ইণ্ডিয়ান অইল ডুৰাণ্ড কাপ ফুটবলঃ বি এছ এফৰ বিৰুদ্ধে জয়ৰে কোৱাৰ্টাৰত প্ৰৱেশৰ আশা সজীৱ বড়োলেণ্ড এফ চিৰ | The Durand Cup 2024 match Bodoland FC hope to enter quarters with victory over BSF Assam news - Assam Tv9

ইণ্ডিয়ান অইল ডুৰাণ্ড কাপ ফুটবলঃ বি এছ এফৰ বিৰুদ্ধে জয়ৰে কোৱাৰ্টাৰত প্ৰৱেশৰ আশা সজীৱ বড়োলেণ্ড এফ চিৰ

Updated On: 

12 Aug 2024 22:59 PM

অসমৰ বড়োলেণ্ড এফ চিয়ে চলিত ১৩৩ সংখ্যক ইণ্ডিয়ান অইল ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশৰ আশা সজীৱ ৰাখিছে। আজি কোকৰাঝাৰৰ ছাই ষ্টেডিয়ামত অনুষ্ঠিত গ্ৰুপ ‘ই’ৰ এখন মেচত দলে ৪-৩ গলৰ ব্যৱধানত পৰাস্ত কৰে বি এছ এফ ফুটবল দলক। এয়া আছিল বড়োলেণ্ড এফ চিৰ অন্তিম গ্ৰুপ মেচ। দলে তিনিখন মেচৰ দুখনত জয় তথা এখনত পৰাস্ত হৈছে৷

ইণ্ডিয়ান অইল ডুৰাণ্ড কাপ ফুটবলঃ বি এছ এফৰ বিৰুদ্ধে জয়ৰে কোৱাৰ্টাৰত প্ৰৱেশৰ আশা সজীৱ বড়োলেণ্ড এফ চিৰ

ইণ্ডিয়ান অইল ডুৰাণ্ড কাপ ফুটবল

Follow Us On

এই মেচখনৰ খেলৰ দুই মিনিটতে মিটিংগাৰ গলেৰে বিৰতিলৈ ১-০ গলত আগবাঢ়ি থাকে বড়োলেণ্ড এফ চি। কিন্তু দ্বিতীয়াৰ্ধত খেল অধিক উত্তেজনাপূৰ্ণ হয়৷ উভয় দলে ছটা গল কৰে যদিও হাইভল্টেজ মেচত জয় হয় বড়োলেণ্ড এফ চি৷ দলৰ হৈ ঝংবলাই ৫৪ আৰু ৭১ মিনিটত দুটা গল কৰাৰ বিপৰীতে ছিৰ্বাই ৬২ মিনিটত এটা গল কৰে৷ আনহাতে, বি এফ এফৰ হৈ কিশোৰীয়ে ৫০ আৰু ৬৯ মিনিটত দুটা গল কৰাৰ বিপৰীতে আছিফে ৮৯ মিনিটত আনটো গল কৰে৷

ইয়াৰপূৰ্বে বড়োলেণ্ড এফ চিয়ে নিজৰ দ্বিতীয় গ্ৰুপ মেচত আই এছ এলৰ ক্লাব ওড়িছা এফ চিৰ বিৰুদ্ধে ২-০ গলৰ ব্যৱধানত জয়লাভ কৰিছিল৷ উল্লেখ্য যে বড়োলেণ্ড এফ চিয়ে অসমৰ প্ৰথম ক্লাবৰূপে যোৱা বছৰ ভাৰতীয় সেনাই আয়োজন কৰা এছিয়াৰ আটাইতকৈ প্ৰাচীন লগতে বিশ্বৰ তৃতীয় পুৰণি ফুটবল প্ৰতিযোগিতা ডুৰাণ্ড কাপত গৌৰৱময় অভিষেক কৰিছিল৷ ক্ৰমাগত দ্বিতীয়বাৰৰ বাবে ডুৰাণ্ড কাপত খেলা দলটোৱে নিজৰ প্ৰথম মেচত আই এছ এলৰ ক্লাব নৰ্থ ইষ্ট ইউনাইটেড এফ চিৰ বিৰুদ্ধে ২-০ গলত পৰাস্ত হোৱাৰ পাছত দ্বিতীয় মেচত জয়ৰে প্ৰত্যাৱৰ্তন কৰে৷

