শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

SRH vs RR Live Score, IPL 2025: বিমুখ হ’ল ৰিয়ান, ৰাজস্থানক পৰাস্ত কৰি জয়েৰে অভিযান আৰম্ভ হায়দৰাবাদৰ

Sunrisers Hyderabad vs Rajasthan Royals, Live Score in Assamese: আজি আই পি এল ২০২৫ৰ দ্বিতীয় মেচত সন্মুখীন হৈছিল ছানৰাইজাৰ্ছ হায়দৰাদ আৰু ৰাজস্থান ৰয়েলছ। মেচখনত ৰাজস্থানক ৪৪ ৰানৰ ব্যৱধানত সহজে পৰাস্ত কৰি অভিযান আৰম্ভ কৰিছে যোৱাবাৰৰ ৰাণাৰ্ছ আপ হায়দৰাবাদে।

monjit-dutta
Monjit Dutta | Updated On: 23 Mar 2025 19:36 PM
SRH vs RR Live Score, IPL 2025: বিমুখ হ’ল ৰিয়ান, ৰাজস্থানক পৰাস্ত কৰি জয়েৰে অভিযান আৰম্ভ হায়দৰাবাদৰ
আজি হায়দৰাবাদৰ সমুখত ৰিয়ান নেতৃত্বাধীন ৰাজস্থান

কলকাতাৰ ইডেন গাৰ্ডেনত শনিবাৰে শুভাৰম্ভ ঘটিল আই পি এল ২০২৫ৰ। আজি প্ৰতিযোগিতাৰ দ্বিতীয় মেচত সন্মুখীন হ’ব ছানৰাইজাৰ্ছ হায়দৰাদ আৰু ৰাজস্থান ৰয়েলছ। এই মেচখনত বিশেষ দৃষ্টি থাকিব অসমৰ ক্ৰিকেটপ্ৰেমীৰ। কিয়নো বিগত কেইবাটাও ছিজন ধৰি ৰাজস্থানক প্ৰতিনিধিত্ব কৰি অহা অসম সন্তান ৰিয়ান পৰাগে এইবাৰ দলটোৰ নেতৃত্ব বহন কৰিবলৈ সাজু হৈছে। ছিজনৰ প্ৰথম তিনিখন মেচত ৰিয়ান ৰাজস্থানৰ নেতৃত্বত থাকিব। বিস্ফোৰক বেটিং শৈলীৰ বাবে পৰিচিত ছানৰাইজাৰ্ছ হায়দৰাবাদৰ সমুখত অধিনায়ক হিচাপে নিজৰ প্ৰথমখন মেচ আজি ৰিয়ানৰ বাবে হ’ব অগ্নিপৰীক্ষা।

LIVE NEWS & UPDATES

The liveblog has ended.
  • 23 Mar 2025 07:33 PM (IST)

    ৪৪ ৰানত পৰাস্ত ৰাজস্থান

    ৰাজস্থান ৰয়েলছক ৪৪ ৰানত সহজে পৰাস্ত কৰি আই পি এল ২০২৫ৰ অভিযান আৰম্ভ কৰিছে বিগত ছিজনৰ ৰাণাৰ্ছ আপ ছানৰাইজাৰ্ছ হায়দৰাবাদে।

  • 23 Mar 2025 07:27 PM (IST)

    মুম্বাই ইণ্ডিয়ানছৰ মূল একাদশ

    মুম্বাইৰ মূল একাদশত দেখা যাব ৰোহিত শৰ্মা, ৰিয়ান ৰিকেল্টন(উইকেটকীপাৰ), উইল জেকচ, সূৰ্যকুমাৰ যাদৱ(অধিনায়ক), তিলক বাৰ্মা, নমন ধীৰ, ৰবিন মিঞ্জ, মিচেল চেণ্টনাৰ, দীপক চাহাৰ, ট্ৰেণ্ট ব’ল্ট, সত্যনাৰায়ণ ৰাজুক।

