বিদায় বেলাত ২০২৪: এই বৰ্ষত খেলপথাৰতে এনে ভয়ংকৰ ঘটনাৰ সাক্ষী হ’ল ক্ৰীড়া বিশ্ব…
চলিত বৰ্ষটোত ক্ৰিকেটৰ পৰা আৰম্ভ কৰি ফুটবল খেলপথাৰলৈকে বহুকেইটা ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে। আনহে নালাগে, এনে কিছু ঘটনাত মৃত্যুৰ দৃশ্যও দেখিলে ক্ৰীড়াবিশ্বই। সমগ্ৰ বিশ্বৰ ক্ৰীড়ানুৰাগীসকলক স্তম্ভিত কৰি তোলা ২০২৪ চনত খেলপথাৰত সংঘটিত হোৱা এনে পাঁচটা দুৰ্ঘটনাৰ বিষয়ে এই লেখাটোত উল্লেখ কৰা হৈছে।
আৰু মাত্ৰ কেইটামান দিনৰ পিছতে বিদায় ল’ব ২০২৪ বৰ্ষই। এই বৰ্ষত বিভিন্ন ঘটনা-পৰিঘটনা তথা বিশেষ ক্ষণৰ সাক্ষী হ’ল ক্ৰীড়াবিশ্ব। বৰ্ষটোত লগতে খেলপথাৰত সংঘটিত হোৱা বহুকেইটা ভয়ংকৰ দুৰ্ঘটনায়ো জোকাৰি গ’ল। ক্ৰিকেটৰ পৰা আৰম্ভ কৰি ফুটবল খেলপথাৰলৈকে বহুকেইটা ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে। আনহে নালাগে, এনে কিছু ঘটনাত মৃত্যুৰ দৃশ্যও দেখিলে ক্ৰীড়াবিশ্বই। সমগ্ৰ বিশ্বৰ ক্ৰীড়ানুৰাগীসকলক স্তম্ভিত কৰি তোলা ২০২৪ চনত খেলপথাৰত সংঘটিত হোৱা এনে পাঁচটা দুৰ্ঘটনাৰ বিষয়ে এই লেখাটোত উল্লেখ কৰা হৈছে।
শেহতীয়াকৈ দক্ষিণ গিনিৰ এনজেৰাকোৰেত এখন ফুটবল প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছিল। লেবা আৰু এনজেৰাকোৰে দলৰ মাজত অনুষ্ঠিত এখন মেচত ৰেফাৰীৰ এক সিদ্ধান্তৰ পিছতে তীব্ৰ বিবাদৰ সৃষ্টি হয়। এই বিবাদে ক্ৰমাৎ ভয়ংকৰ ৰূপ লয় আৰু দুয়োটা দলৰ অনুৰাগীয়ে নিজৰ মাজতে কাজিয়া আৰম্ভ কৰে। এই কাজিয়াৰ ফলত অলপ সময়ৰ ভিতৰতে ৰক্তাক্ত হৈ পৰে ষ্টেডিয়াম। তীব্ৰ কাজিয়াৰ ফলত এই ঘটনাত ৫৬ জন লোকৰ মৃত্যু হয়। আনহাতে ঘটনাত অসংখ্য লোক আহত হয়।
