ভাৰতীয় ক্ৰিকেটৰ স্বাৰ্থত সঞ্জুৰ গুৰুত্বপূৰ্ণ ত্যাগঃ ভাগ্যোদয় ঘটিব ধ্ৰুৱ জুৰেলৰ

ভাৰতীয় ক্ৰিকেটত সম্প্ৰতি টেষ্ট ফৰ্মেটত পণ্টে প্ৰথম পছন্দৰ উইকেটকীপাৰ হিচাপে দায়িত্ব পালন কৰি অহাৰ বিপৰীতে জুৰেলে দ্বিতীয় পছন্দৰ টেষ্ট উইকেটকীপাৰ হিচাপে স্থান পাই আহিছে। এতিয়া জুৰেলৰ বাবে এক গুৰুত্বপূৰ্ণ ত্যাগ কৰিবলৈ সাজু হৈছে ভাৰতৰ আন এগৰাকী উইকেটকীপাৰ সঞ্জু চেমচনে।

ভাৰতীয় ক্ৰিকেটৰ স্বাৰ্থত সঞ্জুৰ গুৰুত্বপূৰ্ণ ত্যাগঃ ভাগ্যোদয় ঘটিব ধ্ৰুৱ জুৰেলৰ

ভাৰতীয় ক্ৰিকেটৰ স্বাৰ্থত সঞ্জুৰ গুৰুত্বপূৰ্ণ ত্যাগ

Published: 

23 Dec 2024 13:01 PM

ভাৰতীয় ক্ৰিকেটত সম্প্ৰতি কেইবাগৰাকীও উইকেটকীপাৰ বেটাৰ আকাংক্ষিত সুযোগ লাভৰ সন্ধানত আছে। ঋষভ পণ্ট আৰু কে এল ৰাহুলৰ লগতে ঈষাণ কিষাণ, সঞ্জু চেমচন, ধ্ৰুৱ জুৰেল, জিতেশ শৰ্মাসহ কেইবাগৰাকীও যুৱ উইকেটকীপাৰে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত জাতীয় দলৰ হৈ সুযোগ লাভৰ পিছত নিজৰ যোগ্যতা ইতিমধ্যে প্ৰমাণ কৰিছে। অৱশ্যে পণ্ট-ৰাহুলৰ বাদে জুৰেলেহে টেষ্টত বিকল্প উইকেটকীপাৰ হিচাপে সুযোগ লাভ কৰি আহিছে। চলিত ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীতো ভাৰতীয় দলৰ অংশ হিচাপে আছে জুৰেল।

প্ৰধানতঃ আই পি এলৰ জৰিয়তে সকলোৰে চৰ্চালৈ অহা জুৰেলে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বেটিঙৰ লগতে উইকেটৰ পিছফালেও সামগ্ৰিকভাৱে উন্নত প্ৰদৰ্শন আগবঢ়াইছে। পণ্টৰ অনুপস্থিতিত জুৰেলে টেষ্টত ভাৰতীয় দলৰ উইকেটৰক্ষকৰ ভূমিকা পালন কৰি আহিছিল। গতিকে জুৰেলে টেষ্টত প্ৰধান বিকল্প হিচাপে স্থান পোৱাটো প্ৰায় নিশ্চিত হৈ পৰিছে। অষ্ট্ৰেলিয়াৰ বিপক্ষে শৃংখলাত জুৰেলে এইপৰ্যন্ত মূল একাদশত সুযোগ নাপালেও দলৰ সৈতে প্ৰস্তুতি চলাই আছে।

