5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

নতুন অশ্বিনৰ সন্ধান পাইছে বিচিআইয়ে! শীঘ্ৰেই যোগ দিব ভাৰতীয় দলত…

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ড, চমুকৈ বিচিচিআইয়ে সন্ধান লাভ কৰিছে নতুন এগৰাকী অশ্বিনৰ। এই নতুন বলাৰগৰাকীৰ বলিং একচন সম্পূৰ্ণ ৰবিচন্দ্ৰন অশ্বিনৰ দৰেই। প্ৰদৰ্শনৰ দিশৰ পৰাও শেহতীয়া সময়ছোৱাত দৃষ্টি আকৰ্ষণ কৰিছে যুৱ তাৰকাগৰাকীয়ে। বাংলাদেশৰ বিৰুদ্ধে আগন্তুক টেষ্ট শৃংখলাৰ পূৰ্বে হ’বলগা শিবিৰৰ বাবে এই খেলুৱৈগৰাকীক আমন্ত্ৰণ জনাইছে বিচিচিআইয়ে।

নতুন অশ্বিনৰ সন্ধান পাইছে বিচিআইয়ে! শীঘ্ৰেই যোগ দিব ভাৰতীয় দলত…
ভাৰতীয় দলৰ অধিনায়ক ৰোহিত শৰ্মাৰ সৈতে হিমাংশু সিং
Follow Us
monjit-dutta
Monjit Dutta | Published: 08 Sep 2024 17:03 PM

ভাৰতীয় ক্ৰিকেট দলত তাৰকা অফ স্পিনাৰ ৰবিচন্দ্ৰন অশ্বিনৰ স্থান তথা গুৰুত্ব কেনে, সেয়া নতুনকৈ কোৱাৰ প্ৰয়োজন নাই। তাৰকা ক্ৰিকেটাৰগৰাকীয়ে বিগত এটা দশকতকৈ অধিক সময় ধৰি ভাৰতীয় দলৰ স্পিন আক্ৰমণৰ গুৰুদায়িত্ব বহন কৰি আহিছে। বিশেষকৈ টেষ্ট ক্ৰিকেটত অশ্বিন ভাৰতীয় ক্ৰিকেট ইতিহাসৰে অন্যতম সফল বলাৰ হিচাপে পৰিগণিত হৈছে। অৱশ্যে সম্প্ৰতি ৩৭ বৰ্ষীয় অশ্বিনৰ ক্ৰিকেট কেৰিয়াৰ প্ৰায় সামৰণিৰ দিশে গতি কৰিছে। তেনে পৰিস্থিতিত ভাৰতীয় টেষ্ট দলত অশ্বিনৰ দৰেই এগৰাকী দক্ষ অফ স্পিনাৰৰ প্ৰয়োজনীয়তা আহি পৰিছে।

পিছে ইয়াৰ বাবে বিশেষ অপেক্ষা কৰিবলগা হোৱা নাই অশ্বিনে। ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ড, চমুকৈ বিচিচিআইয়ে সন্ধান লাভ কৰিছে নতুন এগৰাকী অশ্বিনৰ। এই নতুন বলাৰগৰাকীৰ বলিং একচন সম্পূৰ্ণ ৰবিচন্দ্ৰন অশ্বিনৰ দৰেই। প্ৰদৰ্শনৰ দিশৰ পৰাও শেহতীয়া সময়ছোৱাত দৃষ্টি আকৰ্ষণ কৰিছে যুৱ তাৰকাগৰাকীয়ে। এই যুৱ খেলুৱৈগৰাকীৰ নাম হিমাংশু সিং।

অহা ১৯ ছেপ্টেম্বৰৰ পৰা বাংলাদেশৰ বিৰুদ্ধে টেষ্ট শৃংখলাত অৱতীৰ্ণ হ’ব ভাৰতীয় দল। এই শৃংখলাৰ প্ৰথমখন মেচ চেন্নাইত অনুষ্ঠিত হ’ব। টেষ্ট মেচখনৰ বাবে প্ৰস্তুতি চলাবলৈ বিচিচিআইয়ে ১৩ৰ পৰা ১৮ ছেপ্টেম্বৰলৈ চেন্নাইত এক শিবিৰৰ আয়োজন কৰাৰ সিদ্ধান্ত লৈছে। এই সময়ছোৱাত বাংলাদেশৰ বিৰুদ্ধে শৃংখলাৰ বাবে নিৰ্বাচিত খেলুৱৈসকল শিবিৰত উপস্থিত থাকিব লাগিব।