চলিত বৰ্ষৰ নৱেম্বৰ মাহত পেৰুত এখন ফুটবল মেচৰ সময়ত বজ্ৰপাতৰ ফলত এজন খেলুৱৈৰ মৃত্যু হৈছিল। পেৰুৰ দুই ক্লাৱ য়ুৱেণ্টুড বেলাভিষ্টা আৰু ফেমিলিয়া কোকাৰ মাজত হোৱা এই মেচখনৰ সময়ত প্ৰবল বৰষুণ হোৱাৰ বাবে ৰেফাৰীয়ে খেলুৱৈসকলক খেল বন্ধ কৰি খেলপথাৰৰ পৰা ওলাই আহিবলৈ পৰামৰ্শ দিয়ে। দুয়ো দলৰ খেলুৱৈসকল খেলপথাৰৰ পৰা ওলাই অহাৰ সময়তে হঠাতে খেলপথাৰত বজ্ৰপাত পৰে। এই ঘটনাত জোচে হুগো দে লা ক্ৰুজ মেছা নামৰ এগৰাকী খেলুৱৈ নিহত হয়। ঘটনাত লগতে আন কেইগৰাকীমান খেলুৱৈ আহতো হয়।
অষ্ট্ৰেলিয়াৰ টি-২০ ক্ৰিকেট লীগ বিগ বেছ লীগ (বিবিএল)ৰ এই ছিজনৰ প্ৰথমখন মেচত মুখামুখি হৈছিল মেলবৰ্ণ ষ্টাৰ্ছ আৰু পাৰ্থ স্কোৰ্চাৰ্ছ দল। এই মেচখনত পাৰ্থ স্কোৰ্চাৰ্ছৰ ইনিংছৰ ১৩ অভাৰত মেলবৰ্ণ ষ্টাৰ্ছৰ হিল্টন কাৰ্টৰাইটে বাউণ্ডেৰীত ফিল্ডিং কৰি আছিল। বাউণ্ডেৰীত ফিল্ডিঙৰ সময়তে বল আয়ত্বৰ চেষ্টাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় কাৰ্টৰাইট। তেওঁৰ আঘাতৰ পিছতে খেলপথাৰৰ ভিতৰলৈ এম্বুলেন্স মাতিবলগীয়া হৈছিল। ইয়াৰ পিছত হিল্টনক চিকিৎসালয়ত ভৰ্তি কৰা হয়।
এই বৰ্ষত অনুষ্ঠিত হোৱা ইউৰো কাপত ফ্ৰান্স আৰু অষ্ট্ৰিয়াৰ মাজত হোৱা মেচৰ সময়ত ফ্ৰান্সৰ ফুটবলাৰ এমবাপেৰ নাকৰ পৰা তেজ ওলাবলৈ আৰম্ভ কৰে। অষ্ট্ৰিয়াৰ কেভিন ডান্সোৰ সৈতে বল আয়ত্বৰ যুঁজত আঘাতপ্ৰাপ্ত হৈ নাকত আঘাত পায় তাৰকা খেলুৱৈগৰাকীয়ে। আঘাতৰ বাবে খেলপথাৰত পৰি ৰয় এমবাপে। ইয়াৰ পিছৰ মেচত এক বিশেষ মাস্ক পৰিধান কৰি খেলপথাৰত নামে ফুটবলাৰগৰাকী।
চলিত মাহৰ আৰম্ভণিতে বিশ্বৰ অন্যতম আগশাৰীৰ ফুটবল লীগ ছিৰি এত ইণ্টাৰ মিলান আৰু ফিঅ’ৰেন্টিনাৰ মাজৰ মেচৰ মাত্ৰ ১৭ মিনিটত ফিঅ’ৰেন্টিনা মিডফিল্ডাৰ এড’ৱাৰ্ডো ব’ভে হঠাতে খেপথাৰত বাগৰি পৰে। এই ঘটনাত আতংকগ্ৰস্ত হৈ পৰে সমগ্ৰ ক্ৰীড়াবিশ্ব। ষ্টেডিয়ামত লাগে হুৱা দুৱা। দুয়ো দলৰ খেলুৱৈসকলে মাটিত বাগৰি পৰি থকা ব’ভেক চাৰিওফালৰ পৰা বেৰি ধৰে আৰু কিছু সময়ৰ ভিতৰতে তেওঁক ষ্ট্ৰেচাৰেৰে খেলপথাৰৰ পৰা বাহিৰলৈ নিয়াৰ পিছত এম্বুলেন্সত লগে লগে এখন চিকিৎসালয়লৈ লৈ যোৱা হয়। এই ঘটনাৰ পিছত অনিৰ্দিষ্ট কাললৈ বাতিল কৰা হয় মেচখন।