SRH vs LSG Live Score, IPL 2025: নিজামৰ ভূমিত উৰিল পণ্ট বাহিনীৰ বিজয় ধ্বজাঃ আনচ’ল্ড শ্বাৰ্দুলে দিলে চমক
Sunrisers Hyderabad vs Lucknow Super Giants, Live Score in Assamese: আজি আই পি এল ২০২৫ৰ সপ্তমখন মেচত মুখামুখি হৈছিল ছানৰাইজাৰ্ছ হায়দৰাবাদ আৰু লক্ষ্ণৌ চুপাৰ জায়েণ্টছ। হায়দৰাবাদৰ ৰাজীৱ গান্ধী আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত অনুষ্ঠিত হোৱা এই মেচখনত হায়দৰাবাদক সহজে ৫ উইকেটত পৰাস্ত কৰি ছিজনৰ প্ৰথম জয় সাব্যস্ত কৰিছে লক্ষ্ণৌৱে।

আজি আই পি এল ২০২৫ৰ সপ্তমখন মেচত মুখামুখি হ’ব ছানৰাইজাৰ্ছ হায়দৰাবাদ আৰু লক্ষ্ণৌ চুপাৰ জায়েণ্টছ। হায়দৰাবাদৰ ৰাজীৱ গান্ধী আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত অনুষ্ঠিত হ’ব এই মেচখন। দুয়োটা দলৰ ক্ষেত্ৰত এই মেচখন চলিত ছিজনৰ দ্বিতীয় মেচ হ’ব। ছানৰাইজাৰ্ছ হায়দৰাবাদে ছিজনত নিজৰ প্ৰথমখন ৰাজস্থান ৰয়েলছৰ বিপক্ষে ২৮৬ ৰানৰ বৃ্হৎ স্ক’ৰ থিয় কৰি জয়লাভ কৰাৰ বিপৰীতে লক্ষ্ণৌ চুপাৰ জায়েণ্টছে ২০৯ ৰান সংগ্ৰহ কৰিও দিল্লী কেপিটেলছৰ বিপক্ষে পৰাজয়ৰ সন্মুখীন হৈছিল। সেয়ে দুয়োটা দলৰ মাজত আজি এখন হাই স্ক’ৰিং মেচৰ আশা কৰিছে অনুৰাগীয়ে।
LIVE NEWS & UPDATES
-
শ্বাৰ্দুললৈ মেচৰ শ্ৰেষ্ঠ সন্মান
দৰ্শনীয় বলিং স্পেলৰ বাবে শ্বাৰ্দুল ঠাকুল মেচৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে বিবেচিত হৈছে। নিজৰ ৪ অভাৰৰ স্পেলত শ্বাৰ্দুলে ৩৪ ৰান খৰচ কৰি অভিষেক, ঈষান, অভিনৱ আৰু ছামিৰ উইকেট দখল কৰিছিল। আজিৰ প্ৰদৰ্শনেৰে তেওঁ পাৰ্পল কেপো নিজৰ হাতলৈ আনিছে।
-
লক্ষ্ণৌৰ সহজ জয়
প্ৰথমখন মেচত পৰাস্ত হ’লেও আজি ছানৰাইজাৰ্ছ হায়দৰাবাদক পৰাস্ত কৰি ছিজনত প্ৰথম জয়ৰ সোৱাদ লাভ কৰিছে লক্ষ্ণৌ চুপাৰ জায়েণ্টছে। প্ৰথমে শ্বাৰ্দুল ঠাকুৰৰ দৰ্শনীয় বলিঙৰ পিছত পুৰাণ আৰু মাৰ্শ্বৰ আক্ৰমণাত্মক অৰ্ধশতকৰ সহায়েৰে ৫ উইকেটত সহজ জয় সাব্যস্ত কৰে লক্ষ্ণৌৱে।
-
পণ্টক বিদায় দিলে হৰ্ষলে
হঠাতে সলনি হৈছে মেচৰ স্থিতি। এইবাৰ পতন ঘটিছে ঋষভ পণ্টৰ। হৰ্ষল পেটেলৰ বলত ছামিৰ হাতত কেচ দি বিদায় লয় পণ্টে। এইদৰে ক্ৰমাগত দ্বিতীয়খন মেচত ব্যৰ্থ হৈছে আই পি এলৰ আটাইতকৈ দামী খেলুৱৈগৰাকী।
