শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

ধোনীয়ে দিনটোত ৪-৫ লিটাৰ গাখীৰ খাই নেকি ? এই কাহিনী কিমান সঁচা ?

ধোনীৰ দুটা কাহিনী প্ৰায়ে চৰ্চাত থাকে । এটা কাহিনী হৈছে তেওঁ দিনটোত ৪-৫ লিটাৰ গাখীৰ খাইছিল । আনটো হৈছে তেওঁ বহুত বেছি লাচী খাইছিল । এই কাহিনী দুটা কিমান সঁচা ? তেওঁ এই সন্দৰ্ভত কি কয় ?

ধোনীয়ে দিনটোত ৪-৫ লিটাৰ গাখীৰ খাই নেকি ? এই কাহিনী কিমান সঁচা ?
এম এছ ধোনীImage Credit source: PTI
manas-borah
Manas Borah | Published: 23 Apr 2025 16:39 PM

ভাৰতীয় ক্ৰিকেট জগত হাজাৰ হাজাৰ কাহিনীয়ে ভৰি আছে । যিবোৰ কাহিনী সচাঁ হওক বা নওক ! এই কাহিনীবোৰে সদায় ক্ৰিকেট অনুৰাগীৰ মাজত চৰ্চাত থাকে । সুনীল গাভাস্কাৰৰ পৰা কপিল দেৱ, শচীন তেণ্ডুলকাৰৰ পৰা সৌৰভ গাংগুলীলৈকে…কাহিনীৰ অন্ত নাই । আজিৰ আমি মহেন্দ্ৰ সিং ধোনীৰ কথা কওঁ । এটা বা দুটা কাহিনীয়েই তেওঁক আগুৰি থকা নাই। ভাৰতীয় ক্ৰিকেটৰ সৰ্বকালৰ অন্যতম শ্ৰেষ্ঠ অধিনায়ক, সফলতাৰ শিখৰত দৃঢ়তাৰে থকা এজন নেতা মহেন্দ্ৰ সিং ধোনী। তেওঁৰ সফলতাক লৈ বিভিন্ন ধৰণৰ কাহিনী চৰ্চালৈ আহিছিল । সেই কাহিনী প্ৰকৃততে সঁচা আছিল নে ?

ধোনীৰ দুটা কাহিনী কওঁ শুনক, প্ৰথম কাহিনীটো যথেষ্ট ধেমেলীয়া। কপিল বা শচীনৰ সেই পুৰণি বিজ্ঞাপনৰ দৰে। বিজ্ঞাপনত কপিল আৰু শচীনে হাঁহি হাঁহি কোৱা শুনা যায় ‘বুষ্ট ইজ দ্য ছিক্ৰেট অৱ মাই এনাৰ্জী’। ধোনীৰ সফলতাৰ আঁৰৰ ৰহস্য হ’ল তেওঁ দিনটোত ৫ লিটাৰ গাখীৰ খাইছিল! যথেষ্ট আচৰিত কাহিনী।

কিন্তু এই কাহিনীটোৱেই এটা সময়ত সাংঘাতিক ধৰণে চৰ্চা লাভ কৰিছিল। আৰু বহুতে বিশ্বাস কৰিছিল। এটা অনুষ্ঠানত হাঁহি হাঁহি এবাৰতে ধোনীয়ে এই প্ৰথম কাহিনীটোৰ মূল ৰহস্য ফাদিল কৰে । তেওঁ কয়, “মই দিনটোত বৰ বেছি এক লিটাৰ গাখীৰ সেৱন কৰিছিলোঁ। কিন্তু কোনো মানুহৰ বাবে চাৰি-পাঁচ লিটাৰ গাখীৰ খোৱাটো সম্ভৱ নহয়।” সঁচাকৈ এজন নায়কৰ এই কাহিনীটো আছিল গছত গৰু উঠাৰ দৰে ।

একেদৰে ধোনীক কেন্দ্ৰ কৰি চৰ্চাত থকা দ্বিতীয়টো কাহিনী অধিক গুৰুতৰ। কাহিনীটো আছিল এনে ধৰণৰ, ধোনিয়ে বহুত বেছি লাচী খায়। আৰু সেই লাচী বনাবলৈ তেওঁ ৱাশ্বিং মেচিন ব্যৱহাৰ কৰে। এই কাহিনী শুনি ধোনীয়ে কি অনুভৱ কৰিছিল সেয়া সহজেই বুজিব পাৰি। হয়তো তেওঁ হাঁহি ৰখাব পৰা নাছিল । সেই অনুষ্ঠানটোত তেওঁ আনকি হাঁহি হাঁহি এই কাহিনীৰ আঁৰৰ ৰহস্য ফাদিল কৰি ক’লে,”মই লাছি নাখাওঁ!” ভাৰতীয় ক্ৰিকেটৰ সৰ্বকালৰ অন্যতম এজন শ্ৰেষ্ঠ অধিনায়কৰ এই ধৰণৰ ভুৱা কাহিনীবোৰে এটা সময়ত আমোদ দিছিল ক্ৰিকেট অনুৰাগীক।