দুৰন্ত, দুৰ্দমনীয় তিলকৰ শতকৰ হেট্ৰিকঃ ছয়-চাৰিৰ ফুলজাৰিৰে গঢ়িলে কেইবাটাও অভিলেখ

ভাৰতীয় ক্ৰিকেট দলৰ শেহতীয়া দক্ষিণ আফ্ৰিকা ভ্ৰমণত দুৰন্ত প্ৰদৰ্শনেৰে চমক সৃষ্টি কৰিছিল তিলক বাৰ্মাই। চাৰিখনীয়া মেচৰ টি-২৯ শৃংখলাটোত শ্ৰেষ্ঠ খেলুৱৈ হিচাপে বিবেচিত হোৱা তিলকে শৃংখলাৰ অন্তিম দুখন মেচত ক্ৰমাগত দুটা শতক অৰ্জন কৰি উচ্চ প্ৰশংসা লাভ কৰিছিল। দক্ষিণ আফ্ৰিকা ভ্ৰমণৰ কেতিয়াবাই সামৰণি পৰিল যদিও পিছে ৰানৰ ক্ষুধা অন্ত পৰা নাই তিলক বাৰ্মাৰ।

দুৰন্ত, দুৰ্দমনীয় তিলকৰ শতকৰ হেট্ৰিকঃ ছয়-চাৰিৰ ফুলজাৰিৰে গঢ়িলে কেইবাটাও অভিলেখ

তিলক বাৰ্মাৰ অভিলেখ

Published: 

23 Nov 2024 18:58 PM

প্ৰতিভাসম্পন্ন যুৱ ক্ৰিকেটাৰৰ দ্বাৰা সমৃদ্ধ ভাৰতীয় ক্ৰিকেট। বিশেষকৈ নিজৰ অনন্য প্ৰতিভাৰে দেশৰ বহু যুৱ বেটাৰে ক্ৰিকেট জগতত পৰিচয় দাঙি ধৰিছে। এনে প্ৰদৰ্শনেৰে ক্ৰিকেট বিশেষজ্ঞ তথা নিৰ্বাচকৰ দৃষ্টি আকৰ্ষণ কৰি জাতীয় দলৰ দ্বাৰ মুকলি কৰাৰ চেষ্টাত ব্ৰতী সুযোগ সন্ধানী যুৱ ক্ৰিকেটাৰসকল। এনে বহুকেইগৰাকী যুৱ খেলুৱৈয়ে বিগত সময়ছোৱাত লাভ কৰা সুযোগ কাৰ্যকৰী কৰি প্ৰতিভাৰ পূৰ্ণ প্ৰকাশ কৰিছে। শেহতীয়া সময়ত নিজৰ এনে অনন্য প্ৰতিভাৰে উজলি উঠা এনে এগৰাকী খেলুৱৈ হৈছে তিলক বাৰ্মা।

ভাৰতীয় ক্ৰিকেট দলৰ শেহতীয়া দক্ষিণ আফ্ৰিকা ভ্ৰমণত দুৰন্ত প্ৰদৰ্শনেৰে চমক সৃষ্টি কৰিছিল তিলক বাৰ্মাই। চাৰিখনীয়া মেচৰ টি-২৯ শৃংখলাটোত শ্ৰেষ্ঠ খেলুৱৈ হিচাপে বিবেচিত হোৱা তিলকে শৃংখলাৰ অন্তিম দুখন মেচত ক্ৰমাগত দুটা শতক অৰ্জন কৰি উচ্চ প্ৰশংসা লাভ কৰিছিল। দক্ষিণ আফ্ৰিকা ভ্ৰমণৰ কেতিয়াবাই সামৰণি পৰিল যদিও পিছে ৰানৰ ক্ষুধা অন্ত পৰা নাই তিলক বাৰ্মাৰ। এই ক্ষুধাৰ পূৰ্ণ প্ৰকাশ কৰিয়েই ক্ৰমাগত তৃতীয়টো শতক অৰ্জন কৰিছে যুৱ তাৰকাগৰাকীয়ে।