প্ৰতিযোগিতাৰ কাইলৈ দুখন খেল অনুষ্ঠিত হ’ব৷ কলকাতাৰ কিশোৰ ভাৰতী ক্ৰীড়াংগনত হ’বলগা গ্ৰুপ ‘বি’ৰ মেচত মহমেদান স্পৰ্টিং ক্লাবে ভাৰতীয় নৌ সেনাৰ ফুটবল দলৰ বিৰুদ্ধে খেলিব৷ ইফালে, ছিলঙৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত হ’বলগা দিনটোৰ আন এখন মেচত নেপালৰ ত্ৰিভুৱন আৰ্মি মুখামুখি হ’ব ৰংদাজিদ ইউনাইটেড এফ চিৰ৷

উল্লেখ্য যে এইবাৰ ডুৰাণ্ড কাপৰ তিনিটা গ্ৰুপৰ খেল কলকাতাত অনুষ্ঠিত হোৱাৰ বিপৰীতে কোকৰাঝাৰ, শ্বিলং আৰু জামছেদপুৰত এটাকৈ গ্ৰুপৰ মেচ অনুষ্ঠিত হৈছে৷ প্ৰতিযোগিতাত অংশ লোৱা মুঠ ২৪ টা দলক ছটা গ্ৰুপত ভাগ কৰা হৈছে৷ চাৰিটা দল থকা প্ৰতিটো গ্ৰুপৰ পৰা শীৰ্ষ দলটো আৰু দুটা শ্ৰেষ্ঠ দ্বিতীয় স্থানৰ দলে নকআউট পৰ্যায়লৈ যোগ্যতা অৰ্জন কৰিব৷ প্ৰতিযোগিতাৰ ফাইনেল খেলখন অহা ৩১ আগষ্টত কলকাতাৰ বিবেকানন্দ যুব ভাৰতী ক্ৰীড়াংগনত অনুষ্ঠিত হ’ব৷ ডুৰাণ্ড কাপৰ সকলো মেচ চনী স্প’ৰ্টছ নেটৱৰ্কত লাইভ সম্প্ৰচাৰৰ লগতে চ’নীলিভ অ’টিটি প্লেটফৰ্মত লাইভ ষ্ট্ৰীম কৰা হৈছে৷

ডুৰাণ্ড কাপ ঃ উল্লেখ্য যে ১৮৮৮ চনত ছিমলাত ডুৰাণ্ড কাপৰ উদ্বোধনী বৰ্ষৰ খেল আৰম্ভ হয় আৰু তাৰ পিছত ১৯৪০ চনত নতুন দিল্লীলৈ স্থানান্তৰিত হয়৷ ২০১৬ চনলৈকে প্ৰতিযোগিতাখন দেশৰ ৰাজধানীতে অনুষ্ঠিত হোৱাৰ পাছত ২০১৯ চনত ইষ্টাৰ্ণ কমাণ্ডৰ তত্বাৱধানত এই প্ৰতিযোগিতাখন দেশৰ পূব অংশলৈ স্থানান্তৰিত হয় আৰু ভাৰতীয় ফুটবলৰ মক্কা কলকাতাত খেল আয়োজন কৰা হয়৷ ডুৰাণ্ড কাপক আৰু অধিক অনন্য কৰি তোলা বিষয়টো হ’ল বিজয়ীসকলে তিনিটা ট্ৰফী পায় ডুৰাণ্ড কাপ আৰু শিমলা ট্ৰফী দিয়াৰ লগতে আৰু এটা স্থায়ীৰূপত চেম্পিয়ন দলটোৱে ৰখাৰ বাবে প্ৰেচিডেণ্ট’ছ কাপ দিয়া হয়৷

পাকঘৰৰ হালধিয়ে স্বাস্থ্যজনিত সমস্যাৰ পৰা সকাহ দিব পাৰে!
এই জন্তুবোৰে কৰে আত্মহত্যা, তালিকাত কাৰ নাম?
ওজন হ্ৰাসৰ বাবে উপকাৰী সেউজীয়া পাচলিৰ ৰস
ঘৰৰ মূল দুৱাৰত ওলোমাই দিয়ক এই বিধ বস্তু, ধনেৰে উপচি পৰিব...
Exit mobile version