আই পি এলৰ মাজতে চৰ্চাত আৰ্চাৰৰ প্ৰেমঃ ‘দুই প্ৰেমিকা’ই বসন্তৰ জোৱাৰ তুলিছে নেকি আৰ্চাৰৰ প্ৰাণত!
সাম্প্ৰতিক ক্ৰিকেট বিশ্বৰ অন্যতম বিধ্বংসী পেচাৰ জ’ফ্ৰা আৰ্চাৰৰ ক্ৰিকেটৰ প্ৰদৰ্শন, বলিঙৰ সফলতা-বিফলতাৰ বিষয়ে কম বেছি পৰিমাণে সকলোৱে জানে। তাৰ মাজতো আছে বহু নজনা কথা। বিশেষকৈ তেওঁৰ ব্যক্তিগত জীৱনৰ বিষয়ে অধিকাংশ লোকেই অজ্ঞাত। দুখন দেশৰ হৈ ক্ৰিকেট খেলাৰ কৃতিত্ব অৰ্জা আাৰ্চাৰৰ প্ৰেয়সীও দুগৰাকী নেকি, সেয়া এতিয়া চৰ্চিত বিষয়।

সাম্প্ৰতিক ক্ৰিকেট বিশ্বৰ আটাইতকৈ বিধ্বংসী পেচাৰৰ প্ৰসংগ ওলালে ইংলেণ্ডৰ জ’ফ্ৰা আৰ্চাৰৰ কথা নিশ্চয় মনলৈ আহে। নিজৰ গতি আৰু বাউন্সেৰে আৰ্চাৰে যিকোনো বেটাৰৰে হৰিব পাৰে টোপনি, ২২ গজত হৈ উঠিব পাৰে অত্যন্ত বিপজ্জনক। এই শক্তিৰেই আই পি এলতো অতি পৰিচিত আৰ্চাৰ। তেওঁৰ ক্ৰিকেটৰ প্ৰদৰ্শন, বলিঙৰ সফলতা-বিফলতাৰ বিষয়ে কম বেছি পৰিমাণে সকলোৱে জানে। তাৰ মাজতো আছে বহু নজনা কথা। বিশেষকৈ তেওঁৰ ব্যক্তিগত জীৱনৰ বিষয়ে অধিকাংশ লোকেই অজ্ঞাত। দুখন দেশৰ হৈ ক্ৰিকেট খেলাৰ কৃতিত্ব অৰ্জা আাৰ্চাৰৰ প্ৰেয়সীও দুগৰাকী নেকি, সেয়া এতিয়া চৰ্চিত বিষয়।
জ’ফ্ৰা আৰ্চাৰৰ জন্ম ৱেষ্ট ইণ্ডিজৰ বাৰ্বাডোজত। কিন্তু খেলে ইংলেণ্ডৰ হৈ। এখন দেশৰ ক্ৰিকেটাৰ আন এখন দেশৰ হৈ খেলা এনে বহু উদাহৰণ আছে ক্ৰিকেট জগতত। কিন্তু আৰ্চাৰৰ ক্ষেত্ৰত ই কিছু ব্যতিক্ৰম। ৱেষ্ট ইণ্ডিজৰ পৰা ইংলেণ্ডৰ হৈ ক্ৰিকেট খেলাৰ সুযোগ লাভৰ লগতে এদিনীয়া বিশ্বকাপো জয় কৰিছে আৰ্চাৰে। এই সমগ্ৰ সাফল্যৰ পথত আৰ্চাৰৰ ভাগ্যোদয়ৰ কাহিনীও আকৰ্ষণীয়।
আৰ্চাৰৰ ক্ৰিকেট জীৱনৰ আৰম্ভণি হৈছিল ৱেষ্ট ইণ্ডিজতে। সৰুৰে পৰাই তেওঁ আছিল প্ৰতিভাৱান বলাৰ। ২০১৪ চনত ৱেষ্ট ইণ্ডিজৰ ১৯ বছৰ অনূৰ্ধ দলকো প্ৰতিনিধিত্ব কৰিছিল আৰ্চাৰে। তেতিয়াই জীৱনৰ গতি সলনি হয় তেওঁৰ। জ’ফ্ৰাৰ পিতৃ আছিল ইংলেণ্ডৰ নাগৰিক। সেই সূত্ৰে আৰ্চাৰে লাভ কৰে ইংলেণ্ডৰ নাগৰিকত্ব। আৰ্চাৰে ২০১৫ চনত ইংলেণ্ডলৈ যায় আৰু ২০১৬ চনত ইংলেণ্ডৰ কাউনণ্টি দলত সফলতা লাভ কৰি প্ৰথম শ্ৰেণীৰ ক্ৰিকেটত অভিষেক ঘটায়।
ইয়াৰ পিছত আৰু পিছলৈ ঘূৰি চোৱা নাই তাৰকাগৰাকীয়ে। এনে সাফল্যৰ পথ বুলিয়েই তেওঁ জয় কৰে এদিনীয় বিশ্বকাপ। পিছে আৰ্চাৰৰ বিশ্বকাপত প্ৰৱেশৰ কাহিনীও থ্ৰিলাৰ মুভিৰ দৰেই। ২০১৯ চনত ইংলেণ্ডৰ মাটিত অনুষ্ঠিত হৈছিল এদিনীয়া বিশ্বকাপ। সেই সময়ৰ নিয়ম অনুসৰি ইংলেণ্ড ক্ৰিকেট দলত স্থান পোৱাৰ কথা নাছিল আৰ্চাৰে। কাৰণ ইংলেণ্ডৰ আন্তঃৰাষ্ট্ৰীয় দলত খেলিবলৈ বিদেশৰ পৰা অহা কোনো খেলুৱৈয়ে অন্ততঃ ৭ বছৰ সেই দেশত নাগৰিক হিচাপে থাকিব লাগিব।
