শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Happy Birthday Sachin Tendulkar: আজি শচীন তেণ্ডুলকাৰৰ ওপজা দিন, শচীনে গঢ়িছে বৃহৎ অভিলেখ, যিকেইটা ভংগ কৰাটো প্ৰায় অসম্ভৱ!

Sachin Tendulkar Birthday Special: ক্ৰিকেটৰ ভগৱান হিচাপে গণ্য কৰা শচীন তেণ্ডুলকাৰৰ আজি ৫২ সংখ্যক জন্মদিন। এই বিশেষ দিনটোত তেওঁৰ জীৱনৰ সৈতে জড়িত কেইটামান আমোদজনক কথা জানো আহক, যিবোৰ আপুনি হয়তো কেতিয়াও শুনা নাই।

Happy Birthday Sachin Tendulkar:  আজি শচীন তেণ্ডুলকাৰৰ ওপজা দিন,  শচীনে গঢ়িছে বৃহৎ অভিলেখ, যিকেইটা ভংগ কৰাটো প্ৰায় অসম্ভৱ!
আজি শচীন তেণ্ডুলকাৰৰ ওপজা দিন
barasha-misra
Barasha Misra | Published: 24 Apr 2025 09:29 AM

মহান বেটছমেন শচীন তেণ্ডুলকাৰে ক্ৰিকেটক ভাৰতৰ প্ৰতিটো কোণলৈ লৈ যোৱাত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছে। তেওঁৰ বাবেই লাখ লাখ যুৱকে ক্ৰিকেট খেলিবলৈ আৰম্ভ কৰিছে। ক্ৰিকেটক ইমান বিখ্যাত কৰাৰ বাবে ভাৰতত ক্ৰিকেটৰ ভগৱান বুলি কোৱা শচীনৰ আজি অৰ্থাৎ ২০২৫ চনৰ ২৪ এপ্ৰিল তাৰিখে ৫২ বছৰ সম্পূৰ্ণ হ’ল। আজি তেওঁৰ জন্মদিনত আমি আপোনালোকক তেওঁৰ সৈতে জড়িত বহুকেইটা আমোদজনক কথা কম, যিবোৰ আপুনি হয়তো কেতিয়াও শুনা নাই।

