ভাৰতীয় দলত নিযুক্ত নতুন প্ৰশিক্ষকঃ কোন এই নৱনিযুক্ত সীতাংশু কোটক?

আগন্তুক চেম্পিয়নছ ট্ৰফীৰ পূৰ্বে বিচিচিআইয়ে লৈছে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত। দলৰ স্থিতি শক্তিশালী কৰাৰ লক্ষ্যৰে বিচিচিআইয়ে নিযুক্তি দিছে এগৰাকী নতুন প্ৰশিক্ষক। সীতাংশু কোটকক ভাৰতীয় দলৰ নতুন বেটিং প্ৰশিক্ষক হিচাপে নিযুক্তি দিছে বিচিচিআইয়ে।

ভাৰতীয় দলত নিযুক্ত নতুন প্ৰশিক্ষকঃ কোন এই নৱনিযুক্ত সীতাংশু কোটক?

সীতাংশু কোটক

Updated On: 

16 Jan 2025 17:45 PM

বিগত কিছুদিন ধৰি ভাৰতীয় ক্ৰিকেট দল সন্মুখীন হৈছে অপ্ৰত্যাশিত বিফলতাৰ। প্ৰধানতঃ টেষ্টত শেহতীয়া সময়ত ভাৰতীয় দলৰ প্ৰদৰ্শন অত্যন্ত শোচনীয় হৈ পৰিছে। প্ৰথমে ঘৰুৱা শৃংখলাত নিউজিলেণ্ডৰ বিৰুদ্ধে লজ্জাজনকভাৱে হোৱাইট ৱাছ আৰু ইয়াৰ পিছত অষ্ট্ৰেলিয়াৰ বিপক্ষে টেষ্ট শৃংখলাত পৰাজয়ৰ পিছত বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলৰ দৌৰৰ পৰাও বাহিৰ হয় ভাৰতীয় দল। মূলতঃ এই দুয়োটা শৃংখলাত বেটিং ব্যৰ্থতাৰ বাবেই ভাৰতীয় দলে এনে ফলাফলৰ সন্মুখীন হ’বলগীয়া হৈছিল। দুয়োটা শৃংখলাতে ভাৰতীয় দলৰ বেটিং চূড়ান্ত ৰূপত ব্যৰ্থ হৈছিল।

এনে বেটিং ব্যৰ্থতাৰ প্ৰতি লক্ষ্য ৰাখি এতিয়া বিচিচিআইয়ে লৈছে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত। দলৰ বেটিং বিভাগ শক্তিশালী কৰাৰ লক্ষ্যৰে বিচিচিআইয়ে নিযুক্তি দিছে এগৰাকী নতুন বেটিং প্ৰশিক্ষক। সীতাংশু কোটকক ভাৰতীয় দলৰ নতুন বেটিং প্ৰশিক্ষক হিচাপে নিযুক্তি দিছে বিচিচিআইয়ে। ইয়াৰ পূৰ্বে সীতাশু কোটকে ভাৰত এ দলৰ প্ৰশিক্ষক হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছে। লগতে ঘৰুৱা ক্ৰিকেটত সৌৰাষ্ট্ৰৰ প্ৰশিক্ষক হিচাপেও তেওঁ সেৱা আগবঢ়াইছে।

ইংলেণ্ডৰ বিৰুদ্ধে আগন্তুক টি-২০ আৰু এদিনীয়া শৃংখলাৰ বাবে সীতাংশুক ভাৰতীয় দলৰ বেটিং প্ৰশিক্ষক হিচাপে নিযুক্তি দিয়া হৈছে। উল্লেখ্য যে সীতাংশু কোটকক সৌৰাষ্ট্ৰৰ অন্যতম কিংবদন্তি বেটছমেন হিচাপে বিবেচনা কৰা হয়। বাওঁহতীয়া এই বেটাৰগৰাকীয়ে ১৩০ খন প্ৰথম শ্ৰেণীৰ মেচত ১৫টা শতকৰ সহায়ত ৮০৬১ ৰান সংগ্ৰহ কৰিছিল। কেৱল এয়াই নহয়, লিষ্ট এ ক্ৰিকেটতো তেওঁ ৪২তকৈ অধিক গড়ে ৩০৮৩ ৰান সংগ্ৰহ কৰে।

প্ৰশিক্ষক হিচাপেও সীতাংশু কোটক সফল বুলিব পাৰি। ২০২০ চনত ৰঞ্জী ট্ৰফীত সীতাংশু সৌৰাষ্ট্ৰৰ মুখ্য প্ৰশিক্ষক আছিল আৰু এই ছিজনত সৌৰাষ্ট্ৰ ৰঞ্জী চেম্পিয়ন হৈছিল। আনহাতে ২০১৯ চনত ৰাহুল দ্ৰাবিড় ৰাষ্ট্ৰীয় ক্ৰিকেট একাডেমীৰ মুৰব্বী হোৱাৰ পিছত তেওঁৰ স্থানত সীতাংশু কোটকক ইণ্ডিয়া এৰ প্ৰশিক্ষক হিচাপে নিযুক্তি দিয়া হৈছিল। এতিয়া তেওঁ ভাৰতীয় দলৰ বেটিং প্ৰশিক্ষক হিচাপে দায়িত্ব বহন কৰিব।

অৱশ্যে এই দায়িত্ব তেওঁৰ বাবে যথেষ্ট প্ৰত্যাহ্বানজনক হ’ব। ভাৰতীয় দলৰ বেটিং বিভাগৰ শেহতীয়া প্ৰদৰ্শন সন্তোষজনক নহয়। অৱশ্যে সেয়া টেষ্ট ফৰ্মেটত দেখিবলৈ পোৱা গৈছিল যদিও সীমিত অভাৰৰ ক্ষেত্ৰতো শেহতীয়া এই প্ৰদৰ্শনৰ প্ৰভাৱ পৰিব পাৰে। সেয়ে সীতাংশু কোটকে এতিয়া আগন্তুক এই শৃংখলাত ভাৰতীয় বেটিং বিভাগক সঠিক দিকদৰ্শন কৰিব বুলি আশা কৰা হৈছে।

ছেইফ আলী খানৰ মুম্বাইৰ ঘৰৰ দাম কিমান? য'ত কৰা হৈছিল আক্ৰমণ
বেগত হালধি টুকুৰা ৰাখিলে কি হয় জানেনে?
মহাকুম্ভ মেলাৰ আঁৰৰ আধ্যাত্মিক তাৎপৰ্যৰ বিষয়ে জানেনে?
ঠাণ্ডাত শৰীৰ গৰম কৰি ৰাখিবলৈ নাগা সন্ন্যাসীসকলে কি খায়?