শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

SRH vs GT Live Score, IPL 2025: এফালে গৃহভূমিত ‘মিয়া মেজিক’, আনফালে মুখচেকেচা ছানৰাইজাৰ্ছৰঃ জয়ৰ ধাৰা অব্যাহত টাইটানছৰ

Sunrisers Hyderabad vs Gujarat Titans Live Score in Assamese: চূড়ান্ত হতাশাজনক প্ৰদৰ্শনেৰে ক্ৰমাগত চতুৰ্থ পৰাজয়ৰ সন্মুখীন হৈছে ছানৰাইজাৰ্ছ হায়দৰাবাদ। আজি ঘৰৰ মাটিতে দলটোক ৭ উইকেটত সহজে পৰাস্ত কৰে গুজৰাট টাইটানছে। দলটোৰ এই জয়ত বিশেষকৈ উজলি উঠে পেচাৰ মহম্মদ চিৰাজ আৰু অধিনায়ক গিল।

monjit-dutta
Monjit Dutta | Updated On: 06 Apr 2025 23:05 PM
SRH vs GT Live Score, IPL 2025: এফালে গৃহভূমিত ‘মিয়া মেজিক’, আনফালে মুখচেকেচা ছানৰাইজাৰ্ছৰঃ জয়ৰ ধাৰা অব্যাহত টাইটানছৰ
আজি হায়দৰাবাদৰ বিপক্ষে গুজৰাট

আই পি এলৰ আজিৰ মেচত মুখামুখি হ’ব ছানৰাইজাৰ্ছ হায়দৰাবাদ আৰু গুজৰাট টাইটানছ। হায়দৰাবাদৰ ৰাজীৱ গান্ধী আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত অনুষ্ঠিত হ’ব চলিত ছিজনৰ এই ১৯ সংখ্যক মেচখন। তেনে স্থিতিত প্ৰথম মেচৰ জয়ৰ পিছতে ছন্দপতন ঘটা হায়দৰাবাদে আজি ঘৰৰ মাটিত প্ৰত্যাৱৰ্তনৰ সুৱৰ্ণ সুযোগ লাভ কৰিব। অৱশ্যে প্ৰথম মেচত পৰাস্ত হোৱাৰ পিছত পৰৱৰ্তী দুয়োখন মেচত শক্তিশালী প্ৰত্যাৱৰ্তনেৰে বৰ্তমান পইণ্ট তালিকাত তৃতীয় স্থানত থকা গুজৰাটৰ বিপক্ষে হায়দৰাবাদৰ এই চেষ্টা সহজো নহ’ব। কিন্তু আগ্ৰাসী বেটিঙৰ বাবে পৰিচিত হায়দৰাবাদৰ বেটাৰসকলে ছন্দ ঘূৰাই পালে মেচৰ গতি যিকোনো সময়তে সলনি হোৱাৰ সম্ভাৱনাও নুই কৰিব নোৱাৰি।

LIVE NEWS & UPDATES

The liveblog has ended.
  • 06 Apr 2025 11:03 PM (IST)

    সহজ জয় গুজৰাটৰ

    অধিনায়ক গিলৰ অপৰাজিত ৬১ ৰানৰ লগতে ৰাদাৰফ’ৰ্ডৰ খৰতকীয়া ৩৫ ৰানৰ সহায়ত মাত্ৰ ১৬.৪ অভাৰতে জয়ৰ লক্ষ্যত উপনীত হৈছে গুজৰাট টাইটানছ। আনহাতে চলিত ছিজনত হতাশাজনক প্ৰদৰ্শন অব্যাহত ৰাখি ক্ৰমাগত চতুৰ্থ পৰাজয়ৰ সন্মুখীন হৈছে ছানৰাইজাৰ্ছ হায়দৰাবাদ।

  • 06 Apr 2025 10:38 PM (IST)

