১৬ টা শিশুৰ কাহিনী…প্ৰেমিকৰ বাবে স্মৃতি মান্ধনাই কৰিলে ডাঙৰ কাম…
২০১৯ চনৰ পৰা সম্পৰ্কত আছে স্মৃতি মান্ধনা আৰু পলাশ মুচল ।তেওঁলোকে মুকলিকৈ নিজৰ সম্পৰ্কৰ কথা প্ৰকাশ কৰিছে। বিভিন্ন অনুষ্ঠানত দুয়োকে একেলগে দেখা যায়।

স্মৃতি মান্ধনা অৰু প্ৰেমিক পলাশ মুচল
ভাৰতীয় মহিলা ক্ৰিকেট দলটোৰ হাতত এই মুহূৰ্তত মেচৰ কোনো কাৰ্যসূচী নাই। কোনো লীগত অংশ লোৱা নাই দলটোৱে। এনে পৰিস্থিতিত ক্ৰিকেটৰ পৰা বিৰতি লৈছে স্মৃতি মান্ধনাই। তেওঁ এই বিৰতিৰ সম্পূৰ্ণ সুবিধা লৈ নিজৰ গৃহ চহৰ চাংলিত সময় কটাইছে। ভাৰতীয় মহিলা ক্ৰিকেট দলৰ ষ্টাৰ অ’পেনাৰগৰাকী বৰ্তমান চাংলিত আছে। যিটো তেওঁৰ ইনষ্টাগ্ৰামৰ জৰিয়তে জানিব পৰা গৈছে। কিন্তু চাংলিত স্মৃতিয়ে কি কৰি আছে? ইয়াৰ উত্তৰ হ’ল তেওঁ প্ৰেমিকক তেওঁৰ কামত সহায় কৰি আছে।
স্মৃতিয়ে প্ৰেমিকৰ বাবে এটা ডাঙৰ কাম কৰিলে
ভাৰতীয় ক্ৰিকেটাৰ স্মৃতি মান্ধনাৰ প্ৰেমিক পলাশ মুচল। পলাশ এজন চলচ্চিত্ৰ পৰিচালক, লেখক, সংগীত সুৰকাৰ, অৰ্থাৎ তেওঁ বলীউডৰ সৈতে জড়িত বহু প্ৰতিভাশালী ব্যক্তি। ১৬টা শিশুৰ কাহিনীৰে নিৰ্মিত তেওঁৰ পৰৱৰ্তী তথা আগন্তুক ছবিখনৰ নাম মাকটুব। স্মৃতি মান্ধনাই নিজৰ ইনষ্টাগ্ৰামৰ জৰিয়তে প্ৰেমিকৰ বাবে একেখন ছবিৰ প্ৰচাৰ কৰিছে। এতিয়া স্মৃতি দেশৰ আটাইতকৈ বিখ্যাত মহিলা ক্ৰিকেটাৰ, গতিকে স্পষ্টভাৱে পলাশ মুচল তেওঁৰ এই পদক্ষেপৰ দ্বাৰা লাভন্বিত হ’ব।
স্মৃতি মান্ধনাই তেওঁৰ ইনষ্টা ষ্ট’ৰীত মকটুব ছবিখনৰ পোষ্টাৰৰ কৰাৰ লগতে কিছু তথ্য শ্বেয়াৰ কৰিছে। তেওঁ কৈছে যে, ছবিখনৰ ট্ৰেইলাৰ মুক্তি পাইছে, যি যথেষ্ট সুন্দৰ। স্মৃতি মান্ধনাই আচলতে যিটো বুজাব বিচাৰিছিল সেয়া আছিল ১৬ গৰাকী ষ্টাৰ কিড অভিনীত ছবিখনৰ ট্ৰেইলা। প্ৰেমিকৰ চিনেমাৰ পোষ্টাৰ শ্বেয়াৰ কৰিলে স্মৃতি মান্ধনাই। ইয়াৰ ট্ৰেইলাৰ চাবৰ বাবে প্ৰচাৰ কৰিছে স্মৃতিয়ে। এই সকলোবোৰ কৰাৰ পিছত স্মৃতি মান্ধনাই চাংলিৰ কিছু সুন্দৰ ফটো শ্বেয়াৰ কৰিছে।
স্মৃতি মান্ধনা আৰু পলাশ মুচলৰ মাজত দীৰ্ঘদিন ধৰি সম্পৰ্ক আছে। তেওঁলোকৰ সম্পৰ্কও মুকলিকৈ প্ৰকাশ কৰিছে। বিগত বছৰত তেওঁলোকে তেওঁলোকৰ সম্পৰ্কৰ ৫ বছৰীয়া বাৰ্যিকী উদযাপন কৰিছিল আৰু লগতে কেক কাটিছিল। প্ৰতিটো অনুষ্ঠানতে দুয়োকে একেলগে দেখা যায়। এই সকলোবোৰৰ বাহিৰেও দুয়োজনে ইজনে সিজনক মুকলিকৈ সমৰ্থন কৰে।