ৰোমাঞ্চকৰ যুঁজত পৰাস্ত পাকিস্তানঃ বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলত দক্ষিণ আফ্ৰিকা

দুখনীয়া মেচৰ টেষ্ট শৃংখলাৰ প্ৰথমখন মেচত আজি ভ্ৰমণকাৰী পাকিস্তানক এক ৰোমাঞ্চকৰ যুঁজৰ অন্তত ২ উইকেটত পৰাস্ত কৰে দক্ষিণ আফ্ৰিকাই। এই জয়েৰে প্ৰটিয়াছ বাহিনীয়ে শৃংখলাত ১-০ ব্যৱধানৰ অগ্ৰগতি লাভ কৰাৰ লগতে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলতো প্ৰৱেশ কৰিছে।

ৰোমাঞ্চকৰ যুঁজত পৰাস্ত পাকিস্তানঃ বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলত দক্ষিণ আফ্ৰিকা

বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলত দক্ষিণ আফ্ৰিকা

Published: 

29 Dec 2024 18:43 PM

চেঞ্চুৰিয়নত শ্বাসৰুদ্ধকাৰী পৰিস্থিতি। এক সম্ভাৱ্য জয়ৰ আশাত উৎকণ্ঠিত পাকিস্তান ক্ৰিকেট দল তথা অনুৰাগী। কিন্তু দলটোৰ এই সকলো আশাত চেঁচাপানী ঢালি ক্ৰীজত থিয় হ’ল দক্ষিণ আফ্ৰিকাৰ তাৰকা পেচাৰ কেগিছো ৰাবাডা। লগত সংগী বলিং অলৰাউণ্ডাৰ নাৰ্কো জেনচেন। লক্ষণীয়ভাৱে হাতত বল লৈ নহয়, বেটিঙেৰেহে এই দুই তাৰকাই ভংগ কৰিলে পাকিস্তানৰ জয়ৰ আশা। বিশেষকৈ আক্ৰমণাত্মক বেটিঙেৰে ৰাবাডাই ২৬টা বলত ৩১ ৰান সংগ্ৰেহেৰে লয় বিশেষ ভূমিকা। আনহাতে ধৈৰ্যশীল বেটিঙেৰে ১৬ ৰান কৰি যোগ্য সহযোগিতা আগবঢ়ায় জেনচেনে।

দুয়ো নৱম উইকেটত ৫১ ৰানৰ মেচ বিজয়ী যুটিৰে এক নিশ্চিত পৰাজয়ৰ দিশৰ পৰা মেচৰ গতি সলনি কৰি কেৱল নিজ দলক জয়ী কৰাই নহয়, বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলতো উপনীত কৰায় দলক। দুখনীয়া মেচৰ এই টেষ্ট শৃংখলাত ভ্ৰমণকাৰী পাকিস্তানক ৰোমাঞ্চকৰ যুঁজৰ অন্তত প্ৰটিয়াছ বাহিনীয়ে পৰাস্ত কৰে ২ উইকেটত। আনহাতে মহম্মদ আব্বাচৰ চমকপ্ৰদ স্পেলৰ সহায়ত পাকিস্তানে জয়ৰ ৰেঙনি দেখিছিল যদিও এই আশা ভংগ হয়।

মেচখনত প্ৰথমে বেটিং কৰি পাকিস্তানে ২১১ ৰানতে ইনিংছ সামৰাৰ পিছত ঘৰুৱা দল দক্ষিণ আফ্ৰিকাই ৩০১ ৰান সংগ্ৰহ কৰি ৯০ ৰানৰ অগ্ৰগতি লৈছিল। আনহাতে মাৰ্কো জেনচেনৰ বিধ্বংসী বলিঙত দিশহাৰা হৈ পাকিস্তানে ২৩৭ ৰানতে দ্বিতীয় ইনিংছ সামৰিবলৈ বাধ্য হয় আৰু ঘৰুৱা দলটোৰ সমুখত মাত্ৰ ১৪৮ ৰানৰ লক্ষ্য দিয়ে। পাকিস্তানৰ হৈ বাবৰে ৫০ আৰু চৌদ শ্বাকিলে সৰ্বাধিক ৮৪ ৰান সংগ্ৰহ কৰে। জেনচেনে দখল কৰে ৬টা উইকেট।

ইফালে জয়ৰ বাবে এই সহজ লক্ষ্য অনুসৰণ কৰিও সংকটত পৰে দক্ষিণ আফ্ৰিকা। আব্বাচৰ বিধ্বংসী বলিঙত দলটোৱে মাত্ৰ ৯৯ ৰানতে ৮টা উইকেট হেৰুৱাই পৰাজয়ৰ গৰাহত পৰে। এই ৮টা উইকেটৰে ৬টা উইকেট যায় আব্বাচৰ হাতলৈ। কিন্তু ৰাবাডা আৰু জেনচেন যুটিয়ে এই পৰিস্থিতিৰ পৰা দলক উদ্ধাৰ কৰি দলক দিয়ে ৰোমাঞ্চকৰ বিজয়। তেওঁলোক দুয়োৰে লগতে লগতে মাৰ্ক্ৰামে ৩৭ আৰু অধিনায়ক বাভুমাই সৰ্বাধিক ৪০ ৰান সংগ্ৰহ কৰে।

এই বিজয়ৰ লগে লগে দক্ষিণ আফ্ৰিকাই প্ৰথমবাৰৰ বাবে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলত প্ৰৱেশ কৰে। অহা বৰ্ষৰ জুন মাহত লণ্ডনৰ ক্ৰিকেটৰ মক্কা খ্যাত লৰ্ডছত অনুষ্ঠিত হ’ব এই ফাইনেল। অৱশ্যে ফাইনেলৰ বাবে দক্ষিণ আফ্ৰিকাৰ প্ৰতিপক্ষ দল কোন হ’ব সেয়া এতিয়াও নিশ্চিত হোৱা নাই। এই দৌৰত আছে সম্প্ৰতি ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীত ব্যস্ত দুই দল ভাৰত আৰু অষ্ট্ৰেলিয়া। দুয়োটা দলৰ ভিতৰত কোনটো দল লৰ্ডছত প্ৰটিয়াছ বাহিনীৰ প্ৰতিদ্বন্দী হ’ব, সেয়া হ’ব লক্ষণীয়।

আপেলৰ উপকাৰিতাৰ বিষয়ে জানেনে?
দেশৰ এই স্থানত আমিষ খাদ্যৰ ওপৰত আছে নিষেধাজ্ঞা, নিয়ম ভংগ কৰিলে ভুগিব শাস্তি
খেলৰত্ন বঁটা বিজয়ী হিচাপে মনু, গুকেশ, হৰমনপ্ৰীত আৰু প্ৰবীণে কিমান ধন লাভ কৰিব জানেনে?
ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে দুপৰ টেঙাই, জানক কি কি আছে উপকাৰী গুণ...