞ্চম স্থানত। ফৰ্মত থকা নিকোলাচ পুৰাণ দলটোৰ বাবে আজিও প্ৰধান শক্তি হ’ব। অধিনায়ক পণ্ট ফৰ্মলৈ অহাটো দলটোৰ বাবে আশাৰ বতৰা হৈ পৰিছে।

Published On - Apr 19,2025 7:07 PM