টীম ইণ্ডিয়াৰ মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰলৈ মৃত্যুৰ ভাবুকি, নিৰাপত্তা বিচাৰি এজাহাৰ দাখিল
টীম ইণ্ডিয়াৰ মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰক দিয়া হৈছে হত্যাৰ ভাবুকি। আইছিছ কাশ্মীৰৰ পৰা এই ভাবুকি লাভ কৰিছে গম্ভীৰে। এই বিষয়ত ২৩ এপ্ৰিলত দিল্লী আৰক্ষীৰ ওচৰত গম্ভীৰে দাখিল কৰিছে এফআইআৰ।

পহলগাম আক্ৰমণৰ পিছতে আন এক চাঞ্চল্যকৰ খবৰ। টীম ইণ্ডিয়াৰ মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰলৈ আহিছে মৃত্যুৰ ভাবুকি। আইছিছ কাশ্মীৰৰ পৰা গম্ভীৰে লাভ কৰিছে এই ভাবুকি। এই বিষয়ত ২৩ এপ্ৰিলত দিল্লী আৰক্ষীৰ ওচৰত এফআইআৰ দাখিল কৰিছে গম্ভীৰে। লগতে উত্থাপন কৰিছে।পৰিয়ালৰ নিৰাপত্তাৰ দাবী। ইণ্ডিয়া টুডেৰ এক বাতৰি অনুসৰি গম্ভীৰে ই-মেইলৰ জৰিয়তে এই ভাবুকি লাভ কৰিছে। য’ত তিনিটা শব্দ লিখা আছিল ‘আই কিল ইউ’।
চলিত আই পিএলৰ বাবে টীম ইণ্ডিয়াৰ পৰা বিৰতি লৈ আছে গৌতম গম্ভীৰ। মাৰ্চ মাহত ভাৰতৰ চেম্পিয়নছ ট্ৰফী জয়ৰ পিছত তেওঁ লাইমলাইটৰ পৰা আঁতৰি আছে। বিশ্বকাপ বিজয়ী পূৰ্বৰ ৰাহুল দ্ৰাবিড়ৰ ঠাইত গম্ভীৰক যোৱা বছৰৰ জুলাই মাহত টীম ইণ্ডিয়াৰ মুখ্য প্ৰশিক্ষক হিচাপে নিযুক্তি দিয়া হৈছিল। শেহতীয়াকৈ তেওঁ পৰিয়ালৰ সৈতে ইউৰোপ ভ্ৰমণলৈও গৈছিল। কিন্তু পহলগাম আক্ৰমণৰ মাত্ৰ এদিন পিছতে তেওঁ লাভ কৰা মৃত্যুৰ ভাবুকিটোৱে সকলোকে চাঞ্চল্যৰ সৃষ্টি কৰিছে। মঙলবাৰে গম্ভীৰলৈ আহিছিল দুটা ভাবুকিপূৰ্ণ ই-মেইল, এটা দুপৰীয়া আৰু আনটো সন্ধিয়া, দুয়োটাই একেটা বাৰ্তা প্ৰেৰণ কৰিছিল। অৱশ্যে এনে ভাবুকিভৰা ই-মেইলৰ এইটো প্ৰথম উদাহৰণ নহয়। ২০২১ চনৰ নৱেম্বৰ মাহত সংসদৰ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰি থকাৰ সময়ত গম্ভীৰে একেধৰণৰ ইমেইল লাভ কৰিছিল।
Former BJP MP and current head coach of the Indian cricket team, Gautam Gambhir, received a death threat from ‘ISIS Kashmir’. On Wednesday, he approached the Delhi Police, filing a formal complaint for an FIR and seeking measures to safeguard his family’s security: Office of… pic.twitter.com/MEG26UIwFh
— ANI (@ANI) April 24, 2025
উল্লেখ্য যে, আই পি এলৰ পিছত ইংলেণ্ড ভ্ৰমণ কৰিব হৈছে টীম ইণ্ডিয়াই। সেই ভ্ৰমণৰ পৰাই গৌতম গম্ভীৰক পুনৰ দায়িত্ব পালন কৰা দেখা যাব। আই পি এল ২০২৫ আৰম্ভ হোৱাৰ পূৰ্বে গৌতম গম্ভীৰৰ প্ৰশিক্ষকতাত টীম ইণ্ডিয়াই চেম্পিয়নছ ট্ৰফী খিতাপ দখল কৰিছিল। অৱশ্যে টীম ইণ্ডিয়াই WTCৰ ফাইনেলৰ বাবে যোগ্যতা অৰ্জন কৰিব নোৱাৰিলে।ইংলেণ্ড ভ্ৰমণত গৌতম গম্ভীৰৰ প্ৰশিক্ষকতাত ৫খন টেষ্ট মেচৰ শৃংখলা অনুষ্ঠিত হ’ব। জুনৰ পৰা আগষ্টৰ ভিতৰত অনুষ্ঠিত হ’ব এই শৃংখলা। গম্ভীৰৰ গুৰুত্ব কেৱল ইংলেণ্ডত অনুষ্ঠিত হ’বলগীয়া টেষ্ট শৃংখলাৰ বাবে টীম ইণ্ডিয়াক প্ৰস্তুত কৰি জয়ী কৰাই নহয়, একে সময়তে তেওঁ নতুন ডব্লিউ টি চি টেবুলতো নিজৰ স্থান উন্নত কৰিব লাগিব।
টীম ইণ্ডিয়াৰ সৈতে মুখ্য প্ৰশিক্ষক হিচাপে গৌতম গম্ভীৰৰ চুক্তি এদিনীয়া বিশ্বকাপ ২০২৭ পৰ্যন্ত অব্যাহত থাকিব।গম্ভীৰ প্ৰশিক্ষকৰ অধীনত এখন আই চি চি খিতাপ দখল কৰিছে টীম ইণ্ডিয়াই। ভৱিষ্যতে তেওঁৰ জয়ৰ সম্ভাৱনা অধিক।