5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

Team India Announced: ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ বাবে ভাৰতীয় দল ঘোষণাঃ উপেক্ষিত ৰাহানে-পূজাৰা, প্ৰত্যাৱৰ্তন নহ’ল ছামিৰ

ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ বাবে ঘোষণা কৰা হৈছে ভাৰতীয় ক্ৰিকেট দল। আগন্তুক এই অষ্ট্ৰেলিয়া ভ্ৰমণতে অভিজ্ঞ পেচাৰ মহম্মদ ছামিৰ ভাৰতীয় দললৈ প্ৰত্যাৱৰ্তন ঘটিব বুলি আশা কৰা হৈছিল যদিও ফিটনেছৰ সৈতে যুঁজি থকা ছামিক দলত অন্তৰ্ভুক্ত কৰা নাই নিৰ্বাচকে। টেষ্ট দলৰ লগতে শুকুৰবাৰে নিৰ্বাচকে দক্ষিণ আফ্ৰিকা ভ্ৰমণৰ বাবেও ভাৰতীয় দল ঘোষণা কৰে।

Team India Announced: ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ বাবে ভাৰতীয় দল ঘোষণাঃ উপেক্ষিত ৰাহানে-পূজাৰা, প্ৰত্যাৱৰ্তন নহ’ল ছামিৰ
অষ্ট্ৰেলিয়া ভ্ৰমণৰ বাবে ভাৰতীয় দল ঘোষণা
monjit-dutta
Monjit Dutta | Published: 26 Oct 2024 07:11 AM

ক্ৰিকেট বিশ্বৰ শ্ৰেষ্ঠতম দ্বিপাক্ষিক শৃংখলা হিচাপে সততে চৰ্চিত ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ বাবে ঘোষণা কৰা হৈছে ভাৰতীয় ক্ৰিকেট দল। শুকুৰবাৰে নিশা ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে আগন্তুক এই টেষ্ট শৃংখলাৰ বাবে ১৮ জনীয়া দল বাছনি কৰে। আগন্তুক এই অষ্ট্ৰেলিয়া ভ্ৰমণতে অভিজ্ঞ পেচাৰ মহম্মদ ছামিৰ ভাৰতীয় দললৈ প্ৰত্যাৱৰ্তন ঘটিব বুলি আশা কৰা হৈছিল যদিও ফিটনেছৰ সৈতে যুঁজি থকা ছামিক দলত অন্তৰ্ভুক্ত কৰা নাই নিৰ্বাচকে। সমান্তৰালভাৱে টেষ্ট বিশেষজ্ঞ আজিংক্যা ৰাহানে আৰু চেটেশ্বৰ পুজাৰা পুনৰ এবাৰ উপেক্ষিত হৈছে দলত।

অহা ২২ নৱেম্বৰৰ পৰা আৰম্ভ হ’বলগীয়া এই গুৰুত্বপূৰ্ণ শৃংখলাৰ বাবে বিচিচিআইৰ নিৰ্বাচক সমিতিয়ে আস্থা প্ৰকাশ কৰিছে ঘৰুৱা ক্ৰিকেটত ধাৰাবাহিকভাৱে উন্নত প্ৰদৰ্শন আগবঢ়াই অহা অভিমন্যু ইশ্বৰণৰ ওপৰত। ঘোষিত দলটোত বেকআপ অপেনাৰ হিচাপে স্থান দিয়া হৈছে ইশ্বৰণক। ইফালে ফৰ্মহীনতাৰ বাবে নিউজিলেণ্ডৰ বিৰুদ্ধে  চলিত পুনে টেষ্ট মেচৰ পৰা বাদ পৰাৰ পিছতো কে এল ৰাহুলক দলত অন্তৰ্ভুক্ত কৰা হৈছে।

ইফালে ছামিৰ লগতে এই শৃংখলাটোত আঘাতজনিত সমস্যাৰ বাবে তাৰকা স্পিনাৰ কুলদীপ যাদৱো দলৰ পৰা বাদ পৰিছে। বিচিচিআইয়ে এই সন্দৰ্ভত প্ৰেছ বিজ্ঞপ্তিযোগে কয় যে কুলদীপে দীৰ্ঘদিন ধৰি গ্ৰ’ইন সমস্যাত ভুগি আহিছে আৰু ইয়াৰ নিৰাময়ৰ বাবে তেওঁ বেংগালুৰুত বিচিচিআইৰ চিকিৎসা দলৰ তত্বাৱধানত কাম কৰিব। ঘোষিত দলটোত যুৱ অল-ৰাউণ্ডাৰ নীতিশ কুমাৰ ৰেড্ডীক স্থান দিছে নিৰ্বাচকে।

