SRH vs DC Live Score, IPL 2025: বাপুৰ নেতৃত্বত অপ্ৰতিৰোধ্য দিল্লীঃ দ্বিতীয় ঘৰত ৰুদ্ধ কৰিলে ‘বিধ্বংসী’ হায়দৰাবাদক
Sunrisers Hyderabad vs Delhi Capitals Live Score in Assamese: চলিত ছিজনত ক্ৰমাগত দ্বিতীয় জয় লাভ কৰিছে দিল্লী কেপিটেলছে। বিশাখাপট্টনমত ছানৰাইজাৰ্ছ হায়দৰাবাদক ৭ উইকেটত পৰাস্ত কৰি দিল্লীয়ে অব্যাহত ৰাখিছে জয়ৰ ধাৰা।

আজি চলিত আই পি এলৰ দশম মেচত মুখামুখি হ’ব ছানৰাইজাৰ্ছ হায়দৰাবাদ আৰু দিল্লী কেপিটেলছ। বিশাখাপট্টনমত অনুষ্ঠিত হ’ব এই মেচখন। দুয়োটা দলে প্ৰথম মেচত জয়েৰে ছিজনৰ আৰম্ভণি ঘটোৱাৰ পিছত হায়দৰাবাদে দ্বিতীয় মেচত লক্ষ্ণৌৰ বিপক্ষে পৰাজয়ৰ সন্মুখীন হৈছিল। আনহাতে লক্ষ্ণৌৰ বিপক্ষেই প্ৰথম মেচত জয়ৰ মুখ দেখাৰ পিছত আজি নিজৰ দ্বিতীয়খন মেচ খেলিব দিল্লীয়ে। দলটোৱে বিশাখাপট্টনমক দ্বিতীয়খন ঘৰুৱা খেলপথাৰ হিচাপে ব্যৱহাৰ কৰিছে। গতিকে আজি ঘৰুৱা পৰিৱেশত কিছু মনোবল বৃদ্ধি পাব দলটোৰ। তদুপৰি কে এল ৰাহুলৰ আগমনেও দলৰ শক্তি বৃদ্ধি কৰিব। ইফালে আক্ৰমণাত্মক বেটিং শৈলীয়েই হায়দৰাবাদৰ প্ৰধান শক্তি হ’ব।
LIVE NEWS & UPDATES
-
ক্ৰমাগত দ্বিতীয় জয় দিল্লীৰ
বাপুৰ নেতৃত্বত অপ্ৰতিৰোধ্য হৈ পৰিছে দিল্লী। আজি হায়দৰাদক সহজে ৭ উইকেটত পৰাস্ত কৰি ক্ৰমাগত দ্বিতীয় জয় লাভ কৰিছে দিল্লী কেপিটেলছে। এটা ছয়েৰে বিজয়ী ৰান সংগ্ৰহ কৰি অভিষেক প’ৰেলে হায়দৰাবাদক দিয়ে ক্ৰমাগত দ্বিতীয় পৰাজয়ৰ স্বাদ।
-
স্ক’ৰবৰ্ডত ১৫০, জয়ৰ বাবে প্ৰয়োজন মাত্ৰ ১৪ ৰানৰ
প্ৰায় জয়ৰ কাষ চাপিছে দিল্লী কেপিটেলছে। ১৫ অভাৰৰ সমাপ্তিত দলটোৱে সংগ্ৰহ কৰিছে ১৫০ ৰান। দলটোক জয়ৰ বাবে এতিয়া অন্তিম ৫ অভাৰত মাত্ৰ ১৪ ৰানৰ প্ৰয়োজন।
-
জিছানৰ আন এক চমক
হঠাতে মেচত নিজৰ স্থিতি কিছু ঘূৰাই পাইছে হায়দৰাবাদে। ইয়াৰ মূল কাৰণ হৈ পৰিছে জিছান। দিল্লীৰ ইনিংছৰ তৃতীয়টো উইকেট দখলেৰে জিছানে দিছে চমক। এইবাৰ তেওঁৰ চিকাৰ হৈছে অভিজ্ঞ কে এল ৰাহুল।
