অষ্ট্ৰেলিয়ালৈ ৰাওনা ভাৰতীয় দলঃ কেইবাটাও বিষয়ত গম্ভীৰে দিলে গুৰুত্বপূৰ্ণ ইংগিত

ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ বাবে অষ্ট্ৰেলিয়ালৈ ৰাওনা হোৱাৰ পূৰ্বে আজি মুম্বাইত এক সংবাদমেল সম্বোধন কৰে ভাৰতীয় দলৰ মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰে। এই সংবাদমেলত গম্ভীৰে আগন্তুক ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীত ভাৰতীয় দলৰ সৈতে জড়িত কেইবাটাও গুৰুত্বপূৰ্ণ দিশৰ ওপৰত মন্তব্য আগবঢ়ায়।

অষ্ট্ৰেলিয়ালৈ ৰাওনা ভাৰতীয় দলঃ কেইবাটাও বিষয়ত গম্ভীৰে দিলে গুৰুত্বপূৰ্ণ ইংগিত

সংবাদ মেলত গৌতম গম্ভীৰ

Published: 

11 Nov 2024 14:45 PM

ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ বাবে অষ্ট্ৰেলিয়ালৈ ৰাওনা হৈছে ভাৰতীয় ক্ৰিকেট দল। নিউজিলেণ্ডৰ বিপক্ষে শেহতীয়াকৈ ঘৰুৱা টেষ্ট শৃংখলাত শোচনীয়ভাৱে পৰাস্ত হোৱাৰ পিছত অষ্ট্ৰেলিয়াৰ বিপক্ষে আগন্তুক এই টেষ্ট শৃংখলা ভাৰতীয় দলৰ বাবে যথেষ্ট গুৰুত্বপূৰ্ণ বিবেচিত হৈছে। শৃংখলাটোৰ বাবে অষ্ট্ৰেলিয়ালৈ ৰাওনা হোৱাৰ পূৰ্বে আজি মুম্বাইত এক সংবাদমেল সম্বোধন কৰে ভাৰতীয় দলৰ মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰে। এই সংবাদমেলত গম্ভীৰে আগন্তুক ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীত ভাৰতীয় দলৰ সৈতে জড়িত কেইবাটাও গুৰুত্বপূৰ্ণ দিশৰ ওপৰত মন্তব্য আগবঢ়ায়।

এই শৃংখলাৰ প্ৰথমখন মেচত ভাৰতীয় দলৰ অধিনায়ক ৰোহিত শৰ্মাৰ উপস্থিতি সন্দৰ্ভত এতিয়াও কোনো নিশ্চিত তথ্য প্ৰকাশ পোৱা নাই। এই সন্দৰ্ভত গৌতম গম্ভীৰক সংবাদ মেলত প্ৰশ্ন কৰা হয়। এই প্ৰশ্নৰ উত্তৰত গম্ভীৰে টেষ্ট শৃংখলা আৰম্ভ হোৱাৰ পূৰ্বেহে এই বিষয়ে সঠিক তথ্য লাভ কৰিব বুলি মন্তব্য কৰে। অৰ্থাৎ ৰোহিত এই মেচখনৰ বাবে দলত উপলব্ধ ন’হব পাৰে বুলি যি খবৰ ওলাইছে, সেই খবৰ অস্বীকাৰ কৰা নাই গম্ভীৰে।

সংবাদ মেলত গম্ভীৰক লগতে ভাৰতীয় দলৰ অপেনিং সন্দৰ্ভতো প্ৰশ্ন কৰা হয়। যদি ৰোহিত শৰ্মা পাৰ্থ টেষ্টত উপলব্ধ নাথাকে তেতিয়া তেওঁৰ স্থানত অপেনাৰ হিচাপে কোনে দায়িত্ব ল’ব সেই সম্পৰ্কে কৰা প্ৰশ্নৰ উত্তৰত গৌতম গম্ভীৰে অভিমন্যু ইশ্বৰণ আৰু কে এল ৰাহুলৰ নাম প্ৰথম দুটা বিকল্প হিচাপে উল্লেখ কৰে। এই দুগৰাকীৰ লগতে দলত আন বিকল্পও আছে বুলি গম্ভীৰে লগতে মন্তব্য কৰে।

ইফালে শুভমন গিলক বেটিং লাইন আপৰ ওপৰৰ স্থানত অৰ্থাৎ অপেনাৰ হিচাপে দেখা যাব পাৰে নেকি বুলি আন এক প্ৰশ্নৰো অৱতাৰণা হয় সংবাদ মেলত। পিছে গম্ভীৰে প্লেইং ইলেভেন সন্দৰ্ভত এতিয়াই প্ৰকাশ কৰিব পৰা নহ’ব বুলি মন্তব্য কৰে। পৰিস্থিতি বিবেচনা কৰিহে দলত খেলুৱৈ নিৰ্বাচন কৰা হ’ব বুলি তেওঁ লগতে কয়। আনহাতে ৰোহিত-কোহলীৰ ফৰ্ম সন্দৰ্ভতো মন্তব্য কৰে গম্ভীৰে।

ৰোহিত শৰ্মা আৰু বিৰাটৰ বৰ্তমানৰ প্ৰদৰ্শন চিন্তাৰ বিষয় নহয় বুলি মন্তব্য কৰি গম্ভীৰে লগতে দুয়োগৰাকী খেলুৱৈৰ যথেষ্ট অভিজ্ঞতা আছে বুলি আঙুলিয়াই দিয়ে। ইফালে ৰোহিত শৰ্মাই যদি প্ৰথমখন মেচত অংশ ল’ব নোৱাৰে, তেন্তে তেওঁৰ স্থানত সহ-অধিনায়ক যশপ্ৰীত বুমৰাহে দায়িত্ব ল’ব বুলি স্পষ্ট কৰি দিয়ে। গম্ভীৰে লগতে দলত অভিজ্ঞ আৰু নতুনৰ যথেষ্ট উন্নত সংমিশ্ৰণ আছে বুলি উল্লেখ কৰে।

প্ৰথমবাৰৰ বাবে অষ্ট্ৰেলিয়া ভ্ৰমণ কৰা খেলুৱৈসকলৰ বাবে জ্যেষ্ঠ খেলুৱৈসকলৰ অভিজ্ঞতা সহায়ক হ’ব বুলিও গম্ভীৰে লগতে কয়। আনহাতে অষ্ট্ৰেলিয়াৰ পিটছ সন্দৰ্ভতো মন্তব্য আগবঢ়ায় গম্ভীৰে। অষ্ট্ৰেলিয়াই পিটছ কিদৰে প্ৰস্তুত কৰিব, তাৰ ওপৰত ভাৰতীয় দলৰ কোনো নিয়ন্ত্ৰণ নাই বুলি উল্লেখ কৰি গম্ভীৰে লগতে ভাৰতীয় দল যিকোনো পৰিস্থিতিত খেলিবলৈ সাজু বুলি দৃঢ়তাৰে কয়।

পুৰণি পাৰ্চটো পেলাই দিয়াৰ পূৰ্বে কৰক এই কাম, অন্যথা আহিব আৰ্থিক সংকট!
আপেলৰ উপকাৰিতাৰ বিষয়ে জানেনে?
দেশৰ এই স্থানত আমিষ খাদ্যৰ ওপৰত আছে নিষেধাজ্ঞা, নিয়ম ভংগ কৰিলে ভুগিব শাস্তি
খেলৰত্ন বঁটা বিজয়ী হিচাপে মনু, গুকেশ, হৰমনপ্ৰীত আৰু প্ৰবীণে কিমান ধন লাভ কৰিব জানেনে?