পিছে ঘৰুৱা ক্ৰিকেটত আৰ্চাৰৰ চকমপ্ৰদ প্ৰদৰ্শনৰ প্ৰতি লক্ষ্য ৰাখি ঘৰৰ মাটিত অনুষ্ঠিত বিশ্বকাপত এই ‘এক্সপ্ৰেছ গতি’ ব্যৱহাৰৰ সিদ্ধান্ত লয় ইংলেণ্ড ক্ৰিকেট বৰ্ডে। আৰু ইয়াৰ পিছত আৰ্চাৰৰ বাবেই ব’ৰ্ডে সলনি কৰে প্ৰচলিত নিয়ম। পূৰ্বৰ ৭ বছৰৰ সীমা হ্ৰাস কৰি ৩ বছৰলৈ অনা হ’ল আৰু সেই সময়সীমা সম্পূৰ্ণ কৰিয়েই আয়াৰলেণ্ডৰ বিৰুদ্ধে ইংলেণ্ডৰ জাৰ্ছি পিন্ধি খেলপথাৰত নামে আৰ্চাৰ। তাৰ পাছত বিশ্বকাপ দলতো হয় অন্তৰ্ভুক্ত।
বিশ্বকাপতো আৰ্চাৰে অব্যাহত ৰাখে নিজৰ পৰিচিত লয়। তেওঁৰ এই প্ৰদৰ্শনৰ সহায়তে ক্ৰিকেটৰ জন্মস্থান হিচাপে পৰিচিত ইংলেণ্ডে প্ৰথমবাৰ এদিনীয়া বিশ্বকাপ জয় কৰে। ইয়াৰ পাছত আৰ্চাৰ হৈ পৰিল ইংলেণ্ড ক্ৰিকেট দলৰ নিৰ্ভৰযোগ্য অংগ। আনকি সুস্থ হৈ থাকিলে তেওঁক দলৰ পৰা বাদ দিয়াই কঠিন হৈ পৰিল। জাতীয় দলৰ হৈ এনে প্ৰদৰ্শনৰ সমান্তৰালকৈ ২০১৮ চনৰ পৰা আই পি এলত নিজৰ পৰিচয় দিছে আৰ্চাৰে।
এইবাৰ আহোঁ আৰ্চাৰৰ ‘ৰঙীণ জীৱন’ৰ দিশটোলৈ। ক্ৰিকেটত যিদৰে আৰ্চাৰে দুখন দেশৰ হৈ খিলিছে, সেইদৰে তেওঁৰ ডেটিং লাইফৰ কথা ক’বলৈ গ’লে দুগৰাকী নাৰীৰ নাম উল্লেখ কৰিব লাগিব। প্ৰথমে আহিব কেৰিবিয়ান ক্ৰিকেটাৰ হেইলী মেথিউজৰ নাম। আৰ্চাৰ আৰু হেইলী- দুয়োৰে মাজত আছে দীৰ্ঘদিনীয়া বন্ধুত্ব। হেইলীক খেলৰ ক্ষেত্ৰত যথেষ্ট সহায় কৰিছিল আৰ্চাৰে। দুয়োকে লৈ সেয়ে চৰ্চাও হয় যথেষ্ট। হেইলীয়ে অৱশ্যে এয়া কেৱল বন্ধুত্ব বুলিয়েই উল্লেখ কৰি আহিছে।
আই পি এলৰ দৰেই ভাৰতত অনুষ্ঠিত ৱ’মেন প্ৰিমিয়াৰ লীগত মুম্বাই ইণ্ডিয়ানছৰ হৈ খেলিছিল হেইলীয়ে। সেই মুম্বাই ইণ্ডিয়ানছৰ পুৰুষ দলত খেলিছিল আৰ্চাৰেও। হেইলীৰ লগতে পিছে আন এক ৰহস্যময়ীৰ সৈতেও দেখা যায় আৰ্চাৰক। তেওঁ হৈছে দ্ৰুৱানা বাটলাৰ। তেওঁৰ সৈতেও আৰ্চাৰক ভিন্ন সময়ত একেলগে দেখা গৈছে।
আনকি আই পি এলত ৰাজস্থান ৰয়েলছৰ প্ৰথমখন খেলৰ সময়ত দলৰ জাৰ্চি পিন্ধি আৰ্চাৰক সমৰ্থন কৰা দেখা গৈছিল দ্ৰুৱানাক। দেখা গৈছে কেইবাখনো অন্তৰংগ ফটোও। গতিকে আৰ্চাৰৰ প্ৰাণত বলা বসন্তৰ বাৰ নায়িকা কোন, সেয়া আৰ্চাৰেহে ক’ব পাৰিব।