-
ৰাহুলৰ ৰাজকীয় অভিষেক
দিল্লী কেপিটেলছৰ হৈ বাউণ্ডেৰীৰে অভিষেক ঘটাইছে কে এল ৰাহুলে। ক্ৰমাগতভাৱে ৪, ৬ আৰু ৪ কোবাই ৰাহুলে দিল্লীৰ হৈ ঘটাইছে ৰাজকীয় অভিষেক।
-
জিছানৰ হাতলৈ আন এটা উইকেট
আন এক উইকেটেৰে উজলিছে জিছান। এইবাৰ জিছানৰ চিকাৰ হৈছে মেকগুৰ্ক। একেলেথাৰিয়ে দুটা চাৰি আৰু এটা ছয় কোবোৱাৰ পিছত চতুৰ্থটো বলত জিছানৰ হাতত ৰিটাৰ্ণ কেচ দি আউট হয় দিল্লীৰ অপেনাৰগৰাকী।
-
প্লেচিছৰ ৰূপত উইকেটৰ অভিষেক জিছানৰ
অৰ্ধশতক সম্পূৰ্ণ কৰিয়েই পেভিলিয়নলৈ উভতিছে ডু প্লেচিছ। উইকেটৰ বাবে যুঁজি থকা হায়দৰাবাদক যুৱ স্পিনাৰ জিছানে দিলে প্ৰথমটো সফলতা।
-
প্লেচিছে সম্পূৰ্ণ কৰিলে অৰ্ধশতক
দৰ্শনীয় বেটিঙেৰে অৰ্ধশতক সম্পূৰ্ণ কৰিছে সহ-অধিনায়ক ফাফ ডু প্লেচিছে। মাত্ৰ ২৬টা বলতে ৩টাকৈ চাৰি আৰু ছয়েৰে প্লেচিছে এই ছিজনৰ প্ৰথমটো অৰ্ধশতক অৰ্জন কৰিছে।
-
পাৱাৰ প্লে’ত ৫২ ৰান সংগ্ৰহ দিল্লীৰ
দুই অপেনাৰ প্লেচিছ আৰু মেকগুৰ্কৰ দায়িত্বশীল বেটিঙৰ সুবাদত পাৱাৰ প্লে’ৰ অন্ত পৰালৈ দিল্লীয়ে ৫২ ৰান সংগ্ৰহ কৰিছে। এই সময়ছোৱাত দলটোৱে হেৰুওৱা নাই কোনো উইকেট।
-
মেকগুৰ্ক-প্লেচিছৰ সফল আৰম্ভণি
১৬৪ ৰানৰ জয়ৰ লক্ষ্য অনুসৰণ কৰি দিল্লীক সফল আৰম্ভণি প্ৰদান কৰিছে অপেনাৰদ্বয় মেকগুৰ্ক আৰু প্লেচিছে। দুয়ো আৰম্ভণিৰ পৰাই আক্ৰমণাত্মক বেটিঙেৰে ৪ অভাৰত ৫ অভাৰত ৪৮ ৰান সংগ্ৰহ কৰিছে।
-
মাত্ৰ ১৬৩ ৰানত অন্ত পৰিল হায়দৰাবাদৰ ইনিংছ
মিচেল ষ্টাৰ্ক আৰু কুলদীপ যাদৱৰ চমকপ্ৰদ স্পেলৰ লগতে দিল্লীৰ ফিল্ডাৰৰ চমকত মাত্ৰ ১৬৩ ৰানতে ইনিংছ সামৰিছে ছানৰাইজাৰ্ছ হায়দৰাবাদে। আই পি এল কেৰিয়াৰত প্ৰথমবাৰ ষ্টাৰ্কে ৫ উইকেট দখল কৰাৰ বিপৰীতে কুলদীপৰ হাতলৈ যায় ৩টা উইকেট। এইদৰে জয়ৰ বাবে ১৬৪ ৰানৰ লক্ষ্য লাভ কৰিছে দিল্লীয়ে।
-
অন্ত পৰিল অনিকেত শ্ব’