    অন্ত পৰিল সুন্দৰৰ চমক

    প্ৰথমখন মেচতে দৰ্শনীয় বেটিঙেৰে সকলোৰে দৃষ্টি আকৰ্ষণ কৰি বিদায় ল’লে ৱাশ্বিংটন সুন্দৰে। ২৯টা বলত ৫টা চাৰি আৰু দুটা ছয়েৰে ৪৯ ৰান সংগ্ৰহ কৰি ছামিৰ বলত আউট হয় সুন্দৰ।

  • 06 Apr 2025 10:33 PM (IST)

    গিলৰ অৰ্ধশতক

    অধিনায়কোচিত বেটিঙেৰে দলক ক্ৰমাৎ জয়ৰ দিশলৈ আগবঢ়াই নিছে শুভমন গিলে। ক্ৰীজত ধৈৰ্যশীল বেটিঙেৰে গিলে ৩৭টা বলত নিজৰ অৰ্ধশতক সম্পূৰ্ণ কৰিছে।

  • 06 Apr 2025 10:02 PM (IST)

    ‘অভিষেক’ মেচত ৱাশ্বিংটনৰ সুন্দৰ প্ৰদৰ্শন

    চলিত ছিজনত নিজৰ মেচ খেলিছে ৱাশ্বিংটন সুন্দৰে। লগতে গুজৰাটৰ হৈ সুন্দৰে আজি ঘটাইছে অভিষেক। প্ৰথমখন মেচতে সুন্দৰে আৰম্ভণিতেই দিছে আক্ৰমণাত্মক শৈলীৰ পৰিচয়। মাত্ৰ ৯টা বলতে তেওঁ এইপৰ্যন্ত সংগ্ৰহ কৰিছে ২৩ ৰান।

  • 06 Apr 2025 09:50 PM (IST)

    বাটলাৰক বিদায় দিলে কামিন্সে

    গুজৰাটৰ বেটিং বিভাগৰ অন্যতম প্ৰধান কাণ্ডাৰী জ’ছ বাটলাৰেও এৰিছে ক্ৰীজ। অধিনায়ক পেট কামিন্সৰ এটা ইনছুইঙৰ চিকাৰ হৈছে বাটলাৰ। এই উইকেট পতনৰ পিছত ক্ৰীজলৈ আহিছে ৱাশ্বিংটন সুন্দৰ।

  • 06 Apr 2025 09:44 PM (IST)

    ছাইৰ বিদায়

    ফৰ্মত থকা যুৱ বেটাৰ ছাই সুদৰ্শনৰ উইকেট হেৰুৱাইছে গুজৰাটে। হায়দৰাবাদৰ বলিং আক্ৰমণৰ মূল হোতা স্বৰূপ মহম্মদ ছামিয়েই প্ৰত্যাশিতভাৱে দলক দিছে প্ৰথমটো সফলতা।

  • 06 Apr 2025 09:26 PM (IST)

    লক্ষ্য ১৫৩, ক্ৰীজত ছাই-গিল

    জয়ৰ বাবে ১৫৩ ৰানৰ লক্ষ্য অনুসৰণ কৰিবলৈ ক্ৰীজলৈ আহিছে গুজৰাটৰ অপেনাৰদ্বয় ছাই সুদৰ্শন আৰু শুভমন গিল। এই দুই বেটাৰৰ ওপৰত বহুখিনি নিৰ্ভৰ কৰিব গুজৰাটৰ জয়ৰ চেষ্টা। ইফালে হায়দৰাবাদৰ হৈ বলিং মুকলি কৰিছে মহম্মদ ছামিয়ে।

  • 06 Apr 2025 09:16 PM (IST)

