চেম্পিয়নছ ট্ৰফী জয়ী ভাৰতীয় দলৰ ওপৰত বিচিচিআইৰ ধনৰ বৰষুণঃ লাভ কৰিব ইমান পুৰস্কাৰ…
যোৱা ৯ মাৰ্চত নিউজিলেণ্ডক পৰাস্ত কৰি ভাৰতে হস্তগত কৰে আইচিচি চেম্পিয়নছ ট্ৰফীৰ খিতাপ। চেম্পিয়ন ট্ৰফী জয়ৰ এই অনন্য কৃতিত্ব লাভৰ বাবে এতিয়া ভাৰতীয় দলটোৱে বিচিচিআইৰ পৰা লাভ কৰিব বৃ্হৎ পুৰস্কাৰ। কেৱল দলৰ খেলুৱৈকেইজনেই নহয়, দলৰ সৈতে জড়িত থকা প্ৰতিগৰাকী কৰ্মচাৰীয়েই লাভ কৰিব এই পুৰস্কাৰৰ অংশ।

ক্ৰিকেট বিশ্বত নিজৰ আধিপত্যৰ প্ৰমাণ দি শেহতীয়াকৈ আইচিচি চেম্পিয়নছ ট্ৰফী জয় কৰে ভাৰতীয় দলে। প্ৰতিযোগিতাখনত অপৰাজেয় ধাৰা অব্যাহত ৰাখি যোৱা ৯ মাৰ্চত নিউজিলেণ্ডক পৰাস্ত কৰি ভাৰতে আইচিচিৰ এই অন্যতম প্ৰধান ইভেণ্টৰ খিতাপত তৃতীয়বাৰলৈ চুম্বন দিবলৈ সক্ষম হয়। এইদৰে ৰোহিত শৰ্মাৰ নেতৃত্বত ভাৰতীয় দলে ক্ৰমাগত দ্বিতীয়টো আইচিচি খিতাপ জয়ৰ কৃতিত্ব অৰ্জন কৰে। চেম্পিয়ন ট্ৰফী জয়ৰ এই অনন্য কৃতিত্ব লাভৰ বাবে এতিয়া ভাৰতীয় দলটোৱে লাভ কৰিব বৃ্হৎ পুৰস্কাৰ।
কেৱল দলৰ খেলুৱৈকেইজনেই নহয়, দলৰ সৈতে জড়িত থকা প্ৰতিগৰাকী কৰ্মচাৰীয়েই লাভ কৰিব এই পুৰস্কাৰৰ অংশ। ইতিমধ্যে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ড, চমুকৈ বিচিচিআইয়ে চেম্পিয়নছ ট্ৰফী জয়ী ভাৰতীয় দলটোৰ বাবে ৫৮ কোটি টকাৰ পুৰস্কাৰ ঘোষণা কৰে। বিচিচিআইয়ে এক বিবৃতি যোগে এই পুৰস্কাৰ ঘোষণা কৰি প্ৰতিযোগিতাত দাঙি ধৰা উজ্জীৱিত প্ৰদৰ্শনৰ বাবে প্ৰতিগৰাকী খেলুৱৈকে উচ্চ প্ৰশংসা কৰে।
বিবৃতিটোত বিচিচিআইয়ে কয় যে অধিনায়ক ৰোহিত শৰ্মাৰ নেতৃত্বত ভাৰতে সমগ্ৰ প্ৰতিযোগিতাত নিজৰ আধিপত্য বজাই ৰাখিছিল। বাংলাদেশৰ বিপক্ষে প্ৰথম মেচৰ পৰা আৰম্ভ কৰি ফাইনেললৈকে ভাৰতীয় দলে লাভ কৰা জয় আৰু মেচসমূহত আগবঢ়োৱা প্ৰদৰ্শন দোহাৰি বিচিচিআইয়ে চেম্পিয়নছ ট্ৰফী ২০২৫ জয় কৰাৰ পিছত দলটোৰ বাবে ৫৮ কোটি টকাৰ নগদ পুৰস্কাৰ ঘোষণা কৰি বিচিচিআই আনন্দিত হোৱা বুলি উল্লেখ কৰে।
চেম্পিয়ন ট্ৰফী জয়ৰ অংশীদাৰ খেলুৱৈ, প্ৰশিক্ষক আৰু সহায়ক কৰ্মচাৰী আৰু বাছনি সমিতিৰ সদস্যসকলক সন্মান জনাই এই পুৰস্কাৰ আগবঢ়োৱা হৈছে বুলি বিচিচিআইয়ে লগতে কয়। অৰ্থাৎ বিচিচিআইয়ে আগবঢ়োৱা এই ধনৰাশি সকলোৰে মাজত ভাগ কৰা হ’ব। অৱশ্যে ধনৰাশি কিদৰে ভাগ কৰা হ’ব, সেই সম্পৰ্কে বিচিচিআইয়ে স্পষ্টকৈ উল্লেখ কৰা নাই। ইয়াৰ পূৰ্বেই বিগত বৰ্ষত টি-২০ বিশ্বকাপ জয়ৰ সময়তো বিচিচিআইয়ে পুৰস্কাৰ ঘোষণা কৰিছিল।
২০০৭ চনৰ উদ্বোধনী বৰ্ষৰ সংস্কৰণৰ পিছত চমু ফৰ্মেটটিৰ মূল খিতাপ জয়ত ভাৰতীয় দলে ব্যৰ্থতাৰ সন্মুখীন হৈ আহিছিল যদিও বিগত বৰ্ষত এই খৰাঙৰ অন্ত পেলাই ৰোহিতৰ নেতৃত্বতে ভাৰতে পুনৰ এবাৰ টি-২০ বিশ্বকাপত শ্ৰেষ্ঠত্ব অৰ্জন কৰিছিল। ইয়াৰ পিছতে বিচিচিআইয়ে ১২৫ কোটি টকাৰ পুৰস্কাৰ ঘোষণা কৰিছিল। সেই পুৰস্কাৰ খিতাপ জয়ী খেলুৱৈ, নিৰ্বাচক, প্ৰশিক্ষক আৰু সহায়ক কৰ্মচাৰীৰ মাজত বিতৰণ কৰা হৈছিল।