২৫ বছৰ পাছত গুৱাহাটীত ২৩ বছৰৰ অনূৰ্ধ্বৰ ৰাষ্ট্ৰীয় বাস্কেটবল চেম্পিয়নশ্বিপ,সামৰণি অনুষ্ঠানত মুখ্যমন্ত্ৰী
২৩-অনুর্দ্ধ ৰাষ্ট্ৰীয় বাস্কেটবল চেম্পিয়নশ্বিপ (পৰুষ আৰু মহিলা)ৰ সামৰণি অনুষ্ঠানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। উল্লেখ্য যে, ২৫ বছৰ পাছত গুৱাহাটীত এই প্ৰতিযোগিতা অনুষ্ঠিত হৈছে।

গুৱাহাটী সৰুসজাই ক্রীড়া প্রকল্পত অনুষ্ঠিত প্রথম ২৩-অনুর্দ্ধ ৰাষ্ট্ৰীয় বাস্কেটবল চেম্পিয়নশ্বিপ (পৰুষ আৰু মহিলা)ৰ সামৰণি অনুষ্ঠানত সোমবাৰে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই অংশগ্রহণ কৰে। অনুষ্ঠানত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰী ড° শৰ্মাই কয় যে ২৫ বছৰৰ পিছত অসমে এনে এক মুখ্য যুৱ বাস্কেটবল চেম্পিয়নশ্বিপৰ আয়োজনৰ সৌভাগ্য লাভ কৰিছে। বাস্কেটবল ফেডাৰেশ্যন অৱ ইণ্ডিয়াৰ তত্বাৱধানত অসম বাস্কেটবল এচ ‘ছিয়েশ্যনৰ উদ্যোগত আয়োজিত এই চেম্পিয়নশ্বিপে অসমত বাস্কেট বলৰ বিকাশৰ ক্ষেত্ৰত থকা প্ৰতিবন্ধকতা আঁতৰ কৰাৰ দিশত উল্লেখযোগ্য ভূমিকা গ্রহণ কৰি আহিছে।
ইয়াৰ বাবে মুখ্যমন্ত্রীয়ে বাস্কেট বল ফেডাৰেশ্যন অৱ ইণ্ডিয়াকো ধন্যবাদ জ্ঞাপন কৰে। তেওঁ লগতে কয় যে ৩০ খন ৰাজ্যৰ ৫৫ টা পুৰুষ আৰু মহিলাৰ দলে এই প্রতিযোগিতাত ভাগ লৈছে। প্রতিযোগিতাত বিষয়ববীয়া, ৰেফাৰী আৰু ৮২৫ গৰাকী খেলুৱৈসহ ১ হাজাৰতকৈও অধিক প্রতিনিধিয়ে অংশগ্ৰহণ কৰে বুলিও তেওঁ কয়।
I was elated to be in the company of talented basketball players at the closing ceremony of the Under 23 National Basketball Championship in Guwahati.
This is special because after 25 years, Assam hosted a major basketball tournament. Many congratulations to the winners! pic.twitter.com/S0pUbPazaR
— Himanta Biswa Sarma (@himantabiswa) March 24, 2025
প্রতিযোগিতাত অংশ লোৱা প্ৰতিগৰাকী খেলুৱৈকে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰি মুখ্যমন্ত্ৰীয়ে কয় যে কিছু সংখ্যক খেলুৱৈয়ে পদক লাভ কৰিবলৈ সক্ষম হৈছে আৰু কিছু সংখ্যক খেলুৱৈয়ে পদক লাভ কৰিব নোৱাৰিলে। যিসকলে পৰাজিত হৈছে তেওঁলোক নিৰাশ হ’ব নালাগে বুলি উল্লেখ কৰি মুখ্যমন্ত্রীয়ে কয় যে খেলত জয় বা পৰাজয় এক অভিন্ন অংগ। কিন্তু আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয় হৈছে ক্রীড়া প্রতিযোগিতাত অংশগ্ৰহণ কৰাটো। এনে ক্রীড়া প্রতিযোগিতাই নিজৰ নিজৰ দুৰ্বলতাসমূহ চিনাক্তকৰণৰ দিশত সহায় কৰাৰ লগতে ভৱিষ্যতৰ বাবে নিজকে প্রস্তুত কৰাৰ সুযোগ প্রদান কৰে ।
মুখ্যমন্ত্রীয়ে কালি অনুষ্ঠিত চূড়ান্ত খেলত বিজয়ীৰ সন্মান লাভ কৰা হাৰিয়ানা দলটোক অভিনন্দন জনোৱাৰ লগতে ৰাণাৰ্ছআপ পাঞ্জাৱ দলটোকো উৎসাহ প্রদান কৰে। তেওঁ আশা প্রকাশ কৰে যে অহা বছৰত পাঞ্জাৱ দলটোৱে সুন্দৰ খেল প্ৰদৰ্শন কৰিবলৈ সক্ষম হ’ব। মুখ্যমন্ত্ৰীয়ে কয় যে ৰাজ্য চৰকাৰে ক্রীড়াৰ আন্তঃগাঁথনি বিকাশৰ দিশত নিৰন্তৰ কাম কৰি আহিছে। তেওঁ আশা প্রকাশ কৰি কয় যে সকলোৰে সহযোগিতাত অসমে ক্রীড়াৰ ক্ষেত্ৰত আগুৱাই যাবলৈ সক্ষম হ’ব।
মুখ্যমন্ত্রীয়ে চেম্পিয়নশ্বিপৰ পুৰুষ আৰু মহিলা শাখাৰ বিজয়ী আৰু ৰাণাৰ্ছআপ দলসমূহক লগতে পদক প্রদান কৰে। উল্লেখ্য যে, এই অনুষ্ঠানত অসম বাস্কেটবল এছ’চিয়েশ্যনৰ মুখ্য পৃষ্ঠপোষক ৰিণিকি ভূঞা শৰ্মা, ক্রীড়া আৰু যুৱ কল্যাণ আদি বিভাগৰ মন্ত্ৰী নন্দিতা গার্লোছা, অসম বাস্কেটবল এছ’চিয়েশ্যনৰ সভাপতি পল্লৱ লোচন দাস, বাস্কেটবল ফেডাৰেশ্যন অৱ ইণ্ডিয়াৰ সচিব প্রধান কুলবিন্দৰ সিং গিল আৰু ইয়াৰ কোষাধ্যক্ষ টি চি নাইডু, উত্তৰ পূব সীমান্ত ৰে’লৱেৰ মহাপ্ৰৱন্ধক চি কে শ্রীবাস্তৱ আৰু অন্যান্য গণ্য-মান্য ব্যক্তিসকল উপস্থিত থাকে।