  • 23 Mar 2025 07:21 PM (IST)

    মুম্বাইৰ নেতৃত্বত সূৰ্যকুমাৰ

    নিলম্বনৰ শাস্তি স্বৰূপে আজিৰ মেচখনত দেখা নাযাব মুম্বাই ইণ্ডিয়ানছৰ নিয়মীয়া অধিনায়ক হাৰ্দিক পাণ্ডিয়াক। তেওঁৰ স্থানত মুম্বাইৰ নেতৃত্ব বহন কৰিব সূৰ্যকুমাৰ যাদৱে।

  • 23 Mar 2025 07:19 PM (IST)

    টছত জয়ী হৈ ফিল্ডিঙৰ সিদ্ধান্ত চেন্নাইৰ

    চেন্নাইত অনুষ্ঠিত হ’বলগীয়া মেচখনত টছত জয়ী হৈ চেন্নাইৰ অধিনায়ক ৰুতুৰাজ গায়কোৱাডে প্ৰথমে ফিল্ডিঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

  • 23 Mar 2025 07:16 PM (IST)

    চেন্নাইত মুম্বাই-চেন্নাইৰ হাইপ্ৰফাইল মেচ

    ছানৰাইজাৰ্ছ হায়দৰাবাদ আৰু ৰাজস্থান ৰয়েলছৰ মেচৰ সমাপ্তিৰ পিছতে চেন্নাইত আৰম্ভ হ’ব আই পি এলৰ দুই সফলতম দল চেন্নাই চুপাৰ কিংছ আৰু মুম্বাই ইণ্ডিয়ানছৰ হাইপ্ৰফাইল মেচ।

  • 23 Mar 2025 07:13 PM (IST)

    কামিন্সৰ একেটা অভাৰত তিনিটা ছয় ডুবেৰ

    পৰাজয় প্ৰায় নিশ্চিত হৈ পৰিছে ৰাজস্থান ৰয়েলছৰ। পিছে তাৰ মাজতে পেট কামিন্সৰ এটা অভাৰতে তিনিটা ছয় কোবাই নিজৰ যোগ্যতা প্ৰমাণ কৰিছে শুভম ডুবেই।

  • 23 Mar 2025 07:01 PM (IST)

    জুৰেলৰো বিদায়, জাম্পাৰ সফলতা

    চেমচনৰ পিছতে ক্ৰীজ এৰিছে ধ্ৰুৱ জুৰেলেও। জাম্পাৰ বলত আউট হোৱাৰ সময়লৈ ৩৫টা বলত ৭০ ৰানৰ এক দৰ্শনীয় ইনিংছ খেলে জুৰেলে।

  • 23 Mar 2025 06:58 PM (IST)

    চেমচনক বিদায় দিলে হৰ্ষলে

    ইম্পেক্ট প্লেয়াৰৰ ৰূপত ক্ৰীজলৈ আহি ৩৭টা বলত ৬৬ ৰানৰ এক যুঁজাৰু ইনিংছ খেলি হৰ্ষল পেটেলৰ বলত বিদায় ল’লে সঞ্জু চেমচনে।

  • 23 Mar 2025 06:49 PM (IST)

    জুৰেলৰ অৰ্ধশতক সম্পূৰ্ণ

    চেমচনৰ পিছত অৰ্ধশতক পূৰ কৰিছে ধ্ৰুৱ জুৰেলেও। চিমৰজিৎ সিঙৰ বলত এটা ছয় কোবাই নিজা স্ক’ৰ ৫০ৰ পাৰ কৰায় উইকেটকীপাৰ বেটাৰগৰাকীয়ে।

  • 23 Mar 2025 06:43 PM (IST)

    জীৱনদান পালে চেমচনে

    ব্যক্তিগত ৫৪ ৰানৰ ইনিংছত এক জীৱনদান পাইছে চেমচনে। ইফালে চেমচনৰ কেচ আয়ত্ব কৰাৰ চেষ্টাত আঘাতপ্ৰাপ্ত হৈছে মহম্মদ ছামি।

