ৰঞ্জীত ধূলিসাৎ তাৰকাৰ সুনামঃ প্ৰত্যাৱৰ্তন সুখকৰ নহ’ল ৰোহিত, পণ্টৰ

বিচিচিআইৰ কঠোৰ স্থিতিৰ পিছত এতিয়া জাতীয় দলক প্ৰতিনিধিত্ব কৰা তাৰকা ক্ৰিকেটাৰসকলো নামি পৰিছে ঘৰুৱা ক্ৰিকেটত। চলিত ছিজনৰ ৰঞ্জী ট্ৰফীৰ দ্বিতীয়াৰ্ধত বিচিচিআইৰ সিদ্ধান্তৰ ফলস্বৰূপেই এতিয়া দেখিবলৈ পোৱা গৈছে তাৰকা-মহাতাৰকাৰ সমাহাৰ। পিছে আজি প্ৰথম দিনাই ৰঞ্জীত এনে বহুকেইজন তাৰকাৰ সুনাম ধূলিসাৎ হৈ পৰিছে।

ৰঞ্জীত ধূলিসাৎ তাৰকাৰ সুনামঃ প্ৰত্যাৱৰ্তন সুখকৰ নহ’ল ৰোহিত, পণ্টৰ

ৰঞ্জীত ব্যৰ্থ তাৰকা ক্ৰিকেটাৰ

Published: 

23 Jan 2025 16:04 PM

আজিৰ পৰা আৰম্ভ হৈছে ভাৰতৰ ঘৰুৱা ক্ৰিকেট প্ৰতিযোগিতা ৰঞ্জী ট্ৰফীৰ দ্বিতীয়াৰ্ধ। বিচিচিআইৰ কঠোৰ স্থিতিৰ পিছত এতিয়া জাতীয় দলক প্ৰতিনিধিত্ব কৰা তাৰকা ক্ৰিকেটাৰসকলো নামি পৰিছে ঘৰুৱা ক্ৰিকেটত। চলিত ছিজনৰ ৰঞ্জী ট্ৰফীৰ দ্বিতীয়াৰ্ধত বিচিচিআইৰ সিদ্ধান্তৰ ফলস্বৰূপেই এতিয়া দেখিবলৈ পোৱা গৈছে তাৰকা-মহাতাৰকাৰ সমাহাৰ। দীৰ্ঘদিনৰ মূৰত ৰঞ্জীলৈ প্ৰত্যাৱৰ্তন ঘটিছে ভাৰতীয় অধিনায়ক ৰোহিত শৰ্মা, তাৰকা বেটাৰ বিৰাট কোহলী, উইকেটকীপাৰ ঋষভ পণ্টৰ দৰে তাৰকাৰ। লগতে দেখিবলৈ পোৱা গৈছে আনকেইবাগৰাকীও ৰথী-মহাৰথীক।

পিছে আজি প্ৰথম দিনাই ৰঞ্জীত এনে বহুকেইজন তাৰকাৰ সুনাম ধূলিসাৎ হৈ পৰিছে। নিজ নিজ ঘৰুৱা দলক প্ৰতিনিধিত্ব কৰি ৰঞ্জীত অৱতীৰ্ণ হোৱা ভাৰতীয় তাৰকাৰ অধিকাংশ হ’ল চূড়ান্ত ব্যৰ্থ। মুম্বাইৰ হৈ ৰোহিত আৰু জয়ছোৱাল, দিল্লীৰ হৈ পণ্ট, পঞ্জাৱৰ হৈ শুভমন গিলে দীৰ্ঘদিনৰ মূৰত ৰঞ্জীত নামিছে। কিন্তু প্ৰত্যাৱৰ্তন সুখকৰ নহ’ল এইকেইগৰাকী তাৰকাৰ। এই আটাইকেইগৰাকী তাৰকাই দহকৰ ঘৰ স্পৰ্শ নকৰাকৈয়ে পেভিলিয়নলৈ উভতিবলৈ বাধ্য হয়।

