শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

টিভি৯ নেটৱৰ্কৰ ইণ্ডিয়ান টাইগাৰ্ছ এণ্ড টাইগ্ৰেছেছ অভিযানক উচ্চ প্ৰশংসা ক্ৰীড়া মন্ত্ৰীৰ

টিভি৯ নেটৱৰ্কে আয়োজন কৰা ইণ্ডিয়ান টাইগাৰ্ছ এণ্ড টাইগ্ৰেছেছ অভিযানক উচ্চ প্ৰশংসা কৰিছে কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰী মনসুখ মাণ্ডব্যই। দেশজুৰি শীৰ্ষ যুৱ ফুটবল খেলুৱৈৰ সন্ধান চলোৱা এই ঐতিহাসিক পদক্ষেপক প্ৰশংসা কৰি তেওঁ যুৱ খেলুৱৈসকলক কঠোৰ পৰিশ্ৰমৰ পৰামৰ্শ দি ২০৩৬ চনত অনুষ্ঠিত হ’বলগীয়া অলিম্পিকৰ বাবে লক্ষ্য স্থিৰ কৰিবলৈও আহ্বান জনায়।

টিভি৯ নেটৱৰ্কৰ ইণ্ডিয়ান টাইগাৰ্ছ এণ্ড টাইগ্ৰেছেছ অভিযানক উচ্চ প্ৰশংসা ক্ৰীড়া মন্ত্ৰীৰ
টিভি৯ৰ পদক্ষেপক ক্ৰীড়ামন্ত্ৰীৰ প্ৰশংসা
monjit-dutta
Monjit Dutta | Published: 07 Apr 2025 22:34 PM

টিভি৯ নেটৱৰ্কে আয়োজন কৰা ইণ্ডিয়ান টাইগাৰ্ছ এণ্ড টাইগ্ৰেছেছ অভিযানক উচ্চ প্ৰশংসা কৰিছে কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰী মনসুখ মাণ্ডব্যই। এই ঐতিহাসিক পদক্ষেপে দেশজুৰি শীৰ্ষ যুৱ ফুটবল খেলুৱৈৰ সন্ধান চলাইছে। সমগ্ৰ দেশজুৰি বৃহৎ সংখ্যক যুৱ খেলুৱৈয়ে এই মেগা ইভেণ্টত অংশগ্ৰহণ কৰিছিল। কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰী মনসুখ মাণ্ডব্যই ইউৰোপ ভ্ৰমণ সামৰি দেশলৈ উভতি অহা খেলুৱৈসকলক সাক্ষাৎ কৰি তেওঁলোকক উৎসাহিত কৰাৰ লগতে টিভি৯ নেটৱৰ্কে গ্ৰহণ কৰা এই প্ৰচেষ্টাকো প্ৰশংসা কৰে।

কেন্দ্ৰীয় ক্ৰীড়ামন্ত্ৰীগৰাকীয়ে যুৱ খেলুৱৈসকলক কঠোৰ পৰিশ্ৰমৰ পৰামৰ্শ দি ২০৩৬ চনত অনুষ্ঠিত হ’বলগীয়া অলিম্পিকৰ বাবে লক্ষ্য স্থিৰ কৰিবলৈও আহ্বান জনায়। তদুপৰি ফিফা বিশ্বকাপত দেশৰ অংশগ্ৰহণৰ ক্ষেত্ৰত সহায় কৰিবলৈও যুৱ খেলুৱৈসকলক আহ্বান জনায় মনসুখ মাণ্ডব্যই। ভাৰতীয় সেনাৰ জোৱানৰ উদাহৰণ দি তেওঁ যুৱক-যুৱতীসকলক প্ৰেৰণা যোগায়।

খেলুৱৈসকলৰ সৈতে মত বিনিময় কৰি কেন্দ্ৰীয় ক্ৰীড়ামন্ত্ৰীগৰাকীয়ে ইউৰোপত তেওঁলোকে লাভ কৰা অভিজ্ঞতাৰ বিষয়েও বাৰ্তালাপ কৰে। উল্লেখ্য যে টিভি৯ নেটৱৰ্কৰ এই ইণ্ডিয়ান টাইগাৰ্ছ এণ্ড টাইগ্ৰেছেছ অভিযানৰ বাবে মুঠ ৫০,০০০ খেলুৱৈয়ে পঞ্জীয়ন কৰিছিল আৰু ইয়াৰ ভিতৰত ১০,০০০ অংশগ্ৰহণকাৰীক আঞ্চলিক ট্ৰায়েলৰ বাবে নিৰ্বাচিত কৰা হৈছিল। তাৰ মাজৰ পৰা অষ্ট্ৰিয়া আৰু জাৰ্মানীত বিশেষ প্ৰশিক্ষণ কাৰ্যসূচীৰ বাবে ২৮ জন প্ৰতিভাৱান খেলুৱৈক বাচনি কৰা হৈছিল।