    হায়দৰাবাদৰ সংগ্ৰহ ১৫২ ৰান

    বেটিং ব্যৰ্থতাৰ ফলশ্ৰুতিত ১৫২ ৰানত থমকিবলগা হৈছে হায়দৰাবাদ। ইনিংছৰ শেষৰ ফালে অধিনায়ক পেট কামিন্সে খেলা ৯ বলত ২২ ৰানৰ ইনিংছৰ লগতে ছামিয়ে অন্তিম দুটা বলত সংগ্ৰহ কৰা ৬ ৰানৰ সহায়ত ১৫০ৰ পাৰ কৰিবলৈ সক্ষম হয় ঘৰুৱা দলটোৱে। এইদৰে জয়ৰ বাবে ১৫৩ ৰানৰ লক্ষ্য লাভ কৰিছে গুজৰাটে।

  • 06 Apr 2025 09:07 PM (IST)

    চিৰাজৰ হাতলৈ চৰ্তুৰ্থটো উইকেট

    গৃহ চহৰত চমকপ্ৰদ বলিঙেৰে উজলিছে চিৰাজ। নিজ স্পেলৰ প্ৰথম ভাগত দুটা উইকেট দখল কৰাৰ পিছত অন্তিম অভাৰত চিৰাজে দখল কৰিছে আন দুটা উইকেট। বিদায় দিছে অনিকেত বাৰ্মা আৰু চিমৰজিৎ সিঙক।

  • 06 Apr 2025 08:58 PM (IST)

    মেণ্ডিছক বিদায় দিলে কৃষ্ণই

    প্ৰসিধ কৃষ্ণই দখল কৰিছে নিজ স্পেলৰ দ্বিতীয়টো উইকেট। এইবাৰ তেওঁৰ চিকাৰ হৈছে কামিন্দু মেণ্ডিছ। ইয়াৰ লগে হায়দৰাবাদে হেৰুৱাইছে ষষ্ঠটো উইকেট।

  • 06 Apr 2025 08:45 PM (IST)

    মন্থৰ ইনিংছ খেলি নীতিশৰ বিদায়

    অব্যাহত আছে নীতিশ কুমাৰ ৰেড্ডীৰ দুৰ্বল ফৰ্ম। আজি ঘৰৰ মাটিত নীতিশে ৩১ ৰান সংগ্ৰহ কৰে যদিও ইয়াৰ বাবে তেওঁ খেলিবলগা হয় ৩৪টা বল। এই মন্থৰ ইনিংছ খেলি ছাই সুদৰ্শনৰ চিকাৰ হয় নীতিশ।

  • 06 Apr 2025 08:38 PM (IST)

    ক্লাছেনৰ বিদায়

    ক্ৰমাৎ আক্ৰমণাত্মক শৈলী গ্ৰহণৰ ফালে গতি কৰা হেনৰিখ ক্লাছেনক বিদায় দি দলক শংকামুক্ত কৰিছে ছাই সুদৰ্শনে। ১৯টা বলত ২৭ ৰান সংগ্ৰহ কৰি দলৰ স্ক’ৰ শতকৰ ঘৰলৈ নিয়ে ক্লাছেনে।

  • 06 Apr 2025 08:12 PM (IST)

    এইবাৰ প্ৰসিধ কৃষ্ণৰ হাতলৈ উইকেট

    মাত্ৰ ৫০ ৰানতে শীৰ্ষক্ৰমৰ তিনিগৰাকী বেটাৰৰ উইকেট হেৰুৱাই বিপদত পৰিছে হায়দৰাবাদ। এইবাৰ মাত্ৰ ১৯ ৰান সংগ্ৰহ কৰি প্ৰসিধ কৃষ্ণৰ বলত আউট হৈ ক্ৰীজ এৰিলে ঈশান কিষাণে।

  • 06 Apr 2025 07:56 PM (IST)

    অভিষেককো বিদায় দিলে চিৰাজে

    হেডৰ পিছত হায়দৰাবাদৰ আনগৰাকী অপেনাৰ অভিষেক শৰ্মাকো পেভিলিয়নৰ পথ দেখুৱাইছে মহম্মদ চিৰাজে। ৰাহুল তেৱাটীয়াৰ হাতত কেচ তুলি দি বিদায় লোৱা অভিষেকৰ বেটৰ পৰা আহে ১৮ ৰান।