দলীয় নিপৰ্যয় নেওচি দৰ্শনীয় বেটিঙেৰে এক চমকপ্ৰদ অৰ্ধশতকীয় ইনিংছ খেলাৰ পিছত পেভিলিয়নলৈ উভতিছে অনিকেত বাৰ্মা। মাত্ৰ ৪১টা বলত ৫টা চাৰি আৰু ৬টা চাৰিৰে ৭৪ ৰান সংগ্ৰহ কৰাৰ পিছত বাউণ্ডেৰীত ষ্টাবছে আয়ত্ব কৰা অনন্য কেচৰ সুবাদত পেভিলিয়নলৈ উভতে অনিকেত। এইদৰে কুলদীপৰ হাতলৈ যায় তৃতীয়টো উইকেট।
-
অনিকেতৰ অৰ্ধশতক, কামিন্সৰ বিদায়
দলীয় বিপৰ্যয়ৰ মাজতে নিজৰ অৰ্ধশতক সম্পূৰ্ণ কৰিছে অনিকেত বাৰ্মাই। ৩৪ বলত অনিকেতে নিজ আই পি এল কেৰিয়াৰৰ প্ৰথমটো অৰ্ধশতক পূৰ কৰাৰ পিছতে অৱশ্যে কুলদীপে হায়দৰাবাদৰ অধিনায়ক কামিন্সক বিদায় দিয়ে।
-
অভিনৱো উভতিল, সংকটত হায়দৰাবাদ
নিজৰ দ্বিতীয় অভাৰত কুলদীপৰ হাতলৈ আহিছে প্ৰথমটো উইকেট। অভিনৱ মনোহৰক বিদায় দি কুলদীপে প্ৰথমটো সফলতা লাভ কৰাৰ লগতে হায়দৰাবাদক পুনৰ বিপৰ্যয়ত পেলাইছে।
-
মোহিতৰ চিকাৰ হ’ল ক্লাছেন
মোহিত শৰ্মাই ভংগ কৰিছে ক্লাছেন-অনিকেত যুটি। বিপৰাজে আয়ত্ব কৰা এক দৰ্শনীয় কেচৰ ফলত ক্লাছেনে ১৯ বলত ৩২ ৰান কৰি বিদায় লয়।
-
হায়দৰাবাদৰ শতক পাৰ
এক বৃহৎ ছিক্সাৰেৰে কুলদীপক আদৰণি জনাই ক্লাছেনে দলৰ ইনিংছো শতকৰ পাৰ কৰাইছে। শীৰ্ষৰ চাৰি উইকেট পতনৰ পিছত ক্লাছেন আৰু অনিকেতে আগুৱাই নিছে দলৰ ইনিংছ।
-
৫০ ৰান সম্পূৰ্ণ হায়দৰাবাদৰ
হেনৰিখ ক্লাছেনক আক্ৰমণাত্মক শৈলীৰ সুবাদত ছানৰাইজাৰ্ছ হায়দৰাবাদে ৪.৫ অভাৰত সম্পূৰ্ণ কৰিছে ৫০ ৰান। ষ্টাৰ্কৰ দুটা বলত ক্ৰমে এটা ছয় আৰু চাৰি কোবাই ক্লাছেনে দলৰ স্ক’ৰ ৫০লৈ নিয়ে।
-
হেডৰো বিদায়
বিপজ্জনক হৈ উঠিছে মিচেল ষ্টাৰ্ক। হায়দৰাবাদৰ ইনিংছত খহনীয়াৰ সৃষ্টি কৰি ষ্টাৰ্কে এইবাৰ বিদায় দিছে ট্ৰেভিছ হেডক। হেডৰ বেটৰ পৰা আহে ২২ ৰান।
-
বেট নচলিল কিষাণ-ৰেড্ডীৰ
নিজ স্পেলৰ দ্বিতীয় অভাৰত ঘাতক হৈ উঠিল ষ্টাৰ্ক। একেটা অভাৰতে কিষাণ আৰু নীতিশক বিদায় দি হায়দৰাবাদক বেকফুটলৈ ঠেলি দিছে পেচাৰগৰাকীয়ে।
-
অভিষেকৰ দুৰ্ভাগ্য
