শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

আয়াৰ, কিষাণৰ প্ৰতি কুমলিল হৃদয়! ভাগ্যোদয় নহ’ল ৰিয়ানৰ, চাওক বিচিচিআইৰ কেন্দ্ৰীয় চুক্তিত কোন কোন

বিচিচিআইয়ে আজি ঘোষণা কৰিছে ভাৰতীয় পুৰুষ ক্ৰিকেট দলৰ কেন্দ্ৰীয় চুক্তি। ২০২৪-২৫ বৰ্ষৰ বাবে বিচিচিআইয়ে ঘোষণা কৰা কেন্দ্ৰীয় চুক্তিত দেখা গৈছে কেইবাটাও পৰিৱৰ্তন। মুঠ ৪টা গ্ৰেডৰ এই চুক্তিত স্থান পাইছে কেইবাখনো নতুন মুখে, আনহাতে বাদ পৰিছে কেইবাজনো খেলুৱৈ।

আয়াৰ, কিষাণৰ প্ৰতি কুমলিল হৃদয়! ভাগ্যোদয় নহ’ল ৰিয়ানৰ, চাওক বিচিচিআইৰ কেন্দ্ৰীয় চুক্তিত কোন কোন
বিচিচিআইৰ কেন্দ্ৰীয় চুক্তিত স্থান নহ’ল ৰিয়ানৰImage Credit source: TV9 Bharatvarsh
monjit-dutta
Monjit Dutta | Updated On: 21 Apr 2025 16:30 PM

আই পি এলৰ মাজতে আজি বহু জল্পনা-কল্পনাৰ অন্তত বিচিচিআইয়ে ঘোষণা কৰিছে ভাৰতীয় পুৰুষ ক্ৰিকেট দলৰ কেন্দ্ৰীয় চুক্তি। ২০২৪-২৫ বৰ্ষৰ বাবে বিচিচিআইয়ে ঘোষণা কৰা কেন্দ্ৰীয় চুক্তিত দেখা গৈছে কেইবাটাও পৰিৱৰ্তন। মুঠ ৪টা গ্ৰেডৰ এই চুক্তিত স্থান পাইছে কেইবাখনো নতুন মুখে, আনহাতে বাদ পৰিছে কেইবাজনো খেলুৱৈ। নতুন চুক্তিত মুঠ ৩৪ গৰাকী খেলুৱৈয়ে স্থান লাভ কৰিছে। এই কেন্দ্ৰীয় চুক্তিৰ প্ৰতি অনুৰাগীয়ে অপেক্ষা কৰিছিল এক বিশেষ কাৰণত, শ্ৰেয়স আয়াৰ আৰু ঈশান কিষাণে চুক্তিত স্থান পাবনে সেয়া আছিল সকলোৰে মনত উদয় হোৱা প্ৰশ্ন।

এতিয়া আজি ঘোষিত চুক্তিত আয়াৰ আৰু কিষাণ, দুয়ো স্থান পাবলৈ সক্ষম হৈছে। ভাৰতীয় পুৰুষ ক্ৰিকেটাৰসকলৰ এই কেন্দ্ৰীয় চুক্তি ২০২৪ চনৰ ১ অক্টোবৰৰ পৰা চলিত বৰ্ষৰ ৩০ ছেপ্টেম্বৰলৈকে কাৰ্যকৰী হ’ব। বিচিচিআইৰ এই নতুন কেন্দ্ৰীয় চুক্তিত ৩৪ গৰাকী খেলুৱৈক ৪ টা গ্ৰেডত ভাগ কৰা হৈছে। প্ৰতিজন খেলুৱৈক তেওঁৰ গ্ৰেড অনুযায়ী বিচিচিআইয়ে বাৰ্ষিক পাৰিশ্ৰমিক প্ৰদান কৰিব।

চুক্তিৰ শীৰ্ষস্থানৰ এ+ গ্ৰেডত স্থান লাভ কৰা খেলুৱৈক সৰ্বাধিক ৭ কোটি টকা দিয়া হয়। আনহাতে এ গ্ৰেডৰ খেলুৱৈসকলে ৫ কোটি টকা লাভ কৰিব। আনহাতে বি গ্ৰেডৰ খেলুৱৈয়ে লাভ কৰিব ৩ কোটি টকা। ইয়াৰ বিপৰীতে চি গ্ৰেডত অন্তৰ্ভুক্ত খেলুৱৈসকলে বাৰ্ষিক ১ কোটি টকাকৈ লাভ কৰিব। কেন্দ্ৰীয় চুক্তিৰ এ+ গ্ৰেডত ৪ জন খেলুৱৈক স্থান দিয়া হৈছে। তেওঁলোক হৈছে ৰোহিত শৰ্মা, বিৰাট কোহলী, যশপ্ৰীত বুমৰাহ আৰু ৰবীন্দ্ৰ জাদেজাক।