-
হৰ্ষলৰ চমকে বিদায় দিলে বাদনিক
এক চমকপ্ৰদ কেচ আয়ত্ব কৰি আয়ুস বাদনিক পেভিলিয়নৰ পথ দেখুৱালে হৰ্ষল পেটেলে। অৱশ্যে হৰ্ষলে কেচ আয়ত্ব কৰিলেও এই উইকেট যায় আডাম জাম্পাৰ হাতলৈ।
-
অৰ্ধশতক কৰি আউট হ’ল মাৰ্শ্ব
মাত্ৰ ৩১ টা ব্লত ৫২ ৰানৰ এক দৰ্শনীয় অৰ্ধশতীয় ইনিংছ খেলি বিদায় ল’লে মিচেল মাৰ্শ্বে। পুৰাণৰ পিছতে মাৰ্শ্বকো বিদায় দিয়ে পেট কামিন্সে।
-
পুৰাণক বিদায় দিলে কামিন্সে
মাত্ৰ ২৬টা বলতে ৭০ ৰানৰ এক বিস্ফোৰক ইনিংছ খেলি বিদায় ল’লে নিকোলাছ পুৰাণে। ছটাকৈ ৪ আৰু ৬ কোবাই এই ইনিংছটো সজায় তাৰকাগৰাকীয়ে। পুৰাণৰ উইকেট দখল কৰে অধিনায়ক পেট কামিন্সে।
-
১০০ পাৰ হ’ল লক্ষ্ণৌৰ
নিকোলাছ পুৰাণ আৰু মিচেল মাৰ্শ্বৰ দায়িত্বশীল বেটিঙৰ সহায়ত লক্ষ্ণৌৰ ইনিংছত শতক সম্পূৰ্ণ হৈছে। মাত্ৰ ৭.৪ অভাৰতে দলৰ স্ক’ৰ শতকৰ পাৰ হয়।
-
পুৰাণৰ বিস্ফোৰক অৰ্ধশতক
বিধ্বংসী বেটিঙেৰে লক্ষ্ণৌৰ জয়ৰ ভেটি গঢ়িছে নিকোলাছ পুৰাণে। মাত্ৰ ১৮ টা বলতে অৰ্ধশতক সম্পূৰ্ণ কৰি পুৰাণে হায়দৰাবাদৰ বলিং আক্ৰমণ প্ৰায় নিষ্প্ৰভ কৰি তুলিছে।
-
পাৱাৰ প্লে’ত সংগ্ৰহ ৭৭ ৰান
পাৱাৰ প্লে’ৰ সমাপ্তিলৈ ১ উইকেটত ৭৭ ৰান সংগ্ৰহ কৰি শক্তিশালী স্থিতিত উপনীত হৈছে লক্ষ্ণৌ চুপাৰ জায়েণ্টছ।
-
৫০ ৰান সম্পূৰ্ণ লক্ষ্ণৌৰ
আৰম্ভণিতেই মাৰ্ক্ৰামৰ উইকেট হেৰুৱালেও মাৰ্শ্ব আৰু পুৰাণৰ আক্ৰমণাত্মক বেটিঙৰ সুবাদত মাত্ৰ ৪.২ অভাৰতে ৫০ ৰানৰ সীমা পাৰ কৰিছে লক্ষ্ণৌ চুপাৰ জায়েণ্টছে।
-
ব্যৰ্থ মাৰ্ক্ৰাম, ছামিয়ে পালে সফলতা
ব্যৰ্থ হৈছে এইডেন মাৰ্ক্ৰাম। মাত্ৰ ১ ৰান কৰিয়েই মাৰ্ক্ৰাম উভতে পেভিলিয়নলৈ। তেওঁক বিদায় দি মহম্মদ ছামিয়ে দলক দিয়ে প্ৰথমটো সফলতা।
-
১৯০ ৰান সংগ্ৰহ হায়দৰাবাদৰ
চিৰ পৰিচিত শৈলীৰে বৃ্হৎ স্ক’ৰ থিয় কৰাত বিফল হ’লেও ১৯০ ৰানৰ প্ৰত্যাহ্বানজনক স্ক’ৰ থিয় কৰাইছে ছানৰাইজাৰ্ছ হায়দৰাবাদে। উইকেটৰ সঘন পতনৰ ফলত ২০ অভাৰৰ সমাপ্তিত ৯উইকেটত এই স্ক’ৰত থমকিবলৈ বাধ্য হয় দলটো আৰু লক্ষ্ণৌৰ সমুখত ১৯১ ৰানৰ লক্ষ্য বান্ধি দিয়ে।
-
শ্বাৰ্দুলৰ অনন্য সাফল্য
