মনেৰেই নহয়, ধনেৰেও ধনী গব্বৰ! জানেনে শিখৰ ধাৱানৰ সম্পত্তি কিমান?

আজি আচম্বিতে ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰে ভাৰতীয় ক্ৰিকেট দলৰ তাৰকা বেটাৰ শিখৰ ধাৱানে। ইয়াৰ লগে লগে ধাৱানৰ ১৪ বছৰীয়া আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰৰ অৱসান ঘটে। ক্ৰিকেটাৰ হিচাপে যথেষ্ট সাফল্য লাভ কৰা ধাৱান ভাৰতীয় ক্ৰিকেটৰ এগৰাকী ধনাঢ্য খেলুৱৈও। চাওঁ আহক ধাৱানৰ সম্পত্তিৰ বিষয়ে।

মনেৰেই নহয়, ধনেৰেও ধনী গব্বৰ! জানেনে শিখৰ ধাৱানৰ সম্পত্তি কিমান?

কিমান সম্পত্তিৰ অধিকাৰী ধাৱান!

Updated On: 

24 Aug 2024 14:55 PM

ক্ৰিকেট বিশ্বৰ অলেখ অনুৰাগীক হচকিত কৰি আজি আচম্বিতে ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰে ভাৰতীয় ক্ৰিকেট দলৰ তাৰকা বেটাৰ শিখৰ ধাৱানে। এক ভিডিঅ’ বাৰ্তা যোগে ধাৱানে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ লগতে ঘৰুৱা ক্ৰিকেটৰ পৰাও অৱসৰৰ সিদ্ধান্ত ঘোষণা কৰে। ইয়াৰ লগে লগে ধাৱানৰ ১৪ বছৰীয়া আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰৰ অৱসান ঘটে। এই ১৪ বছৰীয়া দীঘলীয়া কেৰিয়াৰত ধাৱান ভাৰতীয় ক্ৰিকেটৰ এগৰাকী অন্যতম সফল অপেনিং বেটাৰ হিচাপে পৰিগণিত হৈছে। তাৰকা ক্ৰিকেটাৰগৰাকীৰ অৱসৰত তেওঁৰ অনুৰাগীসকলে পুনৰবাৰ প্ৰিয় তাৰকাগৰাকীক খেলপথাৰত দেখা নাপাব বুলি দুখ প্ৰকাশ কৰাও পৰিলক্ষিত হৈছে।

লক্ষণীয়ভাৱে বিগত কিছুদিন ধৰি ধাৱান জাতীয় দলত স্থান লাভ কৰাত ব্যৰ্থ হৈ আহিছিল। উন্নত প্ৰদৰ্শন দাঙি ধৰাৰ পিছতো দলৰ পৰা বাদ পৰিবলগা হৈছিল ধাৱান। এনে পৰিস্থিতিত ধাৱানৰ কেৰিয়াৰৰ ভৱষ্যত স্বাভাৱিকতেই সন্দেহৰ মাজত সোমাই পৰিছিল। কিন্তু ইয়াৰ পিছতো স্বাভাৱিক আছিল ধাৱানৰ কথা-বতৰা। কেৱল সেই সময়ত বুলিয়ে নহয়, ক্ৰিকেট বিশ্বত এগৰাকী ভদ্ৰ আৰু বিনয়ী খেলুৱৈ হিচাপে সকলোৰে প্ৰিয় আছিল ধাৱান।

পিছে কেৱল মনেৰেই নহয় আৰ্থিকভাৱেও যথেষ্ট সমৃদ্ধিশালী শিখৰ ধাৱান। ভাৰতীয় দলৰ সদস্য হিচাপে লাভ কৰা দৰমহা, খেলৰ পৰা হোৱা উপাৰ্জনৰ লগতে বিভিন্ন প্ৰতিষ্ঠানৰ সৈতে থকা বাণিজ্যিক চুক্তিসহ আন উৎসৰ পৰাও উপাৰ্জন কৰিছিল তাৰকাৰোকীয়ে। এনে উপাৰ্জনৰ ভিত্তিতে ধাৱানক ভাৰতীয় ক্ৰিকেট দলৰ অন্যতম এগৰাকী ধনাঢ্য খেলুৱৈ হিচাপে গণ্য কৰা হয়।

