বিতৰ্কৰ অৱসান! চেম্পিয়নছ ট্ৰফীত ভাৰতীয় দলৰ জাৰ্চিত থাকিব পাকিস্তানৰ নাম

১৯ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’ব ICC চেম্পিয়নছ ট্ৰফী ২০২৫ত। আন দলৰ দৰে ভাৰতীয় দলৰ জার্চিতো লিখা থাকিব পাকিস্তানৰ নাম৷ ভাৰতীয় দলৰ জাৰ্চিত পাকিস্তানৰ নাম লিখাৰ কাৰণ হ'ল এইবাৰ চেম্পিয়নছ ট্ৰফীৰ আয়োজক পাকিস্তান।

বিতৰ্কৰ অৱসান! চেম্পিয়নছ ট্ৰফীত ভাৰতীয় দলৰ জাৰ্চিত থাকিব পাকিস্তানৰ নাম

ভাৰতীয় দলৰ জাৰ্চি

Updated On: 

18 Feb 2025 10:59 AM

ক্ৰিকেট বিশ্বত চলিছে চেম্পিয়নছ ট্ৰফীৰ উন্মাদনা। চেম্পিয়নছ ট্ৰফী ২০২৫ত অংশগ্ৰহণ কৰা আটাইকেইটা দলকে নিজ নিজ নতুন জাৰ্চি পিন্ধি দেখা যাব। এই ICC টুৰ্ণামেণ্টৰ বাবে প্ৰকাশ পাইছে টীম ইণ্ডিয়াৰ জাৰ্চিৰ ৰং আৰু ডিজাইন। আটাইতকৈ বিশেষ কথাটো হ’ব যে আন দলৰ দৰে ভাৰতীয় দলৰ জার্চিতো লিখা থাকিব পাকিস্তানৰ নাম৷ দৰাচলতে আই চি চিৰ প্ৰতিখন ইভেণ্টতে দলসমূহৰ জাৰ্চিত প্ৰতিযোগিতাখনৰ ল’গ’ৰ লগতে আয়োজক দেশৰ নামো লিখা থাকে। এইবাৰ আইচিচি চেম্পিয়নছ ট্ৰফীৰ আয়োজক পাকিস্তান। সেই কাৰণেই প্ৰতিযোগিতাখনৰ বাবে তৈয়াৰ কৰা ভাৰতীয় দলৰ জাৰ্চিত পাকিস্তানৰ নাম থাকিব।

পাকিস্তানৰ নামৰ বাহিৰেও জাৰ্চিৰ আন বিশেষ কথা

অৱশ্যে ইয়াৰ পূৰ্বে ভাৰতীয় দলৰ জাৰ্চি আনতকৈ বেলেগ হ’ব পাৰে বুলি জল্পনা-কল্পনা আৰম্ভ হৈছিল। তাত পাকিস্তানৰ নাম লিখা নাথাকিব। কিন্তু, চেম্পিয়নছ ট্ৰফীৰ জাৰ্চি পিন্ধা ভাৰতীয় খেলুৱৈৰ ফটো প্ৰকাশ পোৱাৰ পিছত স্পষ্ট হৈ পৰিল যে আয়োজক দেশৰ নাম অৰ্থাৎ পাকিস্তানৰ নাম থাকিব। চেম্পিয়নছ ট্ৰফীৰ বাবে তৈয়াৰ কৰা জাৰ্চিৰ দ্বিতীয়টো বৈশিষ্ট্য হ’ল ইয়াৰ কান্ধত ত্ৰিৰংগ। আনহাতে সন্মুখত INDIA ডাঙৰ আখৰেৰে লিখা আছে। ৰঙৰ কথা ক’বলৈ গ’লে ই নীলা, যিটো বছৰ বছৰ ধৰি টিম ইণ্ডিয়াৰ পৰিচয় হৈ আহিছে।

চেম্পিয়নছ ট্ৰফীৰ জাৰ্চি পিন্ধি টীম ইণ্ডিয়া!

ইতিমধ্যে ভাৰতীয় দলৰ ১৫ গৰাকী খেলুৱৈয়ে নতুন জাৰ্চি পিন্ধি ফটো শ্বুট কৰা দেখা গৈছে। এই আটাইকেইজনেই আছিল প্ৰতিযোগিতাখনৰ বাবে নিৰ্বাচিত হোৱা খেলুৱৈ। ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছে টিম ইণ্ডিয়াৰ নতুন চেম্পিয়নছ ট্ৰফীৰ জাৰ্চি পিন্ধা খেলুৱৈৰ ফটো।

চেম্পিয়নছ ট্ৰফীত টিম ইণ্ডিয়াৰ কাৰ্যসূচী

১৯ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’ব চেম্পিয়নছ ট্ৰফী ২০২৫। এই ICC প্ৰতিযোগিতাত ভাৰতীয় দলটোৱে দ্বিতীয় দিন অৰ্থাৎ ২০ ফেব্ৰুৱাৰীৰ পৰা নিজৰ অভিযান আৰম্ভ কৰিব।তেওঁলোকৰ প্ৰথমখন মেচ হ’ব বাংলাদেশৰ বিৰুদ্ধে। যিখন খেল ডুবাইৰ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ’ব। ইয়াৰ পিছত ভাৰতে ২৩ ফেব্ৰুৱাৰীত পাকিস্তানৰ মুখামুখি হ’ব ভাৰত। আৰু ২ মাৰ্চত গ্ৰুপ পৰ্যায়ৰ অন্তিমখন মেচত নিউজিলেণ্ডৰ বিৰুদ্ধে খেলিব।

ভাৰতীয় দলৰ খেলুৱৈ

শ্ৰেয়াছ আয়াৰ, কে এল ৰাহুল (উইকেটকীপাৰ), ঋষভ পন্ত (উইকেটকীপাৰ), হাৰ্দিক পাণ্ডিয়া, অক্ষৰ পেটেল, ৰোহিত শৰ্মা (অধিনায়ক), শুভমন গীল (উপ অধিনায়ক), বিৰাট কোহলি, ৰবীন্দ্ৰ জাদেজা, ৱাশ্বিংটন সুন্দৰ, কুলদীপ যাদৱ, হৰ্ষিত ৰানা, মহম্মদ ছামি, অৰ্শদীপ সিং আৰু বৰুণ চক্ৰৱৰ্তী।

 

লগতে পঢ়ক: বেয়া দিন চলিছে নেকি পিচিবিৰ? টকাৰ বিনিময়ত মুৰব্বীয়ে বিক্ৰী কৰিলে ভিআইপি বক্সৰ টিকট!

মাহেকীয়াৰ পেটৰ বিষ কেনেকৈ দূৰ কৰিব?
ৰাতিপুৱা খালী পেটত মাখানা খালে কি হয়? বিশেষজ্ঞৰ পৰা জানক...
মহাশিৱৰাত্ৰিত মহাদেৱক কি বস্তু অৰ্পন কৰিলে ভাল ফল পোৱা যায়?
বাংলাদেশৰ বিপক্ষে আজি অনন্য মাইলষ্ট’ন স্পৰ্শৰ সুযোগ ৰোহিত আৰু কোহলীৰ হাতত