শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

পুনৰ অষ্ট্ৰেলিয়ালৈ যাব ৰোহিত-কোহলী! প্ৰকাশ পালে ভাৰতীয় দলৰ নতুন সূচী

ভাৰতীয় ক্ৰিকেট অনুৰাগী সম্প্ৰতি আই পি এল উপভোগত ব্যস্ত। আই পি এলৰ উন্মাদনাৰ মাজতে ভাৰতীয় ক্ৰিকেটপ্ৰেমীৰ বাবে আহিছে এক সুখবৰ। পুনৰ এবাৰ অষ্ট্ৰেলিয়া ভ্ৰমণলৈ যাবলৈ সাজু হৈছে ভাৰতীয় ক্ৰিকেট দল। অৱশ্যে দলৰ দুই মূল স্তম্ভ স্বৰূপ ৰোহিত শৰ্মা আৰু বিৰাট কোহলী এই ভ্ৰমণত থাকিবনে, সেয়া হ’ব লক্ষণীয়।

পুনৰ অষ্ট্ৰেলিয়ালৈ যাব ৰোহিত-কোহলী! প্ৰকাশ পালে ভাৰতীয় দলৰ নতুন সূচী
অষ্ট্ৰেলিয়া ভ্ৰমণলৈ যাব ভাৰত
monjit-dutta
Monjit Dutta | Published: 30 Mar 2025 21:42 PM

ভাৰতীয় ক্ৰিকেট অনুৰাগী সম্প্ৰতি আই পি এল উপভোগত ব্যস্ত। আই পি এলৰ উন্মাদনাৰ মাজতে ভাৰতীয় ক্ৰিকেটপ্ৰেমীৰ বাবে আহিছে এক সুখবৰ। পুনৰ এবাৰ অষ্ট্ৰেলিয়া ভ্ৰমণলৈ যাবলৈ সাজু হৈছে ভাৰতীয় ক্ৰিকেট দল। বিশেষকৈ আন এক কাৰণত এই সূচী অনুৰাগীৰ বাবে বিশেষ হৈ পৰিছে। ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ পিছৰে পৰা ভাৰতীয় অনুৰাগীৰ মনত উদয় হৈছিল এক প্ৰশ্নৰ। ভাৰতীয় দলৰ দুই মূল স্তম্ভ স্বৰূপ ৰোহিত শৰ্মা আৰু বিৰাট কোহলীক পুনৰ অষ্ট্ৰেলিয়ান ভূমিত দেখা পোৱা যাবনে, সেই লৈ অনুৰাগীৰ মাজত আছিল শংকা।

এই শংকাৰ মাজতে ক্ৰিকেট অষ্ট্ৰেলিয়াই প্ৰকাশ কৰিছে সীমিত অভাৰৰ দ্বিপাক্ষিক সূচী। এই সূচী অনুসৰি এদিনীয়া আৰু টি-২০ শৃংখলাৰ বাবে অক্টোবৰ মাহত অষ্ট্ৰেলিয়া ভ্ৰমণ কৰিব ভাৰতীয় দলে। টি-২০ ফৰ্মেটৰ পৰা অৱসৰ গ্ৰহণ কৰিলেও যিহেতু এদিনীয়া ফৰ্মেটত এতিয়াও ৰোহিত আৰু কোহলীয়ে খেল অব্যাহত ৰাখিছে, সেয়ে অষ্ট্ৰেলিয়ান ভূমিত এদিনীয়া শৃংখলাত দুয়োকে দেখা পোৱাৰ সম্ভাৱনা আছে।

আগন্তুক এই অষ্ট্ৰেলিয়া ভ্ৰমণত ভাৰতীয় দলে ৩ খন মেচৰএদিনীয়া আৰু ৫ খন মেচৰ টি-২০ শৃংখলা খেলিব। অহা ১৯ অক্টোবৰৰ পৰা এদিনীয়া শৃংখলাৰ দ্বাৰা আৰম্ভ হ’ব এই ভ্ৰমণ আৰু ৮ নৱেম্বৰত এই ভ্ৰমণৰ অন্ত পৰিব। অষ্ট্ৰেলিয়াৰ ৮খন পৃথক চহৰত অনুষ্ঠিত হ’ব এই ৮খন মেচ। এদিনীয়া শৃংখলাৰ তিনিওখন মেচ পাৰ্থ, এডিলেইড আৰু ছিডনীত অনুষ্ঠিত হ’ব।

আনহাতে কেনবেৰা, মেলবৰ্ণ, হোবাৰ্ট, গোল্ড কোষ্ট আৰু ব্রিজবেনত অনুষ্ঠিত হ’ব টি-২০ শৃংখলাৰ মেচ৷ উল্লেখ্য যে চলিত বৰ্ষৰ আৰম্ভণিতে অষ্ট্ৰেলিয়াত অনুষ্ঠিত হোৱা ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ অন্ত পৰাৰ পাছত বিৰাট কোহলী আৰু ৰোহিত শৰ্মাৰ পৰৱৰ্তী অষ্ট্ৰেলিয়া ভ্ৰমণক লৈ জল্পমা-কল্পনাৰ সৃষ্টি হৈছিল। সেই টেষ্ট শৃংখলাতে দুয়ো অন্তিমটো অষ্ট্ৰেলিয়া ভ্ৰমণ কৰা বুলিও চৰ্চা চলা দেখা গৈছিল।

কিন্তু এতিয়া সীমিত অভাৰৰ শৃংখলাৰ সূচী প্ৰকাশ পোৱাৰ পিছত ৰোহিত আৰু কোহলী পুনৰ অষ্ট্ৰেলিয়া ভ্ৰমণলৈ যোৱাৰ আশা বৃদ্ধি পাইছে। অষ্ট্ৰেলিয়া-ভাৰতৰ সীমিত অভাৰৰ শৃংখলাৰ ঘোষিত সূচী-

এদিনীয়া শৃংখলাঃ

১৯ অক্টোবৰ – প্ৰথম মেচ, পাৰ্থ

২৩ অক্টোবৰ – দ্বিতীয় মেচ, এডিলেইড

২৫ অক্টোবৰ – তৃতীয় মেচ, ছিডনী

টি-২০ শৃংখলা

২৯ অক্টোবৰ – প্ৰথম মেচ, কেনবেৰা

৩১ অক্টোবৰ – দ্বিতীয় মেচ, মেলবৰ্ণ

২ নৱেম্বৰ – তৃতীয় মেচ, হোবাৰ্ট

৬ নৱেম্বৰ – চতুৰ্থ মেচ, গোল্ড কোষ্ট

৮ নৱেম্বৰ – পঞ্চম মেচ, ব্রিজবেন