একে সময়তে ৬ গৰাকী খেলুৱৈক এ গ্ৰেডত অন্তৰ্ভুক্ত কৰা হৈছে। এই গ্ৰেডত আছে মহম্মদ চিৰাজ, কে এল ৰাহুল, শুভমন গিল, হাৰ্দিক পাণ্ডিয়া, মহম্মদ ছামি আৰু ঋষভ পণ্ট। বিগত বাৰৰ চুক্তিৰ পৰা বাদ পৰা শ্ৰেয়স আয়াৰে নতুন কেন্দ্ৰীয় চুক্তিত বি গ্ৰেডত স্থান লাভ কৰিছে। আয়াৰৰ উপৰিও এই গ্ৰেডত অন্তৰ্ভুক্ত আন চাৰিজন খেলুৱৈ হৈছে সূৰ্যকুমাৰ যাদৱ, অক্ষৰ পেটেল, কুলদীপ যাদৱ আৰু যশস্বী জয়ছোৱাল।

আনহাতে মুঠ ১৯গৰাকী খেলুৱৈয়ে চি গ্ৰেডত স্থান লাভ কৰিছে। আয়াৰৰ লগতে বিগত চুক্তিৰ পৰা বাদ পৰা ঈশান কিষাণ এই গ্ৰেডত অন্তৰ্ভুক্ত হৈছে। কিষাণৰ উপৰিও এই গ্ৰেডত ৰিংকু সিং, তিলক বাৰ্মা, ৰুতুৰাজ গাইকোৱাড, শিৱম ডুবে, ৰবি বিষ্ণৈ, ৱাশ্বিংটন সুন্দৰ, মুকেশ কুমাৰ, সঞ্জু চেমচন, অৰ্শদীপ সিং, প্ৰসিধ কৃষ্ণ, ৰজত পাটিদাৰ, ধ্ৰুৱ জুৰেল, ছৰফৰাজ খান, নীতিশ কুমাৰ ৰেড্ডী, অভিষেক শৰ্মা, আকাশদ্বীপ, বৰুণ চক্ৰৱৰ্তী আৰু হৰ্ষিত ৰাণা।

ইফালে অসম সন্তান ৰিয়ান পৰাগে নতুন কেন্দ্ৰীয় চুক্তিত স্থান লাভ কৰিব পাৰে বুলি আশা কৰা হৈছিল যদিও তেওঁৰ নাম বিবেচনা কৰা নহ’ল। উল্লেখ্য যে বিগত বৰ্ষত জিম্বাবুৱে ভ্ৰমণত টি-২০ শৃংখলাৰ জৰিয়তে উত্তৰ-পূবৰ প্ৰথমগৰাকী পুৰুষ ক্ৰিকেটাৰ হিচাপে আন্তঃৰাষ্ট্ৰীয় অভিষেক ঘটাইছিল ৰিয়ান পৰাগে। এই ভ্ৰমণত বিশেষ সফল নহ’লেও ইয়াৰ পিছত শ্ৰীলংকাৰ বিৰুদ্ধে টি-২০ শৃংখলাতো তেওঁ নিৰ্বাচিত হয় আৰু উন্নত প্ৰদৰ্শন দাঙি ধৰে।

এই শৃংখলাৰ প্ৰথমখন মেচতে ৰিয়ানে মাত্ৰ ৫ ৰান খৰচ কৰি ৩ উইকেট দখল কৰি কেৰিয়াৰৰ শ্ৰেষ্ঠ বলিং প্ৰদৰ্শন দাঙি ধৰে। শৃংখলাত তেওঁ বেটিঙতো উন্নত প্ৰদৰ্শন দাঙি ধৰিবলৈ সক্ষম হয়। শৃংখলাৰ বিপক্ষেই তেওঁ এদিনীয়া আন্তঃৰাষ্ট্ৰীয়তো অভিষেক ঘটায় আৰু অভিষেক মেচতে ৫৪ ৰানত ৩টা উইকেট দখল কৰে। কিন্তু ইয়াৰ পিছত আঘাতৰ ফলত দক্ষিণ আফ্ৰিকা আৰু ইংলেণ্ডৰ বিপক্ষে শৃংখলাৰ পৰা বাদ পৰিছিল ৰিয়ান।