হায়দৰাবাদৰ ইনিংছত চতুৰ্থটো উইকেট দখল কৰিছে শ্বাৰ্দুল ঠাকুৰে। এইবাৰ শ্বাৰ্দুলৰ চিকাৰ হয় মহম্মদ ছামি। এই উইকেটটোৰে আই পি এলত ১০০টা উইকেট সম্পূৰ্ণ কৰে শ্বাৰ্দুলে।
-
’হেট্ৰিক’ পূৰ কৰি আউট হ’ল কামিন্স
বলেৰে নহয়, বেটেৰে হেট্ৰিক অৰ্জন কৰিছে পেট কামিন্সে। শ্বাৰ্দুল ঠাকুৰৰ বলত দুটা আৰু আভেশ খানৰ বলত এটা, ক্ৰমাগত ৩টা বলত ৩টা ছয় কোবোৱাৰ পিছত চতুৰ্থটো বলত আউট হয় হায়দৰাবাদৰ অধিনায়কগৰাকী।
-
শ্বাৰ্দুলৰ হাতলৈ আন এটা উইকেট
অভিনৱ মনোহৰক বিদায় দি মেচত তৃতীয়টো সফলতা লাভ কৰিছে শ্বাৰ্দুল ঠাকুৰে। অভিনৱ মনোহৰৰ বেটৰ পৰা আহে মাত্ৰ ২ ৰান।
-
অন্ত পৰিল অনিকেতৰ চমক
মাত্ৰ ১৩টা বলত ৫টা ছয়েৰে ৩৬ ৰানৰ বিধ্বংসী ইনিংছ খেলি বিদায় ল’লে অনিকেত বাৰ্মাই। অনিকেতক পেভিলিয়নৰ পথ দেখুৱায় দিগৱেশ ৰাঠীয়ে।
-
নীতিশৰ উইকেট দখল বিষ্ণৈৰ
নিজ স্পেলৰ প্ৰথমটো উইকেটৰ ৰূপত নীতিশ কুমাৰ ৰেড্ডীক বিদায় দি নিজ দলক আন এক সফলতা প্ৰদান কৰিছে ৰবি বিষ্ণৈয়ে। ধৈৰ্যসহকাৰে ইনিংছ আগুৱাই নিয়া নীতিশে ৰানৰ গতি খৰ কৰাৰ চেষ্টাত ৩২ ৰান সংগ্ৰহ কৰি বিদায় লয়।
-
ক্লাছেনো উভতিল পেভিলিয়নলৈ, চিন্তিত হায়দৰাবাদ
বিপদত পৰিছে ছানৰাইজাৰ্ছ হায়দৰাবাদ। পেভিলিয়নলৈ উভতিছে দলৰ বেটিং আক্ৰমণৰ অন্যতম প্ৰধান ভৰসা হেইনৰিখ ক্লাছেন। দুৰ্ভাগ্যজনকভাৱে ৰান আউট হৈ ১৭ বলত ২৬ ৰান সংগ্ৰহ কৰি ক্লাছেনে বিদায় লয়।
-
শতক পূৰ হ’ল হায়দৰাবাদৰ
শীৰ্ষক্ৰমৰ তিনিগৰাকী বেটাৰৰ উইকেট পতনৰ পিছত ৰানৰ গতি কিছু হ্ৰাস হ্ৰাস পাইছে হায়দৰাদৰ। দলটোৱে ইনিংছৰ ১০.৪ অভাৰত ১০০ ৰানৰ সীমা অতিক্ৰম কৰে। ক্লাছেনে বিষ্ণৈৰ বলত এটা চাৰি কোবাই দলৰ স্ক’ৰ ১০০ৰ পাৰ কৰায়।
-
প্ৰিন্সে বিদায় দিলে হেডক
দুবাৰ জীৱনদান পালেও অধিক সময় নিটিকিল ট্ৰেভিছ হেড। ব্যক্তিগত ৪৭ ৰানৰ স্ক’ৰত হেডক বিদায় দিয়ে প্ৰিন্স যাদৱে। উল্লেখ্য যে আই পি এলত এয়া প্ৰিন্সৰ প্ৰথমটো উইকেট।
-
ভাগ্য সদয় হেডৰ
পুনৰ এবাৰ জীৱনদান পাইছে হেডে। এইবাৰ বিষ্ণৈৰ হাতত কট এণ্ড বলৰ সুযোগ আছিল যদিও যথেষ্ট জোৰত অহা এই কেচটো আয়ত্ব কৰাত বিফল হয় আৰু এইদৰে একেটা অভাৰতে দ্বিতীয়বাৰ জীৱনদান পায় হেডে।
-
জীৱনদান পালে ট্ৰেভিছ হেডে