  • 06 Apr 2025 07:37 PM (IST)

    প্ৰথম অভাৰতে হেডৰ বিদায়

    আশা কৰাৰ দৰে দলক এক বিস্ফোৰক আৰম্ভণি দিয়াত পুনৰ ব্যৰ্থ হৈছে ট্ৰেভিছ হেড। মহম্মদ চিৰাজে প্ৰথম অভাৰৰ অন্তিমটো বলত হেডক দেখুৱাইছে পেভিলিয়নৰ পথ।

  • 06 Apr 2025 07:32 PM (IST)

    ক্ৰীজত অভিষেক-হেড, চিৰাজৰ হাতত বল

    হায়দৰাবাদৰ ইনিংছ আৰম্ভ কৰিছে অপেনাৰদ্বয় অভিষেক শৰ্মা আৰু ট্ৰেভিছ হেড যুটিয়ে। আনহাতে মহম্মদ চিৰাজে গুজৰাট টাইটানছাৰ হৈ বলিং আৰম্ভ কৰিছে।

  • 06 Apr 2025 07:19 PM (IST)

    পৰস্পৰৰ বিপক্ষে পূৰ্বৰ প্ৰদৰ্শন

    এইপৰ্যন্ত ছানৰাইজাৰ্ছ হায়দৰাবাদ আৰু গুজৰাট টাইটানছে পৰস্পৰৰ বিপক্ষে ৪খন মেচ খেলিছে। এই চাৰিখন মেচৰ ভিতৰত ৩ খনতে জয়লাভ কৰিছে গুজৰাটে। আনহাতে মাত্ৰ ১খন মেচত জয়ৰ মুখ দেখিছে হায়দৰাবাদে।

  • 06 Apr 2025 07:12 PM (IST)

    গুজৰাট টাইটানছৰ মূল একাদশ

    গুজৰাট টাইটানছৰ মূল একাদশত আজি সুযোগ পাইছে ৱাশ্বিংটন সুন্দৰে। দলটোৰ মূল একাদশ হ’ব এনেধৰণৰ- ছাই সুদৰ্শন, শুভমন গিল (অধিনায়ক), জ’ছ বাটলাৰ, শ্বাহৰুখ খান, ৰাহুল তেৱাটিয়া, ৱাশ্বিংটন সুন্দৰ, ৰছিদ খান, ৰবিশ্ৰীনিবাসন ছাই কিশোৰ, মহম্মদ চিৰাজ, প্ৰসিধ কৃষ্ণ, ইশান্ত শৰ্মা।

  • 06 Apr 2025 07:10 PM (IST)

    ছানৰাইজাৰ্ছ হায়দৰাবাদৰ মূল একাদশ

    ছানৰাইজাৰ্ছ হায়দৰাবাদৰ মূল একাদশত আজি দেখা পোৱা যাব ট্ৰেভিছ হেড, অভিষেক শৰ্মা, ঈশান কিষাণ, নীতিশ কুমাৰ ৰেড্ডী, হেনৰিখ ক্লাছেন, অনিকেত বাৰ্মা, কামিন্দু মেণ্ডিছ, পেট কামিন্স (অধিনায়ক), জিছান আনচাৰী, জয়দেৱ উনাডকাট, মহম্মদ ছামিক।

  • 06 Apr 2025 07:07 PM (IST)

    টছত জয়ী হৈ গিলৰ প্ৰথমে ফিল্ডিঙৰ সিদ্ধান্ত

    দুয়ো দলৰ অধিনায়কদ্বয় ক্ৰমে পেট কামিন্স আৰু শুভমন গিলৰ মাজত ইতিমধ্যে টছ হৈ গৈছে। টছত জয়ী হৈ গুজৰাটৰ অধিনায়ক গিলে প্ৰথমে ফিল্ডিং কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

Published On - Apr 06,2025 7:05 PM