দ্ৰাবিড় আৰু গম্ভীৰৰ মাজত আছে যথেষ্ট পাৰ্থক্য! ঋষভ পণ্টে কৰিলে এই মন্তব্য | Team India cricketer Rishabh Pant on head coach Gautam Gambhir and Rahul Dravid Assam news - Assam Tv9

দ্ৰাবিড় আৰু গম্ভীৰৰ মাজত আছে যথেষ্ট পাৰ্থক্য! ঋষভ পণ্টে কৰিলে এই মন্তব্য

Published: 

07 Sep 2024 16:25 PM

ভাৰতীয় ক্ৰিকেট দলৰ মুখ্য প্ৰশিক্ষক হিচাপে ৰাহুল দ্ৰাবিড়ৰ কাৰ্যকাল অন্ত পৰাৰ পিছতে তেওঁৰ স্থানত নিযুক্তি লাভ কৰিছে আন এগৰাকী প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ গৌতম গম্ভীৰে। এই দুইগৰাকী প্ৰশিক্ষক সন্দৰ্ভত শেহতীয়াকৈ এক সাক্ষাৎকাৰত ভাৰতীয় দলৰ তাৰকা ঋষভ পণ্টে কৰিছে কিছু বিশেষ মন্তব্য।

দ্ৰাবিড় আৰু গম্ভীৰৰ মাজত আছে যথেষ্ট পাৰ্থক্য! ঋষভ পণ্টে কৰিলে এই মন্তব্য

গৌতম গম্ভীৰ আৰু ঋষভ পণ্ট

Follow Us On

প্ৰায় ১১ বছৰৰ ব্যৰ্থতাৰ অন্তত চলিত বৰ্ষত ভাৰতীয় ক্ৰিকেট দলে টি-২০ বিশ্বকাপৰ ৰূপত আই চি চি খিতাপ জয় কৰে ভাৰতীয় ক্ৰিকেট দলে। এই অনন্য সাফল্য লাভেৰে ভাৰতীয় ক্ৰিকেট দলৰ মুখ্য প্ৰশিক্ষক হিচাপে কাৰ্যকালৰ অন্ত পেলায় ৰাহুল দ্ৰাবিড়ে। উল্লেখ্য যে ২০২১ চনত ৰাহুল দ্ৰাবিড়ে ভাৰতীয় দলৰ মুখ্য প্ৰশিক্ষকৰ দায়িত্ব লাভ কৰিছিল। তেওঁৰ কাৰ্যকালত ভাৰতীয় ক্ৰিকেট দলে দাঙি ধৰে আকৰ্ষণীয় প্ৰদৰ্শন। দ্ৰাবিড়ৰ কাৰ্যকালত ভাৰতে টি-২০ বিশ্বকাপ আৰু ২০২৩ চনৰ এছিয়া কাপ জয় কৰাৰ লগতে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ আৰু এদিনীয়া বিশ্বকাপৰ ফাইনেলতো প্ৰৱেশ কৰিছিল।

মুখ্য প্ৰশিক্ষক হিচাপে এই অপৰিসীম সফলতাৰ পিছত কাৰ্যকাল অন্ত পৰাৰ লগে লগে দ্ৰাবিড়ে অব্যাহতি লয়। ৰাহুল দ্ৰাবিড়ৰ কাৰ্যকাল অন্ত পৰাৰ পিছতে তেওঁৰ স্থানত এতিয়া ভাৰতীয় দলৰ মুখ্য প্ৰশিক্ষক হিচাপে নিযুক্তি লাভ কৰিছে আন এগৰাকী প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ গৌতম গম্ভীৰে। এই দুয়োগৰাকী প্ৰশিক্ষকৰ অধীনতে ভাৰতীয় দলৰ হৈ খেলপথাৰত নামিছে দলৰ উইকেটকীপাৰ বেটাৰ ঋষভ পণ্ট।