  • 23 Mar 2025 06:36 PM (IST)

    অৰ্ধশতক সম্পূৰ্ণ চেমচনৰ

    ইম্পেক্ট প্লেয়াৰৰ ৰূপত দলত অন্তৰ্ভুক্ত হোৱা সঞ্জু চেমচনে ২৬টা বলত সম্পূৰ্ণ কৰিছে নিজৰ অৰ্ধশতক।

  • 23 Mar 2025 06:29 PM (IST)

    শতকৰ সীমা পাৰ হ’ল ৰাজস্থান

    প্ৰাৰম্ভিক বিপৰ্যয় নেওচি চেমচন-জুৰেলৰ প্ৰচেষ্টাত আগবাঢ়িছে ৰাজস্থানৰ ইনিংছ। দলটোৱে ৮.১ অভাৰত স্ক’ৰবৰ্ডত ৰানৰ সংখ্যা ১০০ৰ পাৰ কৰায়।

  • 23 Mar 2025 06:18 PM (IST)

    পাৱাৰ প্লে’ত ৭৭ ৰান সংগ্ৰহ ৰাজস্থানৰ

    তিনিটা উইকেট হেৰুৱালেও পাৱাৰ প্লে’ত ৭৭ ৰানৰ সন্তোষজনক স্ক’ৰ সংগ্ৰহ কৰিছে ৰাজস্থানে। চেমচন আৰু জুৰেলে চলাইছে প্ৰত্যাৱৰ্তনৰ যুঁজ।

  • 23 Mar 2025 06:08 PM (IST)

    নীতিশ ৰাণাক বিদায় দিলে ছামিয়ে

    পঞ্চম অভাৰৰ ভিতৰতে ৩টা উইকেট হেৰুৱাইছে ৰাজস্থান ৰয়েলছে। নীতিশ ৰাণাক বিদায় দি ছামিয়ে হায়দৰাবাদক দিলে আন এক সফলতা।

  • 23 Mar 2025 05:55 PM (IST)

    পেভিলিয়নলৈ উভতিল ৰিয়ানো

    অধিনায়কৰ দায়িত্ব পালন কৰি প্ৰথমখন মেচতে ব্যৰ্থ হৈছে ৰিয়ান। প্ৰথমটো বলতে এটা চাৰি কোবাই ৰিয়ানে আষা দেখুৱাইছিল যদিও দ্বিতীয়টো বলতে তেওঁ চিমৰজিৎ সিঙৰ চিকাৰ হয়।

  • 23 Mar 2025 05:53 PM (IST)

    জয়ছোৱাল আউট

    মাত্ৰ ১ ৰান সংগ্ৰহ কৰিয়েই আউট হ’ল ৰাজস্থানৰ অন্যতম শক্তি যশস্বী জয়োছোৱাল।

  • 23 Mar 2025 05:48 PM (IST)

    আক্ৰমণাত্মক আৰম্ভণি চেমচনৰ

    বৃহৎ লক্ষ্য অনুসৰণ কৰি সঞ্জু চেমচনে ঘটাইছে বিস্ফোৰক আৰম্ভণি। ছামিৰ প্ৰথম অভাৰতে চেমচনে কোবাইছে এটা ছয় আৰু দুটা চাৰি।

  • 23 Mar 2025 05:43 PM (IST)

    ক্ৰীজত সঞ্জু-জয়ছোৱাল, বলিং মুকলি ছামিৰ

    ২৮৭ ৰানৰ বৃ্হৎ লক্ষ্য অনুসৰণ কৰি ৰাজস্থানৰ হৈ ক্ৰীজত নামিছে ইম্পেক্ট প্লেয়াৰ সঞ্জু চেমচন আৰু যশস্বী জয়ছোৱাল। আনহাতে হায়দৰাবাদৰ হৈ বলিং মুকলি কৰিছে মহম্মদ ছামিয়ে।