ৰানিং বিটুইন দ্য উইকেটত ভুল বুজাবুজিৰ ফলত প্ৰথম অভাৰতে বিদায় লৈছে অভিষেক শৰ্মাই। মাত্ৰ ১ ৰান কৰিয়েই ৰান আউট হোৱাৰ ফলত পেভিলিয়নলৈ উভতে অভিষেক।
-
হেডৰ বেটৰ পৰা প্ৰথমটো বাউণ্ডেৰী
প্ৰত্যাশিতভাৱেই আক্ৰমণাত্মক আৰম্ভণি কৰিছে হায়দৰাবাদে। প্ৰথমটো বলত অভিষেকে ১ ৰান সংৰহ কৰাৰ পিছত হেডে পৰৱৰ্তী দুটা বলত দুটা চাৰি কোবাইছে।
-
ক্ৰীজত হেড-অভিষেক, ষ্টাৰ্কৰ হাতত বল
হায়দৰাবাদৰ হৈ ইনিংছ মুকলি কৰিবলৈ ক্ৰীজলৈ আহিছে অভিষেক শৰ্মা আৰু ট্ৰেভিছ হেড। আনহাতে দিল্লীৰ হৈ বলিং মুকলি কৰিছে মিচেল ষ্টাৰ্কে।
-
ছানৰাইজাৰ্ছ হায়দৰাবাদৰ মূল একাদশ
ছানৰাইজাৰ্ছ হায়দৰাবাদৰ মূল একাদশত আজি দেখা যাব ট্ৰেভিছ হেড, অভিষেক শৰ্মা, ঈশান কিষাণ, নীতিশ কুমাৰ ৰেড্ডী, হেনৰিখ ক্লাছেন, অনিকেত বাৰ্মা, অভিনৱ মনোহৰ, পেট কামিন্স (অধিনায়ক), জিছান আনছাৰী, হৰ্ষল পেটেল, মহম্মদ ছামিক।
-
দিল্লী কেপিটেলছৰ মূল একাদশ
দিল্লী কেপিটেলছৰ মূল একাদশত আজি দেখিবলৈ পোৱা যাব কে এল ৰাহুলক। দলটোৰ মূল একাদশ হ’ব এনেধৰণৰ- জেক ফ্ৰেজাৰ-মেকগুৰ্ক, ফাফ ডু প্লেচিছ, অভিষেক প’ৰেল, কে এল ৰাহুল, অক্ষৰ পেটেল (অধিনায়ক), ট্ৰিষ্টান ষ্টাবচ, বিপৰাজ নিগম, মিচেল ষ্টাৰ্ক, কুলদীপ যাদৱ, মোহিত শৰ্মা, মুকেশ কুমাৰ।
-
প্ৰথমে বেটিঙৰ সিদ্ধান্ত কামিন্সৰ
ইতিমধ্যে দুয়ো দলৰ অধিনায়কদ্বয়ৰ মাজত টছ হৈ গৈছে। টছত জয়ী হৈ হায়দৰাবাদৰ অধিনায়ক পেট কামিন্সে প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।
-
দুয়ো দলৰ পূৰ্বৰ ৰেকৰ্ড
এইপৰ্যন্ত আই পি এলত হায়দৰাবাদ আৰু দিল্লী মুঠ ২৪ খন মেচত মুখামুখি হৈছে। ইয়াৰে ১৩ খন মেচত হায়দৰাবাদে জয় লাভ কৰাৰ বিপৰীতে দিল্লীয়ে ১১ খনত জয়ৰ মুখ দেখিছে। লক্ষণীয়ভাৱে দুয়োটা দলৰ শেহতীয়া তিনিবাৰৰ মুখামুখিত হায়দৰাবাদে ২খনতে জয় সাব্যস্ত কৰিছে।
Published On - Mar 30,2025 2:37 PM