উল্লেখ্য যে জুৰেলে আই পি এলত বিগত ছিজনকেইটাত ৰাজস্থান ৰয়েলছক প্ৰতিনিধিত্ব কৰি আহিছে। এইবাৰো যুৱ তাৰকাগৰাকীক ৰিটেইন কৰিছে ফ্ৰেন্সাইজিটোৱে। অৱশ্যে দলত এগৰাকী বেটাৰ হিচাপেহে মূলিতঃ স্থান পাই আহিছে জুৰেলে। গত ছিজনকেইটাত অধিনায়ক সঞ্জু চেমচনে নিজেই উইকেটৰক্ষক হিচাপে দায়িত্ব পালন কৰি অহাৰ বাবে জুৰেলে উইকেটৰক্ষকৰ ভূমিকা লাভ কৰা নাই।

অৱশ্যে এইবাৰ চেমচনে ভাৰতীয় ক্ৰিকেটৰ স্বাৰ্থত জুৰেলৰ বাবে কিছু ত্যাগ কৰিবলৈ আগবাঢ়িছে। আই পি এলৰ আগন্তুক ছিজনত ৰাজস্থানৰ উইকেটকীপাৰৰ ভূমিকাত দেখা যাব জুৰেলক। এবি ডে ভিলিয়াৰ্চৰ সৈতে ইউটিউবৰ সাক্ষাৎকাৰত চেমচনে প্ৰকাশ কৰা মতে তেওঁ এই বিষয়ত জুৰেলৰ সৈতে আলোচনা কৰিছিল। বিশেষকৈ শেহতীয়াকৈ ভাৰতৰ দ্বিতীয় পছন্দৰ টেষ্ট উইকেটকীপাৰ হিচাপে উন্নীত হোৱাৰ পিছত জুৰেলে এই ভূমিকা পালন কৰিবলৈ আগ্ৰহী বুলি তেওঁ জানিবলৈ দিয়ে।

চেমচনে এই বাৰ্তালাপত লগতে অৱশ্যে আগন্তুক ছিজনত তেওঁ নিজেও কেইখনমান মেচত উইকেটকীপাৰৰ ভূমিকা পালন কৰিব বুলিও স্পষ্ট কৰি দিয়ে। চেমচনে কয় যে টেষ্টৰ উইকেট কীপাৰ হিচাপে ধ্ৰুৱ জুৰেল কেৰিয়াৰৰ এই মুহূৰ্তত যি স্থানত আছে, তাৰ প্ৰতি লক্ষ্য ৰাখি তেওঁ আই পি এলতো উইকেটকীপাৰ হিচাপে দায়িত্ব ল’ব লাগিব।

দলৰ প্ৰয়োজনীয়তাক প্ৰথমে অগ্ৰাধিকাৰ দিয়া হ’ব বুলি উল্লেখ কৰি চেমচনে লগতে ব্যক্তিবিশেষকো গুৰুত্ব দিব লাগিব বুলি দোহাৰে। উল্লেখ্য যে চলিত বৰ্ষৰ আৰম্ভণিতে ইংলেণ্ডৰ বিৰুদ্ধে ঘৰুৱা শৃংখলাৰ সময়ত জুৰেলে টেষ্টত অভিষেক ঘটায়। অৱশ্যে ঋষভ পণ্ট আঘাতমুক্ত হৈ পুনৰ দললৈ উভতাৰ পিছত জুৰেলে দ্বিতীয় পছন্দৰ উইকেটকীপাৰ হিচাপে দলত স্থান পাই আহিছে।

ওজন কমোৱাত সহায় কৰে কমলাই, জানক উপকাৰিতা গুণৰ বিষয়ে...
তুলসীৰ সৈতে লং থ’লে ভাগ্যোদয় হ’ব আপোনাৰ জীৱনৰ, হ’ব লক্ষ্মীৰ আগমন
দীঘল আৰু ঘন চুলি বিচাৰে নেকি? তেন্তে সৰিয়হ তেলৰ সৈতে এই সামগ্ৰী মিহলাই কৰক ব্যৱহাৰ...
শীতকালত সুন্দৰ হৈ পৰিব আপোনাৰ ছাল, মন কৰক এইসমূহ দিশলৈ...