  • 23 Mar 2025 05:30 PM (IST)

    ২৮৬ ৰান সংগ্ৰহ হায়দৰাবাদৰ

    আশা কৰাৰ দৰেই আই পি এল ২০২৫ত বিস্ফোৰক আৰম্ভণি ঘটাই হায়দৰাবাদে ২৮৬ ৰানৰ বৃ্হৎ স্ক’ৰ থিয় কৰায়। এয়া প্ৰতিযোগিতাৰ ইতিহাসৰ দ্বিতীয় বৃ্হৎ স্ক’ৰ।

  • 23 Mar 2025 05:28 PM (IST)

    দুটা বলত দুটা উইকেত দখল দেশপাণ্ডেৰ

    ক্ৰমাগত দুটা বলত অনিকেত বাৰ্মা আৰু অভিনৱ মনোহৰৰ উইকেট দখল কৰি ৰানৰ গতি কিছু কম কৰে তুষাৰ দেশপাণ্ডেই।

  • 23 Mar 2025 05:24 PM (IST)

    ঈশানৰ প্ৰথমটো শতক

    আই পি এল ২০২৫ৰ প্ৰথমটো শতক আহিছে ঈষান কিষাণৰ বেটৰ পৰা। মাত্ৰ ৪৫টা বলতে শতক সম্পূৰ্ণ কৰি ঈশানে নিজ আই পি এল কেৰিয়াৰৰো প্ৰথমটো শতক পূৰ্ণ কৰে।

  • 23 Mar 2025 05:22 PM (IST)

    ক্লাছেনৰ বিদায়

    ১৪ টা বলে ৩৪ ৰানৰ মাৰমুখী ইনিংছ খেলি বিদায় ল’লে ক্লাছেনে। সন্দীপ শৰ্মাই বিদায় দিয়ে বিস্ফোৰক বেটাৰগৰাকীক।

  • 23 Mar 2025 05:19 PM (IST)

    জ’ফ্ৰা আৰ্চাৰৰ খৰচী স্পেল

    জ’ফ্ৰা আৰ্চাৰক ৰাজস্থানৰ বলিং আক্ৰমণৰ প্ৰধান কাণ্ডাৰী হিচাপে বিবেচনা কৰা হৈছিল যদিও আজি প্ৰথমখন মেচতে ৪ অভাৰত ৭৬ ৰানৰ এক খৰচী স্পেল কৰে আৰ্চাৰে।

  • 23 Mar 2025 05:16 PM (IST)

    ক্লাছেনৰ চাৰিৰ হেট্ৰিক, ২৫০ পাৰ হায়দৰাবাদৰ

    জ’ফ্ৰা আৰ্চাৰৰ বলত একেলেথাৰিয়ে তিনিটাকৈ চাৰি কোবাই হেনৰিখ ক্লাছেনে দলৰ স্ক’ৰ ২৫০ৰ পাৰ কৰাইছে।

  • 23 Mar 2025 05:10 PM (IST)

    ক্লাছেনৰ বেটৰ পৰা আহিল প্ৰথমটো ছয়

    বিস্ফোৰক বেটাৰ হেনৰিখ ক্লাছেনৰ বেটৰ পৰা আহিছে প্ৰথমটো ছয়। সন্দীপ শৰ্মাৰ বলত এটা ছয় কোবোৱাৰ পিছত পৰৱৰ্তী বলটোত আন এটা চাৰি কোবায় ক্লাছেনে।

  • 23 Mar 2025 04:55 PM (IST)

    আউট হ’ল নীতিশ

    ১৫টা বলত ৩০ ৰানৰ এক গুৰুত্বপূৰ্ণ ইনিংছ খেলি বিদায় ল’লে নীতিশ কুমাৰ ৰেড্ডীয়ে। নীতিশ বিদায় দিলে থিকছানাই।