  1. সংগীত পৰিচালক শচীন দেৱ বৰ্মনৰ নামেৰে শচীনৰ পিতৃয়ে তেওঁৰ নাম ৰাখিছিল।
  2. স্কুলীয়া দিনত তেওঁ নিজৰ আদৰ্শ হিচাপে টেনিছৰ কিংবদন্তি খেলুৱৈ জন মেকএনৰোক অনুকৰণ কৰি চুলি দীঘল কৰি বেণ্ড বান্ধিছিল।
  3. ডাঙৰ হওতে শচীনে বন্ধু ৰমেশ পৰ্ধেৰ সৈতে ৰবৰৰ বল এটা পানীত ডুবাই তাৰ ফালে দলিয়াই দিবলৈ কৈছিল, যাতে বেটত থকা তিতা দাগবোৰ চাই তেওঁ গম পায় যে তেওঁ বলটো মাজত মাৰিছে নে নাই!
  4. প্ৰথমযোৰ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট জোতা শচীনৰ বাবে ক্ৰয় কৰিছিল প্ৰবীণ আমৰে।
  5. যেতিয়া শচীন ১৪ বছৰীয়া আছিল, সুনীল গাভাস্কাৰে তেওঁক নিজৰ আল্ট্ৰা-লাইট পেড দিছিল। অৱশ্যে ইন্দোৰৰ ১৫ বছৰ অনুৰ্ধৰ ৰাষ্ট্ৰীয় শিবিৰত শচীন থকাৰ সময়ত চুৰি হৈছিল।
  6. বম্বে অনূৰ্ধ্ব ১৫ দলৰ বাবে নিৰ্বাচিত হোৱাৰ পিছত দিলীপ ভেংছাৰ্কাৰে শচীনক উপহাৰ দিয়ে ‘গন এণ্ড মূৰ’ৰ বেটখন।
  7. শচীনৰ শৈশৱৰ প্ৰশিক্ষক ৰমাকান্ত আচৰেকাৰৰ পৰা ১৩টা মুদ্ৰা লাভ কৰিছে। যদি তেওঁ আউট নোহোৱাকৈ গোটেই নেটৰ চেচনটো সম্পূৰ্ণ কৰে, তেন্তে তেওঁক এটা মুদ্ৰা দিয়া হয়।
  8. শচীনে বেগী বলাৰ হ’ব বিচাৰিছিল যদিও ১৯৮৭ চনত চেন্নাইৰ এম আৰ এফ পেচ একাডেমীত অষ্ট্ৰেলিয়াৰ কিংবদন্তি ডেনিছ লিলিয়ে তেওঁক নাকচ কৰিছিল।
  9. ১৯৮৭ চনত ৱানখেডেত ভাৰত আৰু ইংলেণ্ডৰ মাজত অনুষ্ঠিত হোৱা বিশ্বকাপৰ ছেমি ফাইনেলৰ সময়ত শচীন বল বয় আছিল।
  10. ৬৬৪ ৰানৰ অভিলেখ গঢ়াৰ পিছত দিল্লীৰ তিহাৰ জেলৰ দুটা ৱাৰ্ডৰ নাম শচীন আৰু বিনোদ কাম্বলীৰ নামেৰে নামাকৰণ কৰা হয়।
  11. ৰঞ্জি ট্ৰফী, ইৰাণী ট্ৰফী আৰু দুলীপ ট্ৰফীত অভিষেক ঘটাই শতক অৰ্জন কৰাৰ কৃতিত্ব তেণ্ডুলকাৰৰ।
  12. মুম্বাই বিমানবন্দৰত যেতিয়া শচীনে প্ৰথমবাৰৰ বাবে পত্নী অঞ্জলিক লগ পাইছিল তেতিয়া তেওঁৰ বয়স আছিল মাত্ৰ ১৭ বছৰ আৰু ১৯৯০ চনত ইংলেণ্ড ভ্ৰমণৰ পৰা উভতি আহিছিল।
  13. শচীনৰ শহুৰেক আনন্দ মেহতা ব্ৰীজত সাতবাৰৰ ৰাষ্ট্ৰীয় চেম্পিয়ন।
  14. ১৯ বছৰ বয়সত তেওঁ কাউন্টি ক্ৰিকেট খেলা আটাইতকৈ কম বয়সৰ ভাৰতীয় হিচাপে পৰিগণিত হয়।
  15. শচীনে সোঁহাতেৰে বেটিং কৰে, সোঁহাতেৰে বল দলিয়াই কিন্তু বাওঁহাতেৰে লিখে।
  16. ভাৰতৰ সৰ্বোচ্চ ক্ৰীড়া সন্মান খেলৰত্ন লাভ কৰা একমাত্ৰ ক্ৰিকেটাৰ।
  17. টেণ্ডুলকাৰে ২০১০ চনৰ মে’ মাহৰ পৰা এক্স (পূৰ্বৰ টুইটাৰ) ব্যৱহাৰ কৰিছে, আৰু @sachin_rt হিচাপে পোষ্ট কৰে।
  18. শচীনে ৰোজৰ ফেডাৰেৰ আৰু ফৰ্মুলা ১ অনুসৰণ কৰে। তেওঁৰ সংগীত আৰু চিকিৎসা বিজ্ঞানৰ বিষয়েও জ্ঞান আছে। তেওঁ সাগৰীয় খাদ্য ভাল পায় আৰু বিভিন্ন ৱাইনৰ গুণৰ বিষয়েও আলোচনা কৰিব পাৰে।
  19. শচীনে ড্ৰেছিং ৰুমত প্ৰথমে নিজৰ ঠাই বাছি লৈছিল আৰু সদায় এটা চুকত বহিছিল।
  20. গ্ৰেণ্ডমাষ্টাৰ বিশ্বনাথন আনন্দৰ সৈতে তেওঁ ২০০৮ চনত ভাৰতৰ দ্বিতীয় সৰ্বোচ্চ অসামৰিক বঁটা পদ্ম বিভূষণ লাভ কৰা প্ৰথম ক্ৰীড়াবিদসকলৰ ভিতৰত অন্যতম।