এক প্ৰতিবেদন অনুসৰি এই শিবিৰৰ বাবে ব’ৰ্ডে হিমাংশু সিং নামৰ এই যুৱ অফ স্পিনাৰগৰাকীকো আমন্ত্ৰণ জনাইছে। এই ২১ বৰ্ষীয় স্পিনাৰজনৰ বলিং একচন অশ্বিনৰ দৰেই। শেহতীয়াকৈ ঘৰুৱা ক্ৰিকেটত সুন্দৰ প্ৰদৰ্শন দাঙি ধৰা হিমাংশুৱে একেখন মেচতে ৭টাকৈ উইকেট দখল কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল। ঘৰুৱা ক্ৰিকেটত মুম্বাইৰ হৈ খেলা হিমাংশু সিং কিছুদিনৰ পৰা বিচিচিআইৰ ‘ইমাৰ্জিং প্লেয়াৰ্ছ’ শিবিৰৰ অংশ হৈ আহিছে।

প্ৰতিবেদন অনুসৰি, হিমাংশুৰ বলিং দেখি অত্যন্ত আপ্লুত হৈছে ভাৰতীয় দলৰ মুখ্য নিৰ্বাচক অজিত আগাৰকাৰ। হিমাংশুৱে ২০২৩-২৪ ছিজনত ২৩ বছৰ অনুৰ্ধ চি কে নায়ুডু ট্ৰফীৰ সময়ত ৮খন মেচত ৩৮টা উইকেট দখল কৰিছিল। কেৱল এয়াই নহয়, ৪ বাৰকৈ এটা ইনিংছত ৫টা উইকেট দখল কৰাৰ কৃতিত্বও অৰ্জন কৰে যুৱ স্পিনাৰগৰাকীয়ে।

 

বিচিচিআইৰ তত্বাৱধানত অনন্তপুৰ আৰু বেংগালুৰুত প্ৰশিক্ষণ গ্ৰহণ কৰি আহিছে হিমাংশুৱে। মুখ্য নিৰ্বাচক অজিত আগৰকাৰৰ লগতে নিৰ্বাচকৰ দলটোৱে অহৰহ হিমাংশু সিঙৰ ওপৰত চকু ৰাখিছে। গতিকে নিজৰ ফৰ্ম অটুট ৰাখিলে হিমাংশুৱে শীঘ্ৰেই ভাৰতীয় ক্ৰিকেট দলত নিজৰ দ্বাৰ মুকলি কৰিব পাৰে। চেন্নাইত হ’বলগা আগন্তুক শিবিৰেও হিমাংশুক এইক্ষেত্ৰত নিশ্চিতভাৱে সহায় কৰিব।

ইফালে বাংলাদেশৰ বিপক্ষে আগন্তুক টেষ্ট শৃংখলা ভাৰতীয় দলৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ বিবেচিত হৈছে। বাংলাদেশ দলটোৱে শেহতীয়াকৈ পাকিস্তানক ঘৰৰ মাটিতে ২-০ ব্যৱধানত পৰাস্ত কৰি প্ৰবল আত্মবিশ্বাসী হৈ উঠিছে। এই আত্মবিশ্বাসেৰেই ভাৰতৰ বিৰুদ্ধে টেষ্ট শৃংখলাতো অৱতীৰ্ণ হ’ব বাংলাদেশ দল। গতিকে আগন্তুক টেষ্ট শৃংখলাটোত বাংলাদেশক সহজে ল’ব নোৱাৰিব ভাৰতীয় দলে।

পাকিস্তানৰ বিৰুদ্ধে শৃংখলাত বাংলাদেশৰ স্পিন বলিং আক্ৰমণে দৰ্শনীয় প্ৰদৰ্শন দাঙি ধৰিছিল। ভাৰতৰ স্পিন বলিং সহায়ক পিটছত বাংলাদেশৰ স্পিন আক্ৰমণৰ এনে প্ৰদৰ্শনৰ পুনৰাবৃত্তি নুই কৰিব নোৱাৰি। এই শৃংখলাৰ প্ৰথমখন অহা ১৯ৰ পৰা ২৩ ছেপ্টেম্বৰলৈ চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত অনুষ্ঠিত হ’ব। আনহাতে, দ্বিতীয়খন মেচ ২৭ ছেপ্টেম্বৰৰ পৰা ১ অক্টোবৰলৈ কানপুৰৰ গ্ৰীণ পাৰ্কত অনুষ্ঠিত হ’ব।

বাংলাদেশৰ বিৰুদ্ধে এই শৃংখলাটো বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ দৃষ্টিকোণৰ পৰাও ভাৰতৰ বাবে গুৰুত্বপূৰ্ণ বিবেচিত হৈছে। সম্প্ৰতি ভাৰতীয় দল পইণ্ট তালিকাৰ শীৰ্ষ স্থানত আছে। এনে পৰিস্থিতিত ভাৰতীয় দলে এই শৃংখলাত জয়ী হৈ নিজৰ স্থিতি শক্তিশালী কৰিব বিচাৰিব। এই শৃংখলাৰ পিছতে ভাৰতে নিউজিলেণ্ডৰ বিপক্ষে ঘৰুৱা শৃংখলাত অৱতীৰ্ণ হ’ব আৰু তাৰ পিছত ৫খন মেচৰ টেষ্ট শৃংখলাৰ বাবে অষ্ট্ৰেলিয়া ভ্ৰমণলৈ যাব।

Latest News