প্ৰেমত পৰিছে শ্ৰেয়স আয়াৰ! বলাৰৰ ‘ত্ৰাস’ আয়াৰৰ হৃদয় জিনা কোন এই যুৱতী…
ইকাণে-সিকাণে বাগৰিছে ভাৰতীয় ক্ৰিকেটাৰ শ্ৰেয়স আয়াৰৰ প্ৰেমৰ খবৰ। সামাজিক মাধ্যমতো চলিছে গুঞ্জন। পিছে বলাৰৰ মাজত ত্ৰাস সৃষ্টিকাৰী আয়াৰৰ বুকুত কোনে সিঁচিছে প্ৰেমৰ সুধা! সামাজিক মাধ্যমৰ লগতে সংবাদ মাধ্যমতো আয়াৰৰ প্ৰেমৰ খবৰে এতিয়া স্থান পাইছে। অৱশ্যে এই বিষয়ত আয়াৰৰ পৰা অহা নাই কোনো প্ৰতিক্ৰিয়া।

খৰাং ধৰাত সঞ্জীৱনি ঢালি প্ৰাণ সঞ্চাৰ কৰিবলৈ আহি পালে বসন্ত। বসন্তৰ ন-সেউজী সাজেৰে ৰূপৱতী হ’ল প্ৰকৃতি। পিছে কেৱল প্ৰকৃতিয়েই ল’ব নেকি বসন্তৰ আমেজ! মানৱ মনতো এতিয়া লাগিছে বসন্তৰ বা। এই বতাহে হয়তো স্পৰ্শ কৰিছে ভাৰতীয় ক্ৰিকেটাৰ শ্ৰেয়স আয়াৰকো। ইকাণে-সিকাণে বাগৰিছে আয়াৰৰ প্ৰেমৰ খবৰ। সামাজিক মাধ্যমতো চলিছে গুঞ্জন। পিছে বলাৰৰ মাজত ত্ৰাস সৃষ্টিকাৰী আয়াৰৰ বুকুত কোনে সিঁচিছে প্ৰেমৰ সুধা! সামাজিক মাধ্যমৰ লগতে সংবাদ মাধ্যমতো আয়াৰৰ প্ৰেমৰ খবৰে এতিয়া স্থান পাইছে। অৱশ্যে এই বিষয়ত আয়াৰৰ পৰা অহা নাই কোনো প্ৰতিক্ৰিয়া।
এনে স্থিতিত ক’ব পাৰি নেকি মৌনতে সন্মতি প্ৰকাশ বুলি! অৱশ্যে প্ৰেমৰ বাতৰিতে নহয়, আন ক্ষেত্ৰতো মৌন হয়ে ৰয় আয়াৰ। শেহতীয়া সময়ছোৱাত নিজৰ ক্ৰিকেট কেৰিয়াৰৰ উত্থান-পতনৰ সময়তো মৌন হৈয়ে ৰৈছিল ক্ৰিকেটাৰগৰাকী। মুখৰ মৌনতা দূৰ কৰিছিল নিজৰ বেটেৰে। প্ৰথমে ভাৰতীয় দলত স্থানৰ ক্ষেত্ৰত থকা অনিশ্চয়তা আৰু তাৰ পিছত হঠাতে বিচিচিআইৰ কেন্দ্ৰীয় চুক্তিৰ পৰা বাদ পৰাৰ পিছত চৌদিশে দেখা গৈছিল আয়াৰক লৈ চৰ্চা।
কিন্তু তেতিয়াও নিৰুদ্বেগ হৈয়ে ৰৈছিল আয়াৰ। পিছে হাতলৈ অহা সুযোগ গ্ৰহণ কৰি আয়াৰে বেটেৰে উজাৰি কৈছিল মনৰ কথা। ঘৰুৱা ক্ৰিকেটত আগবঢ়োৱা প্ৰদৰ্শনৰ সুবাদত প্ৰথমে জাতীয় দললৈ প্ৰত্যাৱৰ্তন আৰু তাৰ পিছত ধাৰাবাহিকতা ৰক্ষাৰে আয়াৰ এতিয়া দলৰ অন্যতম প্ৰধান সদস্য। এদিনীয়া বিশ্বকাপ আৰু চেম্পিয়নছ ট্ৰফীত আয়াৰে দিলে নিজৰ প্ৰতিভাৰ চমক। বিগত ছিজনৰ আই পি এলৰ খিতাপ জয়ৰ কথা আছেই।