তাৰকা ক্ৰিকেটাৰগৰাকীয়ে শেহতীয়াকৈ এক সাক্ষাৎকাৰত ভাৰতীয় দলৰ পূৰ্বৰ প্ৰশিক্ষক ৰাহুল দ্ৰাবিড় আৰু বৰ্তমানৰ প্ৰশিক্ষক গৌতম গম্ভীৰৰ শৈলীৰ ক্ষেত্ৰত থকা পাৰ্থক্য প্ৰকাশ কৰিছে। পণ্টৰ মতে, ভাৰতৰ বৰ্তমানৰ মুখ্য প্ৰশিক্ষক গম্ভীৰ দ্ৰাবিড়তকৈ অধিক আক্ৰমণাত্মক। ঋষভ পণ্টে কয় যে ভাৰতৰ প্ৰাক্তন মুখ্য প্ৰশিক্ষক দ্ৰাবিড় এগৰাকী ব্যক্তি আৰু প্ৰশিক্ষক হিচাপে অধিক ভাৰসাম্যপূৰ্ণ আছিল।

আনহাতে এইক্ষেত্ৰত গম্ভীৰ অধিক আক্ৰমণাত্মক বুলি উল্লেখ কৰি ঋষভ পণ্টে লগতে কয় যে বৰ্তমানৰ মুখ্য প্ৰশিক্ষক গম্ভীৰ জয়ৰ ক্ষেত্ৰত অত্যন্ত একপক্ষীয়। যিকোনো মূল্যৰ বিনিময়ত তেওঁ জয়ী হ’ব বিচাৰে বুলি মন্তব্য কৰে গম্ভীৰে। অৱশ্যে পণ্টে লগতে এই দুয়োটা ক্ষেত্ৰতে ইতিবাচক আৰু নেতিবাচক দিশ আছে বুলিও মন্তব্য কৰে।

উল্লেখ্য যে এক মাৰাত্মক দুৰ্ঘটনাত পতিত হৈ প্ৰায় মৃত্যুৰ মুখৰ পৰা বাচি অহা ঋষভ পণ্টে প্ৰায় দুবছৰৰ পিছত টি-২০ বিশ্বকাপতে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটলৈ প্ৰত্যাৱৰ্তন ঘটাইছিল। ইয়াৰ পিছত শ্ৰীলংকা ভ্ৰমণৰ এদিনীয়া শৃংখলাতো তেওঁক দলত স্থান দিয়া হৈছিল। আনহাতে বাংলাদেশৰ বিপক্ষে আগন্তুক টেষ্ট শৃংখলাত পণ্টে টেষ্ট ফৰ্মেটলৈ প্ৰত্যাৱৰ্তন ঘটাব বুলি আশা কৰা হৈছে।

সেই উদ্দেশ্যে সম্প্ৰতি দুলীপ ট্ৰফীত অংশ লৈছে তাৰকা ক্ৰিকেটাৰগৰাকীয়ে। অৱশ্যে ইণ্ডিয়া এৰ বিপক্ষে চলি থকা মেচখনৰ প্ৰথম ইনিংছত ব্যৰ্থ হয় পণ্ট। প্ৰথম ইনিংছত মাত্ৰ ৭ ৰানহে সংগ্ৰহ কৰিবলৈ সক্ষম হয় তাৰকাগৰাকী। এনে অৱস্থাত বাংলাদেশৰ বিৰুদ্ধে শৃংখলাৰ প্ৰতি লক্ষ্য ৰাখি দুলীপ ট্ৰফীৰ বাকী থকা মেচসমূহত পণ্ট ফৰ্মলৈ ঘূৰি আহিব বুলি আশা কৰিছে ভাৰতীয় ক্ৰিকেট অনুৰাগীসকলে।

পাকঘৰৰ হালধিয়ে স্বাস্থ্যজনিত সমস্যাৰ পৰা সকাহ দিব পাৰে!
এই জন্তুবোৰে কৰে আত্মহত্যা, তালিকাত কাৰ নাম?
ওজন হ্ৰাসৰ বাবে উপকাৰী সেউজীয়া পাচলিৰ ৰস
ঘৰৰ মূল দুৱাৰত ওলোমাই দিয়ক এই বিধ বস্তু, ধনেৰে উপচি পৰিব...
Exit mobile version