শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

শুভমন গিল আৰু ছাৰা তেণ্ডুলকাৰৰ সম্পৰ্কত ফাঁট! দুখতে কৰিলে এই কাম…

ক্ৰিকেট জগতৰ এটি জনপ্ৰিয় নাম শুভমন গিল। আই পি এলৰ সমান্তৰালকৈ গিল অন্য এক কাৰণত এতিয়া বিশেষ চৰ্চাত আছে। সম্পৰ্কত ফাঁট মেলিছে ছাৰা তেণ্ডুলকাৰ আৰু শুভমন গিলৰ।

শুভমন গিল আৰু ছাৰা তেণ্ডুলকাৰৰ সম্পৰ্কত ফাঁট! দুখতে কৰিলে এই কাম…
শুভমন গিল- ছাৰা Image Credit source: tv9 hindi
barasha-sarma
Barasha Sarma | Published: 20 Apr 2025 15:38 PM

ভাৰতীয় ক্ৰিকেটাৰ শুভমন গিল বৰ্তমান আই পি এল (IPL 2025)ত ব্যস্ত। গিলৰ অধিনায়কত্বত গুজৰাট টাইটানছে অহৰহ সফলতা লাভ কৰি পইন্ট টেবুলৰ ১ নম্বৰত স্থান লাভ কৰিবলৈ সক্ষম হৈছে। খেলৰ বাবে গিল প্ৰায়ে বাতৰিৰ শিৰোনামত দেখা যায়। পিছে এইবাৰ গিলৰ ব্যক্তিগত জীৱনৰ লগত জড়িত বিষয় পোহৰলৈ আহিছে। একাংশই দাবী কৰিছে যে শুভমন গিল আৰু শচীন তেণ্ডুলকাৰৰ কন্যা ছাৰা তেণ্ডুলকাৰৰ মাজক সম্পৰ্কত ইতি পৰিছে। শেহতীয়াকৈ ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ইনষ্টাগ্ৰামত দুয়োৰে কাৰ্যকলাপৰ ভিত্তিত এই দাবী কৰা হৈছে।

বিগত কেইবছৰ মানৰ পৰা শুভমন গিল আৰু শচীন তেণ্ডুলকাৰৰ কন্যা ছাৰা তেণ্ডুলকাৰৰ সম্পৰ্কই বাতৰিৰ শিৰোনাম দখল কৰি আহিছে। একাংশৰ মতে তেওঁলোকৰ মাজত প্ৰেমৰ সম্পৰ্ক আছে, আন একাংশৰ মাজত দুয়োৰে মাজত আছে ভাল বন্ধুত্ব। ইয়াৰোপৰি দুয়োৱে বিভিন্ন সময়ত কৰা কামৰ বাবে একাংশই প্ৰায় নিশ্চিত হৈছিল যে দুয়োৰে মাজৰ এই সম্পৰ্ক বন্ধুত্বৰ নহয়।আনকি দুয়োগৰাকীয়ে দুয়োজনৰ ফটো সামাজিক মাধ্যমত লাইক , কমেন্ট কৰিছিল। অৱশ্যে এই বিষয়ত দুয়োৱে কেতিয়াও স্পষ্টকৈ মত প্ৰকাশ কৰা নাই।

কিন্তু এতিয়া একাংশই কৈছে যে তেওঁলোকৰ মাজৰ সম্পৰ্ক ভাঙি গৈছে। যাৰ বাবে দুখত ছাৰা আৰু শুভমনে ইনষ্টাগ্ৰামত এজনে আনজনক আনফ’ল’ (Unfollow on insta) কৰিছে। যাৰ বাবে একাংশই এই সন্দেহ কৰিছে। দুয়োৱে কেতিয়া ইজনে সিজনক আনফ’ল’ কৰিছে সেয়া এতিয়ালৈকে জানিব পৰা হোৱা নাই। কিয়নো কিছুদিন পূৰ্বলৈ দুয়োকে দুয়োৰে ফলোৱাৰৰ তালিকাত দেখিবলৈ পোৱা গৈছিল। এনে অৱস্থাত দুয়োৰে সম্পৰ্কৰ যৱনিকা পৰা বুলি সন্দেহ কৰা হৈছে। ইয়াৰোপৰি কি কাৰণে এই সম্পৰ্কত ফাঁট মেলিছে সেয়া জানিব পৰা হোৱা নাই।

আনফ’ল’ কৰা সম্পৰ্ক এটা শেষ হোৱাৰ আধাৰ বুলি ধৰিব নোৱাৰি যদিও বিগত সময়ত খেলজগত বা মনোৰঞ্জন জগতত সম্পৰ্কৰ বিচ্ছেদ ঘটিলে আনফ’ল’ কৰা দেখা যায়। উল্লেখ কৰা প্ৰয়োজন যে,  এই বাতৰি কিমান দূৰ সঁচা তাৰ কোনো নিশ্চিয়তা নাই।

উল্লেখ্য যে, বৰ্তমান আই পি এলত ব্য়স্ত আছে শুভমন গিল। তেওঁৰ অধিনায়কত্বত গুজৰাট টাইটানছে ৭খন খেলৰ ভিতৰত ৫ খন খেলত জয়লাভ কৰি দলটো ১০ পইণ্টেৰে শীৰ্ষত আছে। গিলে আই পি এল ২০২৫ ত ২টা অৰ্ধশতককে ধৰি ২০০ৰো অধিক ৰান সংগ্ৰহ কৰিছে। আনহাতে, সাৰা টেণ্ডুলকাৰেও শেহতীয়াকৈ শচীন তেণ্ডুলকাৰ ফাউণ্ডেচনৰ সঞ্চালকৰ পদ গ্ৰহণ কৰি কাম কৰি গৈছে। কিছুদিন পূৰ্বে ছাৰাক পৰিয়ালৰ সৈতে মেঘালয় ভ্ৰমণ কৰাও দেখা গৈছিল।