  • 23 Mar 2025 04:53 PM (IST)

    ৮৫ বলতে দ্বিশতক হায়দৰাবাদৰ

    মাত্ৰ ৮৫টা বলতে, অৰ্থাৎ ১৪.১ অভাৰতে ছানৰাইজাৰ্ছ হায়দৰাবাদে নিজ ইনিংছত ২০০ ৰানৰ সীমা স্পৰ্শ কৰিছে।

  • 23 Mar 2025 04:41 PM (IST)

    ঈশানৰো অৰ্ধশতক সম্পূৰ্ণ

    একেলেথাৰিয়ে দুটাকৈ ছয় কোবাই অৰ্ধশতক সম্পূৰ্ণ কৰিছে ঈশান কিষাণেও। মাত্ৰ ২৫টা বলতে তেও অৰ্ধশতক পূৰ কৰে।

  • 23 Mar 2025 04:27 PM (IST)

    আধা ইনিংছ সমাপ্ত

    হায়দৰাবাদৰ বেটিঙৰ আধা ইনিংছ অৰ্থাৎ ১০ অভাৰ সম্পূৰ্ণ হৈছে। এই দহ অভাৰত দলটোৱে দুই উইকেটৰ বিনিময়ত সংগ্ৰহ কৰিছে ১৩৫ ৰান।

  • 23 Mar 2025 04:24 PM (IST)

    দেশপাণ্ডেই বিদায় দিলে হেডক

    এক বিস্ফোৰক ৬৭ ৰানৰ ইনিংছ খেলি বিদায় ল’লে ট্ৰেভিছ হেডে। হেডক বিদায় দি ৰাজস্থানৰ শিবিৰলৈ সামান্য সকাহ আনিলে তুষাৰ দেশপাণ্ডেই।

  • 23 Mar 2025 04:11 PM (IST)

    ২১ বলতে হেডৰ অৰ্ধশতক

    ৬টা চাৰি আৰু ৩টা ছয়েৰে মাত্ৰ ২১টা বলতে অৰ্ধশতক সম্পূৰ্ণ কৰিছে ট্ৰেভিছ হেডে।

  • 23 Mar 2025 04:08 PM (IST)

    ৪০ বলতে শতকৰ সীমা অতিক্ৰম

    এক বৃ্হৎ স্ক’ৰ সংগ্ৰহ কৰাৰ দিশে আগবাঢ়িছে হায়দৰাবাদ। দলটোৱে মাত্ৰ ৬.৪ অভাৰতে সম্পূৰ্ণ কৰিছে ১০০ ৰান।

  • 23 Mar 2025 04:02 PM (IST)

    পাৱাৰ প্লে’ত ৰান হায়দৰাবাদৰ

    ছয়-চাৰিৰ ফুলজাৰিৰে পাৱাৰ প্লে’ত ছানৰাইজাৰ্ছ হায়দৰাবাদে সংগ্ৰহ কৰিছে ৯৪ ৰান। অভিষেকে বিদায় ল’লেও আক্ৰমণাত্মক শৈলী অব্যাহত ৰাখিছে হেড-কিষাণে।

  • 23 Mar 2025 03:54 PM (IST)

    জ’ফ্ৰাক চাৰি-ছয়েৰে আদৰণি হেডৰ

    অভিষেকৰ উইকেট হেৰুৱালেও আক্ৰমণ অব্যাহত আছে হায়দৰাবাদৰ। ৰাজস্থানৰ বলিং বিভাগৰ মূল ভৰসা জ’ফ্ৰা আৰ্চাৰক প্ৰথমে এটা চাৰি আৰু তাৰ পিছত এটা ছয়েৰে আদৰণি জনায় টেভিছ হেডে। ইয়াৰ পিছতো অভাৰটোত হেডে তিনিটা চাৰি কোবায়।

