শচীন তেণ্ডুলকাৰ নে বিৰাট কোহলি… কোনগৰাকী বেছি ধনী?

Sachin Tendulkar & Virat Kohli Net Worth: ২৪ বছৰ ধৰি ২২ গজৰ খেলপথাৰত আধিপত্য বিস্তাৰ কৰা মাষ্টাৰ ব্লাষ্টাৰ শচীন টেণ্ডুলকাৰৰ বয়স ৫২ বছৰ আৰু প্ৰায় ১২ বছৰ পূৰ্বে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল। কিন্তু উপাৰ্জনৰ ক্ষেত্ৰত তেওঁ বাকী খেলুৱৈৰ তুলনাত কিমান আগত?

শচীন তেণ্ডুলকাৰ নে বিৰাট কোহলি... কোনগৰাকী বেছি ধনী?

কোনগৰাকী বেছি ধনী?

Published: 

24 Apr 2025 10:44 AM

শতক অৰ্জন কৰা শচীন তেণ্ডুলকাৰক ক্ৰিকেটৰ ইতিহাসৰ অন্যতম শ্ৰেষ্ঠ খেলুৱৈ হিচাপে গণ্য কৰা হয়। প্ৰায় ২৪ বছৰ ধৰি নিজৰ কেৰিয়াৰত বহু ডাঙৰ অভিলেখ গঢ়িবলৈ সক্ষম হৈছে। তেওঁৰ এনে বহু অভিলেখ আছে, যিবোৰ কোনো বেটছমেনে অভিলেখ ভংগ কৰাটো অসম্ভৱ। আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ১০০ শতক অৰ্জন কৰা একমাত্ৰ বেটছমেন। ইয়াৰ উপৰিও ৰাণৰ ক্ষেত্ৰতো তেওঁ আন ক্ৰিকেটাৰতকৈ বহু আগবাঢ়ি আছে। ২০০ খন টেষ্ট মেচ খেলা বিশ্বৰ একমাত্ৰ খেলুৱৈ।

উপাৰ্জনৰ কথা ক’বলৈ গ’লে অৱসৰ লোৱাৰ পিছতো শচীনৰ উপাৰ্জনৰ কোনো হ্ৰাস হোৱা নাই। উপাৰ্জনৰ ক্ষেত্ৰত তেওঁ বিৰাট কোহলিৰ দৰে বৰ্তমানৰ যুগৰ আটাইতকৈ ডাঙৰ আৰু জনপ্ৰিয় ক্ৰিকেটাৰতকৈ আগবাঢ়ি আছে।

১২৫০ কোটি টকাৰ মালিক মাষ্টাৰ ব্লাষ্টাৰ

আজি ৫২ বছৰীয়া হোৱা শচীনে উপাৰ্জনৰ ক্ষেত্ৰত এতিয়াও আগবাঢ়ি আছে। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি মাষ্টাৰ ব্লাষ্টাৰ শচীন তেণ্ডুলকাৰৰ সম্পত্তিৰ পৰিমাণ প্ৰায় ১২৫০ কোটি টকা। টিম ইণ্ডিয়াৰ উপৰিও শচীন টেণ্ডুলকাৰে আই পি এলত মুম্বাই ইণ্ডিয়ানছৰ হৈও খেলিছে। ইয়াৰ বাহিৰেও তেওঁ বহু বিজ্ঞাপনৰ সৈতে জড়িত। শচীনে অৱসৰ লোৱাৰ পিছতো ডাঙৰ ব্ৰেণ্ডসমূহে তেওঁৰ সৈতে কাম কৰে আৰু কোম্পানীসমূহৰ বিজ্ঞাপনত শচীনক আটাইতকৈ বেছি দেখা যায়। তেওঁ ব্ৰেণ্ড এণ্ডাৰছমেণ্টৰ পৰা প্ৰতি বছৰে ২০-২২ কোটি টকা উপাৰ্জন কৰে।

ইয়াৰ উপৰিও তেওঁ ব্যৱসায়িক খণ্ডৰ সৈতেো জড়িত। প্ৰতিবেদন অনুসৰি তেওঁৰ ব্ৰেণ্ড ট্ৰু ব্লু অৰবিন্দ ফেশ্বন ব্ৰেণ্ডছ লিমিটেডৰ যৌথ উদ্যোগৰ সৈতে জড়িত। এই কোমেপানী ২০১৬ চনত মুকলি কৰা হৈছিল। ২০১৯ চনত আমেৰিকা আৰু ইংলেণ্ডত মুকলি কৰা হৈছিল ট্ৰু ব্লু। ইয়াৰ উপৰিও মাষ্টাৰ ব্লাষ্টাৰ ৰেষ্টুৰেণ্টৰ ব্যৱসায়তো সক্ৰিয়। মুম্বাই আৰু বাংগালুৰুত আছে Sachin & Tendulkars নামৰ ৰেষ্টুৰেণ্ট।

বিৰাট কোহলিৰ সম্পত্তিৰ পৰিমাণ ১০৫০ কোটি টকা

বিৰাট কোহলিৰ কথা ক’বলৈ গ’লে সংবাদ মাধ্যমৰ বাতৰি অনুসৰি তেওঁৰ সম্পত্তিৰ পৰিমাণ প্ৰায় ১০৫০ কোটি টকা। টিম ইণ্ডিয়াৰ উপৰিও বিৰাট কোহলিয়ে আই পি এলত ৰয়েল চেলেঞ্জাৰছ বেংগালুৰুৰ হৈ খেলে। বিৰাট কোহলিয়ে বিজ্ঞাপনৰ পৰা কোটি কোটি টকা উপাৰ্জন কৰে। ইয়াৰ বাহিৰেও বিৰাট কোহলিয়ে ছ’চিয়েল মিডিয়াত কৰা পোষ্টৰ পৰা কোটি কোটি টকা উপাৰ্জন কৰে। শচীনৰ দৰে বিৰাটে ৰেষ্টুৰেণ্টৰ পৰা ফেশ্বন ব্ৰেণ্ডলৈকে বিভিন্ন ব্যৱসায়ত নিজৰ নাম উজলাইছে।

 

টুথব্ৰাছত লক্ষ্য কৰিছেনে এই প্ৰয়োজনীয় দিশ? সাৱধান, নাই কৰা যদি হ’ব পাৰে বিস্তৰ ক্ষতি..
মুখৰ কৰ্কট ৰোগৰ প্ৰধান লক্ষণসমূহ কি কি? সবিশেষ জানক
দাঁতৰ বিষ হয় নেকি? তেন্তে এই ঘৰুৱা উপায়ৰ দ্বাৰা কৰক দূৰ...
আপোনাৰ মুখত বাৰে বাৰে ঘাঁ হয় নেকি? তেন্তে জানক ইয়াৰ কাৰণ...