SRH vs GT Predicted Playing XI IPL 2025: গুজৰাটৰ বিপক্ষে ঘৰুৱা ভূমিত আজি আগ্ৰাসী শৈলীৰ ফল পাবনে হায়দৰাবাদে? চাওক সম্ভাৱ্য একাদশ
Sunrisers Hyderabad vs Gujarat Titans Preview: আই পি এল ২০২৫ৰ আজি ১৯ সংখ্যক মেচত অৱতীৰ্ণ হ’ব ছানৰাইজাৰ্ছ হায়দৰাবাদ আৰু গুজৰাট টাইটানছ। হায়দৰাবাদে আজি ছিজনত নিজৰ পঞ্চমখন মেচ খেলাৰ বিপৰীতে গুজৰাটে খেলিব নিজৰ চতুৰ্থখন মেচ। এইপৰ্যন্ত এখন মেচ বেছি খেলিলেও পিছে পইণ্ট তালিকাত গুজৰাটতকৈ বহু পিছত আছে হায়দৰাবাদ।

আই পি এল ২০২৫ৰ আজি ১৯ সংখ্যক মেচত অৱতীৰ্ণ হ’ব ছানৰাইজাৰ্ছ হায়দৰাবাদ আৰু গুজৰাট টাইটানছ। হায়দৰাবাদে আজি ছিজনত নিজৰ পঞ্চমখন মেচ খেলাৰ বিপৰীতে গুজৰাটে খেলিব নিজৰ চতুৰ্থখন মেচ। এইপৰ্যন্ত এখন মেচ বেছি খেলিলেও পিছে পইণ্ট তালিকাত গুজৰাটতকৈ বহু পিছত আছে হায়দৰাবাদ। বিগত বৰ্ষৰ ৰাণাৰ্ছ আপ দলটোৱে প্ৰথমখন মেচত সহজ জয়েৰে ছিজনৰ আৰম্ভণি ঘটাইছিল যদিও তাৰ পিছতে ছন্দ হেৰুৱায়। শেহতীয়া তিনিওখন মেচত পৰাজয়ৰ পিছত দলটোৱে এতিয়া পইণ্ট তালিকাৰ অন্তিম স্থানত থাকিবলগা হৈছে।
ইফালে প্ৰথম মেচত পৰাস্ত হ’লেও শক্তিশালী প্ৰত্যাৱৰ্তনেৰে পৰৱৰ্তী দুয়োখন মেচত জয়লাভ কৰিছে গুজৰাট টাইটানছে। এইদৰে গুজৰাট সম্প্ৰতি পইণ্ট তালিকাৰ তৃতীয় স্থানত উপনীত হৈছে। গতিকে আজি হায়দৰাবাদৰ বিপক্ষে জয়ৰ ধাৰা অব্যাহত ৰখাৰ চেষ্টাৰে খেলপথাৰত নামিব বিচাৰিব গুজৰাট। আনহাতে ধাৰাবাহিক বিফলতাৰ পিছত আজি হায়দৰাদেও ঘৰৰ মাটিত জয়ৰ পথলৈ উভতাৰ চেষ্টা চলাব।
আক্ৰমণাত্মক বেটিং শৈলীৰ বাবে পৰিচিত হায়দৰাবাদে এই ছিজনত প্ৰথমখন মেচত প্ৰত্যাশিত প্ৰদৰ্শন দেখুৱাইছিল যদিও পৰৱৰ্তী আটাইকেইখন মেচতে ৰান সংগ্ৰহত বিশেষ সফল হোৱা নাই। বিশেষকৈ দলৰ শীৰ্ষক্ৰমৰ বেটাৰত্ৰয় অভেষেক শৰ্মা, ট্ৰেভিছ হেড আৰু ঈষান কিষাণে আশানুৰূপ প্ৰদৰ্শন আগবঢ়াব পৰা নাই। ব্যৰ্থ হৈছে নীতিশ ৰেড্ডীও। ইয়াৰ ফলত অতিৰিক্ত হেঁচাৰ সন্মুখীন হৈছে হেনৰিখ ক্লাছেন।
ইয়াৰ বিপৰীতে গুজৰাটৰ শীৰ্ষক্ৰমৰ তিনিওগৰাকী বেটাৰ ক্ৰমে ছাই সুদৰ্শন, জ’ছ বাটলাৰ আৰু শুভমন গিলে স্ক’ৰব’ৰ্ড আগবঢ়াই নিয়াত প্ৰত্যাশিত ভূমিকা পালন কৰিছে। অৱশ্যে মিডল অৰ্ডাৰত দলটোৱে কিছু সমস্যাৰ সন্মুখীন নোহোৱাকৈ থকা নাই। দলৰ পেচ আক্ৰমণত চিৰাজে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। লক্ষণীয়ভাৱে ব্যক্তিগত কাৰণত স্বগৃহলৈ উভতাৰ বাবে আজিৰ মেচত দলত নাথাকিব কেগিছ’ ৰাবাডা।
চাওঁ আহক আজিৰ মেচত দুয়ো দলৰ সম্ভাৱ্য একাদশ-
গুজৰাট টাইটানছৰ সম্ভাৱ্য একাদশ আৰু ইম্পেক্ট চাবঃ ছাই সুদৰ্শন, শুভমন গিল (অধিনায়ক), জ’ছ বাটলাৰ, শ্বেৰফানে ৰাডাৰফৰ্ড, শ্বাহৰুখ খান, ৰাহুল তেৱাটিয়া, আৰ্শ্বাদ খান, ৰছিদ খান, ৰবিশ্ৰীনিবাসন ছাই কিশোৰ, মহম্মদ চিৰাজ, প্ৰসিধ কৃষ্ণ, ইশান্ত শৰ্মা।
ছানৰাইজাৰ্ছ হায়দৰাবাদৰ সম্ভাৱ্য একাদশ আৰু ইম্পেক্ট চাবঃ ট্ৰেভিছ হেড, অভিষেক শৰ্মা, ঈশান কিষাণ, নীতিশ কুমাৰ ৰেড্ডী, অনিকেত বাৰ্মা, হেনৰিখ ক্লাছেন, কামিন্দু মেণ্ডিছ, চিমৰজিৎ সিং/জয়দেৱ উনাডকাট, পেট কামিন্স (অধিনায়ক), হৰ্ষল পেটেল, মহম্মদ ছা্মি, জিছান আনচাৰী।