  • 23 Mar 2025 03:51 PM (IST)

    ২২ বলতে অৰ্ধশতক হায়দৰাবাদৰ

    এক আক্ৰমণাত্মক আৰম্ভণিৰ পিছত অভিষেকৰ উইকেট হেৰুৱালেও মাত্ৰ ৩.৪ অভাৰ অৰ্থাৎ ২২টা বলতে হায়দৰাবাদৰ ইনিংছে অৰ্ধশতকৰ সীমা অতিক্ৰম কৰে।

  • 23 Mar 2025 03:47 PM (IST)

    ৰাজস্থানৰ শিবিৰত সকাহ, অভিষেকৰ বিদায়

    আক্ৰমণাত্মক শৈলী অব্যাহত ৰখাৰ চেষ্টাত নিজৰ উইকেট হেৰুৱাইছে অভিষেকে। থিকছানাৰ বলত জয়ছোৱালৰ হাতত কেচ দি বিদায় লোৱাৰ পূৰ্বে অভিষেকে সংগ্ৰহ কৰে ১১ বলত ২৪ ৰান।

  • 23 Mar 2025 03:43 PM (IST)

    অভিষেকৰ হেট্ৰিক

    বিস্ফোৰক আৰম্ভণি ঘটোৱা অভিষেকে ইনিংছৰ তৃতীয় অভাৰত ফাৰুকীৰ বলত একেলেথাৰিয়ে তিনিটাকৈ চাৰি কোবাই নিজৰ আক্ৰমণাত্মক মনোভাৱ স্পষ্ট কৰি দিছে।

  • 23 Mar 2025 03:42 PM (IST)

    হায়দৰাবাদৰ আক্ৰমণাত্মক আৰম্ভণি

    প্ৰথমটো অভাৰৰ পৰা আক্ৰমণ আৰম্ভণি কৰা হায়দৰাবাদে অব্যাহত ৰাখিছে এই শৈলী। দ্বিতীয় অভাৰত হেডে থিকছানাৰ বলত এটা চাৰি আৰু এটা ছয়েৰে আক্ৰমণ কৰিছে।

  • 23 Mar 2025 03:38 PM (IST)

    দ্বিতীয় অভাৰতে স্পীন আক্ৰমণ আৰম্ভ

    ইনিংছৰ দ্বিতীয়টো অভাৰতে স্পীন আক্ৰমণ আৰম্ভ কৰিছে ৰাজস্থানে। পিছে থিকছানাৰ অভাৰৰ প্ৰথমটো বল ন’ বল হোৱাৰ পিছতো দ্বিতীয়টো বল ৱাইড হোয়। ইয়াৰ পিছত অৱশ্যে লাইন লেংথ ঘূৰাই পাইছে থিকছানাই।

  • 23 Mar 2025 03:34 PM (IST)

    অভিষেকৰ বেটৰ পৰা প্ৰথমটো বাউণ্ডেৰী

    প্ৰত্যাশিতভাৱেই আক্ৰমণাত্মক আৰম্ভণি ঘটাইছে অভিষেক শৰ্মাই। ফাৰুকীৰ প্ৰথ দুটা বল ডট হোৱাৰ পিছত পৰৱৰ্তী দুটা বলত দুটা চাৰি কোবাইছে যুৱ বেটাৰগৰাকীয়ে।

  • 23 Mar 2025 03:32 PM (IST)

    আৰম্ভ হ’ল মেচ, বলিং মুকলি ফাৰুকিৰ

    আৰম্ভ হ’ল হায়দৰাবাদ আৰু ৰাজস্থানৰ মেচ। হায়দৰাবাদৰ হৈ অভিষেক শৰ্মাই বেটিং মুকলি কৰাৰ বিপৰীতে ৰাজস্থানৰ হৈ ফজলহক ফাৰুকীয়ে আৰম্ভ কৰিছে বলিং।

  • 23 Mar 2025 03:30 PM (IST)

