SRH vs RR Playing XI IPL 2025: প্ৰথমখন আইপিএল মেচত নেতৃত্ব দিব ৰিয়ানে, চাওক দল দুটাৰ মূল একাদশ…
প্ৰথমবাৰৰ বাবে অসমৰ এজন ক্ৰিকেটাৰে নেতৃত্ব দিব আইপিএলৰ দলক । ৰাজস্থান ৰয়েলছৰ নেতৃত্বৰ দায়িত্ব লাভ কৰিছে অসমৰ প্ৰতিভাবান ক্ৰিকেটাৰ ৰিয়ান পৰাগে । ৰিয়ান পৰাগৰ নেতৃত্বত আইপিএল ২০২৫ সংস্কৰণৰ যুদ্ধত নামিব ৰাজস্থান ৰয়েলছ ।

আজি আইপিএলৰ প্ৰথমখন মেচত মুখামুখি হ’ব ৰাজস্থান ৰয়েলছৰ বনাম ছানৰাইজাৰ্ছ হায়দৰাবাদ । প্ৰথমবাৰৰ বাবে অসমৰ এজন ক্ৰিকেটাৰে নেতৃত্ব দিব আইপিএলৰ দলক । ৰাজস্থান ৰয়েলছৰ নেতৃত্বৰ দায়িত্ব লাভ কৰিছে অসমৰ প্ৰতিভাবান ক্ৰিকেটাৰ ৰিয়ান পৰাগে । ৰিয়ান পৰাগৰ নেতৃত্বত আইপিএল ২০২৫ সংস্কৰণৰ যুদ্ধত নামিব ৰাজস্থান ৰয়েলছ ।
উল্লেখ্য যে,শেষবাৰৰ বাবে আইপিএল সংস্কৰণত ৰানাৰ্ছ আপ আছিল ছানৰাইজাৰ্ছ হায়দৰাবাদ । ইফালে, প্ৰথমবাৰৰ আই পি এলত চেম্পিয়ন হৈছিল ৰাজস্থান ৰয়েলছ । চেম্পিয়নৰ অভিজ্ঞতা থকা দুয়োটা দলৰ আজি খেলখনৰ বাবে অধিক আগ্ৰহেৰে বাট চাই আছে ক্ৰিকেট অনুৰাগীয়ে । আজিৰ দিনটোৰ খেলখনৰ বাবে দল দুটাৰ মূল একাদশত কোন কোন খেলুৱৈ থাকিব চাওঁ আহক ।
চেম্পিয়নছ ট্ৰফীৰ পূৰ্বে সঞ্জু চেমছনে ইংলেণ্ডৰ বিৰুদ্ধে পাঁচখন খেলৰ টি-২০ শৃংখলা খেলিছিল। সেই ছিৰিজত বেটিং কৰি থাকোঁতে তেওঁ আঙুলিত আঘাত পাইছিল। এতিয়াও সম্পূৰ্ণ আৰোগ্য হোৱা নাই সঞ্জু চেমছন । অৱশ্যে সঞ্জু চেমছনক কেৱল বেটছমেন হিচাপে খেলিবলৈ দিয়াৰ সম্ভাৱনা আছে । সঞ্জু চেমছনৰ এনে পৰিস্থিতিৰ বাবে প্ৰথম তিনিখন মেচত ৰাজস্থানৰ অধিনায়ক হিচাপে থাকিব ৰিয়ান পৰাগ। ইমপেক্ট প্লেয়াৰ হিচাপে বেটিং কৰিব পাৰে সঞ্জুৱে।
যোৱা ছিজনত ছানৰাইজাৰ্ছৰ বেটিং প্ৰদৰ্শন অত্যন্ত ভাল আছিল । এইবাৰো তেওঁলোকে কাৰ্যতঃ একেটা বেটিং স্কুৱাৰ্ডক ধৰি ৰাখিছে। কিছুমান যুৱ ক্ৰিকেটাৰে দলটোত স্থান লাভ কৰিছে । দলটোত থাকিব অভিষেক শৰ্মা, ট্ৰেভিছ হেড, হেইনৰিচ ক্লাচেন, নীতিশ কুমাৰ ৰেড্ডী। দলটোত দেখা যাব ঈশান কিষানক । দলটোৰ বলিঙত কেপ্তেইন পেট কামিন্সৰ সৈতে মহম্মদ ছামীৰ দৰে চেম্পিয়ন পেচাৰক দেখা যাব। ইয়াৰ বাহিৰেও হৰ্শাল পেটেলৰ দৰে অভিজ্ঞ পেচাৰ দলটোত আছে ।
ছানৰাইজাৰ্ছ হায়দৰাবাদ সম্ভাৱ্য একাদশ : ট্ৰেভিছ হেড, অভিষেক শৰ্মা, ঈশান কিষান, নীতিশ কুমাৰ ৰেড্ডী, হেইনৰিচ ক্লাচেন, অনিকেত বাৰ্মা, অভিনৱ মনোহৰ/ৰাহুল চহৰ (ইমপেক্ট প্লেয়াৰ অপচন হ’ব পাৰে), পেট কামিন্স, হৰ্শাল পেটেল, মহম্মদ ছামী, আদম জাম্পা ।
ৰাজস্থান ৰয়েলছৰ সম্ভাৱ্য একাদশ : যশস্বী জয়ছোৱাল, সঞ্জু চেমছন/তুষাৰ দেশপাণ্ডে (ইমপেক্ট প্লেয়াৰ অপচন), নীতিশ ৰানা, ৰিয়ান পৰাগ, ধ্ৰুৱ জুৰেল, শ্বিমৰন হেটমায়াৰ, ৱানিন্দু হাছাৰংগা, শুভম ডুবে/আকাশ মাধৱাল, জোফ্ৰা আৰ্চাৰ, মহেশ থিক্সানা/ফজলহাক ফাৰুকী, সন্দীপ শৰ্মা ।