শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

আই পি এলৰ মাজতে সুখবৰঃ ক্ৰিকেটৰ আটাইতকৈ পুৰণি সন্মানেৰে সন্মানিত বুমৰাহ, মান্ধানা

আই পি এলৰ মাজতে ভাৰতীয় ক্ৰিকেটৰ বাবে আহিছে এক সুখবৰ। দেশৰ পুৰুষ আৰু মহিলা ক্ৰিকেট দলৰ দুগৰাকী মহাতাৰকা ক্ৰমে যশপ্ৰীত বুমৰাহ আৰু স্মৃতি মান্ধানাই ভাৰতীয় ক্ৰিকেটলৈ কঢ়িয়াই আনিছে অনন্য সন্মান। ক্ৰিকেট জগতৰ আটাইতকৈ পুৰণি সন্মানেৰে সন্মানিত হৈছে ভাৰতীয় ক্ৰিকেটৰ এই দুই উজ্জল নক্ষত্ৰ।

আই পি এলৰ মাজতে সুখবৰঃ ক্ৰিকেটৰ আটাইতকৈ পুৰণি সন্মানেৰে সন্মানিত বুমৰাহ, মান্ধানা
যশপ্ৰীত বুমৰাহ আৰু স্মৃতি মান্ধানাImage Credit source: PTI
monjit-dutta
Monjit Dutta | Published: 22 Apr 2025 17:43 PM

আই পি এলৰ উন্মাদনাত এতিয়া ৰোমাঞ্চিত হৈ আছে দেশৰ ক্ৰিকেটপ্ৰেমী। ক্ৰিকেট অনুৰাগীসকলৰ আলোচনাত এতিয়া স্বাভাৱিকতেই মুখ্য বিষয় আই পি এল। বিশ্বৰ এই জনপ্ৰিয় ক্ৰিকেট লীগৰ মাজতে ভাৰতীয় ক্ৰিকেটৰ বাবে আহিছে এক সুখবৰ। দেশৰ পুৰুষ আৰু মহিলা ক্ৰিকেট দলৰ দুগৰাকী মহাতাৰকা ক্ৰমে যশপ্ৰীত বুমৰাহ আৰু স্মৃতি মান্ধানাই ভাৰতীয় ক্ৰিকেটলৈ কঢ়িয়াই আনিছে অনন্য সন্মান। ক্ৰিকেট জগতৰ আটাইতকৈ পুৰণি সন্মানেৰে সন্মানিত হৈছে ভাৰতীয় ক্ৰিকেটৰ এই দুই উজ্জল নক্ষত্ৰ।

অষ্ট্ৰেলিয়া ভ্ৰমণৰ সময়তে আঘাতৰ সন্মুখীন হোৱাৰ পিছত শেহতীয়াকৈ আই পি এলৰ জৰিয়তে পুনৰ খেলপথাৰলৈ ঘূৰিছে যশপ্ৰীত বুমৰাহ। এইপৰ্যন্ত তাৰকাগৰাকীয়ে আই পি এলত বিশেষ প্ৰদৰ্শন দাঙি ধৰিব পৰা নাই যদিও বিগত বৰ্ষটোত তেওঁ ভাৰতীয় দলৰ হৈ দাঙি ধৰিছিল উজ্জীৱিত প্ৰদৰ্শন। বিগত বৰ্ষত অনুষ্ঠিত হোৱা টি-২০ বিশ্বকাপত ভাৰতক জয়ী কৰাত বুমৰাহে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।

টি-২০ বিশ্বকাপত তেওঁ মুঠ ১৫টা উইকেট দখল কৰাৰ লগতে সমগ্ৰ প্ৰতিযোগিতাখনত তেওঁৰ ইক’নমি ৰেট আছিল প্ৰায় ৩ৰ সমপৰ্যায়ৰ। এনে প্ৰদৰ্শনৰ সুবাদত বুমৰাহ টুৰ্ণামেণ্টৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে বিবেচিত হৈছিল। একে সময়তে তেওঁ অষ্ট্ৰেলিয়া ভ্ৰমণৰ সমান্তৰালকৈ ছিজনটোত টেষ্ট ফৰ্মেটত চমকপ্ৰদ প্ৰদৰ্শন আগবঢ়াইছিল। ২০২৪ চনত বুমৰাহে ১৫তকৈও কম গড়ে ৭১টা টেষ্ট উইকেট দখল কৰিছিল।

ইয়াৰ সমান্তৰালকৈ তেওঁ যোৱা বছৰতে নিজ টেষ্ট কেৰিয়াৰত ২০০টা উইকেট সম্পূৰ্ণ কৰিছিল। লক্ষণীয়ভাৱে ২০তকৈও কম গড়ে এই কৃতিত্ব অৰ্জন কৰা বিশ্বৰ প্ৰথমজন বলাৰ হিচাপে পৰিগণিত হৈছিল বুমৰাহ। বছৰটোত বুমৰাহৰ এনে প্ৰদৰ্শনৰ বাবে তেওঁক এতিয়া উইজডেন লিডিং ক্ৰিকেটাৰ ইন দ্য ৱ’ৰ্ল্ড বঁটাৰে সন্মানিত কৰা হৈছে। উল্লেখ্য যে ক্ৰিকেটৰ আটাইতকৈ পুৰণি ব্যক্তিগত সন্মান এই উইজডেন বঁটা ১৮৮৯ চনৰ পৰা প্ৰচলন হৈছিল।

আনহাতে, মহিলাৰ শাখাত ভাৰতীয় মহিলা ক্ৰিকেট দলৰ অপেনাৰ স্মৃতি মান্ধনাই লাভ কৰিছে এই সন্মানীয় বঁটা। মান্ধনাই বিগত বৰ্ষটোত আটাইকেইটা ফৰ্মেটতে শক্তিশালী প্ৰদৰ্শন দাঙি ধৰিছিল। ২০২৪ চনত তিনিওটা ফৰ্মেটতে সৰ্বমুঠ ১৬৫৯ ৰান সংগ্ৰহ কৰি এটা কেলেণ্ডাৰ বৰ্ষত সৰ্বাধিক ৰান সংগ্ৰহকাৰী মহিলা ক্ৰিকেটাৰৰ অভিলেখ গঢ়িছিল স্মৃতি মান্ধানাই। এই সময়ছোৱাত তেওঁ মুঠ ৫টা শতকো অৰ্জন কৰে।

ৱেষ্ট ইণ্ডিজৰ উইকেটকীপাৰ নিকোলাছ পুৰাণেও উইজডেন এৱাৰ্ডৰ তালিকাত স্থান লাভ কৰিবলৈ সক্ষম হয়। পুৰাণক বৰ্ষশ্ৰেষ্ঠ টি-২০ ক্ৰিকেটাৰ হিচাপে নিৰ্বাচিত কৰা হয়। ২০২৪ চনত তেওঁ ২১খন মেচত ২৫ গড়ে আৰু ১৪২ ষ্ট্ৰাইক ৰেটেৰে ৪৬৪ ৰান সংগ্ৰহ কৰিছিল। সাম্প্ৰতিক টি-২০ ফৰ্মেটৰ অন্যতম শ্ৰেষ্ঠ বেটছমেন হিচাপে গণ্য কৰা পুৰাণে বৰ্তমান আই পি এলত লক্ষ্ণৌৰ হৈ খেলি আছে আৰু অৰেঞ্জ কেপৰ অন্যতম এগৰাকী দাবীদাৰ হিচাপে দৌৰত আছে।