চেম্পিয়নছ ট্ৰফীৰ বাবে ভাৰতীয় দল ঘোষণাঃ গিলক সহ-অধিনায়কৰ দায়িত্ব, অন্তৰ্ভুক্ত বুমৰাহ

অৱশেষত অন্ত পৰিল দীৰ্ঘদিনীয়া চৰ্চাৰ। বহু জল্পনা-কল্পনাৰ অন্তত আজি আগন্তুক চেম্পিয়নছ ট্ৰফীৰ বাবে ঘোষণা কৰা হ’ল ভাৰতীয় দল। মুম্বাইত এক সংবাদ মেলযোগে অধিনায়ক ৰোহিত শৰ্মা আৰু মুখ্য নিৰ্বাচক অজিত আগাৰকাৰে ভাৰতীয় দলটো ঘোষণা কৰে।

চেম্পিয়নছ ট্ৰফীৰ বাবে ভাৰতীয় দল ঘোষণাঃ গিলক সহ-অধিনায়কৰ দায়িত্ব, অন্তৰ্ভুক্ত বুমৰাহ

চেম্পিয়নছ ট্ৰফীৰ বাবে ভাৰতীয় দল ঘোষণা

Updated On: 

18 Jan 2025 15:43 PM

অৱশেষত অন্ত পৰিল দীৰ্ঘদিনীয়া চৰ্চাৰ। বহু জল্পনাকল্পনাৰ অন্তত আজি আগন্তুক চেম্পিয়নছ ট্ৰফীৰ বাবে ঘোষণা কৰা হ’ল ভাৰতীয় দল। মুম্বাইত এক সংবাদ মেলযোগে অধিনায়ক ৰোহিত শৰ্মা আৰু মুখ্য নিৰ্বাচক অজিত আগাৰকাৰে ভাৰতীয় দলটো ঘোষণা কৰে। অহা ১৯ ফেব্ৰুৱাৰীৰ পৰা পাকিস্তান আৰু চৌদি আৰৱৰ ডুবাইত অনুষ্ঠিত হ’ব আইচিচিৰ এই প্ৰতিযোগিতা। চেম্পিয়নছ ট্ৰফীৰ সমান্তৰালকৈ ইংলেণ্ডৰ বিপক্ষে অনুষ্ঠিত হ’বলগীয়া এদিনীয়া শৃংখলাৰ বাবেও দল ঘোষণা কৰা হৈছে।

লক্ষণীয়ভাৱে চেম্পিয়নছ ট্ৰফীৰ বাবে তাৰকা পেচাৰ যশপ্ৰীত বুমৰাহে দলত স্থান লাভ কৰিব নে নকৰে সেই লৈ ব্যাপক চৰ্চা চলি আহিছিল। বুমৰাহ সন্দৰ্ভত চলি অহা এই চৰ্চাৰ অন্ত পেলাই মুখ্য নিৰ্বাচক আগাৰকাৰে বুমৰাহৰ অন্তৰ্ভুক্তিৰ কথা ঘোষণা কৰে। অৱশ্যে ইংলেণ্ডৰ বিপক্ষে আগন্তুক শৃংখলাত দেখা নাযাব তাৰকা পেচাৰগৰাকীক। তেওঁৰ স্থানত এই শৃংখলাত অংশ ল’ব হৰ্ষিত ৰাণাই।

ইফালে বিচিচিআইয়ে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰি শুভমন গিলক সহঅধিনায়কৰ দায়িত্ব অৰ্পণ কৰিছে। আনহাতে অভিজ্ঞ পেচাৰ মহম্মদ ছামিক পুনৰ এবাৰ এই প্ৰতিযোগিতাত বুমৰাহৰ সৈতে পেচ আক্ৰমণত যুটি বন্ধা দেখিবলৈ পোৱা যাব। দলত তৃতীয়গৰাকী পেচাৰ হিচাপে স্থান দিয়া হৈছে অৰ্শদীপ সিঙক। হাৰ্দিক পাণ্ডিয়াই পেচ আক্ৰমণত তেওঁলোকক সহযোগিতা আগবঢ়াব।