১২-১৪ আৰু ১৫-১৭ বছৰ বয়সৰ বাবে বিশ্বৰ সৰ্ববৃহৎ ফুটবল প্ৰতিভা সন্ধান কাৰ্যসূচী হিচাপে প্ৰশংসিত হোৱা ইণ্ডিয়ান টাইগাৰ্ছ এণ্ড টাইগ্ৰেছেছ অভিযান ২০২৪ চনৰ এপ্ৰিল মাহত আৰম্ভ হৈছিল। শেহতীয়াকৈ যোৱা ২৮ মাৰ্চত নতুন দিল্লীত অনুষ্ঠিত হোৱা হোৱাট ইণ্ডিয়া থিংকছ টুডে (WITT) শীৰ্ষ সন্মিলনত নিউজ৯ৰ এই ইণ্ডিয়ান টাইগাৰ্ছ এণ্ড টাইগ্ৰেছেছ অভিযানক প্ৰশংসা কৰিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও।

এই অনুষ্ঠানতে প্ৰশিক্ষণৰ বাবে নিৰ্বাচিত খেলুৱৈসকলে প্ৰধানমন্ত্ৰী মোদীৰ পৰা ঐতিহাসিক ছেণ্ড অফ লাভ কৰিছিল যুৱ খেলুৱৈসকলে। অষ্ট্ৰিয়াৰ গ্মুণ্ডেনত ইউৰোপৰ শীৰ্ষ প্ৰশিক্ষকৰ তত্বাৱধানত উচ্চ পৰ্যায়ৰ প্ৰশিক্ষণৰ সময়ত দেশৰ এই যুৱ ফুটবলাৰসকলে নিজৰ প্ৰতিভাৰ লগতে দক্ষতা আৰু দৃঢ়তা প্ৰদৰ্শন কৰি প্ৰশংসা বুটলে। প্ৰত্যাহ্বানমূলক পৰিস্থিতিৰ মাজতো যুৱ খেলুৱৈসকলে নিজৰ সুযোগৰ সৰ্বোত্তম ব্যৱহাৰ কৰি প্ৰশিক্ষণত মনোনিৱেশ কৰে।

লক্ষণীয়ভাৱে এই প্ৰশিক্ষণৰ পিছতে গ্মুণ্ডেন ফুটবল একাডেমীৰ বিৰুদ্ধে এই যুৱ খেলুৱৈসকলে এক প্ৰীতি মেচত অংশ লয় আৰু ১৫ বছৰ অনুৰ্ধৰ শাখাত প্ৰভাৱশালী প্ৰদৰ্শনেৰে বিপক্ষক ৭-০ গ’লত পৰাস্ত কৰে। অৱশ্যে প্ৰশংসনীয়  প্ৰদৰ্শনৰ পিছতো ১৩ বছৰ অনুৰ্ধৰ শাখাত কিশোৰী দলটো পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হয়।

ইফালে এই ২৮ গৰাকী খেলুৱৈক নিবিড়ভাৱে নিৰীক্ষণ কৰাৰ পিছত টিভি৯ নেটৱৰ্কৰ যুৱ বিকাশ পদক্ষেপৰ অংশীদাৰ জাৰ্মান ক্লাব ভিএফবি ষ্টুটগাৰ্টৰ ১২ বছৰ অনুৰ্ধ দলৰ সৈতে দুদিনীয়া প্ৰশিক্ষণৰ বাবে চাৰিজন খেলুৱৈক নিৰ্বাচিত কৰা হয়। ভাৰতীয় খেলুৱৈসকলে ভিএফবি ষ্টুটগাৰ্টৰ সৈতে এই প্ৰশিক্ষণৰ সময়ত ফুটবলৰ বহু কলা আয়ত্ব কৰিবলৈ সক্ষম হয়।

আনহাতে অষ্ট্ৰিয়ালৈ উভতি আহি নিৰ্বাচিত আন খেলুৱৈসকলে গ্মুণ্ডেন পাৰফৰমেন্স টেষ্টিং লেবত ডাটা ভিত্তিক প্ৰদৰ্শন বিশ্লেষণ কৰে। এই বিশ্লেষণত খেলুৱৈৰ গতিৰ পৰা আৰম্ভ কৰি দেহৰ ভাৰসাম্য, শক্তি আদি দিশসমূহৰ বিষয়ে অন্তৰ্ভুক্ত আছিল। ভাৰতৰ পৰা গ্মুণ্ডেন হৈ জাৰ্মানীলৈকে ‘টাইগাৰ্ছ আৰু টাইগ্ৰেছেছ’ৰ এই অসাধাৰণ যাত্ৰাই নিশ্চয় ভাৰতীয় ফুটবলৰ এক ন-দিগন্তৰ সূচনা কৰিব বুলি আশা কৰিব পাৰি।