ভাৰতীয় টেষ্ট দলৰ অপেনাৰদ্বয় ৰোহিত শৰ্মা আৰু যশস্বী জয়ছোৱালে আজি মুম্বাইৰ হৈয়ো দলৰ ইনিংছ মুকলি কৰিছিল। কিন্তু শেহতীয়া সময়ছোৱাত ভাৰতীয় দলক সুন্দৰ আৰম্ভণি দিয়াত ব্যৰ্থ হোৱা দুয়োগৰাকী বেটাৰ ৰঞ্জীতো ব্যৰ্থ হয়। জম্মু-কাশ্মীৰৰ বিৰুদ্ধে মেচৰ প্ৰথম ইনিংছত ব্যৰ্থ হয় ৰোহিত আৰু জয়ছোৱাল। দুয়ো প্ৰথম উইকেটত যোগ দিয়ে মাত্ৰ ৬ ৰান। জয়ছোৱালে ৮টা বলত মাত্ৰ ৪ ৰান সংগ্ৰহ কৰিয়েই ক্ৰীজ এৰে।

আনহাতে শেহতীয়া সময়ছোৱাত চূড়ান্ত ব্যৰ্থতা প্ৰদৰ্শন কৰি অহা ৰোহিত শৰ্মাই ১৯টা বলত মাত্ৰ ৩ ৰানতে বিদায় লয়। মুম্বাইক প্ৰতিনিধিত্ব কৰা আন এগৰাকী তাৰকা বেটাৰ শ্ৰেয়স আয়াৰৰ বেটৰ পৰা আহে মাত্ৰ ১১ ৰান। শিৱম ডুবেই কোনো ৰান সংগ্ৰহ নকৰাকৈয়ে পেভিলিয়নলৈ উভতে। অধিনায়ক ৰাহানেৰ বেটৰ পৰা আহে মাত্ৰ ১২ ৰান। অৱশ্যে ভাৰতীয় দলৰ পৰা বাদ পৰি থকা শ্বাৰ্দুল ঠাকুৰে খেলে ৫১ ৰানৰ এক চমকপ্ৰদ ইনিংছ।

ইফালে পঞ্জাৱৰ অধিনায়কৰ দায়িত্ব কান্ধত লোৱা শুভমন গিলো ব্যৰ্থ হয়। কৰ্ণাটকৰ বিৰুদ্ধে গিলে ৮টা বলৰ সন্মুখীন হৈ তেওঁ মাত্ৰ ৪ ৰানহে সংগ্ৰহ কৰে। তদুপৰি দিল্লীৰ হৈ অংশ লোৱা ভাৰতীয় দলৰ তাৰকা উইকেটকীপাৰ বেটাৰ ঋষভ পণ্টো ৰঞ্জীলৈ প্ৰত্যাৱৰ্তনৰ প্ৰথম মেচতে ব্যৰ্থ হৈছে। সুদীৰ্ঘ ৮ বছৰৰ মূৰত ৰঞ্জী খেলা পণ্টে ১০টা বলৰ মুখামুখি হৈ মাত্ৰ ১ ৰান সংগ্ৰহ কৰিয়েই পেভিলিয়নলৈ উভতে।

দিল্লীৰ বিৰুদ্ধে এই মেচখনত পিছে ভাৰতীয় দলৰ আন এগৰাকী তাৰকা উজলি উঠে। ভাৰতৰ তাৰকা অলৰাণ্ডাৰ ৰবীন্দ্ৰ জাদেজাই এই মেচখনত সৌৰাষ্ট্ৰৰ হৈ অৱতীৰ্ণ হৈছে। নিজৰ স্পীন ঘূৰ্ণীৰে জাদেজাই দিল্লীক শল্ঠেকত পেলাই ৬৬ ৰানত ৫টা উইকেট দখল কৰে।

গণৰাজ্য দিৱস আৰু স্বাধীনতা দিৱসৰ মাজত কি পাৰ্থক্য আছে?
দেশৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰী কোন হ'ব? ক'লে IITian বাবাই...
মাত্ৰ ২০ দিন ৰঙা চাহ খালে কি হয় জানেনে? জানক সবিশেষ...
মহাকুম্ভৰ প্ৰথম দিনটোত কিমান মানুহ পৰিয়ালৰ পৰা বিচ্ছেদ হ'ল জানেনে?