বিস্ফোৰক বেটাৰ ট্ৰেভিছ হেডে পাইছে জীৱনদান। ব্যক্তিগত ৩৫ ৰানৰ ব্যক্তিগত স্ক’ৰত হেডে বিষ্ণৈৰ বলত তুলি দিয়া এটা সহজ কেচ ড্ৰপ কৰে নিকোলাছ পুৰাণে। জীৱনদান পোৱাৰ পিছতে হেডে এটা ছয়েৰে যেন লক্ষ্ণৌক এই ভুলৰ উচিত শিক্ষা দিছে।
-
৫০ ৰান সম্পূৰ্ণ হায়দৰাবাদৰ
দুটা উইকেট হেৰুৱালেও আক্ৰমণাত্মক বেটিং শৈলী অব্যাহত আছে হায়দৰাবাদৰ। বিশেষকৈ ট্ৰেভিছ হেডৰ বিস্ফোৰক বেটিঙৰ সুবাদত দলটোৱে ৪.৪ অভাৰতে ৫০ ৰানৰ সীমা অতিক্ৰম কৰে।
-
শ্বাৰ্দুলৰ চমকেৰে লক্ষ্ণৌৰ দৃঢ় আৰম্ভণি
ইনিংছৰ তৃতীয় অভাৰতে ক্ৰমাগত দুটা উইকেট দখল কৰি হায়দৰাবাদক শলঠেকত পেলাইছে শ্বাৰ্দুল ঠাকুৰে। প্ৰথমটো বলত অভিষেকৰ উইকেট দখল কৰাৰ পিছত দ্বিতীয়টো বলত ঈশান কিষাণকো পেভিলিয়নৰ পথ দেখুৱায় শ্বাৰ্দুলে।
-
ক্ৰীজত হেড-অভিষেক
হায়দৰাবাদৰ হৈ ইনিংছ মুকলি কৰিবলৈ ক্ৰীজলৈ আহিছে ট্ৰেভিছ হেড আৰু অভিষেক শৰ্মাই। আনহাতে লক্ষ্ণৌৰ হৈ বলিং মুকলি কৰিছে শ্বাৰ্দুল ঠাকুৰে।
-
ছানৰাইজাৰ্ছ হায়দৰাবাদৰ মূল একাদশ
প্ৰথম মেচৰ দৰেই অপৰিৱৰ্তিত একাদশেৰে আজিৰ মেচত নামিব হায়দৰাবাদত। দলৰ মুল একাদশ হ’ব এনেধৰণৰ- অভিষেক শৰ্মা, ট্ৰেভিছ হেড, ঈশান কিষাণ, নীতিশ কুমাৰ ৰেড্ডী, হেনৰিখ ক্লাচেন, অনিকেত বাৰ্মা, অভিনৱ মনোহৰ, পেট কামিন্স (অধিনায়ক), চিমৰজিৎ সিং, হৰ্ষল পেটেল, মহম্মদ ছামি।
-
লক্ষ্ণৌ চুপাৰ জায়েণ্টছৰ মূল একাদশ
লক্ষ্ণৌ চুপাৰ জায়েণ্টছৰ একাদশত আজি আভেশ খানৰ অন্তৰ্ভুক্তি হৈছে। দলটোৰ মূল একাদশ এনেধৰণৰ- এইডেন মাৰ্ক্ৰাম, মিচেল মাৰ্শ্ব, নিকোলাছ পুৰাণ, ঋষভ পণ্ট (অধিনায়ক), ডেভিড মিলাৰ, আয়ুস বাদনি, শ্বাৰ্দুল ঠাকুৰ, ৰবি বিষ্ণৈ, আভেশ খান, দিগবেশ ৰাঠী, ৰাজকুমাৰ যাদৱ।
-
টছত জয়ী হৈ প্ৰথমে বলিঙৰ সিদ্ধান্ত পণ্টৰ
ইতিমধ্যে দুয়ো দলৰ অধিনায়ক পেট কামিন্স আৰু ঋষভ পণ্টৰ মাজত টছ হৈ গৈছে। টছত জয়ী হৈ লক্ষ্ণৌ চুপাৰ জায়েণ্টছৰ অধিনায়ক ঋষভ পণ্টে প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।
-
জয়ৰ সম্ভাৱনা কাৰ বেছি?
এইপৰ্যন্ত আই পি এলত লক্ষ্ণৌ চুপাৰ জায়েণ্টছ আৰু ছানৰাইজাৰ্ছ হায়দৰাবাদ ৪ বাৰ মুখামুখি হৈছে। এই ৪ বাৰৰ মুখামুখিত লক্ষ্ণৌ ৩বাৰ জয়ী হোৱাৰ বিপৰীতে হায়দৰাবাদ এখন মেচত জয়ী হৈছে।
Published On - Mar 27,2025 6:52 PM