SRH vs DC Predicted Playing XI IPL 2025: বিশাখাপট্টনমত আজি নিজাম বনাম নৱাব বাহিনীৰ যুঁজঃ উভতিব নে ৰাহুল! চাওক সম্ভাৱ্য একাদশ
Sunrisers Hyderabad vs Delhi Capitals Preview: আজি বিয়লি মুখামুখি হ’ব ছানৰাইজাৰ্ছ হায়দৰাবাদ আৰু দিল্লী কেপিটেলছ। দিল্লীয়ে দ্বিতীয় ঘৰুৱা খেলপথাৰ হিচাপে ব্যৱহাৰ কৰা বিশাখাপট্টনমত অনুষ্ঠিত হ’ব এই মেচখন। গতিকে ঘৰুৱা পৰিৱেশত দিল্লীৰ মনোবল কিছু শক্তিশালী হ’ব যদিও আক্ৰমণাত্মক ছানৰাইজাৰ্ছ হায়দৰাবাদৰ সমুখত দিল্লীৰ এই মনোবল ম্লান পৰাৰ সম্ভাৱনাও নুই কৰিব নোৱাৰি।

আজি দেওবাৰে ক্ৰিকেটপ্ৰেমীলৈ অনন্য ৰোমাঞ্চ কঢ়িয়াই আনিব আই পি এলে। ক্ৰিকেটপ্ৰেমীয়ে আজি উপভোগ কৰিব পাৰিব দুখনকৈ হাইপ্ৰফাইল মেচৰ। ইয়াৰে প্ৰথমখন মেচত আজি বিয়লি মুখামুখি হ’ব ছানৰাইজাৰ্ছ হায়দৰাবাদ আৰু দিল্লী কেপিটেলছ। দিল্লীয়ে দ্বিতীয় ঘৰুৱা খেলপথাৰ হিচাপে ব্যৱহাৰ কৰা বিশাখাপট্টনমত অনুষ্ঠিত হ’ব এই মেচখন। গতিকে ঘৰুৱা পৰিৱেশত দিল্লীৰ মনোবল কিছু শক্তিশালী হ’ব যদিও আক্ৰমণাত্মক ছানৰাইজাৰ্ছ হায়দৰাবাদৰ সমুখত দিল্লীৰ এই মনোবল ম্লান পৰাৰ সম্ভাৱনাও নুই কৰিব নোৱাৰি।
আক্ৰমণাত্মক শৈলীৰ বাবে পৰিচিত হৈ পৰা হায়দৰাবাদে চলিত ছিজনত নিজৰ প্ৰথমখন মেচতে দিছিল শক্তিৰ পূৰ্ণ উমান। বিধ্বংসী বেটিঙেৰে দলটোৱে ৰাজস্থান ৰয়েলছৰ বলিং আক্ৰমণক দিশহাৰা কৰি আই পি এল ইতিহাসৰ দ্বিতীয় সৰ্বোচ্চ স্ক’ৰৰ ৰূপত ২৮৬ ৰান সংগ্ৰহ কৰিছিল। এই বৃহৎ স্ক’ৰৰ সুবাদত দলটোৱে প্ৰথম মেচত জয়লাভ কৰিছিল যদিও দ্বিতীয়খন মেচত লক্ষ্ণৌৰ বিপক্ষে পৰাজয়ৰ সন্মুখীন হৈছিল।
আনহাতে আজি দিল্লীয়ে ছিজনৰ দ্বিতীয়খন মেচ খেলিব। প্ৰথমখন মেচত দলটোৱে লক্ষ্ণৌৰ বিপক্ষে ৰোমাঞ্চকৰ জয়েৰে ছিজনৰ আৰম্ভণি ঘটাইছিল। মেচখনত দলটোৰ নায়ক হৈ পৰিছিল যুৱ বেটাৰ আশুতোষ শৰ্মা। প্ৰথম মেচত জয়ৰ পিছত আত্মবিশ্বাসী হৈ পৰা দিল্লীৰ আজি শক্তিও কিছু বৃদ্ধি পাব। কন্যা সন্তান জন্মৰ বাবে লক্ষ্ণৌৰ বিপক্ষে খেলিব নোৱাৰা কে এল ৰাহুলে ইতিমধ্যে দলত যোগদান কৰিছে।
গতিকে আজি ৰাহুলে মূল একাদশত স্থান পোৱাটো প্ৰায় নিশ্চিত। অৱশ্যে তেওঁ বেটিং ক্ৰমৰ কোনটও স্থানত আজি বেটিং কৰিব, সেয়া লক্ষণীয় হ’ব। ৰাহুলৰ অন্তৰ্ভুক্তিৰ বাবে দিল্লীৰ মূল একাদশতো কিছু পৰিৱৰ্তন ঘটিব পাৰে। আনহাতে ছানৰাইজাৰ্ছ হায়দৰাবাদে আজিও পূৰ্বৰ দুখন মেচৰ মূল একাদশেৰেই আজি দিল্লীৰ বিপক্ষে নামিব পাৰে। চাওঁ আহক দুয়ো দলৰ সম্ভাৱ্য একাদশ-
দিল্লী কেপিটেলছৰ সম্ভাৱ্য একাদশ আৰু ইম্পেক্ট চাবঃ জেক ফ্ৰেজাৰ-মেকগুৰ্ক, ফাফ ডু প্লেছিছ, অভিষেক প’ৰেল, কে এল ৰাহুল, অক্ষৰ পেটেল (অধিনায়ক), ট্ৰিষ্টান ষ্টাবছ, আশুতোষ শৰ্মা, বিপ্ৰজ নিগম, মিচেল ষ্টাৰ্ক, কুলদীপ যাদৱ, মোহিত শৰ্মা, মুকেশ কুমাৰ।
ছানৰাইজাৰ্ছ হায়দৰাবাদ্ৰ সম্ভাৱ্য একাদশ আৰু ইম্পেক্ট চাবঃ ট্ৰেভিছ হেড, অভিষেক শৰ্মা, ঈশান কিষাণ, নীতিশ কুমাৰ ৰেড্ডী, হেইনৰিখ ক্লাচেন, অনিকেত বাৰ্মা, অভিনৱ মনোহৰ, পেট কামিন্স (অধিনায়ক), হৰ্ষল পেটেল, মহম্মদ ছামি, চিমৰজীৎ সিং, আডাম জাম্পা।