শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

আই পি এলক প্ৰত্যাহ্বানৰ লক্ষ্য! ৪৩০০ কোটি টকা খৰচেৰে ক্ৰিকেট লীগৰ পৰিকল্পনা এই দেশৰ

সমগ্ৰ ক্ৰিকেট বিশ্বত অনুষ্ঠিত হোৱা কোনো লীগেই আই পি এলৰ আৰ্থিক দিশত কাষ চাপিব পৰা নাই। পিছে আই পি এলৰ এই গৌৰৱ যেন এতিয়া লোপ পোৱাৰ দিশে। শীঘ্ৰেই আত্মপ্ৰকাশ ঘটিব পাৰে আই পি এলতকৈ ব্যয়বহুল আন এক ক্ৰিকেট লীগৰ।

আই পি এলক প্ৰত্যাহ্বানৰ লক্ষ্য! ৪৩০০ কোটি টকা খৰচেৰে ক্ৰিকেট লীগৰ পৰিকল্পনা এই দেশৰ
আই পি এলৰ সমুখত প্ৰত্যাহ্বান
monjit-dutta
Monjit Dutta | Published: 15 Mar 2025 20:29 PM

ক্ৰিকেটপ্ৰেমীৰ মাজত এতিয়া আই পি এলৰ চৰ্চা। অহা ২২ মাৰ্চৰ পৰা আৰম্ভ হ’ব এই জনপ্ৰিয় ক্ৰিকেট লীগ। সমাহাৰ ঘটিব দেশ-বিদেশৰ বহু ৰথী-মহাৰথীৰ লগতে উদীয়মান খেলুৱৈৰ। বিচিচিআইৰ তত্বাৱধানত অনুষ্ঠিত হোৱা ভাৰতৰ এই ক্ৰিকেট লীগ বিশ্বৰ ভিতৰতে আটাইতকৈ ব্যয়বহুল ক্ৰিকেট লীগ। সমগ্ৰ ক্ৰিকেট বিশ্বত অনুষ্ঠিত হোৱা কোনো লীগেই আই পি এলৰ আৰ্থিক দিশত কাষ চাপিব পৰা নাই। পিছে আই পি এলৰ এই গৌৰৱ যেন এতিয়া লোপ পোৱাৰ দিশে। শীঘ্ৰেই আত্মপ্ৰকাশ ঘটিব পাৰে আই পি এলতকৈ ব্যয়বহুল আন এক ক্ৰিকেট লীগৰ।

প্ৰকাশিত খবৰ অনুসৰি, আই পি এলক প্ৰত্যাহ্বান জনাব পৰাকৈ বৃ্হৎ অৰ্থৰ এক নতুন ক্ৰিকেট লীগ আৰম্ভ কৰাৰ পৰিকল্পনা কৰিছে চৌদি আৰৱে আৰু ইয়াৰ বাবে বিপুল পৰিমাণৰ ধন খৰচ কৰিবলৈ সাজু হৈছে। প্ৰতিবেদন মতে, প্ৰথম অৱস্থাত চৌদি আৰৱে এই লীগৰ বাবে ৪৩০০ কোটি টকা খৰচ কৰিব পাৰে। যদি এনে হয় তেতিয়া চৌদি আৰৱে পোনপটীয়াকৈ বিশ্বৰ আটাইতকৈ শক্তিশালী ব’ৰ্ড হিচাপে বিবেচিত বিচিচিআইৰ সমুখত প্ৰত্যাহ্বান থিয় কৰাব।

অষ্ট্ৰেলিয়াৰ সংবাদ মাধ্যমৰ বাতৰি অনুসৰি চৌদি আৰৱে  এই লীগ গঠনৰ দায়িত্ব ক্ৰিকেট বিশেষজ্ঞ নীল মেক্সৱেলক অৰ্পণ কৰিছে। এই লীগৰ বাবে ধন আগবঢ়াবলৈ চৌদি আৰৱে ডেনি টাউনচেণ্ডৰ নেতৃত্বত গঠিত এছ আৰ জে স্প’ৰ্টছ ইনভেষ্টমেণ্টৰ সহায় ল’ব। প্ৰতিবেদন অনুসৰি এই গোটটোৱে ক্ৰিকেট লীগখনৰ বাবে ৫০ কোটি ডলাৰ (প্ৰায় ৪৩০০ কোটি টকা) ব্যয় কৰিব পাৰে।

প্ৰতিবেদন অনুসৰি চৌদি আৰৱৰ নতুন লীগত ৮টা দল অন্তৰ্ভুক্ত কৰা হ’ব। এই লীগৰ বাবে নীল মেক্সৱেলে প্ৰায় ১ বছৰ ধৰি পৰিকল্পনা কৰি আহিছে বুলি তথ্য প্ৰকাশ পাইছে। অষ্ট্ৰেলিয়ান ক্ৰিকেট সন্থাৰ সহায়ত চৌদি আৰৱে এই পৰিকল্পনা ৰূপায়িত কৰিবলৈ সাজু হৈছে। ইয়াৰ বাবে আইচিচিৰ পৰা অনুমতিৰ বাবে অপেক্ষা কৰি আছে বুলি জানিব পৰা গৈছে। এই লীগৰ জৰিয়তে ক্ৰিকেটক অধিক জনপ্ৰিয় কৰি তোলাৰ প্ৰচেষ্টা চলাইছে চৌদি আৰৱে।

ইয়াৰ উপৰিও এই লীগৰ জৰিয়তে ভাৰত, অষ্ট্ৰেলিয়া, ইংলেণ্ডৰ দৰে বৃহৎ ক্ৰিকেট ৰাষ্ট্ৰৰ বাহিৰেও আন দেশৰ ক্ৰিকেটক অৰ্থনৈতিকভাৱে শক্তিশালী কৰাৰ প্ৰচেষ্টা চলোৱা হ’ব বুলিও প্ৰতিবেদনত প্ৰকাশ পাইছে। তথ্য অনুসৰি, এই লীগৰ জৰিয়তে আয়ৰ নতুন উৎস মুকলি হ’ব আৰু ইয়াৰ দ্বাৰা বিত্তীয় দিশত কিছু সংগ্ৰাম কৰি থকা ক্ৰিকেট ব’ৰ্ডসমূহক সহায় কৰা হ’ব।