দেশৰ ঘৰুৱা টি-২০ ক্ৰিকেট প্ৰতিযোগিতা চৈয়দ মুস্তাক আলী ট্ৰফীৰ প্ৰথমখন মেচতে এই নতুন অভিলেখ সৃষ্টিকাৰী শতকৰ হেট্ৰিক অৰ্জন কৰিছে তিলকে। প্ৰতিযোগিতাখনত নিজ ৰাজ্য হায়দৰাবাদক সমুখৰ পৰা নেতৃত্ব দি অধিনায়কত্ব প্ৰথমখন মেচত মেঘালয়ৰ বিৰুদ্ধে মাত্ৰ ৬৭ বলত ১৫১ ৰানৰ এক বিস্ফোৰক ইনিংছ খেলি ইতিহাস সৃষ্টি কৰে। তিলকৰ এই বেটিং বিক্ৰমৰ বাবেই প্ৰথমে বেটিং কৰি হায়দৰাবাদে মাত্ৰ ৪টা উইকেট হেৰুৱাই ২৪৮ ৰানৰ বৃ্হৎ স্ক’ৰ গঢ়ি তোলে।

বিধ্বংসী বেটিঙেৰে ১৪টা চাৰি আৰু ১০টা ছয়েৰে নিজৰ এই ১৫১ ৰানৰ দুৰ্দান্ত ইনিংছটো সজায় তিলক বাৰ্মাই। ইয়াৰ লগে লগে টি-২০ ক্ৰিকেটৰ ইতিহাসত একেৰাহে ৩টা শতক অৰ্জন কৰা প্ৰথমগৰাকী বেটছমেনো হিচাপে পৰিগণিত হয় তিলক। ইতিপূৰ্বে যুৱ বেটাৰগৰাকীয়ে দক্ষিণ আফ্ৰিকাত শৃংখলাৰ অন্তিম দুখন মেচত ক্ৰমাগতভাৱে ১০৭ (নট আউট) আৰু ১২০ (নট আউট) ৰানৰ বিস্ফোৰক ইনিংছ খেলিছিল যুৱ তাৰকাগৰাকীয়ে।

ইয়াৰ উপৰিও তিলক বাৰ্মাই এই ইনিংছটোৰ সময়ত আন কেইবাটাও অভিলেখ গঢ়ি তুলিছে। এই ১৫১ ৰানৰ ইনিংছটোৰে তিলক বাৰ্মা চৈয়দ মুস্তাক আলী ট্ৰফীৰ ইতিহাসত ব্যক্তিগত ইনিংছৰ ক্ষেত্ৰত শীৰ্ষস্থানত উপনীত হয়। এই ক্ষেত্ৰত তিলকে ভংগ কৰে শ্ৰেয়স আয়াৰৰ অভিলেখ। ইয়াৰ পূৰ্বে ২০১৯ চনত ১৪৭ ৰানৰ ইনিংছটোৰ বাবে আয়াৰ এই ৰেকৰ্ডৰ অধিকাৰী হৈছিল। কেৱল এয়াই নহয়, টি-২০ ক্ৰিকেটত সৰ্বাধিক স্ক’ৰ কৰা ভাৰতীয় বেটাৰৰো অভিলেখ গঢ়ে তিলকে।

সমান্তৰালকৈ টি-২০ ক্ৰিকেটৰ ইতিহাসত অধিনায়ক হিচাপে যিকোনো বেটছমেনৰ এয়া তৃতীয় সৰ্বাধিক স্ক’ৰ। এই ক্ষেত্ৰত তেওঁৰ সন্মুখত আছে কেৱল এৰন ফিঞ্চ (১৭২) আৰু গ্লেন মেক্সৱেল (১৫৪ নট আউট)। উল্লেখ্য যে দক্ষিণ আফ্ৰিকা ভ্ৰমণৰ সময়ত তিলক বাৰ্মাই একেৰাহে দুখন টি-২০ মেচত শতক অৰ্জন কৰি ইতিহাস ৰচনা কৰিছিল। এই কৃতিত্ব অৰ্জন কৰা ভাৰতৰ দ্বিতীয়জন আৰু বিশ্বৰ দ্বিতীয়গৰাকী বেটাৰ হিচাপে পৰিগণিত হৈছিল।

পুটিনৰ ৰাছিয়াত ভাৰতৰ ১০০ টকাৰ মূল্য কিমান?
কেৱল প্ৰেমেই নহয়, গোলাপ ফুলে বৃদ্ধি কৰে ধন-সম্পত্তি, কৰক এই প্ৰতিকাৰ
আমেৰিকা যুক্তৰাষ্ট্ৰত ভাৰতীয় ১০০ টকাৰ বিনিময়ত কিমান ধন লাভ কৰিব জানেনে? জানিবলৈ চাওক
আটাইতকৈ কম মূল্যত পোৱা টাটাৰ বাহনখন কি জানেনে? সুৰক্ষাৰ দিশতো আাছে বিশ্বাস