শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

হোটেলত বিহ খুৱাই প্ৰাণ লোৱাৰ চেষ্টা চলিছিল! জ’কভিচে তুলিলে চাঞ্চল্যকৰ দাবী

তিনিবছৰ পূৰ্বে এই গ্ৰেণ্ড শ্লেম প্ৰতিযোগিতাখনত অংশ লোৱাৰ বাবে উপস্থিত হোৱাৰ সময়তে এক বিতৰ্কত জড়িত হৈ পৰিছিল জ’কভিচ। সেই সময়ছোৱাত তেওঁক মেলবৰ্ণৰ এখন হোটেলত ৰখা হৈছিল আৰু হোটেলত তেওঁৰ শৰীৰত বিষক্ৰিয়া ঘটাবলৈ চেষ্টা কৰা হৈছিল বুলি দাবী কৰিছে টেনিছ ইতিহাসৰ অন্যতম মহান খেলুৱৈগৰাকীয়ে।

হোটেলত বিহ খুৱাই প্ৰাণ লোৱাৰ চেষ্টা চলিছিল! জ’কভিচে তুলিলে চাঞ্চল্যকৰ দাবী
হত্যাৰ চেষ্টা কৰা হৈছিল জ’কভিচক!
monjit-dutta
Monjit Dutta | Published: 10 Jan 2025 13:38 PM

অহা দেওবাৰৰ পৰা আৰম্ভ হ’ব টেনিছৰ অন্যতম প্ৰধান গ্ৰেণ্ড শ্লেম প্ৰতিযোগিতা অষ্ট্ৰেলিয়ান অ’পেন। প্ৰতিযোগিতাখনৰ ইতিহাসৰ আটাইতকৈ সফল খেলুৱৈ ন’ভাক জ’কভিচে পুনৰ এবাৰ নিজৰ শ্ৰেষ্ঠত্ব প্ৰদৰ্শনৰ লক্ষ্যৰে উপস্থিত হৈছে অষ্ট্ৰেলিয়াত। লক্ষণীয়ভাৱে তিনিবছৰ পূৰ্বে এই গ্ৰেণ্ড শ্লেম প্ৰতিযোগিতাখনত অংশ লোৱাৰ বাবে উপস্থিত হোৱাৰ সময়তে এক বিতৰ্কত জড়িত হৈ পৰিছিল জ’কভিচ। সেইসময়ত অষ্ট্ৰেলিয়ান অ’পেনত অংশগ্ৰহণ কৰা সকলো সকলো খেলুৱৈয়ে ক’ভিডৰ ভেকচিন ল’ব লাগিব বুলি নিৰ্দেশনা আৰোপ কৰিছিল অষ্ট্ৰেলিয়ান কৰ্তৃপক্ষই।

কিন্তু প্ৰতিযোগিতাখনত অংশ লোৱাৰ উদ্দেশ্যে অষ্ট্ৰেলিয়াত উপস্থিত হোৱা জ’কভিচে ক’ভিড ভেকচিন ল’ব বিচৰা নাছিল। সেয়ে তেওঁৰ ভিছা বাতিল কৰা হয় আৰু আইনী প্ৰক্ৰিয়াৰ সময়ত তেওঁক এখন হোটেলত ৰখা হৈছিল। এই সময়ছোৱাৰ প্ৰসঙ্গ উল্লেখ কৰি এতিয়া ন’ভাক জ’কভিচে কৰিছে এক চাঞ্চল্যকৰ দাবী। জ’কভিচে দাবী কৰা মতে হোটেলত তেওঁৰ দেহত বিষক্ৰিয়া ঘটাবলৈ চেষ্টা কৰা হৈছিল।

শেহতীয়াকৈ GQ আলোচনীৰ সৈতে হোৱা এক সাক্ষাৎকাৰত জ’কভিচে উল্লেখ কৰা মতে হোটেলত থকাৰ সময়ত তেওঁৰ কিছু শাৰীৰিক সমস্যা হৈছিল। তেনে শাৰীৰিক সমস্যাৰ পিছতে সেই সময়ত তেওঁক থোৱা হোটেলখনত পৰিবেশন কৰা খাদ্যসমূহ বিষাক্ত হোৱাৰ কথা বুজি উঠা বুলি জ’কভিচে কয়। ছাৰ্বিয়ালৈ উভতি অহাৰ পিছত তেওঁৰ শৰীৰত অতিৰিক্ত পাৰা আৰু সীহৰ বেজী দিয়াৰ কথা ধৰিব পাৰে বুলি তাৰকা খেলুৱৈগৰাকীয়ে লগতে কয়।

এই বিষয়ে পূৰ্বে কেতিয়াও ৰাজহুৱাভাৱে উল্লেখ কৰা নাই বুলি মন্তব্য কৰি জ’কভিচে লগতে অষ্ট্ৰেলিয়ান অনুৰাগীসকলকো এই সন্দৰ্ভত প্ৰশংসা কৰে। সেই ঘটনাৰ পিছত প্ৰতিবাৰেই অষ্ট্ৰেলিয়ালৈ আহিলেই ২০২২ চনৰ ঘটনাটো মনত পৰে বুলি উল্লেখ কৰে জ’কভিচে। ইফালে বিশ্বৰ বিভিন্ন স্থানত লগ পোৱা অষ্ট্ৰেলিয়ান লোকসকলে তেওঁৰ ওচৰত এই ঘটনাৰ বাবে ক্ষমা বিচাৰে বুলিও টেনিচ ইতিহাসৰ অন্যতম মহান তাৰকাগৰাকীয়ে উল্লেখ কৰে।

অৱশ্যে অষ্ট্ৰেলিয়াত এতিয়া চৰকাৰ সলনি হৈছে আৰু অষ্ট্ৰেলিয়াত খেলি ভাল পোৱা বুলিও দোহাৰে জ’কভিচে। লক্ষণীয়ভাৱে ২০২২ চনৰ মেলবৰ্ণৰ এই অনাকাংক্ষিত অধ্যায়ৰ বেদনা লগত লৈয়ে পুনৰ ২০২৩ চনৰ অষ্ট্ৰেলিয়ান অ’পেনত অংশ লৈছিল ন’ভাক জ’কভিচে আৰু প্ৰতিযোগিতাৰ খিতাপ জয়েৰেই যেন সেই বেদনা মচি দিছিল তাৰকাগৰাকীয়ে। এতিয়া নিজৰ ১১ তম অষ্ট্ৰেলিয়ান অ’পেন খিতাপৰ সন্ধানত অভিযান চলাবলৈ আগবাঢ়িছে মহান খেলুৱৈগৰাকীয়ে।

Latest News