পুনৰ অধিনায়কৰ দায়িত্বত ধোনীঃ ভাগ্যোদয় ঘটিব নে চেন্নাই চুপাৰ কিংছৰ!
বিগত কিছুদিন ধৰি ক্ৰিকেট অনুৰাগীৰ মাজত দেখিবলৈ গোৱা গৈছিল ধোনীৰ সম্ভাৱ্য অৱসৰ সন্দৰ্ভত ব্যাপক চৰ্চা। পিছে অৱসৰ বাদেই, এতিয়া নতুন দায়িত্বৰে কেৰিয়াৰ আগুৱাই নিয়াৰ বাবেহে সাজু হৈছে মহেন্দ্ৰ সিং ধোনীয়ে। তাৰকা ক্ৰিকেটাৰগৰাকীয়ে পুনৰ এবাৰ নেতৃত্বৰ গুৰুদায়িত্ব বহন কৰিবলৈ সাজু হৈছে।

পুনৰ অধিনায়ক হ’ল ধোনী
আই পি এলৰ মাজতে ক্ৰিকেট অনুৰাগী, বিশেষকৈ মহেন্দ্ৰ সিং ধোনীৰ অনুৰাগীসকলৰ বাবে সুখবৰ। বিগত কিছুদিন ধৰি ক্ৰিকেট অনুৰাগীৰ মাজত দেখিবলৈ গোৱা গৈছিল ধোনীৰ সম্ভাৱ্য অৱসৰ সন্দৰ্ভত ব্যাপক চৰ্চা। পিছে অৱসৰ বাদেই, এতিয়া নতুন দায়িত্বৰে কেৰিয়াৰ আগুৱাই নিয়াৰ বাবেহে সাজু হৈছে মহেন্দ্ৰ সিং ধোনীয়ে। তাৰকা ক্ৰিকেটাৰগৰাকীয়ে পুনৰ এবাৰ নেতৃত্বৰ গুৰুদায়িত্ব বহন কৰিবলৈ সাজু হৈছে। অৰ্থাৎ মহেন্দ্ৰ সিং ধোনীয়ে পুনৰবাৰ চেন্নাই ছুপাৰ কিংছৰ অধিনায়ক হিচাপে নিযুক্তি লাভ কৰিছে।
প্ৰতিযোগিতাৰ মাজতে আজি চেন্নাইৰ মেনেজমেণ্টে ধোনীৰ কান্ধত এই গুৰুদায়িত্ব অৰ্পণ কৰিছে। আঘাতৰ বাবে ৰুতুৰাজ গায়কোৱাড এই ছিজনৰ বাকী থকা অংশৰ পৰা বাদ পৰাৰ বাবে ধোনীক অধিনায়ক হিচাপে নিযুক্তি দিয়া হৈছে। এতিয়া আই পি এল ইতিহাসৰে সৰ্বশ্ৰেষ্ঠ অধিনায়ক হিচাপে চেন্নাইক ৫টাকৈ আই পি এল খিতাপ জয়ত মুখ্য ভুমিকা লোৱা ধোনীয়ে এতিয়া এই ছিজনৰ পৰৱৰ্তী অংশত চেন্নাইক পুনৰ নেতৃত্ব দিব।
চলিত ছিজনত এতিয়ালৈকে চেন্নাইৰ প্ৰদৰ্শন অত্যন্ত হতাশাজনক। দলটোৱে এতিয়ালৈকে ৫ খন মেচ খেলিছে আৰু ইয়াৰ ভিতৰত মাত্ৰ এখন মেচতহে জয়লাভ কৰিছে। আনহাতে চাৰিখন মেচতে পৰাজয়ৰ সন্মুখীন হৈছে দলটো। এনে হতাশাজনক প্ৰদৰ্শনেৰে দলটোৱে পইণ্ট তালিকাৰ নৱম স্থানত অৱস্থান কৰিছে। তেনে স্থিতিত পৰৱৰ্তী ৰাউণ্ডলৈ আগবঢ়াৰ বাবে পৰৱৰ্তী আটাইকেইখন মেচ দলটোৰ বাবে গুৰুত্বপূৰ্ণ হৈ পৰিছে।
এতিয়া কেপ্তেইন কুল মহেন্দ্ৰ সিং ধোনীয়ে দলক সফল নেতৃত্ব প্ৰদান কৰি জয়ৰ পথলৈ ঘূৰাই আনিব বুলি আশা কৰিছে সকলোৱে। কাইলৈ চেন্নাইয়ে কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে ছিজনত নিজৰ ষষ্ঠখন মেচ খেলিব। এই মেচত পুনৰ অধিনায়ক হিচাপে দেখা যাব ধোনীক। আজি এক সংবাদমেলত দলৰ প্ৰশিক্ষক ষ্টিফেন ফ্লেমিঙে এই তথ্য প্ৰদান কৰে। দলৰ নিয়মীয়া অধিনায়ক হিচাপে ছিজনৰ আৰম্ভণি কৰিছিল ৰুতুৰাজ গায়কোৱাডে।
ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে দলৰ তৃতীয়খন মেচৰ সময়তে কঁকালৰ আঘাতৰ সন্মুখীন হৈছিল গায়কোৱাড। ইয়াৰ পিছত তেওঁ পৰৱৰ্তী দুখন মেচ খেলিছিল যদিও এতিয়া তেওঁৰ কঁকালত সমস্যা অধিক চিন্তনীয় পোৱা গৈছে আৰু ইয়াৰ ফলত তেওঁ এই ছিজনৰ পৰা সম্পূৰ্ণ ৰূপে বাদ পৰিছে।