সাধাৰণতেই ভাৰতৰ আটাইতকৈ জনপ্ৰিয় খেল বুলিলে প্ৰথমেই আহে ক্ৰিকেটৰ নাম। সেয়ে আন খেলুৱৈসকলৰ তুলনাত ক্ৰিকেটাৰসকলৰেই উপাৰ্জন অধিক হয়। এই ক্ষেত্ৰত বিৰাট কোহলী, মহেন্দ্ৰ সিং ধোনীৰ লগতে ৰোহিত শৰ্মা, শচীন টেণ্ডুলকাৰ, সৌৰভ গাংগুলীৰ দৰে ক্ৰিকেটাৰৰ নাম বিশেষভাৱে উল্লেখনীয়। আজি অৱসৰ গ্ৰহণ কৰা শিখৰ ধাৱানো এই ক্ষেত্ৰত পিছে বিশেষ পিছত নাই।

বিগত কেইবছৰমানৰ পৰা ধাৱান ভাৰতীয় দলৰ পৰা বাহিৰত আছে যদিও তেওঁৰ নাম ভাৰতৰ ধনী ক্ৰিকেটাৰসকলৰ তালিকাত অন্তৰ্ভুক্ত। টাইমছ অৱ ইণ্ডিয়াৰ শেহতীয়া এক প্ৰতিবেদন অনুসৰি ২০২৪ চনত ভাৰতৰ শীৰ্ষ ১০ গৰাকী ধনী ক্ৰিকেটাৰৰ ভিতৰত ১ কোটি ৯০ লাখ ডলাৰৰ সম্পত্তিৰে গৌতম গম্ভীৰ ১০ নম্বৰ স্থানত আছে। আনহাতে শিখৰ ধাৱানৰ মুঠ ধন-সম্পত্তি প্ৰায় ১.৭ কোটি ডলাৰ (প্ৰায় ১৪২ কোটি টকা)।

গতিকে ধনাঢ্য ক্ৰিকেটাৰৰ তালিকাত শিখৰ ধাৱানৰ নামো নিশ্চিতভাৱে উচ্চাৰিত হ’ব। ধাৱানে বহু বিখ্যাত ব্ৰেণ্ডৰ সৈতে বাণিজ্যিক চুক্তি গঢ়ি তুলিছে। জিঅ’, নেৰ’লেক পেইণ্টছ, জি এছ কেলটেক্স, লেইজ, অ’প্প’, ব’টৰ দৰে বহু বিখ্যাত প্ৰতিষ্ঠানৰ সৈতে চুক্তি কৰিছে ধাৱানে। এই প্ৰতিষ্ঠানসমূহৰ পৰা তেওঁ মোটা অংকৰ ধন লাভ কৰে।

আনহাতে বিচিচিআইৰ দৰমহাও তেওঁৰ উপাৰ্জনৰ এক গুৰুত্বপূৰ্ণ অংশ। অৱশ্যে কেৰিয়াৰত তেওঁ আইপিএলৰ পৰা সৰ্বাধিক টকা উপাৰ্জন কৰিছিল। ধাৱনে ২০০৮ ছিজনৰ পৰাই আই পি এলত অংশ লৈ আহিছে। এই ছিজনত তেওঁক ১২ লাখ টকাত ক্ৰয় কৰিছিল দিল্লীৰ দলে। ইয়াৰ পিছতে ধাৱানে যোৱা ১৬টা ছিজনত এই লীগৰ পৰা মুঠ ৯১.৮ কোটি টকা উপাৰ্জন কৰে।

গাড়ী আৰু বাইকৰ প্ৰতিও ধাৱানৰ আছে বিশেষ আকৰ্ষণ। ধাৱানৰ সংগ্ৰহত আছে বহুকেইখন বিলাসী গাড়ী। প্ৰতিবেদন অনুসৰি তেওঁৰ হাতত আছে এখন মাৰ্চিডিজ জিএল৩৫০ চিডিআই আৰু এখন অ’ডি। ইয়াৰ উপৰিও তেওঁৰ হাতত আছে হাৰ্লি ডেভিডছন ফেট বয়, চুজুকি হায়াবুছা, কাৱাছাকি নিঞ্জা জেডএক্স-১৪আৰ আদি বহু দামী বাইক।

চীন, জাপান, আমেৰিকাৰ দৰে দেশক অতিক্ৰম কৰিলে ভাৰতীয় ৰে'লৱেয়ে
গংগাৰ পানী কিয় কেতিয়াও দূষিত নহয়? পোহৰলৈ আহিল কাৰণ...
ৰোগ প্ৰতিৰোধ কৰা ক্ষমতা আছে আমলখিৰ, জানক উপকাৰিতাৰ বিষয়ে
সকলোৰে প্ৰিয় মাখানাৰ উপকাৰিতাৰ বিষয়ে জানেনে?