ক’লা আৰ্মবেণ্ড পিন্ধি চেম্পিয়নছ ট্ৰফীৰ ছেমি ফাইনেলত ৰোহিত বাহিনী, ইয়াৰ আঁৰৰ কাৰণ কি?
আজি চেম্পিয়নছ ট্ৰফী ২০২৫ৰ ছেমি ফাইনেলত ভাৰতৰ মুখামুখি হৈছে অষ্ট্ৰেলিয়া। টছত জয়লাভ কৰি অষ্ট্ৰেলিয়াই প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লয়। টছৰ সময়ত ক’লা বেণ্ড পিন্ধা দেখা গৈছিল টীম ইণ্ডিয়াৰ অধিনায়ক ৰোহিত শৰ্মাক। লগতে সমগ্ৰ দলটোৱেও পৰিধান কৰিছে আৰ্মবেণ্ড।

আজি আই চি চি চেম্পিয়নছ ট্ৰফী ২০২৫ৰ ছেমি ফাইনেলত ভাৰত বনাম অষ্ট্ৰেলিয়া। টছত জয়লাভ কৰি অষ্ট্ৰেলিয়াই প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লয়। টছৰ সময়ত ক’লা বেণ্ড পিন্ধা দেখা গৈছিল টীম ইণ্ডিয়াৰ অধিনায়ক ৰোহিত শৰ্মাক। সমগ্ৰ দলটোৱেও পৰিধান কৰিছে আৰ্মবেণ্ড। প্ৰকৃততে ইয়াৰ দ্বাৰা মুম্বাইৰ কিংবদন্তি স্পিনাৰ পদ্মকৰ শিৱলকাৰক শ্ৰদ্ধাঞ্জলি জনাইছে ভাৰতীয় খেলুৱৈসকলে। ইএদিন পূৰ্বে ৮৪ বছৰ বয়সত মৃত্যু হয় পদ্মকৰ শিৱলকাৰৰ। ভাৰতৰ হৈ কেতিয়াও খেলিব সুযোগ নোপোৱা অন্যতম শ্ৰেষ্ঠ স্পিনাৰ শিভালকাৰে ১৯৬১-৬২ৰ পৰা ১৯৮৭-৮৮ চনৰ ভিতৰত মুঠ ১২৪খন প্ৰথম শ্ৰেণীৰ মেচ খেলি ১৯.৬৯ গড়ে ৫৮৯টা উইকেট দখল কৰে। ইয়াৰে ৩৬১টা উইকেট দখল কৰিছিল ৰঞ্জি ট্ৰফীত।
২০১৭ চনত ভাৰতীয় ক্ৰিকেট ব’ৰ্ডে তেওঁক চি কে নায়ডু ‘লাইফটাইম এছিভমেণ্ট’ বঁটাৰে সন্মানিত কৰিছিল। তেওঁৰ মৃত্যু মুম্বাই ক্ৰিকেট সন্থাৰ অধ্যক্ষ অজিংক্য নাইকে কয়, ‘মুম্বাই ক্ৰিকেটে আজি এক প্ৰকৃত কিংবদন্তি হেৰুৱাইছে। বিশেষকৈ সৰ্বকালৰ অন্যতম শ্ৰেষ্ঠ স্পিনাৰ হিচাপে পদ্মকৰ শিৱলকাৰ ছাৰৰ অৱদান সদায় স্মৰণীয় হৈ থাকিব।’ তেওঁ কয়, ‘মুম্বাই ক্ৰিকেটত তেওঁৰ নিষ্ঠা, দক্ষতা আৰু প্ৰভাৱ অতুলনীয়। তেওঁৰ মৃত্যু ক্ৰিকেট জগতৰ বাবে এক অপূৰণীয় ক্ষতি। তেওঁৰ আত্মাই শান্তি লাভ কৰক।’
সুনীল গাভাস্কৰে পদ্মকৰ শিৱলকাৰক শ্ৰদ্ধাঞ্জলি জনাই কয় যে, ‘কিছুমান খেলুৱৈ আনতকৈ ভাৰতীয় দলত খেলাৰ বাবে অধিক যোগ্য আছিল’। বাওঁহাতৰ স্পিনাৰ শিৱলকাৰ আছিল দেশৰ অন্যতম শ্ৰেষ্ঠ স্পিনাৰ যিয়ে কেতিয়াও ৰাষ্ট্ৰীয় দলৰ হৈ খেলাৰ সুযোগ নাপালে। বয়স সম্পৰ্কীয় সমস্যাৰ বাবে সোমবাৰে মুম্বাই শেষ নিশ্বাস ত্যাগ কৰে কিংবদন্তি স্পিনাৰগৰাকীয়ে। শিৱলকাৰৰ মৃত্যুক লৈ এক আৱেগিক বাৰ্তাও লিখিলে গাভাস্কৰে। শিৱলকাৰৰ মৃত্যুৰ কিছুদিন পূৰ্বে ১৯ ফেব্ৰুৱাৰীত মুম্বাইৰ প্ৰাক্তন অধিনায়ক তথা মুখ্য নিৰ্বাচক মিলিন্দ ৰেগেৰো মৃত্যু হয়।
গাভাস্কাৰে তেওঁৰ বাৰ্তাত লিখিছে, ‘এয়া সঁচাকৈয়ে অতি দুখজনক খবৰ। কম সময়ৰ ভিতৰতে মুম্বাই ক্ৰিকেটত হেৰুৱাইছে দুগৰাকী কিংবদন্তি খেলুৱৈ মিলিন্দ আৰু পদ্মকাৰক। দুয়োজনেই বহু জয়ৰ নায়ক আছিল।’ আন কিছুমান বলাৰতকৈ তেওঁ ভাৰতীয় দলত অন্তৰ্ভুক্ত হোৱাৰ যোগ্য আছিল। ইয়াক ভাগ্য বুলি ক’ব পাৰি।’
পদ্মকৰ শিৱলকাৰৰ ক্ৰিকেট কেৰিয়াৰ
২২ বছৰ বয়সত ৰঞ্জী ট্ৰফীত অভিষেক ঘটা শিৱলকাৰে ৪৮ বছৰ বয়সলৈকে খেল অব্যাহত ৰাখে। ১৯৬১–৬২ চনৰ পৰা ১৯৮৭–৮৮ চনলৈকে তেওঁৰ প্ৰথম শ্ৰেণীৰ ক্ৰিকেট খেলিছিল। তেওঁ মুঠ ১২৪ খন প্ৰথম শ্ৰেণীৰ মেচ খেলি ১৯.৬০ গড়ে ৫৮৯ টা উইকেট দখল কৰে, ইয়াৰে ৩৬১ টা উইকেট লৈছিল ৰঞ্জি ট্ৰফীত।