    ক্ৰীজত হেড-অভিষেক

    খায়দৰাবাদৰ হৈ ইনিংছ মুকলি কৰিবলৈ ক্ৰীজলৈ আহিল দুই অপেনাৰ ট্ৰেভিছ হেড আৰু অভিষেক শৰ্মা।

  • 23 Mar 2025 03:11 PM (IST)

    ইম্পেক্ট প্লেয়াৰৰ ৰূপত সঞ্জু

    আঘাতৰ বাবে বিচিচিআইৰ পৰা সম্পূৰ্ণ ফিট হিচাপে প্ৰমাণিত নোহোৱাৰ বাবে সঞ্জু চেমচনে প্ৰথম কেইখনমান মেচত কেৱল এগৰাকী বেটাৰ হিচাপে থাকিব। সেয়ে ইম্পেক্ট প্লেয়াৰৰ ৰূপত মূল দললৈ আহিব সঞ্জু।

  • 23 Mar 2025 03:09 PM (IST)

    ৰাজস্থানৰ মূল একাদশ

    ৰাজস্থানৰ মূল একাদশত আছে জয়ছোৱাল, নীতিশ ৰাণা, শুভম ডুবে,  ৰিয়ান পৰাগ (অধিনায়ক), ধ্ৰুৱ জুৰেল, চিমৰন হেটমায়াৰ, জ’ফ্ৰা আৰ্চাৰ, মহীশ থিকছানা, তুষাৰ দেশপাণ্ডে, সন্দীপ শৰ্মা, ফজলহক ফাৰুকী।

  • 23 Mar 2025 03:08 PM (IST)

    হায়দৰাবাদৰ মূল একাদশ

    প্ৰথমে বেটিং কৰিবলগীয়া হায়দৰাবাদৰ মূল একাদশত থাকিব হেড, অভিষেক, ঈশান, নীতিশ, ক্লাছেন, অনিকেত বাৰ্মা, অভিনৱ মনোহৰ, পেট কামিন্স (অধিনায়ক), চিমৰজিৎ সিং, হৰ্ষল পেটেল, মহম্মদ ছামি।

  • 23 Mar 2025 03:02 PM (IST)

    টছত জয়ী হ’ল ৰিয়ান, প্ৰথমে ফিল্ডিঙৰ সিদ্ধান্ত

    ৰাজস্থানৰ অধিনায়ক হিচাপে প্ৰথমখন মেচতে টছত জয়ী হৈছে ৰিয়ান পৰাগ। টছত জয়ী হৈ ৰিয়ানে প্ৰথমে ফিল্ডিঙৰ সিদ্ধান্ত লয়।

  • 23 Mar 2025 03:00 PM (IST)

    ৰাজস্থানৰ সমুখত হায়দৰাবাদৰ বেটিং শক্তিৰ প্ৰত্যাহ্বান

    অপেনিঙত অভিষেক-হেডৰ যুটি আৰু তাৰ পিছত নীতিশ, ক্লাছেনৰ বিস্ফোৰক বেটিং বিগত ছিজনত হায়দৰাবাদৰ প্ৰধান শক্তি বিবেচিত হৈছিল। এইবাৰ দলত অন্তৰ্ভুক্ত হৈছে ঈশান কিষাণ। গতিকে দলৰ বেটিং শক্তি এইবাৰ অধিক আক্ৰমণাত্মক হ’ব বুলি সকলোৱা ধাৰণা কৰিছে।

  • 23 Mar 2025 02:56 PM (IST)

    কিছু সময়ৰ পিছতে হ’ব টছ

    হায়দৰাবাদৰ ৰাজীৱ গান্ধী আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত আৰু কিছুসময়ৰ পিছতে টছ কৰিব দুয়োটা দলৰ অধিনায়কদ্বয় পেট কামিন্স আৰু ৰিয়ান পৰাগে।

Published On - Mar 23,2025 2:45 PM