শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

মেছি নে ৰোনাল্ডো! কোন প্ৰিয় ঋষভ পণ্টৰ? ৰাজহুৱাকৈ দিলে উত্তৰ….

মেছি আৰু ৰোনাল্ডোৰ মাজত কোন শ্ৰেষ্ঠ, এই বিষয়ক কেন্দ্ৰ কৰি অনুৰাগীৰ পৰা বিশেষজ্ঞলৈ সকলোৰে মাজত দেখা যায় যুক্তি-তৰ্ক। এতিয়া এই বিষয়ত মত আগবঢ়াইছে ভাৰতীয় দলৰ তাৰকা ক্ৰিকেটাৰ ঋষভ পণ্টে। বৰ্তমান আই পি এলত লক্ষ্ণৌ চুপাৰ জায়েণ্টছৰ নেতৃত্ব বহন কৰি থকা পণ্টে জানিবলৈ দিছে কোন তেওঁৰ প্ৰিয় ফুটবলাৰ।

মেছি নে ৰোনাল্ডো! কোন প্ৰিয় ঋষভ পণ্টৰ? ৰাজহুৱাকৈ দিলে উত্তৰ….
ঋষভ পণ্ট
monjit-dutta
Monjit Dutta | Published: 07 Apr 2025 23:53 PM

বিশ্বৰ আটাইতকৈ জনপ্ৰিয় খেল ফুটবল। সমগ্ৰ বিশ্বজুৰি ফুটবলৰ আছে অলেখ অনুৰাগী। ফুটবল অনুৰাগীৰ মাজতো আকৌ দুটা ভাগত বিভক্ত শিবিৰ। দুগৰাকী মহাতাৰকাৰ নামত ফুটবল বিশ্বত দেখা যায় অনুৰাগীৰ বাদানুবাদ। এই মহাতাৰকা দুগৰাকী আন কোনো নহয়, তেওঁলোক হৈছে আৰ্জেণ্টাইন তাৰকা লিঅ’নেল মেছি আৰু পৰ্তুগীজ তাৰকা ক্ৰিষ্টিয়ানো ৰোনাল্ডো। মেছি আৰু ৰোনাল্ডোৰ মাজত কোন শ্ৰেষ্ঠ, এই বিষয়ক কেন্দ্ৰ কৰি অনুৰাগীৰ পৰা বিশেষজ্ঞলৈ সকলোৰে মাজত দেখা যায় যুক্তি-তৰ্ক।

ভাৰতীয় ক্ৰিকেটাৰসকলৰ মাজতো ফুটবলৰ জনপ্ৰিয়তাৰ কথা ক্ৰীড়াপ্ৰেমীৰ অবিদিত নহয়। অনুশীলনৰ সময়ত ফুটবল খেলাৰ লগতে প্ৰিয় খেলুৱৈ তথা দল সন্দৰ্ভতো দেশৰ বহুকেইজন ক্ৰিকেটাৰে ইতিমধ্যে মতামত দিয়া পৰিলক্ষিত হৈছে। এতিয়া এই বিষয়ত মত আগবঢ়াইছে ভাৰতীয় দলৰ তাৰকা ক্ৰিকেটাৰ ঋষভ পণ্টে। বৰ্তমান আই পি এলত লক্ষ্ণৌ চুপাৰ জায়েণ্টছৰ নেতৃত্ব বহন কৰি থকা পণ্টে জানিবলৈ দিছে কোন তেওঁৰ প্ৰিয় ফুটবলাৰ।

কাইলৈ ​​ইডেন গাৰ্ডেনত কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে খেলিব লক্ষ্ণৌ চুপাৰ জায়েন্টছে। লক্ষ্ণৌ ফ্ৰেঞ্চাইজিৰ স্বত্বাধিকাৰী সঞ্জীৱ গোৱেংকা আই পি এলত লক্ষ্ণৌ দলৰ বিপৰীতে আই এছ এলত মোহন বাগান দলৰ বিনিয়োগকাৰীও। মহানগৰীৰ এক অনুষ্ঠানত মোহন বাগানৰ ফুটবলাৰৰ সৈতে উপস্থিত থাকে পণ্ট আৰু গোৱেংকা। এই অনুষ্ঠানতে পণ্টে প্ৰকাশ কৰে নিজৰ প্ৰিয় খেলুৱৈৰ কথা।

অনুষ্ঠানত পণ্টে নিজৰ জীৱন সন্দৰ্ভত বহু প্ৰশ্নৰ মুকলিকৈ উত্তৰ দিছিল। এনে প্ৰশ্নসমূহৰ মাজতে মাজতে তেওঁক সোধা হৈছিল মেছি আৰু ৰোনাল্ডোৰ ভিতৰত তেওঁৰ প্ৰিয় কোন। এই প্ৰশ্নৰ উত্তৰত তেওঁ কয়, “মই মেছিক ভাল পাওঁ। কিন্তু মই ভাবো ৰোনাল্ডোৰ পৰা মোৰ বহুত শিকিবলগীয়া আছে।” প্ৰায় তিনি বছৰ পূৰ্বে পণ্টৰ জীৱনত সংঘটিত হৈছিল এক ভয়ংকৰ দুৰ্ঘটনা। এই দুৰ্ঘটনাই ভাৰতীয় ক্ৰিকেটৰ লগতে কঁপাই তুলিছিল সমগ্ৰ ক্ৰিকেট জগতখন।

দুৰ্ঘটনাৰ পিছত আনকি পণ্টৰ ক্ৰিকেট কেৰিয়াৰো সংশয়ৰ মাজত সোমাই পৰিছিল। সেই প্ৰসংগত পণ্টে কয়, “সৰুৰে পৰাই মই নিজৰ সকলো কাম নিজেই কৰিছো। কিন্তু দুৰ্ঘটনাৰ পিছত মই লৰচৰ কৰিব পৰা নাছিলো। সেই সময়ৰ লগত খাপ খুৱাই লোৱাটো বৰ কঠিন আছিল। কাৰণ, সকলো কামতে মই আনৰ পৰা সহায় ল’বলগীয়া হৈছিল। কিন্তু মই নিজকে পতিয়ন নিয়াইছিলো যে এই সময় দীঘলীয়া হ’ব। ধৈৰ্য্য হেৰুৱাব নালাগে।”

লক্ষণীয়ভাৱে ক্ৰিকেট বিশ্বত স্পাইদাৰ হিচাপে জনপ্ৰিয় হৈ পৰা পণ্ট কেৱল এজন ভাল ক্ৰিকেটাৰেই নহয়, আন খেলতো পাকৈত তেওঁ। এই বিষয়ত নিজ মুখেৰেই উল্লেখ কৰিছে পণ্টে। তেওঁ কয়, “মই যদি ক্ৰিকেটাৰ নহ’লোহেঁতেন তেতিয়া মই টেনিছ খেলুৱৈ হ’লোহেঁতেন। মই সঁচাকৈয়ে টেনিছ খেলি ভাল পাওঁ।” টেনিছত বিশেষ পাৰদৰ্শিতা নাথাকিলেও অনুশীলন কৰিলে নিশ্চিতভাৱে ভাল খেলিব পাৰিব বুলিও আত্মবিশ্বাস প্ৰকাশ কৰে পণ্টে।