আজি অষ্ট্ৰেলিয়ালৈ ৰাওনা হ’ব ভাৰতীয় দলঃ দৃষ্টি নিবদ্ধ ৰোহিতৰ ওপৰত

অহা ২২ নৱেম্বৰৰ পৰা আৰম্ভ হ’বলগীয়া ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ বাবে আজি অষ্ট্ৰেলিয়া ভ্ৰমণলৈ ৰাওনা হ’ব ভাৰতীয় ক্ৰিকেট দল। ভাৰতীয় খেলুৱৈসকল দুটা গোটত অষ্ট্ৰেলিয়াত উপস্থিত হ’ব। ইয়াৰে প্ৰথমটো গোট আজি কেংগাৰু দেশলৈ উৰা মাৰিব। এই গোটত অধিনায়ক ৰোহিত শৰ্মা থাকিব নে নাথাকিব সেয়া হ’ব লক্ষণীয়।

আজি অষ্ট্ৰেলিয়ালৈ ৰাওনা হ’ব ভাৰতীয় দলঃ দৃষ্টি নিবদ্ধ ৰোহিতৰ ওপৰত

আজি অষ্ট্ৰেলিয়ালৈ ৰাওনা হ’ব ভাৰতীয় দল

Published: 

10 Nov 2024 14:43 PM

আগন্তুক ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ বাবে আজি অষ্ট্ৰেলিয়া ভ্ৰমণলৈ ৰাওনা হ’ব ভাৰতীয় ক্ৰিকেট দল। এই শৃংখলাৰ বাবে নিৰ্বাচিত হোৱা ভাৰতীয় খেলুৱৈসকল দুটা গোটত অষ্ট্ৰেলিয়াত উপস্থিত হ’ব। ইয়াৰে প্ৰথমটো গোট আজি কেংগাৰু দেশলৈ উৰা মাৰিব। আনহাতে আনটো গোট কাইলৈ ৰাওনা হ’ব। লক্ষণীয়ভাৱে এই শৃংখলাৰ প্ৰথমখন মেচত ভাৰতীয় অধিনায়ক ৰোহিত শৰ্মাৰ উপস্থিতিক কেন্দ্ৰ কৰি ব্যাপক জল্পনা-কল্পনাৰ সৃষ্টি হৈছে। ব্যক্তিগত কাৰণত ৰোহিতে প্ৰথমখন মেচত নেখেলিবও পাৰে বুলি খবৰ প্ৰকাশ পাইছিল।

অত্যন্ত গুৰুত্বপূৰ্ণ এই শৃংখলাৰ প্ৰথমখন মেচত অধিনায়ক ৰোহিতৰ অনুপস্থিতিক কেন্দ্ৰ কৰি সৃষ্টি হোৱা এই চৰ্চাৰ মাজতে পিছে শেহতীয়াকৈ এই মেচখনত ৰোহিত উপলব্ধ হ’ব বুলি আন এক খবৰো পোহৰলৈ আহিছে। আজি উৰা মাৰিবলগীয়া প্ৰথমটো গোটতে ৰোহিত থাকিব বুলিও জানিব পৰা গৈছে। গতিকে আজি অষ্ট্ৰেলিয়ালৈ যাবলগীয়া ভাৰতীয় দলৰ খেলুৱৈসকলৰ ওপৰত সকলোৰে দৃষ্টি নিবদ্ধ হৈছে।

উল্লেখ্য যে যোৱা ২৫ অক্টোবৰত বিচিচিআইয়ে ১৮ জনীয়া ভাৰতীয় দল ঘোষণা কৰিছিল। লগতে ৰিজাৰ্ভ খেলুৱৈ হিচাপে ৰখা হৈছিল আন তিনিগৰাকী খেলুৱৈক। এই ৰিজাৰ্ভ খেলুৱৈ তিনিগৰাকীৰ লগতে মূল দলৰ পাঁচগৰাকী খেলুৱৈ ইতিমধ্যেই অষ্ট্ৰেলিয়াত উপস্থিত আছে। অষ্ট্ৰেলিয়া এ দলৰ বিপক্ষে অনুষ্ঠিত হোৱা মেচত ভাৰত এ দলক প্ৰতিনিধিত্ব কৰিছিল এই খেলুৱৈসকলে। এই খেলুৱৈসকলে পোনপটীয়াকৈ ভাৰতীয় শিবিৰত যোগদান কৰিব।

ক্ৰিকেট বিশ্বত সদায়েই এক ৰোমাঞ্চকৰ শৃংখলা হিচাপে পৰিগণিত হৈ আহিছে ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফী। পিছে এইবাৰ এই শৃংখলা ভাৰতীয় দলৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ হৈ পৰিছে। বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলত প্ৰৱেশৰ বাবে ভাৰতীয় দলে এই শৃংখলাত চাৰিখন মেচত জয়লাভ কৰিব লাগিব। গতিকে আগন্তুক এই শৃংখলা ভাৰতীয় দলৰ বাবে একপ্ৰকাৰে অগ্নিপৰীক্ষাস্বৰূপ হৈ পৰিছে।

লক্ষণীয়ভাৱে ৩২ বছৰৰ পাছত এইবাৰ ভাৰত-অষ্ট্ৰেলিয়া ৫ টেষ্ট মেচৰ টেষ্ট শৃংখলাত অৱতীৰ্ণ হ’ব। অহা ২২ নৱেম্বৰৰ পৰা পাৰ্থত অনুষ্ঠিত হ’ব প্ৰথমখন টেষ্ট। শৃংখলাৰ প্ৰথম আৰু দ্বিতীয় টেষ্টৰ মাজত প্ৰায় ৯ দিনৰ ব্যৱধান আছে আৰু এই সময়ত ভাৰতীয় দলে অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী একাদশ দলৰ সৈতে এক অনুশীলনী মেচ খেলিব।

বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ বাবে ঘোষিত ভাৰতীয় দলঃ ৰোহিত শৰ্মা (অধিনায়ক), যশপ্ৰীত বুমৰাহ (সহ-অধিনায়ক), যশস্বী জয়ছোৱাল, অভিমন্যু ইশ্বৰণ, শুভমন গিল, বিৰাট কোহলী, কে এল ৰাহুল, ঋষভ পণ্ট (উইকেটকীপাৰ), ছৰফৰাজ খান, ধ্ৰুৱ জুৰেল (উইকেটকীপাৰ), আৰ অশ্বিন, জাদেজা, মহম্মদ চিৰাজ , আকাশদীপ, প্ৰসিধ কৃষ্ণ, হৰ্ষিত ৰাণা, নীতিশ কুমাৰ ৰেড্ডী, ৱাশ্বিংটন সুন্দৰ।

ৰিজাৰ্ভ খেলুৱৈঃ মুকেশ কুমাৰ, নৱদীপ ছাইনী, খলিল আহমেদ।

ছালৰ উজ্বলতা বঢ়াবলৈ ঘৰতে তৈয়াৰ কৰক এই সামগ্ৰী...
বিশ্বৰ সবাতোকৈ দৰিদ্ৰ দেশ কেইখন, য'ত এজন ব্যক্তিৰ বছৰি আয় মাত্ৰ ৬০ হাজাৰ টকা...
দেশৰ এখন অভিশপ্ত নদী, যাক স্পৰ্শ কৰিবলৈ ভয় কৰে মানুহে, কাৰণ..
কলি যুগ শেষ হ'বলৈ আৰু কিমান বছৰ বাকী আছে?