অষ্ট্ৰেলিয়াৰ বাউন্সী উইকেটত যশপ্ৰীত বুমৰাহৰ সহযোগী পেচাৰ হিচাপে দলত অন্তৰ্ভুক্ত কৰা হৈছে মহম্মদ চিৰাজ, আকাশ দীপ, প্ৰসিধ কৃষ্ণ আৰু হৰ্ষিত ৰাণাক। উল্লেখ্য যে পাঁচখনীয়া মেচৰ এই শৃংখলাৰ প্ৰথমখন মেচ ২২ নৱেম্বৰৰ পৰা পাৰ্থত অনুষ্ঠিত হ’ব। একেদৰে এডিলেইডত ৬ ডিচেম্বৰৰ পৰা দ্বিতীয় টেষ্ট,  ১৪ ডিচেম্বৰৰ পৰা ব্ৰিছবেনত তৃতীয় খন টেষ্ট অনুষ্ঠিত হ’ব।

তাৰ পিছত ২৬ ডিচেম্বৰৰ পৰা মেলবৰ্ণত বক্সিং ডে টেষ্ট আৰু ৩ জানুৱাৰীৰ পৰা চিডনীত শৃংখলাৰ পঞ্চম তথা অন্তিমখন টেষ্ট অনুষ্ঠিত হ’ব। লক্ষণীয়ভাৱে ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ অন্তিম চাৰিটা সংস্কৰণত শ্ৰেষ্ঠত্ব অৰ্জন কৰিছে ভাৰতীয় দলে। ঘৰুৱা ভূমিত অনুষ্ঠিত হোৱা শৃংখলাৰ সমান্তৰালকৈ ২০১৯-১৯ আৰু ২০২০-২১ বৰ্ষৰ বিগত দুবাৰৰ অষ্ট্ৰেলিয়া ভ্ৰমণতো ২-১ ব্যৱধানৰে শৃংখলা জয় কৰিছিল ভাৰতে।

ইফালে বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফী আৰম্ভ হোৱাৰ পূৰ্বে ভাৰতীয় দলে ৪খনীয়া মেচৰ টি-২০ শৃংখলাৰ বাবে দক্ষিণ আফ্ৰিকা ভ্ৰমণ কৰিব। শুকুৰবাৰে বিচিচিআইয়ে এই ভ্ৰমণৰ বাবে ভাৰতীয় দল ঘোষণা কৰে। অহা ৮ নৱেম্বৰৰ পৰা প্ৰটিয়াছ বাহিনীৰ বিপক্ষে আৰম্ভ হ’ব এই  টি-২০ শৃংখলা। সূৰ্যকুমাৰ যাদৱৰ নেতৃত্বত ঘোষিত এই ১৫ জনীয়া দলটোত স্থান লাভ কৰিছে দুখন নতুন মুখে।

এই শৃংখলাটোৰ বাবে বিচিচিআইৰ নিৰ্বাচকে ঘৰুৱা ক্ৰিকেটত শেহতীয়া সময়ছোৱাত উজ্জীৱিত প্ৰদৰ্শন আগবঢ়াই অহা পেচাৰ বিজয়কুমাৰ বৈশাকে আৰু আক্ৰমণাত্মক বেটিং শৈলীৰ বাবে পৰিচিত যুৱ বেটাৰ ৰমনদীপ সিঙক দলত অন্তৰ্ভুক্ত কৰিছে। ইফালে অসম সন্তান ৰিয়ান পৰাগ কান্ধৰ আঘাতৰ বাবে এই শৃংখলাৰ পৰা বাদ পৰিছে। একেদৰে আঘাতৰ বাবে শিৱম ডুবে আৰু মায়ংক যাদৱকো দলত স্থান দিয়া নাই নিৰ্বাচকে।

 

বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ বাবে ভাৰতীয় দলঃ ৰোহিত শৰ্মা (অধিনায়ক), যশপ্ৰীত বুমৰাহ (সহ-অধিনায়ক), যশস্বী জয়ছোৱাল, অভিমন্যু ইশ্বৰণ, শুভমন গিল, বিৰাট কোহলী, ছৰফৰাজ খান, কে এল ৰাহুল, ঋষভ পণ্ট (উইকেটকীপাৰ), ধ্ৰুৱ জুৰেল (উইকেটকীপাৰ), ৰবিচন্দ্ৰন অশ্বিন, ৰবীন্দ্ৰ জাদেজা, ৱাশ্বিংটন সুন্দৰ, নীতিশ কুমাৰ ৰেড্ডী, মহম্মদ চিৰাজ, আকাশ দীপ, প্ৰসিধ কৃষ্ণ আৰু হৰ্ষিত ৰাণা।

দক্ষিণ আফ্ৰিকা ভ্ৰমণৰ বাবে ভাৰতীয় দলঃ সূৰ্যকুমাৰ যাদৱ (অধিনায়ক), অভিষেক শৰ্মা, সঞ্জু চেমচন (উইকেটকীপাৰ), তিলক বাৰ্মা, ৰিংকু সিং, জিতেশ শৰ্মা (উইকেটকীপাৰ), হাৰ্দিক পাণ্ডিয়া, অক্ষৰ পেটেল, ৰমনদীপ সিং, ৰবি বিষ্ণৈ, বৰুণ চক্ৰৱৰ্তী, অৰ্শদীপ সিং, বিজয়কুমাৰ বৈশাক, আভেশ খান আৰু যশ দয়াল।

Latest News