চলিত ছিজনতো শেহতীয়া মেচখনত ব্যৰ্থ হ’লেও প্ৰথম দুখন মেচত আয়াৰে লাভ কৰিছে সফলতা। ধাৰাবাহিক এনে সফলতাৰ মাজতে এতিয়া পোহৰলৈ আহিছে আয়াৰৰ প্ৰেমৰ বতৰা। সাধাৰণতে ভাৰতীয় ক্ৰিকেটাৰসকলৰ অধিকাংশই প্ৰথম অৱস্থাত নিজৰ প্ৰেমৰ সম্পৰ্ক লুকুৱাই ৰাখে যদিও লাহে লাহে অনুৰাগীৰ চকুত ধৰা দিয়ে। আয়াৰৰ ক্ষেত্ৰতো তেনে দৃশ্যই দেখা গৈছে। তাৰকা খেলুৱৈগৰাকীৰ প্ৰেমৰ সম্পৰ্কক লৈ চলিছে সৰস আলোচনা।
এনে চৰ্চাৰ উত্তৰত আয়াৰে এইপৰ্যন্ত কোনো নিশ্চিতি দিয়া নাই। কিন্তু চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে তেওঁৰ সম্ভাৱ্য প্ৰেয়সী তৃষা। পিছে আয়াৰৰ প্ৰেমৰ তৃষ্ণা দূৰ কৰি সঞ্জীৱনী সুধা ছটিওৱা এই তৃষা কোন! তেওঁৰ সম্পূৰ্ণ নাম তৃষা কুলকাৰ্ণী। প্ৰথমবাৰৰ বাবে আয়াৰ-তৃষাৰ সম্পৰ্কৰ চৰ্চালৈ আহিছিল ভাৰতীয় দলৰ দীপাৱলী উদযাপনৰ সময়ত। আয়াৰ পৰিহিত পোছাকৰ সৈতে প্ৰায় মিলি যোৱা পোছাক পৰিধান কৰিছিল তৃষাই। দুয়োকে দেখা গৈছিল একেলগে।
তাৰ পিছতে স্বাভাৱিকতেই আলোচনা আৰম্ভ হৈছিল শ্ৰেয়স-তৃষাৰ সম্ভাৱ্য সম্পৰ্কৰ কথা। ভাৰতীয় দলৰ কেইবাখনো মেচত তেওঁক গেলেৰীত দেখা গৈছে। ২০২৩ চনৰ এদিনীয়া বিশ্বকাপত ৱাংখেড়েত অনুষ্ঠিত হোৱা ছেমি ফাইনেলতো দৰ্শকৰ আসনত দেখা গৈছিল তেওঁক। ভাৰতীয় ক্ৰিকেট অনুৰাগী হিচাপে গেলাৰীত তৃষাৰ উপস্থিতি নিতান্তই সাধাৰণ কথা। কিন্তু আয়াৰৰ সৈতে কেইবাবাৰো দেখা পোৱাৰ পিছত বাঢ়ি যায় জল্পনা-কল্পনা।
ইফালে গোপনীয়তা বজাই ৰাখি তৃষাই নিজৰ ইনষ্টাগ্ৰাম একাউণ্টটোও প্ৰাইভেট কৰি ৰাখিছে। সেইবাবেই অনুৰাগীসকল তেওঁক লৈ এতিয়া অধিক কৌতুহলী। লক্ষণীয়ভাৱে আয়াৰ আৰু তেওঁৰ ভগ্নীয়েও তৃষাক ইনষ্টাগ্ৰামত ফ’ল’ কৰিছে। সেইবাবেই জানিব পৰা মতে তৃষা এগৰাকী কম্পিউটাৰ বিজ্ঞানৰ স্নাতক। বহুজাতিক কোম্পানী এটাত চফটৱেৰ ইঞ্জিনিয়াৰ হিচাপেও তেওঁ কাম কৰিছিল বুলি তথ্যত প্ৰকাশ। কেৱল মাত্ৰ প্ৰকাশ পোৱা নাই আয়াৰ আৰু তেওঁৰ প্ৰেমৰ সম্পৰ্কৰ নিশ্চিতিহে!