আনহাতে অভিজ্ঞ তাৰকা অলৰাউণ্ডাৰ ৰবীন্দ্ৰ জাদেজাৰ এদিনীয়া ফৰ্মেটলৈ প্ৰত্যাৱৰ্তন ঘটিছে। তেওঁৰ লগতে আন দুগৰাকী স্পীন বলিং অলৰাউণ্ডাৰ অক্ষৰ পেটেল আৰু ৱাশ্বিংটন সুন্দৰকো দলত অন্তৰ্ভুক্ত কৰা হৈছে। চাইনামেন বলাৰ কুলদীপ যাদৱৰ স্থানো দলত অক্ষত আছে। উইকেটকীপাৰ হিচাপে ৰাহুলৰ লগতে পণ্টকো স্থান দিয়া হৈছে দলত। সমান্তৰালকৈ প্ৰত্যাৱৰ্তন ঘটিছে শ্ৰেয়স আয়াৰৰ।

ঘোষিত দলটোত তৃতীয়গৰাকী অপেনাৰ হিচাপে স্থান পাইছে যশস্বী জয়ছোৱালে। ইফালে বাদ পৰিছে পেচাৰ মহম্মদ চিৰাজ। অলৰাউণ্ডাৰ নীতিশ কুমাৰ ৰেড্ডী, সঞ্জু চেমচন আৰু চলিত বিজয় হাজাৰে ট্ৰফীত সুন্দৰ প্ৰদৰ্শন দাঙি ধৰা কৰুণ নায়াৰৰ নামো চৰ্চালৈ আহিছিল যদিও দলত তেওঁলোকক অন্তৰ্ভুক্ত কৰা হোৱা নাই।

উল্লেখ্য যে এই প্ৰতিযোগিতাৰ গ্ৰুপ এত পাকিস্তান, নিউজিলেণ্ড আৰু বাংলাদেশৰ সৈতে আছে ভাৰতীয় দল। ২০ ফেব্ৰুৱাৰীত বাংলাদেশৰ বিৰুদ্ধে মেচৰ জৰিয়তে চেম্পিয়ন ট্ৰফী অভিযান আৰম্ভ কৰিব ভাৰতে। ইয়াৰ পিছতে ২৩ ফেব্ৰুৱাৰীত পাকিস্তানৰ বিৰুদ্ধে দ্বিতীয়খন মেচ আৰু ২ মাৰ্চত নিউজিলেণ্ডৰ বিৰুদ্ধে গ্ৰুপৰ অন্তিমখন মেচত ভাৰতীয় দল অৱতীৰ্ণ হ’ব। ভাৰতীয় দলে প্ৰতিযোগিতাৰ আটাইকেইখন মেচ ডুবাইত খেলিব।

ঘোষিত দলটোঃ ৰোহিত শৰ্মা, শুভমন গিল, বিৰাট কোহলী, কে এল ৰাহুল, ঋষভ পণ্ট, হাৰ্দিক পাণ্ডিয়া, শ্ৰেয়স আয়াৰ, অক্ষৰ পেটেল, কুলদীপ যাদৱ, মহম্মদ ছামি, ৱাশ্বিংটন সুন্দৰ, যশস্বী জয়ছোৱাল, অৰ্শদীপ সিং, ৰবীন্দ্ৰ জাদেজা, যশপ্ৰীত বুমৰাহ।

স্বাস্থ্য উপকাৰী মূলা হ’ব পাৰে ক্ষতিৰো কাৰণ, এইসকল লোকে মূলা খোৱাৰ পূৰ্বে হওক সাৱধান!
অট' চালকে ৰক্ষা কৰিলে ছেইফৰ জীৱন! নল'লে এটা টকাও ভাড়া
ছেইফ আলী খানৰ মুম্বাইৰ ঘৰৰ দাম কিমান? য'ত কৰা হৈছিল আক্ৰমণ
বেগত হালধি টুকুৰা ৰাখিলে কি হয় জানেনে?